পৰিৱেশ তন্ত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Rainforest ecosystems are rich in biodiversity. This is the Gambia River in Senegal's Niokolo-Koba National Park.

পৰিৱেশ তন্ত্ৰ হ’ল পৰিৱেশ বিদ্যাৰ মৌলিক একক। এ.জি. টেন্সলে (A.G. Tansley)-ই পৰিৱেশ তন্ত্ৰ বা ‘ইক’ছিষ্টেম’ (Ecosystem) শব্দটো প্রৱর্তন কৰিছিল। বাস্তৱ্যবিদ ওডামৰ (Odum, 1971) মতে “পৰিৱেশ তন্ত্ৰ হ’ল এটা নির্দিষ্ট অঞ্চলৰ ভৌতিক পৰিৱেশৰ লগত আন্তঃক্ৰিয়াশীল সকলো প্রকাৰৰ জীৱক সাঙুৰি লোৱা (অর্থাৎ জৈৱ সম্প্রদায়) এটা সমষ্টি য’ত শক্তিৰ প্রৱাহে স্পষ্টভাবে ইয়াৰ খাদ্যস্তৰৰ গঠন, জৈৱবৈচিত্ৰতা আৰু পদার্থৰ চক্ৰীভৱন (অর্থাৎ জীৱিত আৰু নির্জীৱ উপাংশৰ মাজত হোৱা পদার্থৰ বিনিময়) পৰিছালনা কৰে। আকৌ বাস্তৱ্যবিদ ছাউথউইকৰ (Southwick, 1972) মতে ইক’ছিষ্টেম হ’ল এটা স্থানিক বা সাংগঠনিক একক যিয়ে জীৱ আৰু নির্জীৱ উপাংশৰ মাজত আন্তঃক্ৰিয়াৰ জৰিয়তে পদার্থৰ বিনিময় ঘটায়।

বিভিন্ন জনে আগবঢ়োৱা সংজ্ঞাসমূহ বিশ্লেষণ কৰি পৰিৱেশ তন্ত্ৰৰ বাখ্যা এনেদৰে দিব পাৱি – যি বিশেষ পদ্ধতিত কোনো বসতি স্থানৰ জীৱগোষ্ঠীবোৰে এটাই আনটোৰ লগত আৰু সেই বসতি অঞ্চলৰ অজৈৱ পৰিৱেশৰ কাৰকৰ লগত প্রতিক্ৰিয়া কৰি এটা সুস্থিৰ তন্ত্ৰ গঠন কৰে তাকে পৰিৱেশ তন্ত্ৰ বোলে।

পৰিৱেশ তন্ত্ৰৰ বৈশিষ্ট (Characteristics of Ecosystem):[সম্পাদনা কৰক]

বিজ্ঞানী স্মিথে (Smith, 1966) পৰিৱেশ তন্ত্ৰৰ কেতবোৰ উমৈতীয়া বৈশিষ্ট উল্লেখ কৰিছিল। এইবোৰ হ’ল –

1. পৰিৱেশ তন্ত্ৰ হ’ল পৰিৱেশ বিদ্যাৰ মূল সাংগঠনিক আৰু কার্য্যকৰী একক।

2. পৰিৱেশ তন্ত্ৰৰ গঠন ইয়াৰ জৈৱবৈচিত্ৰতাৰ লগত জড়িত। জৈৱবৈচিত্ৰতা যিমানেই চহকী পৰিৱেশ তন্ত্ৰও সিমানেই জটিল।

3. পৰিৱেশ তন্ত্ৰৰ কার্য তন্ত্ৰটোৰ মাজেৰে চালিত শক্তিপ্রৱাহ (Energy flow) আৰু পদার্থৰ চক্ৰীভৱনৰ (Material cycling) লগত জড়িত।

4. পৰিৱেশ তন্ত্ৰ এটা নিয়াৰিকৈ চলিবলৈ হলে কিমান পৰিমাণৰ শক্তি প্রয়োজন হব সেয়া নির্ভৰ কৰে ইয়াৰ গঠনৰ ওপৰত। পৰিৱেশ তন্ত্ৰ যিমানেই জটিল শক্তিৰ সিমানেই কম শক্তিৰ প্রয়োজন হয়।

5. পৰিৱেশ তন্ত্ৰ এটা পৈনত হবলৈ ই ক্ৰমে সৰল অৱস্থাৰ পৰা জটিল অৱস্থাপ্রাপ্ত হয়। ইয়াকে পৰিস্থিতিক অনুক্ৰমন (Ecological Succession) বোলা হয়।

6. কোনো নির্দিষ্ট পাৰিপার্শ্বিকতা আৰু পৰিৱেশ তন্ত্ৰত শক্তিৰ স্থিৰীকৰণ (Energy Fixation) এটা নির্দিষ্ট সীমাত থাকে।

7. পৰিৱেশৰ কাৰকবোৰৰ তাৰতম্যতাই আবাদী বা জীৱগোষ্ঠীৰ ওপৰত এটা নির্বাচিত চাপ (Selective Pressure)ৰ সৃষ্টি কৰে ফলত ইয়াত উপলব্ধ আবাদীবোৰে নিজকে অভিযোজিত কৰিব লগীয়া হয়। যিবোৰ আবাদীয়ে নিজকে অভিযোজিত কৰি লব নোৱাৰে সেইবোৰ আবাদী বিলুপ্ত হৈ যায়।

পৰিৱেশ তন্ত্ৰৰ প্রকাৰ (Kinds of Ecosystem):[সম্পাদনা কৰক]

পৰিৱেশ তন্ত্ৰবোৰ প্রাকৃতিক (Natural) বা কৃত্রিম (Artificial), বৃহৎ (Mega) বা ক্ষুদ্র (Micro), সম্পূর্ণ (Complete) বা অসম্পূর্ণ (Incomplete) ইত্যাদি বিভিন্ন প্রকাৰৰ হব পাৰে।

A. প্রাকৃতিক পৰিৱেশ তন্ত্ৰ: যিবোৰ পৰিৱেশ তন্ত্ৰ মানুহৰ বিশেষ কোনো প্রত্যক্ষ প্রভাৱ বা নিয়ন্ত্ৰণ অবিহনে প্রকৃতিত স্বতঃস্ফূর্ত্ত ভাবে চলি থাকে সেইবোৰ পৰিৱেশ তন্ত্ৰক প্রাকৃতিক পৰিৱেশ তন্ত্ৰ বোলা হয়। ইয়াক আকৌ দুটা প্রধান ভাগত ভগাব পাৰি যেনে, স্থলজ পৰিৱেশ তন্ত্ৰ আৰু জলজ পৰিৱেশ তন্ত্ৰ।

a. স্থলজ পৰিৱেশ তন্ত্ৰ (Terrestrial Ecosystem): এইবোৰ পৰিৱেশ তন্ত্ৰ স্থলভাগত সৃষ্টি হয়। অৰণ্য (Forest), তৃণভূমি Grassland), মৰুভূমি (Desert), ইত্যাদি হ’ল স্থলজ পৰিৱেশ তন্ত্ৰৰ উদাহৰণ।

b. জলজ পৰিৱেশ তন্ত্ৰ (Aquatic Ecosystem): এইবোৰ পৰিৱেশ তন্ত্ৰ জলভাগত সৃষ্টি হয়। জলজ পৰিৱেশ তন্ত্ৰক আকৌ দুই প্রকাৰৰ যেনে, নির্মল বা অলুনীয়া পানীৰ পৰিৱেশ তন্ত্ৰ (Fresh water ecosystem) আৰু সামূদ্রিক পানীৰ পৰিৱেশ তন্ত্ৰ (Marine ecosystem)।

i. নির্মল বা অলুনীয়া পানীৰ পৰিৱেশ তন্ত্ৰ: নির্মল বা অলুনীয়া পানীৰ পৰিৱেশ তন্ত্ৰ প্রকাৰৰ হ’ব পাৰে যেনে, গতিশীল পানীৰ পৰিৱেশ তন্ত্ৰ (Running watewr ecosystem) আৰু স্থিৰ পানীৰ পৰিৱেশ তন্ত্ৰ (Standing water ecosystem)। গতিশীল পানীৰ পৰিৱেশ তন্ত্ৰ উদাহৰণ হ’ল, নিজৰা, জান জুৰি, নদী ইত্যাদি। স্থিৰ পানীৰ পৰিৱেশ তন্ত্ৰৰ উদাহৰণ হ’ল, পুখুৰী, বিল, হ্রদ, জলাহ ইত্যাদি।

ii. সামূদ্রিক পৰিৱেশ তন্ত্ৰ: সাগৰীয় পানীত লৱণৰ পৰিমান বেছি থাকে। দ-সমূদ্র, তৰাং সাগৰ, মোহনা আদিক সামূদ্রিক পৰিৱেশ তন্ত্ৰ বোলা হয়।

