মাছৰ পেটুৰ ব্যঞ্জন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মাছৰ পেটুৰ ব্যঞ্জন অসমীয়া লোকৰ এক জনপ্ৰিয় খাদ্য। প্ৰধানতঃ থলুৱা মাছৰ পেটু খাদ্য হিচাপে গ্ৰহণ কৰা হয়। ইয়াক ভাজি বা পাতত দি প্ৰস্তুত কৰা হয় আৰু ভাতৰ লগত পৰিবেশন কৰা হয়। সৰু মাছ যেনে পুঠি, কাৱৈ, খলিহনা আদি আৰু ডাঙৰ জাতৰ মাছ যেনে ৰৌ, বাহু বা ভকুৱা, বৰালি আদি মাছৰ পেটুৰে ব্যঞ্জনসমূহ প্ৰস্তুত কৰা হয়। ই অসমীয়া খাদ্যাভ্যাসৰ এক অবিচ্ছেদ্য অংগ।

মাছৰ পেটুৰ সোৱাদ ঘনীভূত আৰু শক্তিশালী আৰু সুগন্ধি বুলি বৰ্ণনা কৰা হয়। মাছৰ পেটুৰ ছিদ্ৰযুক্ত গঠনে ইয়াক লগৰ উপকৰণসমূহৰ সোৱাদ গ্ৰহণ কৰিবলৈ অনুমতি দিয়ে, যাৰ ফলত খাদ্যৰ সামগ্ৰিক সোৱাদ বৃদ্ধি পায়। মাছৰ পেটুৱে কেনেকৈ প্ৰস্তুত কৰা হয় তাৰ ওপৰত নিৰ্ভৰ কৰি এক অমসৃণ বিপৰীতমুখীতা দিব পাৰে।[1]

ভিন্নতা[সম্পাদনা কৰক]

সাধাৰণতে মাছৰ পেটুৰ ৰন্ধন প্ৰকৰণৰ বাবে সৰু, ডাঙৰ দুয়োবিধ মাছৰ পেটু ব্যৱহাৰ কৰা হয়। আমদানিকৃত মাছৰ সলনি পৰাপক্ষত থলুৱা মাছ এইক্ষেত্ৰত বাছনি কৰা হয়। মাছৰ পেটুৰ ব্যঞ্জন প্ৰস্তুত কৰিবসলৈ প্ৰথমে মাছৰ পেটুখিনি নিমখ আৰু পানীৰে ভালদৰে পৰিষ্কাৰ কৰি লোৱা হয়। বহুক্ষেত্ৰত মাছৰ তেল অংশ আৰু কণীও ইয়াত যোগ দিয়া হ'ব পাৰে। মাছৰ পেটু অসমত সাধাৰণতে তিনিধৰণে ৰন্ধা হয়: ভাতৰ সৈতে পেটু ভজা, বেঙেনাৰ সৈতে পেটু ভজা আৰু পিঠাগুড়িৰ সৈতে পাতত দিয়া।[2]

ভাতৰ সৈতে ভজা[সম্পাদনা কৰক]

ভাতৰ সৈতে মাছৰ পেটু ভজা

মাছৰ পেটুৰ এক জনপ্ৰিয় ৰন্ধন প্ৰণালী হ'ল ভাতৰ লগত ভজা। ইয়াক ভাতৰ লগত বা সুদাকৈয়ো খাব পাৰি। ইয়াৰ বাবে মূল উপকৰণ হ'ল মাছৰ পেটু আৰু ৰন্ধা ভাত। সাধাৰণতে আগদিনা ৰৈ যোৱা ভাত ইয়াত ব্যৱহাৰ কৰা হয়। ইয়াৰ সৈতে নিমখ, হালধি, জলকীয়া, পিয়াজ আদি দি প্ৰথমে পেটুখিনি তেলত ভজা হয়। পেটুখিনি সিজাৰ পিছত ইয়াত ৰান্ধি থোৱা ভাত মিহলাই আকৌ কিছু সময় ভজা হয়। ইয়াৰ পিছত এই ব্যঞ্জন পৰিবেশনৰ বাবে প্ৰস্তুত হৈ উঠে।[3][2] ইয়াক এক প্ৰকাৰৰ ফ্ৰাইড ৰাইচ বুলিও ক'ব পাৰি।

বেঙেনাৰ সৈতে ভজা[সম্পাদনা কৰক]

এই ব্যঞ্জনৰ মূল উপকৰণ হ'ল মাছৰ পেটুৰ লগতে বেঙেনা। ইয়াত মাছৰ পেটুখিনি নিমখ, হালধি, জলকীয়া আদি দি তেলত ভাজি লোৱা হয়। বেঙেমাবোৰ টুকুৰা ক

কৰি কাটি লোৱা হয়। আধা ভজা হ'লে টুকুৰা-টুকুৰকৈ কটা বেঙেনা দি সম্পুৰ্ণকৈ ভাজি লোৱা হয়। বেঙেনাসমূহ বিভিন্ন প্ৰজাতিৰ হ'ব পাৰে। ইয়াৰ পিছত পেটু ভজা পৰিবেশন কৰা হয়।

পিঠাগুড়িৰ সৈতে পাতত দিয়া[সম্পাদনা কৰক]

এই প্ৰণালীত মাছৰ পেটু টুকুৰা কৰি নিমখ, কেঁ‌চা জলকীয়া কুটা, নহৰু, পিয়াজ কুটা, মানধনিয়া আৰু মিঠাতেল পিঠাগুড়িৰ সৈতে সানি এক আটা মথা সদৃশ মিশ্ৰণ তৈয়াৰ কৰা হয়। এই মিশ্ৰণটো কলপাতেৰে মেৰিয়াই তাৱা বা আঙঠাৰ তাপত সেকা হয়। সিজাৰ পিছত ইয়াক উলিয়াই টুকুৰা কৰি পৰিবেশন কৰা হয়। [4]

অন্যান্য প্ৰকৰণ[সম্পাদনা কৰক]

এই তিনিবিধ প্ৰকৰণৰ উপৰিও মাছৰ পেটুৰ আন কিছুমান ৰেচিপিও পোৱা যায়। ইয়াৰে এটা হৈছে পচলাৰ সৈতে মাছৰ মূৰ আৰু পেটুৰ জ্বলা ভাজি। এই প্ৰকৰণত মাছৰ মূৰ, তল আৰু পেটু অংশ কলৰ পচলাৰ সৈতে প্ৰচুৰ পৰিমাণে জলকীয়া দি ভাজি খোৱা হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Priya Das. "Assamese Cuisine; 5 Unusual Dishes Of This Varied Cuisine". www.slurrp.com. https://www.slurrp.com/article/assamese-cuisine-5-unusual-dishes-of-this-varied-cuisine-1704994697166। আহৰণ কৰা হৈছে: 15 March 2024. 
  2. 2.0 2.1 "Fish intestine with rice". assamesecuisine.com. https://assamesecuisine.com/index.php/maach-fish/item/fish-intestine-with-rice-fish-intestine-with-rice। আহৰণ কৰা হৈছে: 15 March 2024. 
  3. "Assam". indiatoday. 30 July 2019. https://www.indiatodayne.in/cuisine/story/assam-fish-intestine-fried-rice-masor-petu-398311-2019-07-30। আহৰণ কৰা হৈছে: 15 March 2024. 
  4. "Baked Fish intestines with rice flour". storytoday.in. 24 June 2019. https://storytoday.in/recipe/baked-fish-intestines-rice-flour/। আহৰণ কৰা হৈছে: 15 March 2024.