মানচিত্ৰ
ভূ-পৃষ্ঠ বা ইয়াৰ যিকোনো অংশৰ উপাদানসমূহৰ বিতৰণ দেখুৱাবলৈ সমতল ক্ষেত্ৰত প্ৰয়োজনীয় জোখ-মাখ কৰি যি চিত্ৰ প্ৰস্তুত কৰা হয় তাকে মানচিত্ৰ বোলা হয় ৷ মানচিত্ৰ এখন প্ৰকৃততে এখন ঠাইৰ নিৰ্বাচিত উপাদানসমূহৰ চিহ্নিত প্ৰকাশ ৷[1]
সূচী |
মানচিত্ৰৰ বৈশিষ্ট্য আৰু প্ৰকাৰ [সম্পাদনা কৰক]
সাধাৰণতে মানচিত্ৰ এখনত ভূপৃষ্ঠৰ বিভিন্ন উপাদানসমূহ চিনাক্ত কৰি তাৰ সঠিক অৱস্থান আৰু গুণাগুণ দেখুওৱা হয় ৷ এনে উপাদনসমূহক প্ৰকৃততে বিন্দু, ৰেখা আৰু ক্ষেত্ৰৰ জড়িয়তে উপস্থাপন কৰা হয় ৷ কিন্তু ভূপৃষ্ঠৰ বহুতো উপাদানেই একো একোটা বিন্দু, ৰেখা আৰু ক্ষেত্ৰ সদৃশ বাবে সেইবোৰক সেইবোৰক মানচিত্ৰত উপস্থাপন কৰোঁতে বেলেগ বেলেগ বিশেষ চিন ব্যৱহাৰ কৰা হয় ৷ ইয়াৰোৰি বাস্তৱক্ষেত্ৰ বিশাল পৃথিৱীৰ উপৰিভাগত থকা উপাদানসমূহৰ বিতৰণ অতি জটিল ৷ সেয়েহে প্ৰয়োজন অনুসৰি সৰলীকৰণ পদ্ধতিৰ জড়িয়তে মানচিত্ৰ অংকন কৰা হয় ৷
অংকন পদ্ধতি, বিষয়বস্তু উদ্দেশ্য আৰু স্কেলৰ উপৰত নিৰ্ভৰ কৰি মানচিত্ৰ কেইবা প্ৰকাৰৰ হ'ব পাৰে ৷ অংকন পদ্ধতি হিচাবে পৃথিৱীৰ যিকোনো অংশৰ ভূ-অৱয়বৰ উচ্চতৰাৰ তাৰতম্য দেখুৱাই প্ৰস্তুত কৰা মানিত্ৰক উচ্চতা ভিত্তিক মানচিত্ৰ (Hypsometric map)[2] আৰু বিভিন্ন উপাদানসমূহৰ আনুভূমিক বিতৰণ দেখুৱাবলৈ অংকন কৰা মানচিত্ৰক সমতলভিত্তিক মানচিত্ৰ (Planimetric map) বোলা হয় ৷[3] আনহাতে উপস্থাপন কৰা বিষয়বস্তুৰ ভিত্তিত মানচিত্ৰসমূহক প্ৰাকৃতিক, ৰাজনৈতিক, সাংস্কৃতিক আৰ ভূ-তাত্বিক মানচিত্ৰ হিচাবে বিভক্ত কৰিব পাৰি ৷ মানচিত্ৰৰ উদ্দেশ্য আৰু উপস্থাপন ৰা তথ্যৰ ভিত্তিত তিনি প্ৰকাৰৰ মানচিত্ৰ মানচিত্ৰ তৈয়াৰ কৰা হয়- সাধাৰণ মানচিত্ৰ, বিষয়ভিত্তিক মানচিত্ৰ আৰু বিশেষ মানচিত্ৰ । যি মানচিত্ৰত প্ৰাকৃতিক আৰু মানৱসৃষ্ট দুয়োবিধ উপাদান দেখুওৱা হয় তাক সাধাৰণ মানচিত্ৰ (General purpose map) বোলে ৷ কিছুমান মানচিত্ৰত প্ৰয়োজন অনুসৰি এটা বা দুটা উপাদান, যেনে-জনসংখ্যা বিতৰণ, যাতায়ত ব্যৱস্থা, জলবায়ু আদি দেখুওৱা হয় ৷ এনে মানচিত্ৰক বিষয়ভিত্তিক মানচিত্ৰ (Thematic map) বোলা হয় ৷ কিছুমান বিশেয বিষয়, যেনে-শিশু, অন্ধলোক বা ন-শিকাৰুৰ বাবে কিছুমান মানচিত্ৰ বিশেষ ধৰণেৰে প্ৰস্তুত কৰা হয় ৷ এনেবোৰ মানচিত্ৰক বিশেষ শ্ৰেণীৰ মানচিত্ৰ (Special purpose map)ৰ অন্তৰ্ভুক্ত কৰা হৈছে ৷ তাৰোপৰি স্কেলৰ ওপৰত ভিত্তি কৰি- সৰু স্কেলৰ মানচিত্ৰ, মধ্যমীয়া স্কেলৰ মানচিত্ৰ আৰু ডাঙৰ স্কেলৰ মানচিত্ৰ হিচাবে তিনি ভাগত ভগাব পাৰি ৷
মানচিত্ৰৰ মাপনী বা স্কেল [সম্পাদনা কৰক]
মানচিত্ৰ অংকনত স্কেল অপৰিহাৰ্য ৷ মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূ-পৃষ্ঠত সেই একে ঠাই দুখনৰ মাজৰ প্ৰকৃত দূৰত্বৰ অনুপাতেই হ'ল সেই মানচিত্ৰখনৰ স্কেল(Scale) বা মাপনী ৷ মানচিত্ৰ অংকনত ব্যৱহাৰ কৰা স্কেল বা মাপনী তিনি ধৰণে প্ৰকাশ কৰা হয়- ভাষাৰে, নিৰূপক ভগ্নাংশৰে আৰু ৰেখাৰে ৷
