টুইটাৰ
| প্ৰকাৰ | ব্যক্তিগত প্ৰতিষ্ঠান | ||
|---|---|---|---|
| প্ৰতিষ্ঠা | চেন ফ্ৰান্সিসকো, কেলিফোৰ্নিয়া, মাৰ্কিন যুক্তৰাষ্ট্ৰ | ||
| প্ৰতিষ্ঠাপক | জেক ডোৰচে ইভান উইলয়ামছ বিজ ষ্টোন |
||
| মূখ্য কাৰ্যালয় | ৭৯৫ ফলচোম ষ্ট্ৰীট, চুইট ৬০০, চেন ফ্ৰান্সিসকো, কেলিফোৰ্নিয়া ৯৪১০৭, মাৰ্কিন যুক্তৰাষ্ট্ৰ | ||
| কৰ্মৰ এলেকা | বিশ্বব্যাপী | ||
| উল্লেখযোগ্য ব্যক্তি | জেক ডোৰচে (চেয়াৰমেন) ডিক কোচটোলো (চি অ) ইভান উইলিয়ামছ (উৎপাদন কৌশল) বিজ ষ্টোন (ক্ৰিয়েটিভ ডাইৰেক্টৰ) |
||
| ৰাজহ | (২০১০ অনুমানিক)[1] |
||
| কৰ্মচাৰী | ৬০০+ (২০১১)[2][3] | ||
| শ্লোগান | What's happening? (কি হৈছে?) |
||
| ৱেবছাইট | twitter.com | ||
| এলেক্সা তালিকাত স্থান | |||
| ৱেবছাইটৰ প্ৰকাৰ | মোবাইল সামাজিক সংযোগী জালস্থান, মাইক্ৰব্লগিং | ||
| পঞ্জীকৰণ | আৱশ্যক | ||
| ব্যৱহাৰকাৰী | ৩০০ মিলিয়নতকৈ অধিক (একাউণ্ট, দৰ্শনাথী নহয়) (June 2011[update])[5] | ||
| উপলব্ধ ভাষা | বহুভাষিক ইংৰাজী, স্পেনিছ, জাপানিজ, জাৰ্মান, ফৰাছী আৰু ইটালীয় |
||
| প্ৰচলন হয় | জুলাই ১৫, ২০০৬ | ||
| বৰ্তমানৰ স্থিতি | চলি আছে | ||
|
|||
টুইটাৰ (ইংৰাজী: Twitter) হ’ল এটা ইণ্টাৰনেটত বহুল ভাবে প্ৰচলিত এক সামাজিক সংযোগ (চচিয়েল নেটৱৰ্কিং) ব্যৱস্থা আৰু মাইক্ৰব্লগিংৰ এটা জালস্থান বা ৱেবচাইট, য’ত ব্যৱহাৰকাৰীসকলে সৰ্বোচ্চ ১৪০টা আখৰৰ বাৰ্তা আদান-প্ৰদান আৰু প্ৰকাশ কৰিব পাৰে। এই বাৰ্তাবোৰকে টুইট (tweet) বুলি নামাকৰণ কৰা হৈছে। টুইটাৰৰ সদস্যসকলৰ টুইট কৰা বাৰ্তাবোৰ তেওঁলোকৰ প্ৰফাইল পাতত দেখা যায়। টুইটাৰৰ সদস্য সকলে অন্য সদস্যসকলৰ টুইট পঢ়াৰ বাবে অনুসৰণ বা follow কৰাটো ইয়াত আৱশ্যক। কোনো সদস্যৰ টুইট পঢ়াৰ বাবে যাৰ স’তে একলগ হৈছে সেইসকল অনুসৰণকাৰী (follower) বুলি কোৱা হৈছে।[6]
টুইট লিখিবৰ বাবে সদস্যসকলে টুইটাৰ ৱেবচাইট ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ উপৰিও মোবাইল ফোন বা এছএমএচৰ মাধ্যমৰেওঁ টুইট লিখাৰ সুবিধা আছে।[7] টুইটাৰৰ মূখ্য কাৰ্যালয় মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চেন ফ্ৰান্সিস্কো চহৰত অৱস্থিত। তদুপৰি টেক্সাছৰ চেন এন্টনি আৰু ম্যাসাচুসেটচৰ বষ্টনত টুইটাৰৰ চাৰ্ভাৰ আৰু শাখা কাৰ্যালয় আছে।
সূচী |
[সম্পাদনা কৰক] ইতিহাস
২০০৬ চনৰ মাৰ্চ মাহৰ পৰা টুইটাৰৰ যাত্ৰা আৰম্ভ হৈছিল। তাৰপিছত ২০০৬ চনৰ জুলাই মাহত জেক ডৰ্চিয়ে আনুষ্ঠানিকভাৱে ইয়াৰ উদ্বোধন কৰে। বৰ্তমান টুইটাৰে সমগ্ৰ বিশ্বজুৰি ব্যাপক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। ২০১০ চনৰ ৩১ অক্টোবৰ তাৰিখলৈকে টুইটাৰত ১৭৫ মিলিয়ন অৰ্থাৎ ১৭.৫ কোটিৰো বেছি সদস্য আছিল। [8] পৰিসংখ্যা অনুসৰি একেই সময়তে টুইটাৰত ১৯০ মিলিয়ন বা ১৯ কোটি সদস্য আছিল আৰু দৈনিক ৬৫ মিলিয়ন বা ৬.৫ কোটি টুইট বাৰ্তা, আৰু ৮ লাখ অনুসন্ধানৰ কাম সম্পন্ন হৈছিল।[9] টুইটাৰক ইয়াৰ বিশেষতা অনুসৰি ইণ্টাৰনেটৰ এছএমএচ বুলি অভিহিত কৰা হৈছে।[10]
[সম্পাদনা কৰক] টুইটবোৰ বিষয়
চেন এণ্টনিয়োৰ গৱেষণা প্ৰতিষ্ঠান পিয়েৰ এনালাইটিকচে আগষ্ট ২০০৯ত ৰাতিপুৱা ১১ বজাৰ পৰা সন্ধিয়া ৫ বজাৰ (CTC সময় অঞ্চলৰ) মাজৰ আমেৰিকাৰ ২০০০ ইংৰাজী টুইট দুসপ্তাহৰ বাবে অধ্যয়ন কৰি টুইটসমূহক ছভাগত ভাগ কৰে:[11]
