চুশ্বি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চুশ্বি

পৰিৱেশন কৰা এক প্লেট চুশ্বি
উৎপত্তিৰ স্থান জাপান
মুখ্য উপাদান
  • ভিনেগাৰযুক্ত চাউল
  • ন'ৰি

চুশ্বি (しし, 寿司, 鮨, 鮓 ) হৈছে ভিনেগাৰযুক্ত চাউলৰ (চুশ্বি-মেশ্বি) পৰা প্ৰস্তুত কৰা এবিধ জাপানী খাদ্য। সাধাৰণতে কিছু চেনি আৰু নিমখৰ সৈতে, বিভিন্ন ধৰণৰ উপাদান যেনে সাগৰীয় খাদ্য আৰু শাক-পাচলিৰ সৈতে ইয়াক প্ৰস্তুত কৰা হয়। চুশ্বিৰ শৈলী আৰু ইয়াৰ উপস্থাপন বহু পৰিমাণে ভিন্ন হ'লেও ইয়াৰ এটা মূল উপাদান হৈছে "চুশ্বি চাউল"। ইয়াক শ্বাৰি (しゃり), বা সুমেচি (酢飯) বুলিও কোৱা হয়।[1]

আধুনিক চুশ্বিৰ সৃষ্টিকৰ্তাগৰাকী হানায়া য়োহেই বুলি বিশ্বাস কৰা হয়। তেওঁ প্ৰায় ১৮২৪ চনত, অৰ্থাৎ এডো যুগত (১৬০৩–১৮৬৭) নিগিৰি-জুশ্বি নামৰ এক প্ৰকাৰৰ চুশ্বি উদ্ভাৱন কৰিছিল। ই আজিৰ তাৰিখত আটাইতকৈ বেছি পৰিচিত। এই চুশ্বিবিধত সাগৰীয় খাদ্য (মাছ আদি) হাতেৰে চেপি লোৱা ভিনেগাৰযুক্ত চাউলৰ ওপৰত ৰখা হয়। ইডো যুগত ই চ’নিন শ্ৰেণীৰ ফাষ্ট ফুড আছিল।[2][3][4]

পৰম্পৰাগতভাৱে মধ্যমীয়া দানাযুক্ত বগা চাউলৰ সৈতে চুশ্বি তৈয়াৰ কৰা হয় যদিও ইয়াক ব্ৰাউন ৰাইচ বা কম দৈৰ্ঘ্যৰ দানাযুক্ত চাউলৰ সৈতেও প্ৰস্তুত কৰিব পাৰি। ইয়াক প্ৰায়েই সাগৰীয় খাদ্য যেনে স্কুইড, ইল, য়েল্ল'টেইল, ছালমন, টুনা বা নকল কেঁকোৰাৰ মাংসৰ সৈতে প্ৰস্তুত কৰা হয়। বহু প্ৰকাৰৰ চুশ্বি নিৰামিষো হয়। ইয়াক প্ৰায়ে আচাৰীকৃত আদা, ৱাছাবি, আৰু ছয়া চচৰ সৈতে পৰিবেশন কৰা হয়। ডাইকন মূলা বা আচাৰীকৃত ডাইকন এই খাদ্যৰ বাবে এক জনপ্ৰিয় গাৰ্নিচ।

চুশ্বিক কেতিয়াবা ছাচিমিৰ সৈতে বিভ্ৰান্ত কৰা হয়। কিন্তু ছাচিমিক প্ৰকৃততে পাতলকৈ কাটি লোৱা কেঁচা মাছ বা কেতিয়াবা মাংসৰ সৈতে চুশ্বি ভাত নোহোৱাকৈ পৰিৱেশন কৰা হয়।[5]

ইংৰাজীত চুশ্বি[সম্পাদনা কৰক]

অক্সফৰ্ড ইংৰাজী অভিধানত বৰ্ণনা কৰা মতে ইংৰাজী ভাষাত চুশ্বিৰ প্ৰথম লিখিত উল্লেখ ১৮৯৩ চনৰ এখন গ্ৰন্থ এ জাপানীজ ইণ্টেৰিয়ৰত পোৱা গৈছে। ইয়াত চুশ্বিক "মাছ, সাগৰীয় অপতৃণ বা আন কোনো সোৱাদযুক্ত শীতল চাউলৰ ৰোল" বুলি উল্লেখ কৰা হৈছে।[6][7] ১৮৭৩ চনৰ জেমছ হেপবাৰ্নৰ জাপানীজ–ইংৰাজী অভিধানত[8] আৰু ১৮৭৯ চনত নোটছ এণ্ড কুৱেৰীজ আলোচনীত জাপানী ৰন্ধন শিল্পৰ বিষয়ে লিখা এটা প্ৰবন্ধত চুশ্বিৰ বিষয়ে উল্লেখ কৰা হৈছে।[9]

