বাৰ্তা:ঘৰ জেউতি

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

১৯২৭ চনৰ অক্টোবৰ মাহত শিৱসাগৰৰ পৰা ঘৰ জেউতি নামেৰে প্ৰথম অসমীয়া মহিলা আলোচনী প্ৰকাশ হয়। এই আলোচনীখনে সেইসময়ৰ শিক্ষিত মহিলাসকলৰ মাজত নৱ-চিন্তাৰ জাগৰণ আনিছিল। কমলালয়া কাকতি, কনকলতা চলিহা, আজলীতৰা নেওগ, নলিনীবালা দেৱী, চন্দ্ৰপ্ৰভা শইকীয়ানী, পুণ্যপ্ৰভা দাস, আদি অসমৰ বৰেণ্য মহিলাই ইয়াৰ যোগেদি সাহিত্য ক্ষেত্ৰত আত্ম-প্ৰকাশ কৰিছিল। সম্পাদক দ্বয় আছিল, কনকলতা চলিহা আৰু কমলালয়া কাকতি আৰু এই আলোচনীখন আছিল তেওঁলোক দুয়োৰে একক উদ্যমৰ ফল আছিল যদিও তাৰাপ্ৰসাদ চলিহা আৰু দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱাই আলোচনীখন প্ৰকাশৰ ক্ষেত্ৰত আঁৰে আঁৰে থাকি বহুতো সহায় কৰিছিল “ঘৰ জেউতি’’ক ’ভাষাৰ পৱিত্ৰতা ৰক্ষা কৰা’ আলোচনী বুলি “মিলন’’ নামৰ অসম ছাত্ৰ সন্মিলনে প্ৰকাশ কৰা মুখপত্ৰৰ সম্পাদকে প্ৰশংসা কৰিছিল। আলোচনীখনৰ মূল্য আছিল, বছৰি দুটকা মাত্ৰ। ঘৰ জেউতি মূলত মহিলা আলোচনী যদিও ইয়াত পুৰুষেও লিখিছিল।[1]

  1. ঘৰ জেউতি, সংকলন। সম্পাদনা, অপৰ্ণা মহন্ত, ২০০৮, অসম প্ৰকাশন পৰিষদ