B. মানৱসৃষ্ট পৰিৱেশ তন্ত্ৰ (Man made ecosystem): জীৱবোৰৰ ভিতৰত মানুহক শ্রেষ্ঠ জীৱ বুলি কোৱা হয়। অন্যান্য জীৱৰ দৰে মানুহো পৰিৱেশ তন্ত্ৰৰ এটা উপাংশ। খাদ্য, বাসস্থান আৰু আৰু বিশেষকৈ সামাজিক তথা অর্থনৈতিক প্রয়োজনত মানুহে পৰিৱেশ তন্ত্ৰৰ পৰিৱর্তন ঘটাই নিজৰ চাহিদা পূৰণ কৰে। এনেদৰে মানুহে স্বার্থজনিত কাৰণত যি পৰিৱর্ত্তিত পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰি লয় তাকে মানৱসৃষ্ট পৰিৱেশ তন্ত্ৰ বা কৃটিম পৰিৱেশ তন্ত্ৰ বোলা হয়। গাওঁ, নগৰ, চহৰ, উদ্যান, বাগিচা আদি হ’ল কৃটিম বা মানৱসৃষ্ট স্থলজ পৰিৱেশ তন্ত্ৰ আৰু কৃটিম বান্ধ, খাল, মাছ পোহা পুখুৰী, একুৱাৰিয়াম (Aquarium) আদি মানুহে সৃষ্টি কৰা জলজ মানৱসৃষ্ট পৰিৱেশ। ইলেনবার্গৰ (Ellenberg, 1973) মতে জৈৱমণ্ডলেই হ’ল আটাইতকৈ বৃহৎ পৰিৱেশ তন্ত্ৰ। ইয়াৰ ভিতৰতে আন আন পৰিৱেশ তন্ত্ৰবোৰ সোমাই থাকে। তেওঁৰ মতে সাগৰ, হ্রদ, আদি হ’ল বৃহৎ পৰিৱেশ (Mega ecosystem) তন্ত্ৰ। আনহাতে পুখুৰী আদিক ক্ষুদ্র পৰিৱেশ তন্ত্ৰ (Micro ecosystem) বোলা হয়। আকৌ কাঠৰ টুকুৰা, একুৰিয়াম, বাগিছা আদিক অতি ক্ষুদ্র পৰিৱেশ তন্ত্ৰ (Nano ecosystem) বোলা হয়।

C. অসম্পূর্ণ পৰিৱেশ তন্ত্ৰ (Incomplete ecosystem): যিবোৰ পৰিৱেশ তন্ত্ৰত সকলো-বোৰ উপাদান যেনে, অজৈৱ কাৰক, উৎপাদক, উপভোক্তা, বিয়োজক আদি একে সময়তে একেলগে নেথাকে সেইবোৰ পৰিৱেশ তন্ত্ৰকে অসম্পূর্ণ পৰিৱেশ তন্ত্ৰ বোলা হয়। সাগৰৰ গভীৰ অন্ধকাৰ অঞ্চল (Abyssal depth of sea), গুহাৰ ভিতৰৰ পৰিৱেশ তন্ত্ৰ আদি হ’ল এই শ্রেণীৰ পৰিৱেশ তন্ত্ৰ। এইবোৰ পৰিৱেশ তন্ত্ৰত উপভোক্তা আৰু বিয়োজক থাকিলেও পোহৰৰ অভাৱৰ কাৰণে উৎপাদক শ্রেণীৰ জীৱ নেথাকে।

D. সম্পূর্ণ পৰিৱেশ তন্ত্ৰ (Complete ecosystem): যিবোৰ পৰিৱেশ তন্ত্ৰত পৰিৱেশ তন্ত্ৰৰ মৌলিক উপাদানবোৰ অর্থাৎ অজৈৱ কাৰক, উৎপাদক, উপভোক্তা, বিয়োজক আদি একেলগে একে সময়তে থাকে সেইবোৰ পৰিৱেশ তন্ত্ৰক সম্পূর্ণ পৰিৱেশ তন্ত্ৰ বোলা হয়। যেনে- পুখুৰী, তৃণভূমি, অৰণ্য ইত্যাদি।

পৰিৱেশ তন্ত্ৰৰ গঠন (Structure of the ecosystem):[সম্পাদনা কৰক]

ওডামৰ (1971) মতে পৰিৱেশ তন্ত্ৰ দুই ধৰণৰ উপাংশৰে গঠিত – যেনে, জৈৱিক উপাংশ (Biotic components) আৰু অজৈৱিক উপাংশ (Abiotic components)।

A. জৈৱিক উপাংশ:

পৰিৱেশত উপলব্ধ জীৱসমষ্টিক একেলগে পৰিৱেশটোৰ জৈৱিক উপাংশ বোলা হয়। পুষ্টিজনিত সম্বন্ধৰ ওপৰত নির্ভৰ কৰি ইহঁতক দুটা ভাগত ভগাব পাৰি –

(i) স্বপোষী উপাদান বা উৎপাদক (Autotrophic components or producer): যিবোৰ জীৱই নিজৰ আহাৰ নিজে প্রস্তুত কৰি লব পাৰে সেইবোৰ জীৱক স্বপোষী (Self nourishing) জীৱ বোলা হয়। সকলো প্রকাৰৰ সেউজীয়া উদ্ভিদ, কিছুমান সালোক সাংশ্লেষিক বেক্টেৰিয়া যেনে, নাইট্র’ছ’মনাছ, এযট’বেক্টৰ, ক্ল’ছট্রিডিয়াম ইত্যাদিয়ে নিজৰ আহাৰ নিজে প্রস্তুত কৰি আত্মীকৰণ কৰি লব পাৰে। ইহঁতে পৰিৱেশৰ পৰা কার্বন-ডাই-অক্সাইড আৰু পানী শোষন কৰি দেহত থকা পত্ৰহৰিৎৰ সহায়ত সৌৰ শক্তিক ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত কৰি ইহঁতৰ বাবে প্রয়োজনীয় জৈৱ যৌগ প্রস্তুত কৰি লব পাৰে। সেউজীয়া উদ্ভিদবোৰে তৈয়াৰ কৰা খাদ্য নিজে ব্যৱহাৰ কৰাৰ উপৰিও আন সকলো জীৱৰ বাবে সঞ্চয় কৰি ৰাখে। সেয়েহে সেউজীয়া উদ্ভিদ আৰু সালোক সাংশ্লেষিক বেক্টেৰিয়া আদিক উৎপাদক জীৱ বুলি কোৱা হয়।

(ii) পৰপোষী উপাদান বা উপভোক্তা (Heterotrophic components or consumers): যিবোৰ জীৱই নিজৰ আহাৰ নিজে প্রস্তুত কৰি লব নোৱাৰে আৰু খাদ্যৰ বাবে প্রত্যক্ষ নাইবা পৰোক্ষ ভাবে স্বপোষী উপাদান বাউৎপাদকৰ ওপৰত নির্ভৰশীল সেইবোৰক পৰপোষী বা উপভোক্তা বোলা হয়। উপভোক্তাবোৰক আকৌ দুই প্রকাৰত ভগাব পাৰি যেনে, স্থুল বা বৃহৎ উপভোক্তা (Macro consumers) আৰু ক্ষুদ্র উপভোক্তা বা বিয়োজক (Micro consumers or decomposers) ।

a. স্থুল বা বৃহৎ উপভোক্তা (Macro consumers): স্থুল উপভোক্তাবোৰে আহাৰ গ্রহণ কৰি শৰীৰৰ ভিতৰতে পাচন ঘটায়। এইবোৰক আকৌ 3 টা ভাগত ভগাব পাৰি। যেনে- প্রাথমিক উপভোক্তা (Primary consumers), দ্বিতীয় স্তৰৰ উপভোক্তা (Secondary consumers) আৰু তৃতীয় স্তৰৰ উপভোক্তা (Tertiary consumers)।

প্রাথমিক উপভোক্তা (Primary consumers): যিবোৰ প্রাণীয়ে প্রত্যক্ষ বাবে উৎপাদকক খাদ্য হিচাপে গ্রহণ কৰি জীয়াই থাকে সেইবোৰ প্রাণীক প্রাথমিক বা মুখ্য উপভোক্তা বোলে। সকলোবোৰ তৃণভোজী প্রাণী এই শ্রেণীৰ ভিতৰত পৰে। উদাহৰণ- ফৰিং, শহাপহু, হৰিণা, ছাগলী, গৰু, মহ ইত্যাদি।

দ্বিতীয় স্তৰৰ উপভোক্তা (Secondary consumers): যিবোৰ প্রাণীয়ে প্রথম স্তৰৰ উপভোক্তা বোৰক খাদ্য হিচাপে গ্রহণ কৰি জীয়াই থাকে সেইবোৰক দ্বিতীয় স্তৰৰ উপভোক্তা। সাধাৰণতে মাংসহাৰী প্রাণীবোৰ এই শ্রেণীৰ অন্তর্ভূক্ত। এইবোৰৰ কিছুমান তৃণভোজীও হব পাৰে। উদাহৰণ – ভেকুলী, সাপ, শিয়াল, কেতবোৰ মাছ চিকাৰী চৰাই ইত্যাদি।

তৃতীয় স্তৰৰ উপভোক্তা (Tertiary consumers): যিবোৰ প্রাণীয়ে দ্বিতীয় স্তৰৰ উপভোক্তাক খাদ্য হিচাপে গ্রহণ কৰে সেইবোৰক তৃতীয় স্তৰৰ উপভোক্তা বোলা হয়। এই প্রাণীবোৰ দ্বিতীয় স্তৰৰ মাংসভোজী নাইবা সর্বভক্ষীও হব পাৰে। যেনে – বাঘ, সিংহ, মানুহ ইত্যাদি।

b. ক্ষুদ্র উপভোক্তা বা বিয়োজক (Micro consumers or decomposers): এই জীৱবোৰ ক্ষুদ্র বা অনুজীৱ। এইবোৰে জীৱই অইন জীৱবোৰৰ মৃত্যুৰ পিছত পাচক ৰস ক্ষৰণ কৰি জীৱবোৰৰ দেহত থকা জটিল যৌগবোৰক সৰল অৱস্থালৈ ৰূপান্তৰ কৰি পাচিত পদার্থবোৰ শোষণ কৰে। এইবোৱক পচনকাৰী জীৱ বুলিও কোৱা হয়। পচনকাৰী জীৱবোৰ পৰিৱেশ তন্ত্ৰৰ বাবে অতি প্রয়োজনীয়। এইবোৰ মাটিত থাকে আৰু মৃত সকলো ধৰণৰ বস্তুৰ পচন ঘটাই এইবিলাকত আৱদ্ধ খনিজ লৱণ পৰিৱেশত মুক্ত কৰি দি পদার্থৰ চক্ৰীভৱনত সহায় কৰে। অর্থাৎ বিয়োজকে মুক্ত কৰা অজৈৱ পদার্থবোৰ খাদ্য উৎপাদনৰ বাবে উৎপাদকে পুনৰ গ্রহণ কৰে। এইবোৰ প্রধানতঃ পৰজীৱী আৰু মৃতজীৱী। বেক্টেৰিয়া, এক্টিন’মাইছেটিছ, বিভিন্ন প্রকাৰৰ ভেকুঁৰ, মাটিত বাস কৰা কেতবোৰ কৃমি ইত্যাদি বোৰ ক্ষুদ্র উপভোক্তা বা বিয়োজকৰ উদাহৰণ।

