শ্ৰেণী বাৰ্তা:অসমীয়া শিশু সাহিত্যিক

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

সাহিত্য হ'ল সভ্যতাৰ মানসিক অথবা বৌদ্ধিক যিকোনো বন্ধ্যাত্বক শক্তিশালীভাৱে অতিক্ৰম কৰিব পৰা যোগাত্মক উপাদানৰ মিশ্ৰণ আৰু শিশু সাহিত্য এখন সমাজৰ ঐতিহ্য আৰু ক্ৰমবিকাশৰ একো একোখন Manuscript. অসমীয়া শিশু সাহিত্যও ঠিক তেনেকুৱাই এখন দাপোন য'ত প্ৰতিফলিত হয় প্ৰতিটো প্ৰজন্মৰ স্বকীয় চিন্তা-চেতনাৰ এক গঠনাত্মক প্ৰতিবিম্ব।

ভিন্ন উপাদানেৰে সংমিশ্ৰিত অসমীয়া শিশু সাহিত্যৰ ধাৰাটো যদিওবা বৰ বেছি পুৰণি নহয়, তথাপি ক্ৰমবিকাশৰ পথত ই কেইবাটাও স্তৰ অতিক্ৰম কৰিহে আজিৰ পৰ্যায় পাইছেহি। আজিৰ নৱ্য আধুনিকতাবাদৰ যুগত যিকোনো লেখাৰ প্ৰচাৰ-প্ৰসাৰ তেনেই সহজ, কিন্তু যিটো সময়ত অসমীয়া শিশু সাহিত্য বুলি নিৰ্দিষ্টকৈ একোৱেই নাছিল, তাত সাহিত্যৰ এটা ধাৰা সৃষ্টি কৰি আগুৱাই লৈ যোৱাটো খুবেই কঠিন কাম। তাতে আকৌ শিশুৰ মনোজগতখন ইমানেই প্ৰহেলিকাময় যে কোনবোৰ বিষয়ে তেওঁলোকক আমোদ দিব সেয়া নিৰ্দিষ্ট কৰিব নোৱাৰি। গতিকে তেনে এখন মনোজগতলৈ প্ৰৱেশ কৰি তেওঁলোকৰ কল্পনাপ্ৰৱণতাৰে কিবা এটা লিখি উলিয়াবলৈ সকলোৱে সাহস কৰিব নোৱাৰে। সেইবাবেই হয়তো সাম্প্ৰতিক শিশু সাহিত্যৰ ভঁৰালত প্ৰকৃতাৰ্থত সৰ্বাঙ্গসুন্দৰ সৃষ্টিৰ পৰিমাণ তেনেই কম। তথাপি পাশ্চাত্য সাহিত্যৰ সমসাময়িকভাৱে অসমতো বহুকেইগৰাকী সাহিত্যিকৰ সহযোগিতাৰে শিশু সাহিত্যৰ দুৱাৰ উন্মুক্ত হৈছিল।

সাধাৰণভাৱে 'শিশু সাহিত্য' বুলি ক'লে আমাৰ মনলৈ দুটা কথা আহে- ক) শিশুৰ বাবে লিখা সাহিত্য খ) শিশুৱে লিখা সাহিত্য। এতিয়া কথা হ'ল, 'শিশু' শব্দটোৱে কোনটো বয়সৰ ল'ৰা - ছোৱালীক প্ৰতিনিধিত্ব কৰিছে! যিহেতু ইয়াৰ কোনো সাৰ্বজনীন সংজ্ঞা নাই, সেয়ে 'শিশু' শব্দটোৱে সামৰি লোৱা বয়সৰ প্ৰজন্মটোৱে লিখা, ভালপোৱা আৰু তেওঁলোকৰ উপযোগী সাহিত্যকে আমি "শিশু সাহিত্য" হিচাপে ধৰি ল'ম।

অসমৰ প্ৰেক্ষাপটত শিশু সাহিত্যৰ ধাৰাটোৰ আৰম্ভনিৰে পৰা আনকি আজিও একাংশৰ মাজত "শিশু সাহিত্য মানে- কবিতা, সাধু, আৰু গল্প। কিন্তু প্ৰকৃতাৰ্থত এই সাহিত্যই পৰম্পৰাগত সাহিত্য, তথ্যসমৃদ্ধ ৰচনা, কাহিনী, জীৱনী-আত্মজীৱনী, পদ্য-কবিতা, ইত্যাদি সকলোকে সামৰি লয়। যদিওবা অসমীয়া সাহিত্যৰ যুগ বিভাজনৰ দৰে অসমীয়া শিশু সাহিত্যক বিশেষভাৱে বিভক্ত কৰা হোৱা নাই তথাপি ইয়াৰ ইতিহাস বিশ্লেষণ অধিক স্পষ্ট হৈ উঠিবলৈ কেইবাটাও ভাগত বিভক্ত কৰি আলোচনা কৰিবলৈ প্ৰয়াস কৰা হৈছে।