উপকৰণসমূহ[সম্পাদনা কৰক]

সকলো প্ৰকাৰৰ চুশ্বিতে বিশেষভাৱে প্ৰস্তুত কৰা চাউল থাকে। পৰম্পৰাগত জাপানী চুশ্বি ভিনেগাৰ চচ আৰু বিভিন্ন কেঁচা বা সিজোৱা উপাদানৰ সোৱাদযুক্ত চাউলৰে গঠিত।

ন'ৰি[সম্পাদনা কৰক]

ন'ৰিৰ পাত

ন'ৰি হৈছে জাপানৰ বন্দৰত পৰম্পৰাগতভাৱে খেতি কৰা এক প্ৰকাৰৰ শেলাই[10] ন'ৰিক চুশ্বি এটা মেৰিয়াবলৈ ব্যৱহাৰ কৰা হয়।

গিউ[সম্পাদনা কৰক]

চুশ্বিৰ ভিতৰত ব্যৱহৃত উপাদানসমূহক গিউ বোলা হয় আৰু ই সাধাৰণতে বিভিন্ন প্ৰকাৰৰ মাছ।[11]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Sushi - How-To" (en-US ভাষাত). FineCooking. 1998-05-01. Archived from the original on 2019-11-04. https://web.archive.org/web/20191104201050/https://www.finecooking.com/article/sushi। আহৰণ কৰা হৈছে: 2019-11-04. 
  2. "The Mysteries of Sushi - Part 2: Fast Food". Toyo Keizai. 23 May 2015. Archived from the original on 9 September 2017. https://web.archive.org/web/20170909042355/https://toyokeizai.net/articles/-/70530. 
  3. "When Sushi Became a New Fast Food in Edo". Nippon.com. 22 December 2020. Archived from the original on 18 January 2021. https://web.archive.org/web/20210118223017/https://www.nippon.com/en/japan-topics/g00962/. 
  4. "Sushi". Nihonbashi. Archived from the original on 28 December 2021. https://web.archive.org/web/20211228234530/https://nihombashi-tokyo.com/history/326.html. 
  5. "Sashimi vs Sushi – Difference and Comparison | Diffen" (en ভাষাত). www.diffen.com. Archived from the original on 2019-06-05. https://web.archive.org/web/20190605054232/https://www.diffen.com/difference/Sashimi_vs_Sushi। আহৰণ কৰা হৈছে: 2019-06-05. 
  6. "Sushi," Oxford English Dictionary, Second edition, 1989; online version December 2011. Accessed 23 December 2011.
  7. Bacon, Alice Mabel (1893). A Japanese interior. Houghton, Mifflin and Company. পৃষ্ঠা. 271. https://archive.org/details/ajapaneseinteri02bacogoog. "p. 271: "Sushi, a roll of cold rice with fish, sea-weed, or some other flavoring" p. 181: "While we were waiting for my lord and my lady to appear, domestics served us with tea and sushi or rice sandwiches, and the year-old baby was brought in and exhibited." p. 180: "All the sushi that I had been unable to eat were sent out to my kuruma, neatly done in white paper."" 
  8. James Curtis Hepburn, Japanese–English and English–Japanese dictionary, Publisher: Randolph, 1873, 536 pages ( page 262)
  9. W. H. Patterson, Japanese Cookery, "Notes and Queries," Publisher: Oxford University Press, 1879. (p.263 Archived 2016-02-02 at the Wayback Machine)
  10. Shimbo, Hiroko (2000-11-08) (en ভাষাত). The Japanese Kitchen: 250 Recipes in a Traditional Spirit. Harvard Common Press. পৃষ্ঠা. 128. ISBN 9781558321779. Archived from the original on 2021-06-17. https://web.archive.org/web/20210617105727/https://books.google.com/books?id=VWLTngEACAAJ। আহৰণ কৰা হৈছে: 2020-10-16. "Unlike wakame, kombu, and hijiki, which are sold in the form of individual leaves, nori is sold as a sheet made from small, soft, dark brown algae, which have been cultivated in bays and lagoons since the middle of the Edo Era (1600 to 1868). The technique of drying the collected algae on wooden frames was borrowed from the famous Japanese paper-making industry." 
  11. Lowry, Dave (2005) (en ভাষাত). The Connoisseur's Guide to Sushi: Everything You Need to Know about Sushi Varieties and Accompaniments, Etiquette and Dining Tips, and More. Harvard Common Press. ISBN 9781558323070. https://books.google.com/books?id=wIOcYVPYfkAC&q=neta+sushi&pg=PP56। আহৰণ কৰা হৈছে: 2020-10-16.