গ্ৰীণ টী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গ্ৰীণ টী বা সেউজ চাহ
প্ৰকাৰ চাহ
উৎপত্তিৰ দেশ চীন
ৰং সেউজীয়া
আনুষংগিক পণ্য চাহ

গ্ৰীণ টী বা সেউজ চাহ হৈছে এক প্ৰকাৰৰ চাহ। ইয়াক কেমেলিয়া চাইনেনচিছৰ (Camellia sinensis) অ'লং চাহ আৰু ৰঙা চাহ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা শুষ্ককৰণ আৰু অক্সাইড প্ৰক্ৰিয়া প্ৰয়োগ নকৰা পাত আৰু কোঁহৰ পৰা প্ৰস্তুত কৰা হয়।[1] গ্ৰীণ টীৰ উৎপত্তি হৈছিল চীন দেশত, আৰু তেতিয়াৰে পৰা ইয়াৰ উৎপাদন পূব এছিয়াৰ আন দেশসমূহলৈ বিয়পি পৰিছে।

গ্ৰীণ টীৰ বিভিন্ন প্ৰকাৰ আছে। এইসমূহ C. sinensis-ৰ প্ৰকাৰ, বৃদ্ধিৰ অৱস্থা, উদ্যান কৃষি পদ্ধতি, উৎপাদন প্ৰক্ৰিয়া, আৰু শস্য সংগ্ৰহ কৰাৰ সময়ৰ ওপৰত আধাৰিত।

গ্ৰীণ টীৰ একমাত্ৰ দুটা প্ৰধান উপাদান হ'ল "কেটচিনছ" আৰু "থিয়েনিন," আৰু এই উপাদানসমূহে স্বাস্থ্যৰ ওপৰত পেলোৱা প্ৰভাৱে জাপান আৰু বিদেশত যথেষ্ট মনোযোগ আকৰ্ষণ কৰিছে।[2][3]

ইতিহাস[সম্পাদনা কৰক]

চাহ খোৱাৰ উৎপত্তি হৈছিল চীনদেশৰ কিংবদন্তি সম্ৰাট শ্বেন্নঙৰ ৰাজত্বকালত।[4]

৬১৮-৯০৭ খ্ৰীষ্টাব্দত (টাং ৰাজবংশ) লু য়ুৰ দ্বাৰা ৰচিত 'দ্য ক্লাছিক অৱ টী' নামৰ গ্ৰন্থখন গ্ৰীণ টীৰ ইতিহাসত গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়।

কৰ্কট ৰোগ[সম্পাদনা কৰক]

ইয়াৰ এণ্টিঅক্সিডেণ্ট আৰু এণ্টি-ইনফ্লেমেটৰি গুণাগুণৰ ওপৰত ভিত্তি কৰি গ্ৰীণ টীয়ে "কোষৰ ক্ষতি" প্ৰতিৰোধ কৰি কৰ্কট ৰোগৰ বিকাশ আৰু বৃদ্ধি প্ৰতিৰোধ কৰিব পাৰে বুলি কোৱা হৈছে।[5]

ওজন হ্ৰাস[সম্পাদনা কৰক]

এই বিষয়ে কোনো উপযুক্ত প্ৰমাণ নাই যে গ্ৰীণ টীয়ে ওজন হ্ৰাস বা ওজন ধৰি ৰখাত সহায় কৰে।[6][7]

উৎপাদন[সম্পাদনা কৰক]