অসমীয়া লোক শিশুসাহিত্যঃ অসমৰ সাহিত্যৰ ধাৰাটোক মৌখিক আৰু লিখিত দুটা ভাগত ভাগ কৰিলে দেখা যায় যে অসমীয়া শিশু সাহিত্যৰ ইতিহাস সামগ্ৰিকভাৱে মৌখিক সাহিত্যৰ ভেটিতে গা কৰি উঠিছে। নিচুকণী গীত, ওমলা গীত, ৰজা মহাৰজা-পৰীৰ সাধু, ইত্যাদিবোৰ মৌখিক সাহিত্যৰ অন্তৰ্গত আৰু এইসমূহেই আছিল অসমীয়া শিশু সাহিত্যৰ আৰম্ভণি, যিসমূহক অসমীয়া লোক শিশুসাহিত্য হিচাপে ধৰিব পাৰি। এইসমূহৰ ৰচনাকাল সম্পৰ্কে বিশেষ কোনো তথ্য পোৱা নাযায় বা কোনে ৰচনা কৰিছিল তাৰো কোনো নিশ্চিত তথ্য নাই। মানুহৰ মুখ বাগৰি জনসমাজত বিয়পি পৰা এই সাহিত্যসমূহৰ ভিতৰত 'আমাৰে মইণা শুব এ' ,শিয়ালী এ নাহিবি ৰাতি' আদি নিচুকণী গীত,ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত ইত্যাদিৰ কথা ক'ব পাৰি।


শংকৰী বা বৈষ্ণৱ যুগৰ শিশু সাহিত্যঃ অসমীয়া লিখিত সাহিত্যৰ আৰম্ভনি হৈছিল 'চৰ্যাপদ' ৰ পৰা। ইয়াৰো প্ৰায় কেইবা দশকৰ পিছতহে লিখিত অসমীয়া শিশু সাহিত্যৰ উন্মেষ ঘটে। ১৬-১৭ শতিকাৰ কবি শ্ৰীধৰ কন্দলিদেৱৰ দ্বাৰা নিচুকনী গীতৰ আৰ্হিত ৰচিত "কাণখোৱা" পুথিখনেই লিখিত শিশু সাহিত্যৰ প্ৰথম চানেকি। অৱশ্যে ৰাম সৰস্বতীৰ "ভীম চৰিত", মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহো মূলতঃ শিশু মনস্তাত্বিক আছিল আৰু সেই ঝুমুৰাসমূহকে অসমীয়া শিশু নাটৰ প্ৰাচীনতম নিদৰ্শন হিচাপে ধৰা হয়।

তাৰ পিছত, খ্ৰীঃ পঞ্চদশ শতিকাৰ শেষভাগৰ পৰা সপ্তদশ শতিকাৰ আৰম্ভনিলৈকে যিসমূহ সাহিত্য ৰচিত হৈছিল,সেইসমূহ মূলতঃ ধৰ্মকেন্দ্ৰিক আছিল। সেয়ে এই সময়ছোৱাত যি দুই-এক শিশু কৃষ্ণ কেন্দ্ৰিক কবিতাৰ সৃষ্টি হৈছিল, তাক নিৰ্দিষ্টকৈ আজিও অসমীয়া শিশু সহিত্য হিচাপে নামাংকিত কৰা হোৱা নাই। তাৰ পৰৱৰ্তী সময়ত আহোম সকলৰ ৰাজত্ব কালতো চৰিত সাহিত্য, বুৰঞ্জী সাহিত্য ইত্যাদিৰ ৰচনা হৈছিল যদিও শিশু সাহিত্যৰ আওতাত পৰা তেনে কোনো বিশেষ সাহিত্যৰ তথ্য পোৱা নাযায়।