B. অজৈৱিক উপাংশ (Abiotic components):

পৰিৱেশৰ অজৈৱিক উপাংশবোৰ হ’ল নির্জীৱ বস্তু আৰু ভৌতিক কাৰক। তলত কিছুমান অজৈৱিক উপাংশৰ বিষয়ে আলোচনা কৰা হ’ল।

1. তাপ বা উষ্ণতা (Temperature): তাপ বা উষ্ণতা হ’ল পৰিৱেশ তন্ত্ৰৰ এটা অতি গুৰুত্বপূর্ণ কাৰক। বিষুবীয় অঞ্চলৰ পৰা মেৰু অঞ্চললৈ ই ক্ৰমশঃ হ্রাস পাই গৈ থাকে। তাৰোপৰি ঋতু অনুযায়ী তাপমানৰ পৰিৱর্তন ঘটে। গ্রীষ্মকালত বিষুবীয় মৰুভূমি অঞ্চলৰ উষ্ণতা 500 চেলচিয়াচতকৈও অধিক হয় আৰু মেৰু অঞ্চলত বা পর্বতৰ উচ্চ শিখৰৰ উষ্ণতা 00 চেলচিয়াচৰ তললৈকে নামে। বিভিন্ন জীৱৰ উষ্ণতা সহ্য কৰিব পৰা ক্ষমতা বেলেগ বেলেগ। কিছুমান জীৱৰ উষ্ণতা সহনশীলতাৰ পৰিসৰ বহল। এইবোৰ জীৱক ইউৰিথার্মেল (Eurythermal) জীৱ বুলি কোৱা হয়। কিছুমান জীৱই আকৌ কম পৰিসৰৰ উষ্ণতাহে সহ্য কৰিব পাৰে। এইবোৰক ষ্টেন’থার্মেল (Stenothermal) জীৱ বুলি কোৱা হয়। চৰাই আৰু স্তন্যপায়ী প্রাণীৰ নিজৰ শৰীৰৰ উষ্ণতা পৰিৱেশৰ ওপৰত নির্ভৰশীল নহয়। এইবোৰ প্রাণীয়ে নিজৰ শৰীৰৰ নির্দিষ্ট এটা উষ্ণতা বজাই ৰাখে আৰু সেইবাবে ইহঁতক উষ্ণৰক্তী প্রাণী (Warm blooded animal) বোলা হয়। বাকীবোৰ প্রাণীৰ শৰীৰৰ উষ্ণতা পৰিৱেশৰ উষ্ণতাই নিয়ন্ত্ৰণ কৰে। এইবোৰ প্রাণীক শীতল ৰক্তী প্রাণী (Cold blooded animal) বোলা হয়। উষ্ণৰক্তী প্রাণীবোৰক হ’মিঅ’থার্মিক (Homeothermic) প্রাণী আৰু শীতল ৰক্তী প্রাণীবোৰক পইকিলোথার্মিক (Pokilothermic) প্রাণী বুলিও কোৱা হয়। প্রকৃততে তাপে শৰীৰৰ বিপাকীয় কার্যবোৰক প্রভাৱান্নিত কৰে।

উষ্ণতাই বিপাকীয় কার্যৰ লগত জড়িত উৎসেচকবোৰক সক্ৰিয় কৰি জৈৱিক প্রক্ৰিয়াসমূহ তৰান্বিত কৰে। উষ্ণতাৰ দ্বাৰা উদ্ভিদবোৰ বেছিকৈ প্রভাৱান্নিত হোৱা দেখা যায়। উষ্ণতাই জীৱৰ বৃদ্ধি, বিকাশ, প্রজনন, অংগসংস্থান আদি প্রায়বোৰ জৈৱিক ক্ৰিয়াতে সহায় কৰা দেখা যায়।

জীৱৰ ভৌগোলিক বিতৰণৰ ক্ষেত্ৰতো উষ্ণতাই বিশেষ ভাৱে প্রভাৱান্নিত কৰা দেখা য়ায়। উষ্ণৰক্তী প্রাণীবোৰৰ বিতৰণৰ ক্ষেত্ৰত উষ্ণতাই বিশেষ প্রভাৱান্নিত কৰিব নোৱাৰে। উদাহৰণ স্বৰূপে ভাৰতীয় হাতীবোৰ ঠাণ্ডা পাহাৰীয়া অঞ্চলতো থাকে আৰু গ্রীষ্ম অঞ্চলৰ বননি অঞ্চলতো বাস কৰে। আকৌ শীতলৰক্তী প্রাণীবোৰ উষ্ণতাৰ দ্বাৰা বেছিকৈ প্রভাৱিত হোৱা দেখা যায়। বিষুবীয় অঞ্চলত সৰীসৃপ আৰু উভচৰী প্রাণীবোৰৰ সংখ্যা বেছি। ক্ৰমান্বয়ে মেৰু অঞ্চলৰ পিনে ইহঁতৰ সংখ্যা সংখ্যা নিম্নগামী হোৱা পৰিলক্ষিত হয়। আকৌ ষ্টেন’থার্মেল প্রাণীবোৰ কিছুমান বিশেষ ভৌগোলিক অঞ্চলতহে সীমিত হৈ থকা দেখা যায়।