২০১৩ চনত, সমগ্ৰ বিশ্বৰ গ্ৰীণ টীৰ উৎপাদন আছিল প্ৰায় ১.৭ নিযুত টন। ২০২৩ চনৰ ভিতৰত ইয়াৰ পৰিমাণ দুগুণ হ'ব বুলি আশা কৰা হৈছিল।[8] ২০১৫ চনলৈকে চীনে বিশ্বৰ ৮০% গ্ৰীণ টীৰ যোগান ধৰিছিল। ইয়াৰ ফলত গ্ৰীণ টীৰ ৰপ্তানি বছৰি ৯% বৃদ্ধি পায়। ২০১৫ চনত চীনৰ পৰা ৩২৫,০০০ টন সেউজ চাহ ৰপ্তানি কৰা হৈছিল।[9] ২০১৫ চনত আমেৰিকা যুক্তৰাষ্ট্ৰ চীনৰ গ্ৰীণ টীৰ (৬,৮০০ টন) সৰ্ববৃহৎ আমদানিকাৰী আছিল আৰু ই ২০১৪ চনৰ তুলনাত ১০ শতাংশ বৃদ্ধি পাইছিল। ব্ৰিটেইনে ১,৯০০ টন আমদানি কৰিছিল যি আছিল ২০১৪ চনৰ তুলনাত ১৫ শতাংশ অধিক।[9]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Tea and health: studies in humans". Current Pharmaceutical Design খণ্ড 19 (34): 6141–7. 2013. doi:10.2174/1381612811319340008. PMID 23448443. 
  2. mukohmatcha (2022-03-23). "専門家によるお茶の健康成分"茶カテキン""テアニン"の研究論文(総まとめ)国内・海外 - 日本一の八女茶専門店『向抹茶』(むこうまっちゃ)Mukoh Matcha / Mukou Mathca" (ja ভাষাত). https://mukohmatcha.com/2022/03/23/%e5%b0%82%e9%96%80%e5%ae%b6%e3%81%ab%e3%82%88%e3%82%8b%e8%8c%b6%e3%82%ab%e3%83%86%e3%82%ad%e3%83%b3%e3%81%ae%e7%a0%94%e7%a9%b6%e8%ab%96%e6%96%87%e7%b7%8f%e3%81%be%e3%81%a8%e3%82%81/,%20https://mukohmatcha.com/2022/03/23/専門家による茶カテキンの研究論文総まとめ/। আহৰণ কৰা হৈছে: 2022-09-22. [সংযোগবিহীন উৎস]
  3. Yan, Zhaoming; Zhong, Yinzhao; Duan, Yehui; Chen, Qinghua; Li, Fengna (June 2020). "Antioxidant mechanism of tea polyphenols and its impact on health benefits". Animal Nutrition (Zhongguo Xu Mu Shou Yi Xue Hui) খণ্ড 6 (2): 115–123. doi:10.1016/j.aninu.2020.01.001. ISSN 2405-6383. PMID 32542190. 
  4. Dattner, Christine; Boussabba, Sophie (2003). Emmanuelle Javelle. ed. The Book of Green Tea. Universe Books. পৃষ্ঠা. 13. ISBN 978-0-7893-0853-5. 
  5. Fan, Xiangqi; Xiao, Xiangjun; Mao, Xiangbing; Chen, Daiwen; Yu, Bing; Wang, Jianping; Yan, Hui (February 2021). "Tea bioactive components prevent carcinogenesis via anti-pathogen, anti-inflammation, and cell survival pathways". IUBMB Life খণ্ড 73 (2): 328–340. doi:10.1002/iub.2445. ISSN 1521-6551. PMID 33368980. https://pubmed.ncbi.nlm.nih.gov/33368980/. 
  6. "Green tea". National Center for Complementary and Integrative Health, US National Institutes of Health. September 2016. https://nccih.nih.gov/health/greentea। আহৰণ কৰা হৈছে: 12 August 2018. "Green tea extracts haven't been shown to produce a meaningful weight loss in overweight or obese adults. They also haven't been shown to help people maintain a weight loss." 
  7. "Green tea for weight loss and weight maintenance in overweight or obese adults". Cochrane Database Syst Rev খণ্ড 2012 (12): CD008650. 2012. doi:10.1002/14651858.CD008650.pub2. PMID 23235664. 
  8. Kaison, Chang (2015). "World tea production and trade: Current and future development". প্ৰকাশক Rome, Italy: FAO Intergovernmental Group on Tea, Food and Agriculture Organization, United Nations. http://www.fao.org/3/a-i4480e.pdf। আহৰণ কৰা হৈছে: 15 November 2017. 
  9. 9.0 9.1 . 31 May 2016. Archived from the original on 27 February 2017. https://web.archive.org/web/20170227203243/http://www.telegraph.co.uk/news/world/china-watch/business/chinese-tea-export-market/.