বসন্ত ৰোগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বসন্ত ৰোগ হৈছে ভাইৰাছৰ দ্বাৰা হোৱা সংক্ৰামক ৰোগ। অসমত জনবিশ্বাসমতে শীতলা দেৱীক এই ৰোগৰ অধিষ্ঠাত্ৰী দেৱীৰূপে গণ্য কৰি ৰোগটোক ‘আই’ বোলা হয়। শীতকালৰ শেষৰফালে আৰু বসন্তকালৰ আৰম্ভণিতে এই ৰোগৰ আধিক্য বেছি বাবে ‘বসন্ত’ বুলি কোৱা হয়। এই ৰোগ তিনি প্ৰকাৰৰ।

এই তিনিবিধৰ ভিতৰৰ আটাইতকৈ মাৰাত্মক বৰ আই বৰ্তমান পৃথিবীৰ পৰা বিলুপ্ত। আন দুবিধ আইৰ দ্বাৰাও সমাজৰ অনেক ক্ষতি, কামৰ সময়ৰ লোকচান আৰু আনকি জীৱন হানিও ঘটি আছে।

বৰ আই বা স্মল পক্স[সম্পাদনা কৰক]

ভেৰিঅ'লা ভাইৰাচে সৃষ্টি কৰা এই ৰোগে এটা সময়ত সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছিল আৰু ৩৫ শতাংশলৈকে ৰোগীৰ মৃত্যু ঘটিছিল। বিশ্ব স্বাস্থ্য সংস্থাৰ একানপতিয়া প্ৰচেষ্টাত বিশ্বজুৰি এই ৰোগৰ ছিটা কেইবাদশকজুৰি প্ৰদান কৰা হয়।

১৯৭৯ চনত এই ৰোগ নিৰ্মূল হোৱা বুলি ঘোষণা কৰা হয় আৰু ১৯৮০ চনৰ পৰা ছিটাকৰণ বন্ধ কৰা হয়। ভেৰিঅ'লা মেজৰ আৰু ভেৰিঅ'লা মাইনৰ নামৰ দুই ভাইৰাচে ৰোগৰ উৎপত্তি কৰিছিল। ভেৰিঅ'লা লেটিন শব্দ, যাৰ অৰ্থ হ'ল ফোঁহা বা দাগ হোৱা। হয়, ৰোগাক্ৰান্ত ব্যক্তিৰ সৰ্ব শৰীৰত এক বিশেষ ধৰণৰ ফোঁহা উঠিছিল আৰু শুকালে স্পষ্ট দাগ ঘাইকৈ মুখত ৰৈ গৈছিল।

ৰোগী ব্যক্তিৰ সান্নিধ্যত আহিলে ৰোগ বিয়পিছিল ঘাইকৈ থুই, খেকাৰ, লেলাৱতি, শেঙুন, ছালৰ তেজ-পূঁজ আদিৰ দ্বাৰা ড্ৰপলেট সংক্ৰমণৰ যোগেদি। শৰীৰত ৰোগৰ বীজাণুৱে প্ৰৱেশ কৰাৰ পৰা ৰোগৰ লক্ষণসমূহ ফুটি উঠালৈকে এই সময়ছোৱাক ইনকুবেচন পিৰিয়ড বোলে। বৰ আইৰ ক্ষেত্ৰত এই সময় ৭ৰ পৰা ১৭দিনলৈ হয়। এই সময়ছোৱাত ৰোগ অইনলৈ নিবিয়পে। কিন্তু ছালত ফোঁহা ওলোৱাৰ পৰা ছালৰ অন্তিমটো শুকান নিকৰি সৰি পৰালৈকে ৰোগী আনক সংক্ৰমণ কৰিব পৰাকৈ বিপদজনক হৈ থাকে। পোনতে চৰ্দি, পানী-লগা, মূৰৰ বিষ, জ্বৰৰে আৰম্ভ হৈ গাৰ ছালত পানীজলা উঠিবলৈ ধৰে। ১৫-২০দিনৰ মূৰত ছালৰ ফোঁহা শুকাবলৈ ধৰে। বৰ আইৰ সংক্ৰমণৰ ফলত বহুলোকে দৃষ্টি হেৰুৱাই অন্ধ হৈছিল। নিউমনিয়া বা এনকেফেলাইটিচ হৈ মৃত্যুবৰণ কৰিছিল।