2. পোহৰ (Light): সূর্য্যৰ পোহৰ হ’ল পৃথিৱীৰ সকলো জীৱৰ কাৰণে শক্তিৰ উৎস। পোহৰ অবিহনে জীৱ জীয়াই থকাটো অসম্ভৱ। উদ্ভিদে সৌৰশক্তি আহৰণ কৰি খাদ্য বস্তু প্রস্তুত কৰি সকলো জীৱক যোগান ধৰে। পানীৰ ওপৰতো সূর্য্যৰ পোহৰ পৰে আৰু ইয়াৰে 90% পোহৰ পানীৰ গভীৰতাৰ পিনে প্রৱেশ কৰিব পাৰে। ইয়াৰে দীঘল তৰঙ্গ দৈর্ঘৰ পোহৰৰ ৰশ্মিবোৰ গভীৰতাৰ পিনে প্রৱেশ কৰিব নোৱাৰে কিন্তু চুটি তৰঙ্গ দৈর্ঘৰ ৰশ্মিবোৰ গভীৰতালৈ যায়। সাগৰৰ 200 মিটাৰ গভীৰলৈকেহে প্লাৱক জীৱ দেখিবলৈ পোৱা যায় কাৰণ ইয়াতকৈ বেছি গভীৰতালৈ পোহৰ সোমাব নোৱাৰে সেয়েহে এই অঞ্চলবোৰত সালোকসংশ্লেষণকাৰী জীৱ প্রজাতি পোৱা নেযায়।পোহৰে জীৱৰ নানান ধৰণৰ শৰীৰ বৃত্তিয়, অংগসাংস্থনিক আৰু আচৰণৰ ওপৰত প্রভাৱ পেলায়। যেনে, দিপ্তীকাল অর্থাৎ দিনৰ দৈর্ঘতাই উদ্ভিদ আৰু প্রাণী উভয়ৰে জীৱন প্রক্ৰিয়াত প্রভাৱ পেলোৱা পৰিলক্ষিত হয়। প্রায়ভাগ উদ্ভিদৰে প্রজননিক কার্য, ফুল ফুলা আৰু বৃদ্ধি আদি দিপ্তীকালৰ লগত প্রত্যক্ষ ভাবে জড়িত। দিপ্তীকালৰ ওপৰত নির্ভৰশীলতাৰ ওপৰত নির্ভৰ কৰি উদ্ভিদবোৰক তিনিটা ভাগত ভাগ কৰিব পাৰি যেনে, দীঘল দিনৰ উদ্ভিদ, চুটি দিনৰ উদ্ভিদ আৰু পোহৰ অপ্রভাৱিত উদ্ভিদ। প্রাণীবোৰৰো প্রায়ভাগ দিপ্তীকালৰ লগত জড়িত। ইয়াৰ উপৰিও পোহৰৰ প্রতি সহাৰি জনাই ফুলৰ পাহি মেল খায় আৰু পত্ৰৰন্ধ্র মেল খায় তথা জাপ যায়। উদ্ভিদৰ প্রজনন, অংকুৰণ আৰু চলনো পোহৰে নিয়ন্ত্ৰণ কৰে। প্রাণীবোৰকো দিনৰ দৈর্ঘ্যক সহাৰি দি প্রজনন কার্যত লিপ্ত হোৱা কার্যৰ ওপৰত ভিত্তি কৰি তিনিটা ভাগত ভগোৱা হৈছে যেনে, দীঘল দিনৰ প্রাণী যেনে- চৰাই, চুটি দিনৰ প্রাণী যেনে- ভেড়া, ছাগলী, হৰিণা, আৰু অপ্রভাৱিত প্রাণী যেনে- মানুহ, গৰু, গিনি পিগ আদি।পোহৰৰ প্রখৰতা বিষুবীয় অঞ্চলত বেছি আৰু ক্ৰমান্বয়ে মেৰু অঞ্চলৰ পিনে কমি আহে। সাধাৰণতে বেছি সংখ্যাক প্রাণী বিষুবীয় আৰু গ্রীষ্ম অঞ্চলত পোৱা যায় কাৰণ এই অঞ্চলত পোহৰ আৰু পাণীৰ পর্য্যাপ্ততাই যঠেষ্ট ঘাঁহ-বন আৰু গছ-গছনি সৃষ্টি হোৱাত সহায় কৰে। মেৰুৰ ফালৰ তুন্দ্রা অঞ্চলত পোহৰ আৰু পানীৰ প্রাচুর্য্যতা কম হোৱা হেতুকে গছ-গছনিও কম ফলত প্রাণীৰ বিস্তাৰনো কম। পোহৰৰ প্রখৰতাৰ ক্ৰমাগত বৃদ্ধিয়েও জীৱৰ শৰীৰৰ উৎসেচকবোৰৰ কার্য-কুশলতা বৃদ্ধি কৰে ফলত বিপাকীয় কার্যৰ গতি বিধিও বাঢ়িবলৈ ধৰে। গুহাঁত পোহৰ অবিহনে বাস কৰা প্রাণীবোৰৰ বিপাকীয় হাৰ অতি কম। পোহৰে উদ্ভিদৰ আকৃতিগত লক্ষণো নিয়ন্ত্ৰণ কৰে। উদ্ভিদৰ বিকাশ নিয়ন্ত্ৰণ কৰিবলৈ এলানি ক্ৰমিক জিন থাকে। এই জিনবোৰে পোহৰৰ প্রতি সংবেদনশীলতা দেখুৱাই উদ্ভিদৰ বিকাশ নিয়ন্ত্ৰণ কৰে। এইবোৰক পোহৰক সহাঁৰি দিয়া উপাদান (Light responsive elements or LREs) বোলা হয়। এই প্রক্ৰিয়াটোক দিপ্তীগঠন বিকাশ (Photomorphogenesis) বোলা হয়। দিপ্তীগঠন বিকাশ প্রক্ৰিয়াটো তিনিটা স্তৰত সংঘটিত হয়। প্রধমতে ফাইট’ক্ৰম (Phytochrome) নামৰ নীলা সেউজীয়া ৰঞ্জক পদার্থই সৌৰ ৰশ্মিৰ ৰঙা ৰশ্মি শোষণ কৰে। দ্বিতীয় স্তৰত LRE জিনবোৰে পোহৰ সংকেত গ্রহণ কৰে। তৃতীয় স্তৰত জিনবোৰে ৰঙা ৰশ্মিৰ দ্বাৰা প্রণোদিত হৈ RNA আৰু প্রটিন সংশ্লেষণ কৰে। এই প্রটিনবোৰেই বিকাশৰ কার্যত ভাগ লৈ উদ্ভিদৰ বিকাশ নিয়ন্ত্ৰণ কৰে। প্রাণীৰ চলন আৰু গতিশীলতাটোকো পোহৰে নানান ধৰণে প্রভাৱান্বিত কৰে। পোহৰৰ প্রতি সহাঁৰি জনোৱা প্রাণীৰ চলন আৰু গতিশীলতাক চাৰিটা ভাগত ভগাব পাৰি যেনে, ফট’কাইনেছিছ (Photokinesis), ফট’ট্রপিজিম (Phototropism), ফট’টেক্সিছ (Phototaxis) আৰু টেল’টেক্সিছ (Telotaxis)। কিছুমান প্রাণীৰ গতিবেগ পোহৰৰ দ্বাৰা প্রভাৱান্বিত হয়। ইয়াকে ফট’কাইনেছিছ বোলা হয়। পোহৰৰ প্রতি সহাঁৰি জনাই প্রাণীয়ে পোহৰৰ দিশে (ইউগ্লিনা) অথবা পোহৰৰ বিপৰীত দিশে (কেচু) অগ্রসৰ হোৱাকে ফট’টেক্সিছ বোলা হয়। যেতিয়া প্রাণীটোৰ অকল কোনো এটা অংগই পোহৰৰ প্রতি সহাঁৰি জনাই তাকে ফট’ট্রপিজিম বোলা হয়। উদাহৰণ, একনলদেহী প্রাণীৰ পলিপৰ চলন। মতা প্রাণীয়ে মাইকী প্রাণীৰ দ্বাৰা বিচ্ছুৰিত পোহৰৰ দ্বাৰা আকৃষ্ট হোৱাকে টেল’টেক্সিছ বোলা হয়।

3. বায়ু (Air): বায়ু অবিহনে কোনো জীৱ জীয়াই থাকিব নোৱাৰে। বায়ুত থকা অক্সিজেন, কার্বন-ডাই-অক্সাইড, নাইট্রজেন আদি গেছবোৰ জীৱজগতৰ বাবে অপৰিহার্য। খাদ্য বস্তুৰ জাৰণৰ কাৰণে অক্সিজেনৰ প্রয়োজন হয়। খাদ্যৰ জাৰণৰ ফলত শক্তি উৎপন্ন হয়। এই শক্তিৰে জীৱই জীৱন নির্বাহৰ লগত জড়িত কাম কাজ চলাই থাকে। জাৰণৰ ফলত বহ্য দ্রৱ্য হিচাপে কার্বন-ডাই অক্সাইড গেছো উৎপন্ন হয়। উদ্ভিদে কার্বন-ডাই অক্সাইড গ্রহণ কৰি সালোক সংশ্লেষণ প্রক্ৰিয়াৰে সমগ্র জীৱজগতৰ বাবে বুনিয়াদী খাদ্য প্রস্তুত কৰে। প্রটিন হ’ল জীৱদেহ গঠনৰ প্রধান উপাদান। নাইট্রজেন অবিহনে প্রটিন সংশ্লেষণ সম্ভৱ নহয়। বায়ুমণ্ডলৰ অ’জন স্তৰেই সূর্যৰ অতিবেঙুনীয়া ৰশ্মিৰ প্রভাৱৰ পৰা জীৱ জগতক সুৰক্ষা প্রদান কৰি আহিছে। বায়ুমণ্ডলৰ গেছবোৰৰ হ্রাস বৃদ্ধিয়ে জীৱজগতৰ ওপৰত যঠেষ্ট প্রভাৱ পেলায়। উদাহৰণ স্বৰূপে সেউজ গৃহ গেছ (যেনে, কার্বন-ডাই-অক্সাইড, মিথেন, নাইট্র’জেন অক্সাইড, চি.এফ. চি আদি) সমূহৰ বৃদ্ধিয়ে গোলকীয় উষ্ণতা বৃদ্ধি কৰে। জলজ প্রাণীসমূহৰ বিতৰণ আৰু জীৱন নির্বাহৰ অন্যান্য কাম কাজ নিয়ন্ত্ৰণ কৰে।

4. মাটি (Soil): মাটি হ’ল জীৱন ধাৰণৰ বাবে এবিধ অতি প্রয়োজনীয় গুৰুত্বপূর্ণ পৰিস্থিতিক কাৰক। মাটি হ’ল বিভিন্ন প্রাণী আৰু উদ্ভিদৰ বাসস্থান। মাটিৰ গুণাগুণ যেনে – গঠন, pH, খনিজ পদার্থ, আদিবোৰৰ ওপৰতে নির্ভৰ কৰি উদ্ভিদৰ বৃদ্ধি আৰু বিস্তৃতি নির্ভৰ কৰে। মাটি হ’ল জীৱজগতৰ বাবে অপৰিহার্য ঝনিজ লৱণ সমূহৰ প্রধান ভাণ্ডাৰ। বিয়োজক জীৱবোৰে মৃত জৈৱ বস্তুবোৰৰ বিয়োজন ঘটাই অজৈৱ উপাদান সমূহ মুক্ত কৰে আৰু এইবোৰ পুনৰায় জীববোৰে আহৰণ কৰে। মাটিৰ গুণাগুণৰ ওপৰতে পৰিৱেশ তন্ত্ৰৰ উৎপাদন ক্ষমতা নির্ভৰ কৰে। মানুহৰ জনসংখ্যা বৃদ্ধি আৰু কার্যকলাপে মাটিৰ গুণাগুণ ওপৰত যঠেষ্ট প্রভাৱ পেলায়। জীৱজগত বর্তী থাকিবলৈ হ’লে মাটিৰ গুণাগুণ অক্ষুণ্ণ ৰখাটো অতি প্রয়োজনীয়।

5. আদ্রতা (Humidity): আদ্রতা হ’ল বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ। কোনো এখন ঠাইৰ বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ শতকৰা হাৰত প্রকাশ কৰা হয়। ইয়াকে আপেক্ষিক আদ্রতা বোলা (Relative humidity) হয়। আপেক্ষিক আদ্রতা হ’ল কোনো এখন ঠাইত নির্দিষ্ট উষ্ণতাত সংপৃক্ত অৱস্থাত যিমান খিনি জলীয় বাষ্প থাকিব পাৰে তাৰ লগত বর্তমান যিমান খিনি পৰিমাণৰ জলীয় বাষ্প আছে তাক শতকৰা হাৰত প্রকাশ কৰাটোৱে হ’ল আপেক্ষিক আদ্রতা। ধৰাহ’ল সংপৃক্ত অৱস্থাত কোনো নির্দিষ্ট উষ্ণতাত নির্দষ্ট পৰিমাণৰ আয়তনৰ বায়ুত 10 গ্রাম জলীয় বাষ্প থাকিব পাৰে। কিন্তু হিচাপ কৰি দেখা গ’ল যে তাত বর্তমান 5 গ্রাম জলীয় বাষ্পহে আছে। গতিকে ঠাই ডোখৰৰ আপেক্ষিক আদ্রতা হ’ল (5/10×100) 50%। কোনো এখন অঞ্চলৰ মেঘৰ গঠন, নিয়ৰ, কুৱলী আদি আদ্রতাৰ ওপৰত নির্ভৰ কৰে। উদ্ভিদ আৰু প্রাণীৰ দেহৰ পৰা ক্ৰমে পত্ৰমোচন আৰু ঘাম আকাৰে কিমানখিনি পানী দেহৰ পৰা বাষ্পীভূত হয় সেয়া নির্ভৰ কৰে বায়ুমণ্ডলৰ আদ্রতাৰ ওপৰত। শুকাণ অঞ্চলৰ উদ্ভিদ আৰু প্রাণীবোৰে পানীৰ নির্গমণ ৰোধ কৰিবৰ বাবে নিজকে অভিযোজিত কৰি লোৱা দেখা যায়।