অৰুণোদই যুগৰ শিশু সাহিত্যঃ ১৮২৬ চনত অসমখন বৃটিছৰ অধীনলৈ যোৱাৰ লগে লগেই অসমৰ শিক্ষা আৰু সাহিত্যৰ ক্ষেত্ৰখনে ঠন ধৰি উঠাৰ সমান্তৰালভাৱে অসমীয়া ভাষাৰ প্ৰথম বাতৰি কাকত "অৰুণোদই" ৰ প্ৰথম বছৰ নৱম সংখ্যাত 'অৰুণোদই পৰ্হা সৰু ল'ৰাবিলাকৰ প্ৰতি প্ৰথম প্ৰণই পত্ৰ' (First letter to the little readers of Arunodoi) শীৰ্ষক লেখাৰে প্ৰথমবাৰৰ বাবে মাইলছ ব্ৰনচনে শিশুসকলক সাহিত্যৰ সৈতে জড়িত কৰিছিল। এই কাকতৰ পৃষ্ঠাতেই পৰৱৰ্তী সময়ত বিভিন্ন দেশ-বিদেশৰ সাধুকথা, নৈতিক গল্প ইত্যাদি শিশুৰ উপযোগীকৈ প্ৰকাশ কৰা হৈছিল।

সেই সময়ছোৱাতেই আনন্দৰাম ঢেকিয়াল ফুকনৰ "অসমীয়া ল'ৰাৰ মিত্ৰ" (১৮৪৯),হেমচন্দ্ৰ বৰুৱাৰ বিদ্যালয়ৰ ছাত্ৰোপযোগী "অসমীয়া ল'ৰাৰ ব্যাকৰণ","আদিপাঠ", "পঢ়াশালীয়া অভিধান", "পাঠমালা" ইত্যাদি ৰচনাই শিশুসাহিত্যৰ ক্ষেত্ৰখনক উজ্জ্বীৱিত কৰি তুলিছিল। এই সময়ৰে অন্যতম সৃষ্টি বলদেৱ মহন্তৰ "উজুপাঠ" অসমীয়া ভাষাৰ প্ৰথমখন ছপা শিশু কবিতা পুথি। তাৰোপৰি এই সময়ছোৱাৰ শিশু সাহিত্য আলোচনাত ছোলেইমান খাঁৰ শিশু মনস্তাত্বিক কবিতাসমূহ, বিনন্দ চন্দ্ৰ বৰুৱাৰ "ল'ৰাৰ বেজবৰুৱা", "অসম গৌৰৱ", "আমাৰ লক্ষ্মীনাথ", বেনুধৰ ৰাজখোৱাৰ "সৰু ল'ৰাৰ গান" ইত্যাদিৰ নাম অন্তৰ্ভূক্ত নকৰিলে হয়তো লিখনিটো আধৰুৱা হৈ ৰ'ব। এইখিনিতে এটা কথা প্ৰণিধানযোগ্য যে অসমীয়া শিশু সাহিত্যৰ ধাৰাটোক আজিৰ পৰ্যায়লৈ লৈ অহাত অসমীয়া শিশু আলোচনী সমূহৰ যথেষ্ট ভূমিকা আছে। অৰুনোদই কাকতে কৰা আৰম্ভনিৰ দ্বাৰা অনুপ্ৰাণিত হৈ কৰুণাভিৰাম বৰুৱাই প্ৰথমবাৰৰ বাবে ১৮৮৬ চনত প্ৰকাশ কৰিছিল শিশু আলোচনী "ল'ৰাবন্ধু।" কিন্তু দুৰ্ভাগ্যবশতঃ এই আলোচনীখন দুটা বছৰৰ পিছতে বন্ধ হৈ পৰিছিল। ইয়াৰ প্ৰায় ডেৰকুৰি বছৰৰ পিছত অসমীয়া শিশু আলোচনীৰ ধাৰাটোত লাগি থকা যতি ডাল আঁতৰাই পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ সম্পাদনাত প্ৰকাশ পায় দ্বিতীয়খন শিশু আলোচনী "অকণ।" কিন্তু অকণো অকণিৰ মাজত বেছিদিন স্থায়ী হৈ নাথাকিল।

অৱশ্যে 'অকণ' প্ৰকাশৰ আগেয়েই ১৯১১ চনত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেৱে মুখে মুখে প্ৰচলিত সাধুকথা সমূহত স্বকীয়তাৰ প্ৰলেপ সানি ছপা কৰি উলিয়াইছিল "বুঢ়ী আইৰ সাধু।" পুথিখনৰ অন্তৰ্ভূক্ত 'তেজীমলা', 'লটকন' আদি সাধু আজিও অসমীয়া সমাজত বিদ্যমান। সম্ভৱত এইখনেই অসমীয়া ভাষাৰ প্ৰথমখন ছপা শিশু পুথি আছিল। তেখেতৰ "ককাদেউতা আৰু নাতি ল'ৰা", "জুনুকা" আদি অসমীয়া শিশু সাহিত্যৰ আপুৰুগীয়া সম্পদ। তেখতৰ "মুক্তি" গল্পটোও অসমীয়া শিশু চুটিগল্পৰ প্ৰথম নিদৰ্শন। ইয়াৰ পিছত ছেগা-ছোৰোকাকৈ "মইণা"(১৯২৩), "অৰুণ"(১৯২৬), "আমাৰ দেশ"(১৯৩১), "পখিলা"(১৯৩৩), "পাৰিজাত"(১৯৪০) ইত্যাদি শিশু আলোচনী কিছু দিনৰ বাবে হ'লেও প্ৰকাশ হৈ শিশু আলোচনীৰ ধাৰাটো অব্যাহত ৰাখিছিল।


