বিজুলী বাতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এটা ২৩০ ভল্টৰ বৈদ্যুতিক বাল্ব, দুডাল উলম্ব তাঁৰৰ মাজত অনুভূমিকভাৱে ফিলামেন্টডালক দেখা পোৱা গৈছে ।

বিজুলী বাতি বা বৈদ্যুতিক বাল্বহৈছে এক পোহৰৰ উৎস য'ত ফিলামেন্টৰ মাজেৰে বৈদ্যুতিক প্ৰবাহ যোৱাৰ ফলত গৰম হৈ পোহৰৰ সৃষ্টি কৰে । গৰম ফিলামেণ্টডাল জ্বলি যোৱাৰ পৰা বচাবলৈ বায়ু শূন্য বা সম্ভ্ৰান্ত গেছেৰে পৰিপূ্ৰ্ণ কাঁচ বা কোৱাটৰ্জেৰে তৈয়াৰী পাত্ৰৰ ভিতৰত ৰখা হয় । বাল্বটোৰ ফিলামেণ্টলৈ ইয়াৰ ভিতৰত লাগি থকা তাঁৰ দুডালৰ মাজেৰে বিদ্যুৎ পঠিওৱা হয় ।

বিভিন্ন আকৃতি,বিভৱ ভেদ(১,৫-৩০০ ভল্টলৈ), পোহৰ দিয়া আদিৰ হিচাবে বিভিন্ন প্ৰকাৰৰ বাল্ব তৈয়াৰ কৰা হয় । কম খৰচতে পোৱা এনে বাল্বসমূহ পৰিৱৰ্তী আৰু একমুখী দুয়োটা বিধৰ বিজুলী প্ৰৱাহেৰে চলাব পাৰি ।

ইতিহাস[সম্পাদনা কৰক]

বুৰঞ্জীবিদ ৰবাৰ্ট ফ্ৰিডেল(Robert Friedel) আৰু প'ল ইজৰাইলে(Paul Israel) বৈদ্যুতিক বাল্বৰ উদ্ভাৱনকাৰীৰ তালিকাত প্ৰমুখ্যে যোচেফ চোৱান(Joseph Swan) আৰু থমাচ আলভা এডিচনকে(Thomas Alva Edison) ধৰি ২২ জন উদ্ভাৱনকাৰীৰ তালিকা প্ৰস্তত কৰি উলিয়াইছিল । তেওঁলোকে মন্তব্য দিছিল যে, এডিচনৰ উদ্ভাৱনটো তিনিটা কাৰণত আনবোৰতকৈ বেছি ব্যৱহাৰযোগ্য আছিল- ১)উপযুক্ত ফিলামেণ্ট(filament) জাতীয় পদাৰ্থ, ২)আনবোৰতকৈ বেছি বায়ুশূন্য(vacuum) অৱস্থা পাব পাৰিছিল আৰু ৩)অতি বেছি ৰোধৰ(resistance) কাৰণে শক্তি উৎসসমূহৰ পৰা কম ক্ষমতা(power) খৰছ হোৱাত বাণিজ্যিকভাৱে সফল হৈছিল ।

ব্যৱহাৰ[সম্পাদনা কৰক]

বৈদ্যুতিক বাল্বসমূহ বহল পৰিসৰত মানুহৰ ঘৰত,ঔদ্যোগিক বা বাণিজ্যিক কাৰণত,মটৰ গাড়ীত,বিভিন্ন সাজঁ-সজ্জাত আৰু বিজ্ঞাপনত ব্যৱহাৰ কৰা হয় ।

তথ্যসুত্ৰ[সম্পাদনা কৰক]