মালয়েছিয়া এয়াৰলাইন্স ফ্লাইট ৩৭০

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মালয়েছিয়া এয়াৰলাইন্স ফ্লাইট ৩৭০
মালয়েছিয়া এয়াৰলাইন্সৰ এক Boeing 777 বিমান
নিৰুদ্দেশ হোৱা মালয়েছিয়া এয়াৰলাইন্সৰ 9M-MRO বিমানখন, ২০১১ চনত
নিৰুদ্দেশৰ সাৰাংশ
তাৰিখ ৮ মাৰ্চ ২০১৪ (2014-03-08);
১০ বছৰ পূৰ্বে
সংক্ষিপ্ত বিবৰণ কাৰণ জনা নাযায়, বিমানৰ কিছু অংশ উদ্ধাৰ হৈছে
স্থান দক্ষিণ ভাৰত মহাসাগৰ (অনুমান)
যাত্ৰীৰ সংখ্যা ২২৭
কৰ্মচাৰীৰ সংখ্যা ১২
নিহত ২৩৯ (অনুমান)
জীৱিত থাকে ০ (অনুমান)
বিমানৰ ধৰণ Boeing 777-200ER
পৰিচালক মালয়েছিয়া এয়াৰলাইন্স
পঞ্জীয়ন 9M-MRO
যাত্ৰাৰ আৰম্ভনি কুৱালালামপুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ
লক্ষ্যস্থান বেইজিং কেপিটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

উৰণ সংখ্যা MH-370 নামৰ আন্তঃৰাষ্ট্ৰীয় উৰাজাহাজ এখন মালায়ছিয়াৰ কুৱালালামপুৰ চহৰৰ পৰা চীনদেশৰ বেইজিং চহৰলৈ গৈ থকাৰ মাজ আকাশত নোহোৱা হৈ যায়৷ ২২৭জন যাত্ৰী, দুজন বিমানচালক আৰু ১০গৰাকী পৰিচাৰীকাৰে সৈতে উৰাজাহাজখন ৮-মাৰ্চ-২০১৪-ৰ মাজনিশা স্থানীয় ০১:২০ বজাত উৰিবলৈ আৰম্ভ কৰাৰ ৪৫ মিনিটমানৰ পিছতে সকলোবোৰ ৰাডাৰ পৰ্দাৰ পৰা হেৰাই যায়৷ ভূমিস্থ নিয়ন্ত্ৰণ কেন্দ্ৰসমূহৰ লগতো সকলো ৰেডিঅ’ সংযোগ হেৰাই যায়৷

লগে লগে এক বিশাল আন্তৰ্জাতিক অনুসন্ধান আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰা যায়৷ প্ৰথমতে উৰাজাহাজখন দক্ষিণ চীন উপসাগৰ য’ৰ পৰা অন্তৰ্ধান হৈছিল তাৰ দাঁতীকাষৰীয়া অঞ্চলসমূহত অনুসন্ধান চলোৱা হয়৷ কিছুদিনৰ ভিতৰতে এই অনুসন্ধান মালাক্কা প্ৰণালী, আন্দামান সাগৰ আদিলৈও সম্প্ৰসাৰিত হয়৷ প্ৰত্যক্ষভাৱে জড়িত মালায়ছিয়া, চীনা, ভিয়েটনাম আদিৰ লগতে ভাৰত, থাইলেণ্ড, আমেৰিকা, অষ্ট্ৰেলিয়া আদি মুঠ ২৬খন দেশ এই অভিযানত জড়িত হৈ পৰে৷

উপৰোক্ত অঞ্চলসমূহত উৰাজাহাজখনৰ কোনো ভগ্নাংশ নোপোৱাত, ৰাডাৰ আৰু কৃত্ৰিম উপগ্ৰহত পোৱা সংকেত বিশ্লেষণ কৰি এতিয়া ই ভাৰত মহাসাগৰৰ দক্ষিণত অষ্ট্ৰেলিয়াৰ পাৰ্থ-নগৰৰ পৰা পশ্চীম দিশে প্ৰায় ২০০০ কি.মি. দূৰত সাগৰৰ তলীত পৰি আছে বুলি অনুমান কৰা হৈছে৷ সেইবাবে মালায়ছিয়াৰ অনুৰোধত, অষ্ট্ৰেলীয়াৰ নেতৃত্বত ভাৰত মহাসগৰৰ দক্ষিণ অংশত এক বিশাল অভিযান চলোৱা হয়৷ কেইবাখনো উচ্চ প্ৰযুক্তিৰ বিমান, নৌ-সেনাৰ জাহাজ আদিয়ে ৪৫০০ মিটাৰতকৈয়ো দ পানী থকা, নিকততম ভূখণ্ডৰ পৰা ১০০০-২০০০ কি.মি. নিলগত এই দুৰ্গম্য অঞ্চলৰ এক বৃহত অংশত কেইবাদিনো ধৰি অনুসন্ধান চলায়৷ তাৰে এটা অংশৰ পৰা অৱশেষত এক ধ্বনি-সংকেত পোৱা যায়, ইয়াক অন্তৰ্ধান হোৱা উৰাজাহাজখনৰ black-box-ৰ পৰা অহা সংকেত বুলি ঠাৱৰ কৰা হয়৷ সেই নিৰ্দিষ্ট অংশত অত্যাধুনিক স্বয়ংচালিত শিহুজাহাজৰ সহায়ত অনুসন্ধান চলোৱা হয়৷ কিন্তু তাতো এতিয়ালৈকে একো পোৱা নগ’ল৷

এই ঘটনাটিয়ে ইতিমধ্যে মানৱ উৰণ-প্ৰযুক্তিৰ বুৰঞ্জীত সবাতোকৈ ৰহস্যজনক আৰু অসমাধিত ঘটনা বুলি পৰিগণিত হৈছে৷

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]