আধুনিক যুগৰ শিশু সাহিত্যঃ দ্বিতীয় বিশ্বযুদ্ধৰ মলয়াজাকে সমগ্ৰ বিশ্বকে জোকাৰি যোৱাৰ পিছৰ পৰায়েই সামগ্ৰিকভাৱে অসমীয়া সাহিত্যৰ ধাৰাটোলৈ নতুনত্বৰ ঢল বৈ আহিছিল। সেয়া লাগিলে ৰচনা শৈলীৰ ক্ষেত্ৰতেই হওঁক বা মানদণ্ডৰ ক্ষেত্ৰতেই। শিশু সাহিত্যৰ ধাৰাটোকো এই নতুনত্বৰ ধুমুহাজাকে চুই গৈছিল। যাৰ ফলত নতুন নতুন চিন্তাধাৰাৰে বহুতো শক্তিশালী শিশুসাহিত্যৰ সৃষ্টি হৈছিল।

১৯৪৮ চনত দেৱকান্ত বৰুৱা দেৱৰ "ৰংঘৰ" কবিতাটো সামৰি লৈ বিৰিঞ্চি কুমাৰ বৰুৱা দেৱৰ সম্পাদনাত প্ৰকাশ পাইছিল "ৰংঘৰ" নামৰ এখন শিশু আলোচনী। এই আলোচনীখনৰ পাততেই জ্যোতিপ্ৰসাদ আগৰৱালা, নৱকান্ত বৰুৱাদেৱৰ দৰে ব্যক্তিসকলেও লিখা-মেলা কৰিছিল। আগৰৱালা দেৱে শিশু উপযোগী "কম্পুৰ সপোন" কে আদি কৰি প্ৰায় ১৩ টা মান কবিতাৰ লগতে "সোণটিৰ অভিমান" শিশু চুটিগল্পটোও লিখিছিল।

এখুদ ককাইদেউ খ্যাত নৱকান্ত বৰুৱাদেৱে"নিভাঁজ অসমীয়া পদ্য", "শিয়ালী পালেগৈ ৰতনপুৰ"(১৯৫৪), "আখৰৰ জখলা"(১৯৫৬), "ভত ঊ কাৰে ভূ"(১৯৬৮), "ককাদেউতাৰ হাড়"(১৯৭৩), "কপিলীপৰীয়া সাধু"(১৯৫২) , কীৰ্তিনাথ হাজৰিকাদেৱে "ফুটুকাৰ ফেন","অলৌগুটি টলৌগুটি","হুঁচৰিয়ে হাওঁ" ইত্যাদি ৰচনা কৰি শিশু সাহিত্যৰ ভেটিটোত যথেষ্ট সাৰ-পানী দি গৈছে।

তাৰ পাছতেই অসমীয়া শিশু আলোচনীৰ ক্ষন্তেকীয়া স্থায়ীত্বক প্ৰত্যাহ্বান জনাই পাহাৰ-ভৈয়ামৰ অকণি লেখক লেখিকাক লৈ সুদীৰ্ঘ সোতৰ বছৰ একেৰাহে প্ৰকাশ হৈ একপ্ৰকাৰ অভিলেখ ৰচা (সেইটো সময়ত) আলোচনীখন আছিল "দীপক"(১৯৫৪)। গৌৰীকান্ত তালুকদাৰ আৰু অতুল চন্দ্ৰ হাজৰিকা ক্ৰমাগত ভাৱে আলোচনীখনৰ সম্পাদনাৰ দায়িত্বত আছিল। এইখিনিতে উল্লেখ কৰা প্ৰয়োজনীয় যে অতুল চন্দ্ৰ হাজৰিকাদেৱে শিশুৰ উপযোগীকৈ "নীলা চৰাই", "ৰামায়নৰ ৰহঘৰা", "গ্ৰীমৰ সাধু" কে ধৰি প্ৰায় ৪০ খন গ্ৰন্থ ৰচনা কৰিছিল।

পৰৱৰ্তী সময়ত ১৯৭৬ চনত মাদ্ৰাজৰ পৰা প্ৰকাশিত "চান্দমামা" ৰঙীন শিশু আলোচনীৰ অসমীয়া সংস্কৰণৰ প্ৰকাশো আৰম্ভ হয়।

