এডৱাৰ্ড স্ন'ডেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এডৱাৰ্ড স্ন'ডেন

জুন ৬, ২০১৩ ৰ এক সাক্ষাৎকাৰৰ সময়ত লোৱা আলোকচিত্ৰ
জন্ম এডৱাৰ্ড জোচেফ স্ন'ডেন
জুন ২১ , ১৯৮৩ (৪০ বছৰ)
এলিজাবেথ, উত্তৰ কেৰ'লিনা, আমেৰিকা যুক্তৰাষ্ট্ৰ
বাসগৃহ ৰুছিয়া (অস্থায়ী) এচায়লাম (asylum)
ৰাষ্ট্ৰীয়তা আমেৰিকান
পেচা System administrator
নিয়োগকৰ্তা Booz Allen Hamilton
Kunia, Hawaii, US
(until June 10, 2013)
জনা যায় আমেৰিকা যুক্তৰাষ্ট্ৰৰ গোপন বিস্তৃত শ্ৰেণীভুক্ত তথ্য কিছুমান ৰাজহুৱা কৰা বাবে
অপৰাধ আৰোপ চৰকাৰী সম্পত্তি চুৰি কৰা, জাতীয় সুৰক্ষাৰ গোপন তথ্য অবৈধভাৱে ৰাজহুৱা কৰা, আৰু উদ্দেশ্যপ্ৰণোদিত ভাৱে চোৰাংচোৱাৰ তথ্য অকতৃত্বশীল ব্যক্তিলৈ যোগান ধৰা(জুন ২০১৩)
বঁটা, সন্মান, পুৰস্কাৰ আদি Sam Adams Award[1]


এডৱাৰ্ড জোচেফ স্ন'ডেন(জন্ম ২১ জুন,১৯৮১) এজন আমেৰিকাৰ কম্পিউটাৰ বিশেষজ্ঞ। তেওঁ ক্ৰমে আমেৰিকাৰ চোৰাংচোৱা সংস্থা চি আই এ(CIA) আৰু এচ এ(NSA)ৰ প্ৰাক্তন কৰ্মী আছিল।

তেওঁ আন্তৰাসষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰখ্যাত হৈ পৰে যেতিয়া তেওঁ সহস্ৰাধিক গোপনীয় তথ্য কেইটামান সংবাদগোষ্ঠীলৈ সৰবাৰহ কৰিছিল, যিবোৰ তেওঁ Booz Allen Hamilton নামৰ আমেৰিকান ফাৰ্ম খনৰ হৈ কাম কৰি থাকোঁতে সংগ্ৰহ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত ইয়াকে অতি গুৰুত্বপূৰ্ণ 'গোপন তথ্যৰ সৰবাৰহ' বুলি জনা যায়।

মে ২০১৩ ত স্ন'ডেনে হাৱাইৰ পৰা হংকংলৈ গৈ সাংবাদিক গ্লেন গ্ৰীনৱাল্ড(Glenn Greenwald) আৰু লউৰা পইট্ৰাচ(Laura Poitras) লৈ ভালেসংখ্যক গুৰুত্বপূৰ্ণ গোপন নথি-পত্ৰ সদৰি কৰে। ৯ জুনত, তেওঁৰ অনুমতি সাপেক্ষে সাংবাদিকদ্বয়ে তেওঁৰ পৰিচয় আন্তৰাষ্ট্ৰীয় সংবাদ জগতৰ আগত দাঙি ধৰে। ১৪ জুনত আমেৰিকাৰ ন্যায় বিভাগে (United States Department of Justice) তেওঁৰ ওপৰত অবৈধভাৱে কৰা চোৰাংচোৱাগিৰিৰ অপৰাধ আৰোপিত কৰে আৰু ২২ জুনত তেওঁৰ পাৰপত্ৰ বাতিল কৰে। ২৩ জুনত আমেৰিকান পাৰপত্ৰ ব্যৱহাৰ কৰিয়েই স্ন'ডেনে মস্কোৰ শ্বেৰেমেত্যাভো আন্তৰাষ্ট্ৰীয় বিমান বন্দৰলৈ(Sheremetyevo International Airport) পলাই যায়। ৰুছিয়ান সূত্ৰৰ মতে স্ন'ডেনক কিউবা হৈ লেটিন আমেৰিকালৈ যোৱাৰ টকট কৰি দিয়া হৈছিল, কিন্তু তেওঁ কিয় সেই বিমানখনত নগ'ল, সেইটো অস্পষ্ট। ৱিকিলিকচ্‌ৰ জুলিয়াচ অছেঞ্জে(যিয়ে স্ন'ডেনৰ হ্ংকংত থকা আৰু মস্কোলৈ বিমানৰ খৰচ বহন কৰিছিল)পিছত সদৰি কৰিছিল যে তেওঁ স্ন'ডেনক ৰুছিয়াত শাৰীৰিকভাৱে আটাইতকৈ বেছি সুৰক্ষিত থাকিব বুলি উপদেশ দিছিল। স্ন'ডেনে ১ আগষ্টত ৰুছিয়ান চৰকাৰে এবছৰৰ নৱীকৰনযোগ্য ৰাজনৈতিক আশ্ৰয় মঞ্জুৰ নকৰালৈ বিমান বন্দৰৰ ট্ৰানজিট জ'নটে ৰৈ আছিল।


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]