6. অধঃক্ষেপন (Precipitation): কোনো এটা অঞ্চলত জলীয় বাষ্প গোটা (Frozen), জুলীয়া (Liquid), নাইবা ভাপ হিচাপে পৰিক্ষেপিত হোৱাকে অধঃক্ষেপন বোলা হয়। সহজ অর্থত তুষাৰ পাত, হীমশিলা (Hail), নিয়ৰ আৰু প্রধানকৈ বৃষ্টিপাত হোৱাকে অধঃক্ষেপন বুলি কোৱা হয়। এইবোৰৰ আৱর্তন কাল (Periodicity) আৰু পৰিমাণে অৰণ্যৰ প্রকাৰ নিৰূপণ কৰে। জলবায়ু সম্বন্ধীয় এই কাৰকবোৰৰ ওপৰত নির্ভৰ কৰিয়েই বিভিন্ন প্রকাৰৰ অৰণ্য যেনে, চিৰ সেউজীয়া অৰণ্য (Evergreen forest), পর্ণপাতী অৰণ্য (Deciduous forest), চেপাৰেল (Chapparel), আদি গঠন হয়।

7. ভূ-প্রকৃতি (Topography): ভূ-প্রকৃতিয়ে পৃথিৱীৰ উপৰিভাগৰ কেতবোৰ কাৰক যেনে, উচ্চতা (Altitude), মাটিৰ ঢাল (Slope), পর্বতমালা (Mountains), উপত্যকা (Valleys), সমভূমি (Plains), অৱক্ষেপন, মাটিৰ গঠন আদিক অন্তর্ভূক্ত কৰে। ভূ-প্রকৃতিয়ে পৰিৱেশৰ কাৰক যেনে – বায়ুমণ্ডরীয় চাপ, বতাহ, বৃষ্টিপাত, পোহৰৰ তীব্রতা, পোহৰৰ স্থিতিকাল (Light duration), উষ্ণতা, পানীৰ সোঁত আদিক প্রভাৱিত কৰে। এই কাৰকবোৰৰ ওপৰত নির্ভৰ কৰাৱিয়েই এখন পর্বতৰ দুয়োফালে উপবিষ্ট উদ্ভিদ আৰু প্রাণীৰ গুণগত আৰু মাত্ৰাগত পার্থকহ পৰিলক্ষিত হয়। উদাহৰণ স্বৰূপে হিমালয় পর্বতৰ উত্তৰৰ ঢাল অঞ্চলতকৈ দক্ষিণৰ ঢাল জৈৱ বৈচিত্ৰতাত অধিক চহকী।

8. হাইড্রজেন আয়ন গাঢ়তা (pH): pH য়ে স্থলজ আৰু জলজ প্রাণীবোৰৰ বিস্তৃতি নিয়ন্ত্ৰণ কৰে। হাইড্রজে আয়ন (H+) আৰু হাইড্রক্সিল আয়নৰ (OH+) পৰিমাণৰ ওপৰত নির্ভৰ কৰি pH জোখা হয়। যেতিয়া হাইড্রজেন আয়ন আৰু হাইড্রক্সিল আয়নৰ পৰিমাণ সমান হয় যেতিয়া এই পানীক প্রশমিত পানী বোলা হয় আৰু ইয়াৰ pH ৰ মান হ’ল 7.0। এই মান 7.0 তকৈ যিমানে কমি যায় সিমানে অম্লতাৰ পৰিমাণ বাঢ়ি যায়। আকৌ এই মান 7.0 ৰ যিমান ওপৰলৈ যায় সিমানে ক্ষাৰকত বাঢ়ি যায়। কেচু, শামুক, আদি প্রাণীবোৰ আম্লিক মাটিত নেথাকে। আনহাতে আম্লিক pH মাধ্যমত ইউগ্লিনা আৰু কিছুমান ফ্লেজিলেট প্রর্য্যাপ্ত পৰিমাণে থাকে। চূণমিশ্রিত খোলাযুক্ত (Calcareous shell) প্রাণীবোৰ সাধাৰণতে প্রশমিত pH নাইবা ক্ষাৰকীয় pH ৰ মাধ্যমত বাস কৰে।

9. খনিজ লৱণ (Mineral salts): জীৱসমূহৰ সূষম বৃদ্ধিৰ বাবে বিভিন্ন প্রকাৰৰ খনিজ লৱণ বা জীৱজনিত পুষ্টিদ্রব্যৰ (Biogenic nutrients) প্রয়োজন হয়। এইবোৰৰ অভাৱেজীৱৰ বৃদ্ধি আৰু বিকাশত অস্বাভাৱিকতাৰ সৃষ্টি কৰিব পাৰে। এইবোৰে জীৱৰ বিস্তাৰণতো প্রভাৱ পেলায়। পৰিৱেশ তন্ত্ৰ এটা সুস্থিৰ ভাবে চলিবলৈ হ’লে নিৱচ্ছিন্ন ভাবে এই পদার্থ সমূহৰো চক্ৰীভৱন চলি থাকিব লাগিব।

উদাহৰণ হিচাপে পুখুৰীৰ পৰিৱেশ তন্ত্ৰ (Pond as an example of ecosystem):[সম্পাদনা কৰক]

পুখুৰী এবিধ স্বয়ংক্ৰিয় আৰু সম্পূর্ণ পৰিৱেশ তন্ত্ৰৰ উদাহৰণ। ইয়াত পৰিৱেশ তন্ত্ৰৰ যাৱতীয় আৰু প্রয়োজনীয় সকলোবোৰ উপাংশই থাকে। পুখুৰীৰ পৰিৱেশ তন্ত্ৰৰ উপাদানবোৰ তলত আলোচনা কৰা হ’ল।

1. অজৈৱিক উপাদান: পুখুৰীত থকা মুখ্য অজৈৱিক উপাদানবোৰ হ’ল, পোহৰ, উষ্ণতা, pH, বিভিন্ন অজৈৱ আৰু জৈৱযৌগ যেনে, পানী, কার্বন-ডাই-অক্সাইড, অক্সিজেন, কেলছিয়াম, নাইট্রজেন, ফছফেট, নাইট্রেট, ক্ল’ৰাইড ইত্যাদি। পুখুৰীত থকা পোষক দ্রব্যবোৰৰ বেছি ভাগেই পুখুৰীৰ তলত গেদ (Sediments) হিচাপে জমা হৈ থাকে আৰু বাকীবোৰ পানীত লগত মিহলি হৈ জলজ জীৱবোৰৰ বাবে উপলভ্য হয়।

2. জৈৱিক উপাদান: পুখুৰীৰ পানীত থকা জীৱিত উপাদানবোৰক তলত দিয়া ধৰণে ভাগ কৰিব পাৰি। যেনে – উৎপাদক, উপভোক্তা আৰু বিয়োজক।

A. উৎপাদক:

এইবোৰ স্বপোষী সেউজীয়া জলজ উদ্ভিদ আৰু কিছুমান সালোকসংশ্লেষী বেক্টেৰিয়া। জলজ উদ্ভিদবোৰে সৌৰ শক্তি গ্রহণ কৰি পুখুৰীৰ মাটি আৰু পানীৰ পৰা আহৰণ কৰা খনিজ লৱণবোৰৰ সহায়ত জটিল জৈৱযৌগ যেনে, কার্বহাইড্রেট, প্রটিন, লিপিড আদি গঠন কৰে। উৎপাদকবোৰক প্রধানকৈ দুটা ভাগত ভগাব পাৰি।

(i) স্থুল উদ্ভিদ (Macrophytes): এইবোৰ হ’ল শিপাযুক্ত ডাঙৰ আকৃতিৰ জলজ উদ্ভিদ। এইবোৰ পানীত সম্পূর্ণ বা আংশিক ভাবে ডুব গৈ থকা বা ওপঙি থকা নাইবা পানীৰ ওপৰ ভাগত ওলাই থকা উদ্ভিদ হব পাৰে। পুখুৰীত সাধাৰণতে পোৱা উদ্ভিদবোৰ হ’ল – টাইফা (Typha), ট্রেপা (Trapa), ছেজিটেৰিয়া (Sagittaria), নিম্ফিয়া (Nymphaea), কাৰা (Chara), হাইড্রিলা (Hydrilla), ভেলিছ্‌নেৰিয়া (Vallisneria), ইউট্রিকুলাৰিয়া (Utricularia), মার্ছিলিয়া (Marsilia), নিলুম্ব (Nilumbo) ইত্যাদি। এয’লা (Azolla), চেলভিনিয়া (Salvinia), উলফিয়া (Wolfia), লেম্‌না (Lemna) আদি কেতবোৰ পানীত ওপঙি থকা উদ্ভিদ।

(ii) উদ্ভিদ প্লাৱক (Phytoplanktons): এইবোৰ হ’ল পানীত ওপঙি থকা বা ডুবগৈ থকা ক্ষুদ্র আকৃতিৰ উদ্ভিদ। এইবোৰ প্রধানতঃ শেলাই আৰু ফ্লেজিলেট। উদাহৰণ – ইউল’থ্রিক্স (Ulothrix), স্পাইৰ’গাইৰা (Spirogyra), ক্লেড’ফৰা (Cladophora), ইড’গনিয়াম (Oedogonium), ক্লছ্‌ষ্টেৰিয়াম (Closterium), কছ্‌মেৰিয়াম (Cosmarium), ইউড’ৰিনা (Eudorina), পেন্‌ডৰিণা (Pandorina), ভলভক্স (Volvox), ডায়েটাম (Diatoms), ক্লেমাইড’ম’নাছ (Chlamydomonas) ইত্যাদি।