অৱশ্যে সঁচা অৰ্থত আধুনিক অসমীয়া শিশু সাহিত্যত এক নতুন ধাৰাৰ সূচনা কৰে কুৰি শতিকাৰ শেষৰ দশক দুটাত প্ৰকাশিত কেইখন মান শিশু আলোচনীয়ে। ভৱেন্দ্ৰনাথ শইকীয়া দেৱৰ অনুপম সাহিত্যৰাজিৰ কথা সৰ্বজনবিদিত। তেখেতৰ সম্পাদনাতেই ১৯৮৩ চনৰ পৰা প্ৰকাশিত হয় "সঁফুৰা" আলোচনী। মহাদুষ্টৰ দুষ্ট বুদ্ধি, সঁচাও নহয় মিছাও নহয় ইত্যাদি বিভিদ শিতানে আলোচনীখনক শিশুৰ মাজত কম সময়তে জনপ্ৰিয় কৰি তুলিছিল। যাৰ বাবে শইকীয়া দেৱৰ মৃত্যুৰ পিছতো আজি পৰ্যন্ত আলোচনীখন পাঠক সমাজত বহুল ভাৱে সমাদৃত হৈ আছে।

"সঁফুৰা" প্ৰকাশৰ পিছৰ বছৰৰ পৰায়েই অকণিৰ মাজত মৌচাক মামা হিচাপে খ্যাত শান্তনু তামুলীদেৱে "মৌচাক" আলোচনীৰ মাধ্যমেৰে অসমীয়া শিশু সাহিত্যৰ ক্ষেত্ৰখন বহু ওপৰলৈ তুলি ধৰাৰ লগতে এক নতুন যুগৰ সূচনা কৰিবলৈ সক্ষম হ'ল। হয়তো "মৌচাক" খনেই বৰ্তমান সময়লৈকে প্ৰকাশিত হোৱা শিশু আলোচনীসমূহৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় তথা উচ্চ মানদণ্ডৰ আলোচনী। হেৰি পটাৰ চিৰিজৰ কাহিনী সমূহৰ অসমীয়া অনুবাদৰ সোৱাদ দিয়া কৰৱী ডেকা হাজৰিকা, অভিজিৎ শৰ্মা বৰুৱা, ৰাতুল শৰ্মা, ৰঞ্জু হাজৰিকা আদিৰ ৰচনাই এই আলোচনীখনৰ পাত শুৱনি কৰি আছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে কণ কণ শিশু-কিশোৰৰ লগতে বয়োজ্যেষ্ঠসকলকো জ্ঞানৰ মাণিক বিলোৱা এই আলোচনীখন নপঢ়াকৈ শৈশৱ পাৰ কৰা ল'ৰা ছোৱালী আমাৰ প্ৰজন্মটোত হয়তো খুউৱ কমেই ওলাব। শিশু আলোচনীৰ এই ভাগটোৰ ধাৰাবাহিকতা বজাই ৰাখি বৰ্তমানেও প্ৰকাশ হৈ থকা কেইখনমান শিশু আলোচনী হ'ল- মুকুতা(১৯৮৭), ৰংমেলা, বাৰ ওঠৰ, বিজ্ঞান জেউতি আদি।

