চাবোন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

চাবোন এবিধ পৰিস্কাৰক ৰাসায়নিক দ্ৰব্য। ইয়াৰ বুৰঞ্জী অতি প্ৰাচীন৷ খৃষ্টপূৰ্ব ২৮০০ চনৰ বেবিলন সভ্যতাৰ দিনৰ পৰা চাবোন মানুহৰ উপযোগী হৈ থকাৰ প্ৰমাণ পোৱা গৈছে৷[1] তেতিয়া ইয়াক বনোৱা হৈছিল জন্তুৰ চৰ্বিক ছাঁইৰ সৈতে উতলাই৷ খৃষ্টপূৰ্ব ২২০০চনত জন্তুৰ চৰ্বিৰ সলনি কেচিয়া গছৰ তেলক পানী আৰু খাৰৰ সৈতে মিহলাই সিজাই চাবোন বনোৱা পদ্ধতিৰ আৰম্ভ হ'ল৷ খৃষ্টপূৰ্ব ৫৫৬-৫৩৯ চনত বেবিলন সভ্যতাৰ শেষ সম্ৰাট নবোনিডাচৰ দিনত চাইপ্ৰাচ তেল, চিচামি তেল আৰু ছাইৰ দ্বাৰা তৈয়াৰী চাবোন দাসীবিলাকক শিলৰ আচবাব পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰিব দিয়া হৈছিল৷[2]


নামকৰণ (etymology)[সম্পাদনা কৰক]

ইংৰাজী চো'প (soap) শব্দটো লেটিন SAPO চেপোৰ পৰা উদ্ভৱ হৈছে৷ খৃষ্টপূৰ্ব ৩১২ চনৰ পৰা প্ৰচলিত এটি কাহিনী অনুসৰি ৰোমানসকলে চেপো পৰ্বতত নানা জন্তু উৎসৰ্গা কৰিছিল৷ মুকলি জুইত জন্তুৰ মাংস সিজাওঁতে চৰ্বিবিলাক জুইত পৰি ছাইৰ সৈতে মিহলি হৈছিল৷ বৰষুণৰ পানীৰ সৈতে সেই ছাই উটি গৈ টিবাৰ নৈৰ পলসৰ সৈতে মিলি গৈছিল৷ ৰোমান মহিলাসকলে সেই পলস মাটি ব্যৱহাৰ কৰিছিল অনায়াসে শৰীৰ পৰিষ্কাৰ আৰু উজ্বল কৰিবলৈ৷ ইয়াৰ পিছত দিন বাগৰিল৷

ইতিহাস[সম্পাদনা কৰক]

১৮৮৯ চনৰ পিয়েৰছ চাবোনৰ এক বিজ্ঞআপন
১৯২২ চনৰ এখন আলোচনীত পালম'লিভ চাবোনৰ এক বিজ্ঞাপন

অষ্টম শতিকাত ইটালি, স্পেইন, ফ্ৰান্স আৰু জাৰ্মানী চাবোন নিৰ্মাতা হিচাবে বিখ্যাত হৈ উঠিল৷ ১২শতিকাত ব্ৰিটেইনত চাবোন নিৰ্মাণ আৰম্ভ হ'ল৷ ১৬শতিকাত ইউৰোপ আৰু আমেৰিকাত চাবোনৰ প্ৰচলন আৰম্ভ হ'ল৷ ১৭৮৯ চনত প্ৰথম পাৰদৰ্শী Transp চাবোন লণ্ডনত নিৰ্মাণ হ'ল৷ ১৮৭৯ চনত প্ৰক্টাৰ এণ্ড গেম্বল কোম্পানীয়ে হাতি দাঁতৰ নিচিনা বগাচাবোন তৈয়াৰ কৰি উলিয়ালে৷ ১৮৯৫ চনত ব্ৰিটিছ লিভাৰ কোম্পানীয়ে “লাইফবয়” নামেৰে চাবোন বজাৰত মেলি দিলে৷ ইয়াৰ মাজতে ১৮৬৫ চনত ৱিলিয়াম চেফাৰ্ড নামৰ এজন ব্যক্তিয়ে জুলিয়া চাবোন উলিয়াৰ বাবে পেটেন্ট সত্ব লাভ কৰে৷ আমাৰ চিনাকী “কলগেট” টুথপেষ্ট ১৮৭৭ চনত বজাৰলৈ আহে৷ সেই একে কোম্পানীয়ে ১৮৯৮ চনত পাম তেল আৰু অলিভ তেলক মিলাই বনোৱা “পালমোলিভ” চাবোনৰ উৎপাদন আৰম্ভ কৰে৷[3] জাৰ্মানীৰ প্ৰক্টাৰ এণ্ড গেম্বল কোম্পানীয়ে ১৯১৬ চনত "কাচকেড" নামেৰে চিনথেটিক ডিটাৰজেন্ট বনাবলৈ লয়৷ ১৯৩০ চনত আমেৰিকাই ঘৰুৱা ব্যৱহাৰৰ উপযোগী ডিটাৰেন্ট চাবোন বনাবলৈ ধৰে৷ দ্বিতীয় শতিকাত বিখ্যাত গ্ৰীক চিকিৎসক গেলনে মানৱ জাতিক চাবোনৰ উপযোগিতা সম্পৰ্কে অৱগত কৰায়৷ পোনতে মহঙা হোৱা বাবে ইয়াৰ ব্যৱহাৰ ধনীবৰ্গৰ মাজতে সীমিত আছিল যদিও কালক্ৰমত ই সুলভ মূল্যৰ হৈ পৰাত বিশ্বৰ সৰ্বত্ৰে সকলো শ্ৰেনীৰ লোকৰ জীৱনৰ এৰাব নোৱৰা সাৰথি হৈ পৰিল।