B. উপভোক্তা:

এইবোৰ পৰপোষী আৰু পুষ্টি আহৰণৰ বাবে উৎপাদকৰ ওপৰত নির্ভৰশীল। পুখিৰীত তিনি ধৰণৰ উপভোক্তা পোৱা যায়।

(i) মুখ্য বা প্রাথমিক উপভোক্তা: (Primary consumers)এইবোৰ বিভিন্ন আকৃতিৰ তৃণভোজী প্রাণী। এইবোৰক দুটা ভাগত ভগাব পাৰি।

a. বেন্থছ (Benthos): এইবোৰ প্রাণী পুখুৰীৰ তলিভাগত ভাগ কৰে আৰু পুখুৰীৰ পৰিৱেশ তন্ত্ৰ নিয়নন্ত্ৰণত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে। উদাহৰণ – পতঙ্গ, পতঙ্গৰ পলু, মাছ, হামুক, ক্ৰাষ্টেছিয়া, জোক , কেঁচু ইত্যাদি।

b. প্রাণী প্লাৱক (Zooplanktons): এইবোৰ হ’ল পুখুৰীৰ পানীত বাস কৰা কেতবোৰ ক্ষুদ্র আকৃতিৰ প্রানী আৰু এইবোৰে উদ্ভিদ প্লাৱক ভক্ষণ কৰি জীয়াই থাকে। উদাহৰণ – ইউগ্লিনা (Euglena), কলিপ্‌ছ (Coleps), ডাইলেপটাছ (Dileptus),ইত্যাদি। কেতবোৰ ক্ৰাষ্টেছিয়া যেনো – ডাফনিয়া (Daphnia)), চাইক্ল’প্‌ছ (Cyclops), ষ্টেন’চাইপ্রিছ (Stenocypris) ইত্যাদিও প্রানীপ্লাৱকৰ উদাহৰণ।

(ii) দ্বিতীয় স্তৰৰ উপভোক্তা (Secondary consumers): এইবোৰ হ’ল প্রাথমিক উপভোক্তা বা তৃণভোজী প্রাণীক খাদ্য হিচাপে গ্রহণ কৰা মাংসভোজী প্রাণী। উদাহৰণ – মাছ, পানীত বাস কৰা পতঙ্গ, ভেকুলী ইত্যাদি।

(iii) তৃতীয় স্তৰৰ উপভোক্তা (Tertiary consumers): এইবোৰ পৰভক্ষী মাংসভোজী প্রাণী। ডাঙৰ মাছ, সাপ আদি এই শ্রেণীৰ উপভোক্তা।

C. বিয়োজক (Decomposers):

পুখুৰীৰ পানীত বিভিন্ন প্রকাৰৰ বেক্টেৰিয়া আৰু ভেঁকুৰ থাকে্ এইবোৰে মৃত জীৱবোৰৰ পচন ঘটাই তাৰ পৰা খাদ্য আহৰণ কৰে আৰু অধিকাংশ পোষক দ্রব্য পৰিৱেশ তন্ত্ৰত পুনৰ ব্যৱহাৰৰ বাবে মুক্ত কৰে। পুখুৰীত থকা সাধাৰণ বিয়োজকবোৰ হ’ল – এছ্‌পাৰজিলাছ (Aspergillus), ছিফালোস্প’ৰিয়াম (Cephalosporium), ক্লেড’স্পৰিয়াম (Cladosporium), ৰাইয’পাছ (Rhizopous), পেনিছিলিয়াম (Penicillium), এন্টাৰ’নেৰিয়া (Anteroneria), ট্রাইক’ডাৰমা (Trichoderma), চার্ছিনেলা (Circinella), ফুচাৰিয়াম (Fusarium), কাৰভুলেৰিয়া (Carvularia) ইত্যাদি। পুখুৰী এটাক দুটা স্পষ্ট স্তৰত ভগাব পাৰি। ওপৰৰ উৎপাদক স্তৰ (Productive zone) আৰু ক্ষয়কাৰী বা অপৰদ স্তৰ (Detrtus zone)। সেয়েহে পুখুৰী এটা ভাৰসাম্য পৰিৱেশ তন্ত্ৰৰ উদাহৰণ।

পৰিৱেশ তন্ত্ৰৰ গঠনৰ বৈশিষ্ট (Features of ecosystem structure):[সম্পাদনা কৰক]

জৈৱিক আৰু অজৈৱিক উপাদান সমূহৰ আন্তঃক্ৰিয়াৰ বাবেই একোটা বৈশিষ্টপূর্ণ পৰিৱেশ তন্ত্ৰৰ সৃষ্টি হয়। পৰিৱেশ তন্ত্ৰ গঠনৰ মূল বৈশিষ্ট সমূহ হ’ল –

1. প্রজাতিৰ গাঠনি বা সংমিশ্রণ (Species composition): একোটা পৰিৱেশ তন্ত্ৰৰ জৈৱিক সম্প্রদায় সমূহ কিছুমান বিশেষ ধৰণৰ প্রজাতিৰে গঠিত হয়। উদাহৰণ স্বৰূপে অৰণ্যৰ পৰিৱেশ তন্ত্ৰত বিভিন্ন প্রকাৰৰ বৃক্ষ, গুল্ম, লতা আদি থাকে। অৰণ্যবোৰৰো গছৰ প্রকাৰ আৰু ঘনত্ব বেলেগ বেলেগ হোৱা দেখা যায়, যেনে – চিৰ সেউজীয়া অৰণ্য, পর্ণপাতী অৰণ্য, ইত্যাদি। প্রজাতিৰ গাঠনি, ভৌগোলিক অৱস্থা, ভূ-প্রকৃতি, প্রাকৃতিক বাতাবৰণ আদিৰ ওপৰত নির্ভৰ কৰে। ক্ৰান্তীয় বর্ষাৰণ্য আৰু প্রৱাল দ্বীপ সমূহথ প্রজাতিৰ সংমিশ্রণ সর্বাধিক আৰু মৰুভূমি আৰু মেৰু অঞ্চলত সর্বনিম্ন হোৱা হোৱা দেখা যায়।

2. স্তৰীভৱন (Stratification): পৰিৱেশ তন্ত্ৰত উলম্ব স্তৰীভৱন বা স্তৰবিন্যাস (Vertical stratification) দেখা যায়। বিভিন্ন উচ্চতা আৰু পত্ৰাৱৰণৰ (Canopy) উদ্ভিদ সমূহে সৃষ্টি কৰা স্তৰীভৱণ বিভিন্ন প্রজাতিৰ জীৱৰ সূক্ষ্ম বাসস্থান (Microhabitat) আৰু নিচি (Niche) হিচাপে ব্যৱহাৰ হয়। উদাহৰণ স্বৰূপে ক্ৰান্তীয় বর্ষাবন (Tropical rain forest) বোৰত সুস্পষ্ট স্তৰীভৱন আৰু তাত প্রজাতিৰ বৈচিত্ৰতাও সর্বাধিক হয়। আনহাতে মৰুভূমি অঞ্চলত গছ-গছনিৰ সংখ্যা তেনেই তাকৰ হোৱা বাবেস্তৰীভৱন কম পৰিমানে দেখা যায় বা নেথাকেই।

3. পুষ্টি সংগঠন (Trophic Structure): পুষ্টিৰ দিশৰ পৰা পৰিৱেশ তন্ত্ৰৰ জীৱ সম্প্রদায়বোৰত দুটা অংশ থাকে যেনে – স্বপোষী আৰু পৰপোষী। প্রথম বিধত প্রধানকৈ সৌৰ শক্তিৰ আহৰণ, সৰল জৈৱ পদার্থৰ ব্যৱহাৰ আৰু জটিল যৌগ গঠন হয়। দ্বিতীয় বিধত জটিল পদার্থৰ ব্যৱহাৰ, পুনৰ গঠন, ভাঙোন আদি পৰিঘটনাবোৰ সংঘটিত হয়।

4. স্থিৰ ফচল (Standing crop): স্থিৰ ফচল বা ষ্টেডিং ক্ৰপ হ’ল পৰিৱেশ তন্ত্ৰৰ বিভিন্ন খাদ্যস্তৰ সমূহত থকা জৈৱিক পদার্থৰ আয়তন। ইয়াক জীৱ ভৰ, জৈৱ আয়তন বা বায়’মাছ (Biomass) হিচাপে প্রকাশ কৰা হয়। বায়’মাছক শুস্কভৰ, সিক্তভৰ, কার্বনৰ ভৰ, কেলৰি আদি হিচাপেও নির্ণয় কৰা হয়। ইয়াৰ দ্বাৰা পৰিৱেশ তন্ত্ৰ এটাৰ উৎপাদনৰ পৰিমানৰ বিষয়ে ধাৰণা কৰিব পাৰি।

5. স্থিৰাৱস্থা বা স্থিৰ মানদণ্ড (Standing state or standing quality): ই হ’ল পৰিৱেশ তন্ত্ৰ এটাত থকা অজৈৱ পোষক দ্রব্যৰপৰিমান। ইয়াৰ পৰিমান স্থিৰ নহয়। বিভিন্ন পৰিৱেশ তন্ত্ৰ আৰু ঋতুত ইয়াৰ পৰিমানো বেলেগ বেলেগ হয়। উৎপাদকৰ বৃদ্ধি মাধ্যমত (Growth medium) অজৈৱ পোষক দ্রব্যবোৰ থাকে। উচ্ছমানৰ স্থিৰ অৱস্থাত (High standing state) উৎপাকৰ বৃদ্ধি আৰু উৎপাদন ক্ষমতা হ্রাস পায়।