- অৰ্থহীন কথা – ৪০%
- বাৰ্তালাপ – ৩৮%
- Pass-along value – ৯%
- নিজৰ প্ৰচাৰ – ৬%
- স্পাম – ৪%
- বাতৰি – ৪%[11]
[সম্পাদনা কৰক] তথ্যসূত্ৰ
- ↑ Staff writer (July 15, 2009). "Hacker Exposes Private Twitter Documents". Bits (blog of The New York Times). http://bits.blogs.nytimes.com/2009/07/15/hacker-exposes-private-twitter-documents/?hpw.. Retrieved February 23, 2011.
- ↑ "Your world, more connected". Twitter. 1 August 2011. http://blog.twitter.com/2011/08/your-world-more-connected.html. Retrieved 1 August 2011.
- ↑ Shiels, Maggie (March 28, 2011). "Twitter co-founder Jack Dorsey rejoins company". BBC News. http://www.bbc.co.uk/news/business-12889048. Retrieved March 28, 2011.
- ↑ "Twitter.com Site Info". Alexa Internet. http://www.alexa.com/siteinfo/twitter.com. Retrieved 2011-11-02.
- ↑ Taylor, Chris (June 27, 2011). "Social networking 'utopia' isn't coming". CNN. http://articles.cnn.com/2011-06-27/tech/limits.social.networking.taylor_1_twitter-users-facebook-friends-connections?_s=PM:TECH. Retrieved December 14, 2011.
- ↑ "There's a List for That". blog.twitter.com. October 30, 2009. http://blog.twitter.com/2009/10/theres-list-for-that.html. Retrieved February 1, 2010.
- ↑ "Using Twitter With Your Phone". Twitter Support. http://help.twitter.com/entries/14226-how-to-find-your-twitter-short-long-code. Retrieved 2010-06-01. "We currently support 2-way (sending and receiving) Twitter SMS via short codes and 1-way (sending only) via long codes."
- ↑ "Twitter: On-Track for 200 Million Users by Year's End". http://www.pcmag.com/article2/0,2817,2371826,00.asp. Retrieved October 31, 2010.
- ↑ "twitter.com - Quantcast Audience Profile". Quantcast.com. http://www.quantcast.com/twitter.com. Retrieved 2010-10-30.
- ↑ D'Monte, Leslie (April 29, 2009). "Swine flu's tweet tweet causes online flutter". Business Standard. http://www.business-standard.com/india/news/swine-flu%5Cs-tweet-tweet-causes-online-flutter/356604/. Retrieved May 28, 2009. "Also known as the 'SMS of the internet', Twitter is a free social networking and micro-blogging service"
- ↑ 11.0 11.1 11.2 Kelly, Ryan, ed (August 12, 2009). "Twitter Study – August 2009" (PDF format; Adobe Reader required). Twitter Study Reveals Interesting Results About Usage. San Antonio, Texas: Pear Analytics. http://www.pearanalytics.com/blog/wp-content/uploads/2010/05/Twitter-Study-August-2009.pdf. Retrieved Jun 3, 2010
[সম্পাদনা কৰক] বাহ্যিক সংযোগ
- টুইটাৰ
- Twitter Demographics and Audience Profile at Quantcast
- Twitter in Depth Archive by The Daily Telegraph
- The Library of Congress is Archiving Your Tweets – audio report by NPR
- Twittermania sweeps Russia's politicians (RT article)