তাৰোপৰি, শিশু সাহিত্যৰ এই ধাৰাটোক অন্য এক গতি প্ৰদান কৰে অসমীয়া ভাষাত ৰচিত বিশেষ কিছু সাহিত্যৰ সংযোজনে। এইসমূহক তলত ভিন্ন ভাগত আলোচনা কৰা হ'ল- ক) শিশু বিজ্ঞান সাহিত্যঃ বিজ্ঞান জনপ্ৰিয়কৰণৰ ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত সাহিত্যিক শান্তনু তামুলী দেৱৰ সম্পাদনাত "নতুন আৱিস্কাৰ" নামৰ বিজ্ঞান আলোচনীখন ১৯৮৮ চনৰ পৰা বৰ্তমানলৈকে প্ৰকাশিত হৈ আছে। এই আলোচনীখনৰ লগতে তেখেতে বিজ্ঞান সাহিত্যৰ শিশু উপযোগী গ্ৰন্থ যেনে "জোন আৰু ,জোনলৈ, "আকাশ মহাকাশ" ইত্যাদি ৰচনা কৰিছে। তাৰোপৰি, পূৰ্ৱতে প্ৰকাশিত "পখিলা" আৰু "পাৰিজাত" শিশু আলোচনী দুখনেও বিজ্ঞান বিষয়ক বিভিন্ন কাহিনী প্ৰকাশৰ পোষকতা কৰিছিল। বৰ্তমান সময়ত এই ধাৰাৰ আন কেইগৰাকীমান শক্তিশালী লেখক হ'ল ড° বিজয়কৃষ্ণ দেৱ শৰ্মা, দীনেশ চন্দ্ৰ গোস্বামী, বন্দিতা ফুকন, অভিজিত শৰ্মা বৰুৱা ইত্যাদি। খ) অনুবাদ সাহিত্যঃ অসমীয়া শিশু সাহিত্যৰ ধাৰাটো সমৃদ্ধিশালী কৰি তোলাত গল্প, কবিতা, সাধুকথাৰ লগতে বিশেষ ভূমিকা লৈছিল অনুবাদ সাহিত্যসমূহেও। এনে সাহিত্যৰ জড়িয়তে অসমীয়া শিশু সাহিত্যলৈ বিদেশী শিশু সাহিত্যৰো আগমন ঘটে। এই শ্ৰেণীৰ কেইখন মান উল্লেখযোগ্য শিশু গ্ৰন্থ হ'ল- মিত্ৰদেৱ মহন্তৰ "মৌ মহাভাৰত", আজলিতৰা নেওঁগৰ "আলাদ্দিন", ইলা শৰ্মাৰ "কোনো নোহোৱা ল'ৰাটো" (মূল- হেক্টৰ মেলৰ ন'ৰডিজ ছাইল্ড), বৰ্ণালী শইকীয়াৰ "ৰে'লআলিৰ কণমানিহঁত" (মূল- দ্য ৰেইলৱে' চিল্ড্ৰেন), আবুল লেইচৰ "অৰণ্যৰ সাধু" (দ্য জাংগল বুক), অবনী চন্দ্ৰ গোস্বামীৰ "ৰাজকুমাৰ আৰু ভিকহু"শান্তনু তামূলী দেৱৰ "মহাকাশৰ তাৰকা", "মাষ্টাৰ অৱ দ্য ৱৰ্ল্ড", জ্ঞানদাভিৰাম বৰুৱাৰ "দদাইৰ পঁজা", প্ৰদীপ বৰুৱাৰ "অস্কাৰ ওৱাইল্ডৰ বাছকবনীয়া গল্প" কীৰ্তিনাথ হাজৰিকাৰ "এহেজাৰ এনিশাৰ সাধু" ইত্যাদি। লগতে শান্তনু তামুলী দেৱৰ "Joy in the jungle", "Bubu Bulbuli's Garden" আদি কেইবাখনো গ্ৰন্থ অন্যান্য ভাৰতীয় ভাষালৈয়ো অনুদিত হৈছে।

গ) ভ্ৰমণ সাহিত্যঃ অসমীয়া শিশুসাহিত্যৰ বহুধা চৰিত্ৰৰ অন্য এক উল্লেখযোগ্য অন্তৰ্ভূক্তি হ'ল ভ্ৰমণ সাহিত্য। অৱশ্যে অসমীয়া ভাষাৰ শিশু আলোচনীসমূহত প্ৰকাশিত ভ্ৰমণ কাহিনীসমূহক বাদ দিলে গ্ৰন্থাকাৰত প্ৰকাশিত শিশুভ্ৰমন সাহিত্যৰ পৰিমাণ তেনেই নগন্য। তাৰ ভিতৰত "ট'কিঅত তেৰ দিন", "কলম্বোত সাত দিন" ইত্যাদি এই শ্ৰেণীৰ লেখত ল'বলগীয়া সাহিত্য।

ঘ) কল্পবিজ্ঞান সাহিত্যঃ কল্পবিজ্ঞান সাহিত্যৰ নতুন ধাৰাৰে অসমীয়া শিশু সাহিত্যক শক্তিশালী কৰা ব্যক্তি বুলিলে সততে মনলৈ অহা নামটো হৈছে ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱ। "গান ফাইটাৰ চিৰিজ", "জেছন চিৰিজ", "পৱন চিৰিজ" ইত্যাদিৰ প্ৰায় ২০০ ৰো অধিক শিশু গ্ৰন্থ তেখেতে ৰচনা কৰিছে। কল্পবিজ্ঞানৰ এই ধাৰাটো আগুৱাই নিয়াত সহায় কৰা আন এগৰাকী ব্যক্তি হৈছে মৌচাক মামা। "অসমীয়া কল্পবিজ্ঞান গল্প সংকলন"(২০১৭), "ইলেক্ট্ৰনিক নামৰ ল'ৰাটো" (১৯৯৩) ইত্যাদি ৰচনাৰে তেখেতে শিশু সাহিত্যৰ ক্ষেত্ৰখনক মজবুত কৰি তুলিছে। ২‍০১৬ চনত প্ৰকাশিত তেখেতৰ "অসমীয়া শিশু সাহিত্যৰ নিৰ্বাচিত চুটিগল্প", অনুভৱ পৰাশৰৰ "নিৰ্বাচিত অসমীয়া শিশুসাহিত্য", সত্যেন্দ্ৰনাথ শৰ্মাৰ "অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত", মহিম বৰাৰ শিশু সাহিত্য সমগ্ৰ ইত্যাদি গ্ৰন্থত অসমীয়া শিশুসাহিত্যৰ বিভিন্ন প্ৰেক্ষাপট সম্পৰ্কে ইতিমধ্যে আলোচনাও হৈছে।

