কিফিৰে জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কিফিৰে জিলা
—  নাগালেণ্ডৰ জিলা  —
নাগালেণ্ডত কিফিৰেৰ অৱস্থান
নাগালেণ্ডত কিফিৰেৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য নাগালেণ্ড
চৰকাৰ
 - লোকসভা সমষ্টি নাগালেণ্ড
জনসংখ্যা (২০১১)
 - মুঠ ৭৮,০৩৩ জন
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
স্থানাঙ্ক 25°54′N 94°47′E / 25.9°N 94.783°E / 25.9; 94.783স্থানাংক: 25°54′N 94°47′E / 25.9°N 94.783°E / 25.9; 94.783
ৱেবছাইট আনুষ্ঠানিক ৱেবছাইট

কিফিৰে (Pron:/ˈkɪfɑɪə/) নাগালেণ্ডৰ টুৱেনছাং জিলাৰ একাংশ সামৰি নতুনকৈ সৃষ্টি কৰা নাগালেণ্ডৰ নৱমখন জিলা৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি কিফিৰে, লংলেং জিলাৰ পিছতে নাগালেণ্ডৰ এঘাৰখন জিলাৰ ভিতৰত দ্বিতীয় জনবহুল জিলা৷[1]

ভৌগোলিক অৱস্থান[সম্পাদনা কৰক]

কিফিৰে জিলাৰ উত্তৰে টুৱেনছাং জিলা, পশ্চিমে ফেক জিলা আৰু পূবে ম্যানমাৰ অৱস্থিত৷ এই জিলাৰ মূলকেন্দ্ৰ কিফিৰে চহৰত, যি সাগৰ পৃষ্ঠৰ পৰা ৮৯৬ মিটাৰ উচ্চতাত অৱস্থিত৷ কিফিৰে জিলাৰ মূখ্য টাউনসমূহ হৈছে, চেয়’চুং (Seyochung), চিটিমি (Sitimi), পুংৰ’ (Pungro) আৰু কিফিৰে৷ সাগৰ পৃষ্ঠৰ পৰা ৩৮৪১ মিটাৰ উচ্চতাৰে নাগালেণ্ডৰ সৰ্বোচ্ছ শিখৰ ’মাউন্ট চাৰামাটি’ (Saramati), এইখন জিলাতে অৱস্থিত৷

জনসংখ্যা[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি কিফিৰে জিলাৰ মুঠ জনসংখ্যা ৭৪,০৩৩ জন৷[1] [2] গতিকে ভাৰতৰ জিলাসমূহৰ ভিতৰত জনসংখ্যাৰ ফালৰ পৰা এই জিলাৰ স্থান ৬২৫তম (মুঠ ৬৪০ খনৰ ভিতৰত)৷[1] কিফিৰেৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৬১ গৰাকী৷[1] এই জিলাৰ সাক্ষৰতাৰ হাৰ ৭১.১% [1]

জিলাখনৰ মূল জনজাতিসমূহ হৈছে চাংটাম (Sangtam), ইমচুংগাৰ (Yimchunger) আৰু ছেমা (Sema)৷

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30. 
  2. US Directorate of Intelligence. "Country Comparison:Population". Archived from the original on 2011-09-27. https://web.archive.org/web/20110927165947/https://www.cia.gov/library/publications/the-world-factbook/rankorder/2119rank.html। আহৰণ কৰা হৈছে: 2011-10-01. "Dominica 72,969 July 2011 est." 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]