বেকড্ বীন চেণ্ডুইছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বেকড্ বীন চেণ্ডুইছ
প্ৰকাৰ চেণ্ডুইছ
উৎপত্তিৰ স্থান আমেৰিকা যুক্তৰাষ্ট্ৰ
মুখ্য উপাদান ব্ৰেড, সেকা বীন

বেকড্ বীন চেণ্ডুইছ দুখন ব্ৰেডৰ টুকুৰাৰ মাজত বেকড বীনেৰে তৈয়াৰী এক প্ৰকাৰৰ চেণ্ডুইচ, য'ত lettuceৰে গাৰ্নিচ কৰা হয় আৰু মেয়’নেজ বা বিলাহীৰ চচেৰে টপিং কৰা হ’ব পাৰে।[1]

বেকড্ বীন চেণ্ডুইচৰ ৰেচিপি ১৯০৯ চনৰ পৰাই পোৱা যায়। জেনেট মেকেঞ্জী হিলৰ কুকিং ফৰ টু শীৰ্ষক এখন কিতাপত এনে ৰেচিপিক "মাংসবিহীন ৰন্ধনৰ বিকল্প" বুলি কোৱা হৈছে আৰু আজিকালিৰ আটাইতকৈ সাধাৰণ চেণ্ডুইচৰ তুলনাত ই বহুত বেছি বিশদ চেণ্ডুইচ বুলি প্ৰকাশ পাইছে।[2]

আদিকালৰ বহুতো ৰেচিপিয়ে মূলতঃ একেটা সামগ্ৰীৰ বৰ্ণনা কৰে, যি আজি জনপ্ৰিয় হৈ পৰিছে, অৱশ্যে ইয়াৰ ওপৰত গাৰ্নিচ কৰা আৰু অলংকৰণৰ বিশদ সংযোজনৰ বাবে উৎসাহিত কৰে।[2] হিলে কয়;

বষ্টন ব্ৰাউন ব্ৰেডৰ দুটা টুকুৰাত মাখন; ইয়াৰে এটাত লেটুচৰ কোমল পাত আৰু এচামুচ চালাড ড্ৰেছিঙ পেলাওক; ড্ৰেছিঙৰ ওপৰত ডাঙৰ এচামুচ ঠাণ্ডা আৰু বেক কৰা বীন, তাৰ পিছত আন এটা লেটুচৰ পাত আৰু সজ্জিত কৰক; তাৰ পিছত দ্বিতীয়টো ব্ৰেডৰ টুকুৰা, এচামুচ বীন, এচামুচ ফুল কবি আৰু ফুলকবিৰ ওপৰত এচামুচ ড্ৰেছিং দিয়ক৷[2]

চেণ্ডুইচৰ বষ্টন-অঞ্চলৰ প্ৰকাৰে টপিং আৰু গাৰ্নিচ এৰাই চলিছে, বষ্টন ব্ৰাউন ব্ৰেডৰ দুটা টুকুৰাৰ মাজত কেৱল বেকড বীন দিয়া হয়।[3]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. Lamb Hayes, Joanne (2016). Grandma's Wartime Kitchen: World War II and the Way We Cooked. St. Martin's Press. ISBN 9781250134004. https://books.google.com/books?id=AvCdDAAAQBAJ&q=baked+bean+sandwich&pg=PT332। আহৰণ কৰা হৈছে: 13 June 2018. 
  2. 2.0 2.1 2.2 McKenzie Hill, Janet (1919). Cooking for Two. প্ৰকাশক Boston, Massachusetts: Little, Brown & Co.. পৃষ্ঠা. 183. https://archive.org/details/cookingfortwoah00mckegoog। আহৰণ কৰা হৈছে: 13 June 2018. "baked bean." 
  3. Stern, Jane; Stern, Michael (2007). Roadfood Sandwiches: Recipes and Lore from Our Favorite Shops Coast to Coast. Houghton Mifflin Harcourt.. ISBN 9780618728985. https://books.google.com/books?id=YUpyU1WTThUC&q=Baked+beans+on+brown+bread&pg=PT260। আহৰণ কৰা হৈছে: 13 June 2018.