ঙ) শিশু নাটঃ অসমীয়া শিশু সাহিত্যৰ ভঁৰালটো সমৃদ্ধিশালী কৰি ৰখাত নাটকৰ ভূমিকাও উল্লেখনীয়। মঞ্চস্থ নাটকসমূহে শিশুৰ মনোজগতত খলকনি তোলাৰ সুবিধাটো আগেয়ে পায় যদিও লিখিত নাটকসমূহেও তেওঁলোকৰ মনত বিশেষ প্ৰভাৱ পেলায়। ভৱ পূজাৰীৰ "বকুল তলৰ ধেমালি"(নাট), দুলাল দত্তৰ "মকৰা"(নাট), মাধৱদেৱৰ "চোৰধৰা", "পিম্পৰা গুচোৱা", "ভোজন বিহাৰ", "ভূমি লেটোৱা" (ঝুমুৰা), মৃণাল দত্তৰ "মন বননি", পংকজ হাজৰিকাৰ "ঘোঁৰা কংস বধ"(নাট), মৌচাকমামাৰ "নিৰ্বাচিত অসমীয়া শিশু-নাট" (সংকলন), দ্বীজেন নাথৰ "আইৰ কথা মোৰ ভাষা"(সংকলন) ইত্যাদি হৈছে এই শ্ৰেণীৰ কেইখনমান উল্লেখযোগ্য সাহিত্য।


চ) জীৱনী সাহিত্যঃ ৰজত চন্দ্ৰ ভৰালীৰ "আমাৰ বিষ্ণুপ্ৰসাদ ৰাভা", নুৰুল ইছলাম শইকীয়াৰ "বিষ্ণুৰাভা", মৌচম গগৈৰ "আইনষ্টাইন", শংকৰদেৱ - মাধৱদেৱৰ জীৱনভিত্তিক ৰচিত পুথিসমূহকে আদি কৰি শিশু উপযোগী বিভিন্ন জীৱনীমূলক সাহিত্য অসমীয়া ভাষাত উপলব্ধ।

উল্লিখিত সাহিত্যসমূহৰ উপৰিও বিদ্যালয়ৰ বাৰ্ষিক আলোচনী, মইনা পাৰিজাতৰ মুখপত্ৰ বা স্মৃতিগ্ৰন্থ সমূহ, সময়ে সময়ে প্ৰকাশ পোৱা "সমগ্ৰ জানানে", নতুন জানানে" ইত্যাদি কুইজবিষয়ক গ্ৰন্থ সমূহে অসমীয়া শিশু সাহিত্য ক্ষেত্ৰখনলৈ কিছুপৰিমানে হ'লেও অৱদান আগবঢ়াই আহিছে। আৰু তেওঁলোকক উৎসাহিত কৰিছে সাহিত্য ক্ষেত্ৰৰ বিভিন্ন বঁটা সমূহে। তাৰ ভিতৰত এক উল্লেখযোগ্য বঁটা হ'ল সাহিত্য অকাদেমিৰ বাল সাহিত্য পুৰস্কাৰ। বৰ্তমান সময়লৈকে বন্দিতা ফুকনৰ "সেউজীয়া ধৰণী", দীনেশ চন্দ্ৰ গোস্বামীৰ "বিজ্ঞানৰ অনুপম জগত", যুগললোচন দাসৰ "বাগিচাৰ ভূত", স্বামিম নাছৰিনৰ "মিলি অমিয়া আৰু এখন নদী" গ্ৰন্থৰ লগতে কেইবাগৰাকী বিশিষ্ট সাহিত্যিকে শিশুসাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা সামগ্ৰিক বৰঙনিৰ বাবে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।


