ইন্টেৰিয়ৰ ডিজাইন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ইণ্টেৰিয়ৰ ডিজাইনৰ ইতিহাস দীঘলীয়া আৰু অতি বৈচিত্ৰময়, যি প্ৰাচীন সভ্য়তাৰ পৰাই আৰম্ভ হৈছিল, য’ত শিল্পী আৰু কাৰিকৰসকলে ৰাজপ্ৰাসাদ আৰু মন্দিৰৰ বাবে সুন্দৰ আৰু কাৰ্যক্ষম আৰ্হি তৈয়াৰ কৰিছিল।    ১৯ শতিকাৰ শেষৰ ফালে ইণ্টেৰিয়ৰ ডিজাইনত আধুনিকতা দেখিব পোৱা গৈছিল, যেতিয়া ইউৰোপ আৰু উত্তৰ আমেৰিকাত প্ৰথম ইণ্টেৰিয়ৰ ডিজাইন প্ৰতিস্থান গঢ়ি উঠিছিল। ১৯৭২ চনত ভাৰতবৰ্ষত আই আই আই ডি (IIID) প্ৰতিষ্ঠা কৰা হয, যাৰ ফলত দেশত আনুষ্ঠানিক ইণ্টেৰিয়ৰ ডিজাইন শিক্ষা আৰু অনুশীলনৰ আৰম্ভণি হয়। তেতিয়াৰ পৰাই ইণ্টেৰিয়ৰ ডিজাইনিং দ্ৰুতগতিত বৃদ্ধি পাইছে, সমগ্ৰ দেশতে অসংখ্য় কলেজ, বিশ্ববিদ্য়ালয় আৰু পেছাদাৰী সংস্থাৰ সৃষ্টি হৈছে।