লেছেৰি নাচ
এই প্ৰবন্ধটোত সম্ভৱ মৌলিক গৱেষণা অন্তৰ্ভুক্ত হৈছে। |
সোণোৱাল কছাৰী সমাজৰ পুৰুষৰ গীত-মাতবোৰত এৰি যোৱা বিষয়বস্তুক লেছেৰি বুটলাদি বুটলি আনি সৃষ্টি কৰা গীতবোৰক কেন্দ্ৰ কৰি যি নাচ গঢ়ি উঠিছে তাকে লেছেৰি নাচ বা বিহু বোলা হয়। ব'হাগ বিহুৰ সময়ত গাভৰু-বোৱাৰীয়ে এই বিহু কৰে। লেছেৰিক সোণোৱাল কছাৰীসকলৰ অন্য লোক-উৎসৱ, লোক-অনুষ্ঠান সমূহতকৈ অৰ্বাচীন বুলি ভবা হয়। বিশিষ্ট লেখক প্ৰশান্ত কুমৰালৰ মতে ডিব্ৰুগড় জিলাৰ খোৱাং অঞ্চলৰ ঈশ্বৰপ্ৰসাদ বৰুৱাৰ নেতৃত্বত ইয়াৰ প্ৰথম আৰম্ভণি হৈছিল। লেছেৰিৰ সাধাৰণ বৈশিষ্ট্য্য- একালৰ হালালী ৰাজ্যৰ বৰ্ণনা, আৰাধ্য দেৱ-দেৱীক বন্দনা ইত্যাদি। লেছেৰি গীতৰ উদাহৰণ :--. উৰি গ'ল পক্ষী পৰি গ'ল পাখি কিৰাতী ঐ হালালী ৰাজ্যৰে বাসী। হালালী ৰাজ্যৰে কৰং ৰং ধেমালি কিৰাতী ঐ হালালী ৰাজ্যৰে বাসী।
মহিলাসকলে এই ছন্দোৱদ্ধ গীতৰ ছেৱে ছেৱে হাত চাপৰি বজাই লয়লাস ভংগীমাৰে নাচ পৰিৱেশন কৰে। ইয়াত এগৰাকী নামতি বা দলপতি থাকে। আঁতধৰা নামতি গৰাকীয়ে গীত গোৱা পাছে পাছে প্ৰত্যেক শিল্পী বা নাচনীয়ে সমস্বৰে গাই শৃংখলাবদ্ধভাৱ পদ সঞ্চালন কৰি বৃত্তাকাৰে ঘূৰি ঘূৰি নাচ পৰিৱেশন কৰে।
লেছেৰি বিহুত নাচনীসকলে সোণোৱাল কছাৰীসকলৰ সম্পূৰ্ণ পৰম্পৰাগত পোছাক পৰিধান কৰে। সাজ-পোছাকত ৰঙা, হালধীয়া আৰু সেউজীয়া ৰঙৰ পয়োভৰ দেখা যায়।