ৰসায়ন[সম্পাদনা কৰক]

ৰাসায়ন শাস্ত্ৰৰ মতে চাবোন হ'ল এবিধ ফেটি এচিডৰ নিমখ৷[4] বনস্পতি বা জন্তুৰ চৰ্বিৰ তেল হ'ল এবিধ ট্ৰাইগ্লিচাৰাইড (৩বিধ ফেটি এচিড আৰু এটা গ্লিচাৰলৰ মিশ্ৰণ)৷[5] ইয়াক যেতিয়া খাৰুৱা (এলকেলি) পদাৰ্থৰে (সাধাৰণতঃ ছ'ডিয়াম/পটাছিয়াম হাইড্ৰক্সাইড) -অৰ বিক্ৰিয়া কৰোৱা হয় (Saponification - চোপনিফিকেচন ক্ৰিয়া বোলে)- ফেটি এচিডে এলকেলিৰ লগ লাগি চাবোন ৰ সৃষ্টি কৰে৷ বাইপ্ৰডাক্ট হিচাবে ওলায় গ্লিচাৰিন৷[5]

চাবোনৰ কাৰ্য[সম্পাদনা কৰক]

চাবোনত জীৱানুসমূহ বা আন মলিয়ন তত্বসমূহ লাগি আমাৰ শৰীৰৰ পৰা আতৰ হয়৷ এই ক্ৰিয়াক চাৰফেক্টেন্ট ক্ৰিয়া (Surfactant action) বোলে৷

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Willcox, Michael (2000). "Soap". In Hilda Butler. Poucher's Perfumes, Cosmetics and Soaps (10th সম্পাদনা). প্ৰকাশক Dordrecht: Kluwer Academic Publishers. পৃষ্ঠা. 453. ISBN 0-7514-0479-9. http://books.google.com/books?id=4HI8dGHgeIQC&pg=PA453. "The earliest recorded evidence of the production of soap-like materials dates back to around 2800 BCE in ancient Babylon." 
  2. Noted in Martin Levey (1958). "Gypsum, salt and soda in ancient Mesopotamian chemical technology". Isis খণ্ড 49 (3): 336–342 (341). doi:10.1086/348678. 
  3. "Colgate-Palmolive Company History: Creating Bright Smiles for 200 Years". Colgate-Palmolive Company. http://www.colgate.com/app/Colgate/US/Corp/History/1806.cvsp। আহৰণ কৰা হৈছে: 17 October 2012. 
  4. IUPAC. "IUPAC Gold Book – soap" Compendium of Chemical Terminology, 2nd ed. (the "Gold Book"). Compiled by A. D. McNaught and A. Wilkinson. Blackwell Scientific Publications, Oxford (1997). XML on-line corrected version: created by M. Nic, J. Jirat, B. Kosata; updates compiled by A. Jenkins. ISBN 0-9678550-9-8. doi:10.1351/goldbook. Accessed 2010-08-09
  5. 5.0 5.1 Cavitch, Susan Miller. The Natural Soap Book. Storey Publishing, 1994 ISBN 0-88266-888-9.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]