পৰিৱেশ তন্ত্ৰৰ উৎপাদন ক্ষমতা (Productivity of ecosystem):[সম্পাদনা কৰক]

কোনো এটা পৰিৱেশ তন্ত্ৰৰ যিকোনো এটা পৌষ্টিক স্তৰে (Trophic level) যি হাৰত প্রতি একক ক্ষেত্ৰফলত নির্দিষ্ট সময়ৰ ব্যৱধানত বায়’মাছৰ পৰা যিমান খিনি শক্তি সংশ্লেষণ কৰে তাকে পৰিৱেশ তন্ত্ৰটোৰ উৎপাদন ক্ষমতা বুলি কোৱা হয়। ইয়াক ওজনৰ জোখত (g/m2/yr) নাইবা শক্তি হিচাপে (Kcal/m2/yr) প্রকাশ কৰা হয়। উৎপাদন ক্ষমতাক দুটা ভাগত ভগাব পাৰি যেনে – প্রাথমিক উৎপাদন ক্ষমতা (Primary productivity) আৰু গৌণ উৎপাদন ক্ষমতা (Secondary productivity)।

1. প্রাথমিক উৎপাদন ক্ষমতা: প্রতি একক ক্ষেত্ৰফলত থকা সেউজীয়া উদ্ভিদে নির্দিষ্ট সময়ৰ ব্যৱধানত সালোক সংশ্লৈষণৰ সহায়ত যিখিনি শক্তি আহৰণ কৰে তাকে প্রাথমিক উৎপাদন ক্ষমতা বোলা হয়। ই আকৌ দুই প্রকাৰৰ যেনে – সামগ্রিক বা স্থুল প্রাথমিক উৎপাদন (Gross Primary Production, GPP or PG) আৰু ৰাহি প্রাথমিক উৎপাদন (Net Primary Production, NPP or PN) ।

(i) সামগ্রিক বা স্থুল প্রাথমিক উৎপাদন (GPP or PG): সেউজীয়া উদ্ভিদে নির্দিষ্ট সময়ত একক ক্ষেত্ৰফলত সামগ্রিক ভাবে যি পৰিমাণৰ শর্কৰা বা অন্যান্য জৈৱ যৌগ প্রস্তুত কৰে তাকে স্থুল প্রাথমিক উৎপাদন বোলা হয়।

(ii) ৰাহি প্রাথমিক উৎপাদন (NPP or PN): ই হ’ল সেউজীয়া উদ্ভিদে স্থুল প্রাথমিক উৎপাদনৰ পৰা খৰছ কৰাৰ পিছত ৰাহি হোৱা শক্তি নাইবা সঞ্চিত বায়’মাছৰ পৰিমাণ। উদ্ভিদৰ ক্ষেত্ৰত শ্বসন কার্যত (Respiration or R) ব্যৱহাৰ হোৱা শক্তিক বাদ দি যিখিনি অতিৰিক্ত শক্তি জমা হৈ থাকে তাকে ৰাহি প্রাথমিক উৎপাদন বোলা হয়। অর্থাৎ, ৰাহি মুখ্য উপাদন (PN): = স্থুল মুখ্য উৎপাদন (PG) – শ্বসন (R)। বা, স্থুল মুখ্য উৎপাদন (PG) = ৰাহি মুখ্য উপাদন (PN) + শ্বসন (R)।

2. গৌণ উৎপাদন ক্ষমতা: উপভোক্তা স্তৰত জৈৱ যৌগৰ পুনৰ সংশ্লেষণ হাৰকে গৌণ উৎপাদন বোলা হয়। ভক্ষণৰ জৰিয়তে উৎপাদকৰ পৰা প্রত্যক্ষ নাইবা পৰোক্ষ ভাবে উপভোক্তাবোৰে কিছু শক্তি আহৰণ কৰি দেহত সঞ্চিত কৰি ৰাকে। এনেদৰে উপভোক্তা স্তৰত সঞ্চিত শক্তিকেই গৌণ উৎপাদন বোলা হয়। সাধাৰণতে মূখ্য উৎপাদনৰ কেৱল শতকৰা 10 ৰ পৰা 20 শতাংশহে গৌণ উৎপাদনলৈ ৰূপান্তৰিত হয় আৰু বাকীখিনি তাপ শক্তি হিচাপে নির্গত হয়।

মূখ্য উৎপাদন ক্ষমতা প্রভাৱিত কৰা কাৰক সমূহ (Factor Affecting Primary Production):[সম্পাদনা কৰক]

কোনো এখন ঠাইৰ উৎপাদকতা নির্ভৰ কৰে পৰিৱেশৰ বিভিন্ন কাৰকৰ ওপৰত। এইবোৰৰ তাৰতম্যৰ কাৰণতেই বিভিন্ন পৰিৱেশ তন্ত্ৰৰ প্রাথমিক উৎপাদকতা বিভিন্ন ধৰণৰ হয়। এই কাৰকবোৰ হ’ল, পোহৰ, উষ্ণতা, পানী, পোষক দ্রব্য, সালোক সংশ্লেষণৰ দক্ষতা, সৌৰ বিকিৰণ, অধঃক্ষেপন, মাটিৰ প্রকাৰ, আদ্রতা ইত্যাদি। মাটিত পর্য্যাপ্ত পৰিমাণৰ পানীৰ যোগান নিশ্বিত হলে ক্ৰান্তীয় অঞ্চলসমূহত গোটেই বছৰ ধৰি মূখ্য উৎপাদন অবিৰত ভাবে চলি থাকে। আনহাতে মেৰু অঞ্চলত অত্যাধিক শীতৰ বাবে মূখ্য উৎপাদন সীমিত হৌৱা দেখা যায়। প্রাথমিক উৎপাদন ক্ষমতা (Primary Productivity) আৰু গৌণ উৎপাদন ক্ষমতা (Secondary Productivity) ৰ মাজত পার্থক্য। প্রাথমিক উৎপাদন ক্ষমতা গৌণ উৎপাদন ক্ষমতা 1. প্রাথমিক উৎপাদন ক্ষমতা হ’ল উৎপাদকে অজৈৱ বস্তুৰ পৰা জৈৱিক বস্তু সংশ্লেষণ কৰাৰ হাৰ। 1. গৌণ উৎপাদন ক্ষমতা হ’ল উপভোক্তাই জৈৱিক বস্তুৰ পৰা জৈৱিক বস্তু সংশ্লেষণ কৰাৰ হাৰ।

2. এই হাৰৰ মাত্ৰা আপেক্ষিক ভাবে বহুত বেছি। 2. এই হাৰৰ মাত্ৰা আপেক্ষিক ভাবে কম আৰু উর্দ্ধৰ পৌষ্টিক স্তৰৰ (Trophic level) ফালে ক্ৰমান্বয়ে কমি আহে।

3. ইয়াত অজৈৱ পদার্থৰ পৰা জৈৱিক পদার্থৰ সংশ্লেষণ হয়। 3. ইয়াত জৈৱ পদার্থৰ পৰা জৈৱিক পদার্থৰ সংশ্লেষণ হয়।

উৎপাদনৰ পর্য্যায় (Productivity levels):[সম্পাদনা কৰক]

উৎপাদনৰ পর্য্যায় ঠাই এডোখৰৰ উদ্ভিদ প্রজাতি, সিহঁতৰ সালোক সংশ্লেষণৰ ক্ষমতা, পোষক দ্রব্যৰ প্রাচুর্য্যতা, সূর্যৰ বিকিৰণ, অধঃক্ষেপন, মাটিৰ প্রকাৰ আৰু অন্যান্য কিছুমান পৰিৱেশিক কাৰকৰ ওপৰত নির্ভৰশীল। উৎপাদনক্ষমতাৰ ওপৰত নির্ভৰ কৰি পৰিৱেশ তন্ত্ৰৰ উৎপাদনৰ পর্য্যায়ক তিনিটা ভাগত ভগোৱা হৈছে যেনে – অধিক উৎপাদনশীল পৰেৱেশ তন্ত্ৰ (High productivity ecosystem), সাধাৰণ উৎপাদনশীল পৰিৱেশ তন্ত্ৰ (Average productivity ecosystem), কম উৎপাদনশীল পৰিৱেশ তন্ত্ৰ (Less productivity ecosystem) আৰু অতি কম উৎপাদনশীল পৰিৱেশ তন্ত্ৰ (Low productivity ecosystem)।

(i) অধিক উৎপাদনশীল পৰেৱেশ তন্ত্ৰ: যিবোৰ পৰিৱেশ তন্ত্ৰৰ ৰাহি মূখ্য উপাদান) Net productivity) প্রায় 2-4kg/m2/yr বা 20-40 ton/hac/yr সেইবোৰকে অধিক উৎপাদনশীল পৰিৱেশ তন্ত্ৰ বোলা হয়। উৎপাদকৰ প্রকাৰৰ ওপৰত নির্ভৰ কৰি এনেকুৱা পৰিৱেশ তন্ত্ৰৰ দৈনিক উৎপাদন প্রায় 6-20gm/m2। এনেকুৱা উৎপাদন ক্ষমতা সাধাৰণতে ক্ৰান্তীয় অৰণ্য (Tropical forest), প্লাৱন ভূমি (Flood plain), প্রৱাল দ্বীপ (Coral reef), কুঁহিয়াৰৰ খেতিৰ পৰিৱেশ তন্ত্ৰত দেখিবলৈ পোৱা যায়।

(ii) সাধাৰণ উৎপাদনশীল পৰিৱেশ তন্ত্ৰ: এনেকুৱা পৰিৱেশ তন্ত্ৰবোৰত উৎপাদনৰ হাৰ 1-2kg/m2/yr বা 10-20ton/hac/yr আৰু দৈনিক হিচাবত উৎপাদন 3-5gm/m2। সাধাৰণ খেতিপথাৰ আৰু নাতিশীতোষ্ণ অঞ্চলৰ (Temperate) অৰণ্য সমূহ এই প্রকাৰৰ।