ভাষাৰ স্কেল: মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূ-পৃষ্ঠত সেই একে ঠাইদুখনৰ মাজৰ প্ৰকৃত দূৰত্বক যেতিয়া ভাষাৰে প্ৰকা শ কৰা হয় তাক ভাষা বা উক্তিৰ মাপনী (Scale in Statement) বোলা হয় ৷ অৰ্থাৎ মানচিত্ৰ এখনৰ স্কেল ১ চেণ্টিমিটাৰ = ২ কিল'মিটাৰ হ'লে মানচিত্ৰৰ ১ চেণ্টিমিটাৰ দূৰত্বই ভূ-পৃষ্ঠৰ ২ কিল'মিটাৰ দূৰত্ব বুজাব ৷
নিৰূপক ভগ্নাংশৰ স্কেল: মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূ-পৃষ্ঠত সেই একে ঠাই দুখনৰ মাজৰ প্ৰকৃত দূৰত্বৰ অনুপাতক এক বিশেষ ভগ্নাংশৰ সহায়ত প্ৰকাশ কৰা মাপনীক নিৰূপক ভগ্নাংশৰ মাপনী (Scale in Representative Fraction) বোলা হয় ৷ ইয়াক ১:১০০০ বা ১/১০০০ হিচাবে প্ৰকাশ কৰা হয় ৷ ইয়াত ভগ্নাংশটোৰ লব ১ এ মানচিত্ৰৰ এক একক দূৰত্ব বুজাইছে আৰু হৰ ১০০০ এ ভূ-পৃষ্ঠৰ আচল দূৰত্ব অৰ্থাৎ ১০০০ একক বুজাইছে ৷ এই মাপনীত লব আৰু হৰ উভয়তে কোনো দূৰত্বৰ একক (চেণ্টিমিটাৰ, কিল'মিটাৰ, মিটাৰ, ইঞ্চি আদি) ব্যৱহাৰ কৰা নহয় ৷
ৰৈখিক মাপনী বা স্কেল: মানচিত্ৰ আৰু ভূ-পৃষ্ঠৰ দূৰত্বৰ অনুপাতক যেতিয়া এডাল ৰেখাৰ সহায়ত প্ৰকাশ কৰা হয় তাক ৰৈখিক মাপনী বা লেখ মাপনী (Linear scale or Graphical scale) বোলা হয় ৷ যদি মানচিত্ৰ এখনৰ ভাষাৰ মাপনী ১ চেণ্টিমিটাৰ = ১০ কিল'মিটাৰ হয়, তেন্তে ৫ চেণ্টিমিটাৰ দৈঘ্যৰ এডাল সৰলৰেখাই ভূ-পৃষ্ঠৰ ৫০ কিল'মিটাৰ বুজাব ৷ [4][5]
মানচিত্ৰত ব্যৱহৃত সাংকেতিক চিহ্ন [সম্পাদনা কৰক]
মানচিত্ৰৰ অধ্যয়ণ পদ্ধতি [সম্পাদনা কৰক]
প্ৰয়োজনীয়তা আৰু ব্যৱহাৰ [সম্পাদনা কৰক]
তথ্যসূত্ৰ [সম্পাদনা কৰক]
- ↑ http://encyclopedia2.thefreedictionary.com/map
- ↑ http://encyclopedia2.thefreedictionary.com/Hypsometric+map
- ↑ http://encyclopedia2.thefreedictionary.com/planimetric+map
- ↑ http://www.nssgeography.com/canada9%20web/Unit%20Map%20Skills/Scale.pdf
- ↑ http://www.kidsgeo.com/geography-for-kids/0028-map-scale-types.php
বাহ্যিক সংযোগ [সম্পাদনা কৰক]
| ৱিকিমিডিয়া কমন্সত ‘Maps’ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Geography and Maps, an Illustrated Guide, by the staff of the U.S. Library of Congress.
- Historical Maps from the Hargrett Library Collection (University of Georgia) - browse over 1000 maps from as early as 1544. DjVu format; requires free plugin or JAVA
- The History of Cartography Project at the University of Wisconsin, a comprehensive research project in the history of maps and mapping
- Mapping History Project - University of Oregon
- Mapping the World The Lionel Pincus and Princess Firyal Map Division at The New York Public Library
- Online map collections at the Library of Congress
- John H.W. Stuckenberg Map Digital Collection at Gettysburg College
- Journal of Maps