আইজল জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আইজল জিলা, ভাৰতৰ মিজোৰাম ৰাজ্যৰ এঘাৰখন জিলাৰ ভিতৰত অন্যতম। জিলাখনৰ উত্তৰে ক’লাশিব জিলা, পশ্চিমে মামিত জিলা, দক্ষিণে চাৰছিপ জিলা, দক্ষিণ-পশ্চিমে লুংলে জিলা আৰু পূবে ছাম্ফাই জিলা। জিলাখনৰ মাটিকালি হৈছে ৩,৫৭৭ বৰ্গ কিলোমিটাৰ (১,৩৮১ বৰ্গমাইল)। জিলাখনৰ মুখ্য কাৰ্যালয় মিজোৰামৰ ৰাজধানী আইজল চহৰ। ২০১১ চনৰ হিচাপত ই মিজোৰামৰ আটাইতকৈ জনবহুল জিলা (তেতিয়া ৮ খনৰ ভিতৰত এতিয়া ১১ খন)।[1]

যাতায়াত[সম্পাদনা কৰক]

পথ পৰিবহণ[সম্পাদনা কৰক]

আইজল ৰাষ্ট্ৰীয় ঘাইপথ ৫৪ ৰ দ্বাৰা শিলচৰৰ সৈতে, ৰাষ্ট্ৰীয় ঘাইপথ ৪০ ৰ দ্বাৰা আগৰতলাৰ সৈতে আৰু ৰাষ্ট্ৰীয় ঘাইপথ ১৫০ ৰ মাধ্যমত ইম্ফলৰ সৈতে সংযুক্ত। তদুপৰি মিজোৰাম ষ্টেট ৰোড ট্ৰান্সপোৰ্টেশন (এমএসটি)ৰ বাছসমূহ আইজল চহৰৰ পৰা উত্তৰ-পূবৰ অন্যান্য ৰাজ্য, মিজোৰামৰ আন আন জিলা আৰু আইজলৰ গাঁওসমূহলৈ চলাচল কৰে।[2] আইজল চহৰত হালধীয়া আৰু বগা ৰঙৰ টেক্সিসমূহ ব্যাপকভাবে পোৱা যায়; মাৰুতি গাড়িসমূহও ব্যাপকভাৱে ব্যৱহৃত হয় টেক্সি হিচাপে। বে-চৰকাৰি মালিকানাধীন নীলা আৰু বগা ৰঙৰ মিনি বাছসমূহ নিয়মিত সেৱা প্ৰদান কৰে।

ৰে'লপথ[সম্পাদনা কৰক]

আইজল জিলাত কোনো ধৰণৰ ৰে'ল যোগাযোগ নাই। ওচৰৰ ৰে'ল জংশন হ'ল ২৫৪ কিলোমিটাৰ দূৰত্বত অৱস্থিত অসমৰ লামডিং জংশন।

আকাশীপথ[সম্পাদনা কৰক]

লেংপুই বিমানবন্দৰ, আইজল চহৰৰ পৰা ৩২ কিলোমিটাৰ দূৰত্বত অৱস্থিত।[3] কলকাতা আৰু গুৱাহাটিৰ পৰা নিতৌ আৰু মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা সপ্তাহত তিনিদিন উৰাজাহাজ চলাচল কৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]