ভেৰিঅ'লা ভাইৰাচে কৰা বৰ আইয়ে বিশ্বত সময়ে সময়ে মহামাৰীৰ সৃষ্টি কৰিছিল। ১৭০০ চনত আমেৰিকাত হোৱা মহামাৰীৰ কথা বিভিন্ন ঠাইত লিপিবদ্ধ হৈ আছে। ১৭৯৬ চনত এডৱাৰ্ড জেনাৰ নামৰ ব্ৰিটিছ চিকিৎসক এজনৰ প্ৰচেষ্টাত এই ৰোগৰ ছিটা উদ্ভাৱন হয়। ছিটাৰ আৱিষ্কাৰৰ ফলত এক আমূল পৰিবৰ্তনৰ সূচনা হয়। ছিটা লোৱা লোকে কমেও ৫বছৰলৈ সুৰক্ষা পায় আৰু কেনেবাকৈ ৰোগাক্ৰান্ত হ'লেও অসুখ গুৰুতৰ নহয়। আমেৰিকাত১৯৪৯ চনৰ পিছত এজনো ব্যক্তিৰ বৰ আই নোহোৱাত ১৯৭২ চনত আমেৰিকা চৰকাৰে ছিটা লগোৱাও বন্ধ কৰি দিয়ে। বৰ আইৰ অন্তিমটো ঘটনা ধৰা পৰিছিল আফ্ৰিকা মহাদেশৰ চ'মালিয়াত ১৯৭৭ চনত। ১৯৮০ চনত বিশ্বস্বাস্থ্য সংস্থাই বিশ্বৰ পৰা বৰ আই নিৰ্মূল হোৱা বুলি ঘোষণা কৰে।

গবেষণাৰ বাবে বৰ আইৰ ভেৰিঅ'লা ভাইৰাচ আমেৰিকা আৰু ৰাচিয়াৰ লেবৰেটৰীত এতিয়াও সংৰক্ষিত কৰি থোৱা আছে। যি কোনো বতৰতে বা পৰিবেশতে এইবিধ ভাইৰাচ সুঁচৰিব পাৰে। ইয়াক বায়লজিকেল ৱেপন বা জৈবিক যুদ্ধাস্ত্ৰ বুলিব পাৰি।

মাজু আই বা চিকেন পক্স[সম্পাদনা কৰক]

ভেৰিচেলা ভাইৰাচে সৃষ্টি কৰা এই ৰোগ বৰ্তমান গোটেই বিশ্বতে ব্যাপ্ত। খজুৱতি আৰু ছালত পানী জলা বন্ধা এই ৰোগ সাধাৰণতে কম বয়সীয়া লোকৰ হয় যদিও যি কোনো বয়সৰ লোক ৰোগাক্ৰান্ত হ'ব পাৰে। আজিকালি মাজু আইৰ ছিটাৰ বহুল প্ৰয়োগৰ ফলত ৰোগৰ তীব্ৰতা হ্ৰাস পাবলৈ ধৰিছে। এই ৰোগ কৰা ভেৰিচেলা জষ্টাৰ ভাইৰাচেই ডাঙৰ মানুহৰ দেহাত হাৰপিজ জষ্টাৰ ৰোগ কৰে। ইও বৰ আইৰ নিচিনা এবিধ অতি সংক্ৰামক ৰোগ। সৰু আই ৰোগত ভোগা ৰোগীৰ ছালৰ পানীৰ স্পৰ্শত আহিলে নাইবা ৰোগীৰ হাঁচি, থুই, খেকাৰৰ ড্ৰপলেট সংক্ৰমণৰ মাধ্যমেৰে ৰোগ বিয়পে। জ্বৰ, মূৰৰ বিষ, পেটৰ বিষ, খজুৱতিৰ উপৰিও ছালৰ ভিন্ন ভিন্ন আকাৰৰ পানীজলা ৭। ১০ বা বেচি দিনলৈ থাকে। পানীজলা ব্যক্তিভেদে কম বেছিকৈ ওলায়। সাধাৰণতে শুকালে দাগ নাথাকে। অৱশ্যে খজুৱতিৰ ফলত ঘাঁত বেক্টেৰিয়াৰ সংক্ৰমণ হলে কথা সুকীয়া। ৰোগ চিনাক্তকৰণ লক্ষণসমূহৰ পৰাই কৰিব পাৰি। উন্নত চিকিৎসা কেন্দ্ৰত ছালৰ লেবৰেটৰী পৰীক্ষাৰ দ্বাৰা ৰোগ নিশ্চিত কৰা হয়। বৰ আই আৰু মাজু আইৰ ফোঁহা (Rash) বিলাকৰ পাৰ্থক্য হ'ল: বৰ আইৰ ফোঁহা সাধাৰণ আৰম্ভণিতে মুখমণ্ডল, বাহু আৰু হাতত ওলোৱাৰ পিছতহে শৰীৰৰ অন্য অংশত ওলায়। হাতৰ আৰু ভৰিৰ তলুৱাত বৰ আইহে দেখা দিয়ে। বৰ আই মুখৰ ভিতৰৰ কোমল ছাল (Mucus membrane) আৰু যৌনাংগৰ কোমল অংশত ওলাব পাৰে। বৰ আইৰ ফোঁহাৰ তুলনাত মাজু আইৰ ফোঁহা অগভীৰ।

