প্ৰদূষণ
মানুহৰ দৈনন্দিন জীৱনৰ বিভিন্ন কাৰ্য্যই পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাই৷ কেতিয়াবা কোনো অনিষ্টকাৰী পদাৰ্থ আমাৰ চৌপাশে থকা মাটি, পানী আৰু বায়ুত প্ৰৱেশ কৰি এইবোৰৰ স্বাভাৱিক বৈশিষ্ট্যবোৰ (যেনে: মাটিত থকা খনিজ পদাৰ্থ, বেক্টেৰিয়া, কেঁচু আদি অনেক সৰু সৰু জীৱ, পানীত থকা অক্সিজেন, হাইড্ৰোজেন আৰু বায়ুত থকা অক্সিজেন কাৰ্বন-ডাই-অক্সাইড আদি) নষ্ট কৰে৷ তাৰ ফলত বায়ু, পানী, মাটি জীৱ-জগতৰ ব্যৱহাৰৰ অনুপযোগী হৈ পৰে আৰু জীৱ-জগতৰ ক্ষতি সাধন হয়৷ পৰিৱেশৰ এনেদৰে দূষিত হোৱা ঘটনাই হ'ল প্ৰদূষণ বা পৰিৱেশ দূষিতকৰণ৷
সূচী |
প্ৰকাৰভেদ[সম্পাদনা কৰক]
প্ৰদূষণ বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে৷
- বায়ু প্ৰদূষণ
বায়ুমণ্ডলত যদি মানব শৰীৰ বা আন জীৱকুলত প্ৰভাব পেলাব পৰা ক্ষতিকাৰী পদাৰ্থৰ পৰিমান যথেষ্ট পৰিমানে বৃদ্ধি পাই ,তেনে পৰিস্থইতিত বায়ু প্ৰদূষন হোৱা বুলি কোৱা যায়। এনে প্ৰদূষণ সৃষ্টিকাৰী গেছীয় পদাৰ্থৰ ভিতৰত প্ৰধান হৈছে কাৰ্বন মনক্সাইড, ছালফাৰ ডাইঅক্সাইড, ক্লৰফ্লৰকাৰ্বন,নাইত্ৰজেন ডাইঅক্সাইড ইত্যাদি। এনে প্ৰদূষকবোৰ সাধাৰণতে উদ্যোগিক আবৰ্জনা তথা ইন্ধনৰ দহন আৰু যাতায়তৰ বাবে ব্যবহৃত বাহনৰ পৰা নিৰ্গত হয়।
- পানী (জল) প্ৰদূষণ
খোৱা পানী বা সমুদ্ৰৰ লুণীয়া পানীত যদিহে এনে কোনো জৈৱ-অজৈৱ বা ৰাসায়নিক পদাৰ্থৰ পৰিমান যথেষ্ট পৰিমানে বৃদ্ধি পাই ,যিবোৰে পানীৰ গুণাগুণ নষ্ট কৰাৰ লগতে ইয়াত বাস কৰা জীৱ-জন্তুৰো অনিষ্ট সাধন কৰে ,তেনে পৰিস্থিতিত পানী প্ৰদূষন হোৱা বুলি কোৱা যায়। জল প্ৰদূষণ সৃষ্টি কৰা প্ৰদূষকবোৰৰ ভিতৰত অন্যতম হৈছে খেতি পথাৰত ব্যবহৃত বিষাক্ত কীটনাশক তথা ৰাসাইয়নিক সাৰ ,উদ্যোগসমুহৰ পৰা নিৰ্গত ৰাসায়নিক পদাৰ্থ আদি।
- শব্দ প্ৰদূষণ
কেতিয়াবা বতাহত ভাহি অহা কিছুমান অবাঞ্চিত শব্দই মানুহ বা আন জীৱকূলৰ উপৰত বিৰুপ প্ৰভাৱ পেলাই। তেনে পৰিস্থিতিতেই আমি শব্দ প্ৰদূষণ হোৱা বুলি কও।
- স্থল প্ৰদূষণ
ক্ৰুটিপুৰ্ন কৃষি পদ্ধতি ,বেহিচাপী ভূতলৰ খনন,উদ্যোগ তথা চহৰ নগৰৰ আৱৰ্জনা নিষ্কাসনৰ সঠিক পদ্ধতিৰ অভাৱৰ বাবে পৃথিৱীৰ উপৰিভাগত থকা মাটিভাগৰ গুণগত মাণদণ্ডৰ ব্যাপক হাৰত অৱনতি ঘটাকে আমি সাধাৰনতে স্থল প্ৰদূষণ বুলি কও। কৃষিকাৰ্যত ব্যবহাৰ হোৱা ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ব্যাপক প্ৰয়োগ তথা আবৰ্জনা নিষ্কাষনৰ বিজ্ঞানসন্মত উপায়ৰ অভাবো ইয়াৰ অন্যতম কাৰক।
- তেজস্ক্ৰীয় প্ৰদূষণ
প্ৰভাৱ[সম্পাদনা কৰক]
মানুহৰ জীৱনত প্ৰদূষণৰ প্ৰভাৱ[সম্পাদনা কৰক]
প্ৰতিকূল বায়ু সেৱন কৰাৰ ফলত মানুহকে আদি কৰি অন্যান্য জীৱ-জন্তু মৃত্যু মুখত পৰিব পাৰে। অজন গেছৰ প্ৰদূষণৰ ফলত মানুহৰ শ্বাস- প্ৰশ্বাস জনিত ৰোগ,হৃদৰোগ,বুকুৰ বিষ আদিয়ে দেখা দিব পাৰে। বীজানুযুক্ত পানী খোৱাৰ ফলত প্ৰতিদিনে প্ৰায় ১৪০০ জন লোক মৃত্যু মুখত পৰিব লগা হয়। প্ৰায় ১০০০ জন শিশুৱে গ্ৰহনী জনিত ৰোগত প্ৰতি দিনে ভাৰতত মৃত্যুক সাৱতি লয়। শব্দ প্ৰদূষণৰ ফলত আমাৰ শ্ৰৱণ ক্ষমতা হ্ৰাস হোৱাৰ উপৰিও উচ্চ ৰক্ত-চাপ,নিদ্ৰাহীনতা আদিৰ দৰে ৰোগ হোৱাৰ সম্ভাৱনা দেখা দিয়ে।