(iii) কম উৎপাদনশীল পৰিৱেশ তন্ত্ৰ: এইবোৰ পৰিৱেশ তন্ত্ৰৰ বার্ষিক উৎপাদন 200-1000gm/m2 বা 2-10ton/hac আৰু দৈনিক হিচাবত0.5-3.0gm/m2। উদাহৰণ – তৃণভূমি।

(iv) অতি কম উৎপাদনশীল পৰিৱেশ তন্ত্ৰ: এইবোৰ পৰিৱেশ তন্ত্ৰৰ বার্ষিক উৎপাদন 200gm/m2 বা 2ton/hac তকৈও কম। কিছুমান মৰুভূমিৰ বছৰি উৎপাদন ক্ষমতা .03ton/hac বা ইয়াতকৈও কম।

বিয়োজন (Decomposition):[সম্পাদনা কৰক]

বিয়োজক জীৱৰ দ্বাৰা জটিল জৈৱ যৌগবোৰক ভৌতিক আৰু ৰাসায়নিক পদ্ধতিৰে বিয়োজিত কৰাকে বিয়োজন বুলি কোৱা হয়। স্থলজ পৰিৱেশ তন্ত্ৰত মাটিৰ ওপৰৰ স্তৰটোৱেই হ’ল বিয়োজনৰ স্থান। উদ্ভিদৰ মৃত অংশ, মৃত প্রাণীৰ শৰীৰ, প্রাণীৰ শৰীৰৰ বর্জিত বস্তু আদিবোৰক অপৰদ (Detritus) বোলা হয়।

বিয়োজন পদ্ধতি (Decomposition processes):[সম্পাদনা কৰক]

বিয়োজনৰ ফলত মৰা পছা বস্তুবোৰ সম্পূর্ণৰূপে বিয়োজিত হৈ পৰিৱেশ তন্ত্ৰৰ লগত পুনৰায় মিলি যায় আৰু নতুন নতুন জীৱ প্রজন্মৰ শৰীৰত প্রৱেশ কৰে। বিয়োজন প্রক্ৰিয়াৰ স্তৰ সমূহ হ’ল – খণ্ডন (Fragmentation), নিক্ষালন (Leaching), অপচয় (Catabolism), হিউমিফিকেচন (Humification) আৰু খনিজীভৱণ (Mineralisation)।

(i) খণ্ডন (Fragmentation): অপৰদভোজী প্রাণীবোৰ (Detrivores) যেনে – উই পৰুৱা (Termites), গুৱৰুৱা পোক (Beetles), কেঁচু আদিয়ে মৰা পছা বস্তুবোৰক সৰু সৰু কণালৈ ভাঙি দিয়ে। ইয়াকে খণ্ডন প্রক্ৰিয়া বোলা হয়।

(ii) নিক্ষালন (Leaching): অজৈৱ পোষক দ্রব্যৰ কণাবোৰ পানীত দ্রবীভূত হৈ মাটিৰ তললৈ গৈ অপ্রাপ্তব্য লৱণ হিচাপে অৱক্ষেপিত হোৱাকে নিক্ষালন বোলা হয়।

(iii) অপচয় (Catabolism): বিয়োজক জীৱ যেনে – বেক্টেৰিয়া, ভেঁকুৰ আদিয়ে উৎসেচকৰ সহায়ত অদ্রবনীয় জটিল জৈৱ যৌগবোৰক সৰল আৰু দ্রবনীয় জৈৱ যৌগলৈ পৰিৱর্তন কৰে। ইয়াকে অপচয় বোলা হয়।

(iv) হিউমিফিকেচন (Humification): অপৰদ আৰু অৱশিষ্ট জৈৱ যৌগবোৰৰ পৰা কলা ৰঙৰ অনিয়তাকাৰ পদার্থ সৃষ্টি হোৱাকে হিউমিফিকেচন বোলা হয়। এই পদার্থবোৰকে হিউমাছ বোলা হয়। এইবোৰৰ ওপৰত অনুজীৱবোৰে সহজে ক্ৰিয়া কৰিব নোৱাৰে আৰু এইবোৰ লাহে ধীৰে বিয়োজিত হয়। হিউমাছবোৰ কলয়ড্ প্রকৃতিৰ আৰু এইবোৰে পোষক দ্রব্যৰ ভড়াল হিচাপে কাম কৰে।

(v) খনিজীভৱণ (Mineralisation): জৈৱ যৌগৰ পৰা অজৈৱ লৱণ আৰু অজৈৱ যৌগবোৰক মুক্তকৰণ কৰা প্রক্ৰিয়াকে খনিজীভৱণ বোলা হয়।

অপৰদভোজী আৰু বিয়োজক জীৱৰ মাজত প্রর্থক্য:

           অপৰদভোজী (Detrivores)                            বিয়োজক জীৱৰ (Decomposers)
 1. অপৰদভোজীবোৰ হ’ল প্রাণী। এইবোৰে অপৰদ ভক্ষণ কৰি জীয়াই থাকে।  1. এইবোৰ হ’ল অনুজীৱ। এইবোৰে অৱশিষ্ট জৈৱ পদার্থবোৰৰ পৰা পুষ্টি আহৰণ কৰে।
 2. অপৰদভোজীবোৰে মৰা পছা জৈৱ বস্তুবোৰ ভক্ষণ কৰে।             2. ইহঁতে উৎসেচক ক্ষৰণ কৰি জৈৱ পদার্থবোৰৰ বিয়োজন ঘটায়।
 3. পৰিৱেশ তান্ত্ৰিক দিশৰ পৰা এইবোৰে মৰা পছা জৈৱ বস্তুবোৰক        3. পৰিৱেশ তান্ত্ৰিক দিশৰ পৰা এইবোৰে জৈৱিক বস্তুবোৰক হিউমিফিকেচন আৰু
    (অপৰদ) খণ্ড বিখণ্ড কৰে (Fragmentation)। অপৰদভোজী         খনিজীভৱণ কৰি পৰিৱেশ তন্ত্ৰত মুক্ত কৰি দিয়ে। বিয়োজক জীৱৰ উদাহৰণ হ’ল – চুড’মোনাছ 
    প্রাণীৰ উদাহৰণ হ’ল – কেঁচু, গুৱৰুৱা পোক।                     Pseudomonas)।

বিয়োজন নিয়ন্ত্ৰণকাৰী কাৰক (Factors controll the Decomposition):[সম্পাদনা কৰক]

অপৰদবোৰৰ বিয়োজনৰ হাৰ এইবোৰৰ ৰাসায়নিক প্রকৃতি, পৰিৱেশৰ উষ্ণতা, মাটিৰ আদ্রতা আৰু pH ৰ ওপৰত নির্ভৰশীল। ইয়াৰে শেষৰ তিনিটাই অপৰদভোজী আৰু বিয়োজক জীৱৰ কার্যৰ ওপৰত প্রভাৱ পেলায়।

(i) উষ্ণতা: উচ্ছ উষ্ণতাই বিয়োজনৰ হাৰ বৃদ্ধি কৰে। বিশেষকৈ 300 চে. ৰ উষ্ণতাৰ পৰা ক্ৰমাগত উষ্ণতা বৃদ্ধিয়ে বিয়োজনৰ মাত্ৰা বঢ়ায়। এনেকুৱা উষ্ণতাত কেইসপ্তাহ মানৰ পৰা কেইমাহমান সময়ৰ ভিতৰতে অপৰদবোৰৰ বিয়োজন ঘটায়। আনহাতে কম উষ্ণতাত বিশেষকৈ 100 চে. উষ্ণতাৰ তলৰ ফালে বিয়োজনৰ হাৰ নিম্নগামী হোৱা পৰিলক্ষিত হোৱা দেখা যায়।

(ii) মাটিত আদ্রতা: বিয়োজনৰ বাবে মাটিত জলীয় বাষ্পৰ পৰিমানো অতি প্রয়োজনীয়। মৰুভূমিবোৰত জলীয় বাষ্পৰ পৰিমাণ কম আৰু সেয়েহে উষ্ণতা অধিক হোৱা স্বত্বেও ইয়াত বিয়োজনৰ হাৰ অতি কম। আকৌ অত্যাধিক জলীয় বাষ্পৰ মাত্ৰাও বিয়োজনক বাধা দিয়া দেখা যায় কিয়নো এনেকুৱা অৱস্থাত বিয়োজনৰ কাৰণে প্রয়োজনীয় অক্সিজেন আহৰণ বাধাপ্রাপ্ত হয়।

(iii) pH: প্রশমিত আৰু সামান্য ক্ষাৰকীয় মাটিত অনুজীৱ আৰু বিয়োজকবোৰৰ বাবে উপযোগী। আম্লিকতা বাঢ়ি যোৱাৰ লগে লগে অপৰদভোজী আৰু বিয়োজক জীৱবোৰৰ সংখ্যাও কমি আহে। ইয়াৰ উপৰিও বিয়োজন প্রক্ৰিয়াৰ বাবে অক্সিজেনৰ প্রয়োজন হয়। আকৌ কোনোবা মাটিৰ অপৰদত যদি লিগ্‌নিন আৰু কাইটিন থাকে তেতিয়াও বিয়োজনৰ গতি মন্থৰ হয় আৰু অপৰদত যদি অধিক পৰিমানে নাইট্রজেন তথা পানীত দ্রবণীয় শর্কৰা থাকে তেতিয়া বিয়োজনৰ মাত্ৰা তীব্রতৰ হয়।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Hatcher, Bruce Gordon (1990). "Coral reef primary productivity. A hierarchy of pattern and process". Trends in Ecology and Evolution খণ্ড 5 (5): 149–155. doi:10.1016/0169-5347(90)90221-X.