দুটা ছিটা ৪ৰ পৰা ৮সপ্তাহৰ ব্যৱধানত সাধাৰণতে দিয়া হয়। ছিটা ল'লে হয় সুৰক্ষিত, নহয় ৰোগাক্ৰান্ত হ'লেও লক্ষণসমূহ গুৰুতৰ নহয়। ৰোগীক অইনৰ পৰা আঁতৰাই পৰিষ্কাৰ পৰিচ্ছন্ন পৰিবেশত ৰাখিব লাগে। পাতল কপাহী কাপোৰ পিন্ধা ভাল। ৰোগীক দৈনিক মহা নিমপাত সিজোৱা পানীৰে গা ধুবলৈ পৰামৰ্শ দিয়া হয়। কোমল চাবনো ব্যৱহাৰ কৰাত বাধা নাথাকে। খজুৱতি কমাবলৈ এলাৰ্জিৰ ঔষধ চিকিৎসকৰ পৰামৰ্শমতে খাব পাৰি।

চেকেণ্ডেৰী বেক্টেৰিয়াৰ সংক্ৰমণ দেখিলে কেতিয়াবা এণ্টিবায়টিকৰ প্ৰয়োজন হ'ব পাৰে। খাদ্য - সহজে হজম হোৱা খাদ্য, শাক-পাচলি, ফল-মূল আদি ৰোগীক দিয়াৰ পৰামৰ্শ দিয়া হয়।

সৰু আই বা মিজ'ল্‌ছ[সম্পাদনা কৰক]

ই হ'ল ৰুবিঅ'লা নামৰ ভাইৰাচে কৰা এবিধ সংক্ৰামক ৰোগ। এংলো অসমীয়া অভিধানত এবিধ সামান্য পৰিমাণৰ আই বুলি "মিজ'লচ্"ক উল্লেখ কৰা হৈছে। একেই ড্ৰপলেট সংক্ৰমণৰ যোগেদি ৰোগ বিয়পে। সাধাৰণতে ই এবিধ বাল্যকালত হোৱা ৰোগ। ছিটাৰ ব্যৱহাৰৰ ফলত এইৰোগৰ প্ৰাদূৰ্ভাৱ কমিব বুলি আশা কৰা হৈছে। দৰিদ্ৰ লোকৰ অনেক সন্তান এই ভাইৰাচজনিত ৰোগৰ ফলত আজিও নিউমোনিয়াহৈ মৃত্যুমুখত পৰে। ঘাইকৈ যদি লগত শিশুটিৰ ভিটামিন-এৰো অভাৱ থাকে। অসুখ হ'লে কাঁহ, জ্বৰ, চৰ্দি, খজুৱতি, চকু ৰঙা পৰা, চকুৱে পোহৰ সহ্য কৰিব নোৱৰা হোৱা, শৰীৰৰ বেথা আৰু ছালত মিহি চেপেতা বা সামান্য উঠা ৰঙচুৱা ক্ষুদ্ৰ ফোঁহা ওলোৱা আদি লক্ষণে দেখা দিয়ে। 'কপলিক স্পট' নামৰ মুখৰ ভিতৰৰ দেখা দিয়া বগা দাগ সাধাৰণতে ৰোগ চিনাক্ত কৰাত সহায়ক হয়। উন্নত চিকিৎসা কেন্দ্ৰত ৰোগীৰ শৰীৰত ভাইৰাচ চিনাক্তকৰণ কৰিব পাৰি।

চিকিৎসা লক্ষণ অনুযায়ী কৰা হয়। দুৰ্বল স্বাস্থ্যৰ শিশুৰ ব্ৰংকাইটিচ, নিউমনিয়া, এনকেফেলাইটিচ, অ'টাইটিচ মিডিয়া (কাণৰ সংক্ৰমণ) আদি জটিলতাই দেখা দিয়াৰ সম্ভাৱনা থাকে। প্ৰতি হাজাৰ ৰোগীৰ ভিতৰত এজন শিশুৰ এনকেফেলাইটিচ হোৱা দেখা যায়। কিছু সম্ভাব্য শিশুক ৰোগাক্ৰান্ত হোৱাৰ আগতে ইমিউন'গ্লবিন দি সুৰক্ষা দিব পাৰি।

উন্নয়নশীল দেশসমূহত শিশুক ৬ মাহত আৰু ৯ মাহত মিজলছৰ প্ৰতিৰোধক ছিটা দিয়াৰ পৰামৰ্শ বিশ্ব স্বাস্থ্য সংস্থাই দিছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]