অসমীয়া ভাষাৰ অন্যান্য শিশুসাহিত্যঃ

শিশু আলোচনী, ভ্ৰমন সাহিত্য, বিজ্ঞান সাহিত্য ইত্যাদিৰ সমান্তৰালভাৱে অসমীয়া শিশু সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰি ৰখা আন কিছু কালজয়ী সাহিত্য হ'ল- ভৱেন্দ্ৰ নাথ শইকীয়া দেৱৰ "মৰমৰ দেউতা", "শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্ট" , হোমেন বৰগোঁহাঞি দেৱৰ "সাউদৰ পুতেকে নাও মেলি যায়", "বিপদৰ বন্ধু", গগন চন্দ্ৰ অধিকাৰী দেৱৰ "মাখন মামাৰ মনোৰম সাধু", "টকাত একোটা হাতী", "মাৰ গুলি, পকা চুলি ভিজা মেকুৰীৰ অতপালি", নীলা বাইদেউৰ "ওমলা গীত", "চিল চিল চিলা বাগী চিল মিলা", হীৰেণ ভট্টাচাৰ্য দেৱৰ "ল'ৰালিৰ ধেমালি" , "ৰৈ ৰৈ ধেমালি", "অকণ ধেমালি", চৈয়দ আব্দুল মালিক দেৱৰ "এখন সোণোৱালী দুৱাৰ", কৰৱী ডেকা হাজৰিকাৰ "বেজবৰুৱাৰ সাধুকথা","মইণাৰ মৌ কবিতা", ৰঞ্জু হাজৰিকাৰ "বীৰবলৰ কাহিনী", "এণ্ডাৰচনৰ সাধু", অৰবিন্দ ৰাজখোৱাৰ শিশু গল্প সংকলন "কাকৈ হাবিৰ ভূত আৰু অন্যান্য কাহিনী" ইত্যাদি। ইয়াৰোপৰি জয়ন্ত মাধৱ বৰা,হৰপ্ৰিয়া বাৰুকিয়াল বৰগোঁহাঞি, নুপুৰ মোমাইদেউ, আকাশদীপ্ত ঠাকুৰ আদিৰ ৰচনাৰ লগতে সময়ে সময়ে বিভিন্ন কাকত আলোচনীত শিশুৰ বাবে লিখা গল্প-কবিতা আৰু শিশুসকলৰ ৰচনা আদি সৰ্বদা উৰ্দ্ধত। লগতে সীমিত সংখ্যক শিশু-কিশোৰৰ ৰচনাও বিভিন্ন কাকত-আলোচনীত অথবা গ্ৰন্থাকাৰে প্ৰকাশিত হৈ আহিছে। উদাহৰণস্বৰূপে মনস্বিতা কলিতাৰ "এখন ৰহস্যময় দাপোনৰ সিপাৰে", পৰিণীতা হাজৰিকাৰ "এমুঠি হৃদয়ৰ অনুভৱ" ইত্যাদি।

 এনেদৰেই বিভিন্ন দিশ সামৰি লৈ নৱ্য প্ৰযুক্তিৰ প্ৰয়োভৰৰ বাবে একাংশৰ মাজত সৃষ্টি হোৱা অনীহাৰ পিছতো অসমীয়া ভাষাটোক ভালপোৱা, স্বকীয় সাহিত্যখিনিয়ে খেদি ফুৰা সকলক লৈয়ে অসমৰ শিশু সাহিত্যৰ ক্ষেত্ৰখন থিয় দি আছে। এইখিনিতে এটা কথা উল্লেখ নকৰিলে হয়তো ভুল হ'ব যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে মধ্যযুগৰ পৰা ২০০০ চনলৈকে প্ৰকাশিত অসমীয়া ভাষাৰ শিশু সাহিত্যসমূহৰ সংৰক্ষন তথা পুনঃপ্ৰকাশৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ব্যৱস্থা গ্ৰহন কৰি আহিছে।

তাৰোপৰি শেহতীয়াকৈ অসমীয়া শিশু সাহিত্যৰ ধাৰাটোক পুনঃউজ্জ্বীৱিত কৰি ২০১৮ চনত অসমতো পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীত অসম প্ৰকাশন পৰিষদে শিশু গ্ৰন্থ মেলাৰ আয়োজন কৰে। উত্তৰ পূৱ শিশু গ্ৰন্থমেলাও নিশ্চয়কৈ এক শুভ সংযোগ। যদিহে শিশু গ্ৰন্থমেলাৰ এই ইতিবাচক ধাৰাটো পৰৱৰ্তী সময়তো আগুৱাই নিয়া হয় তেন্তে নিশ্চিত ভাৱে অসমীয়া শিশু সাহিত্যই আৰু শক্তিশালী হোৱাৰ সুবিধা পাব। কিন্তু এই ক্ষেত্ৰত লেখকসকলৰ লগতে প্ৰকাশন পৰিষদ সমুহেও বিশেষ ভূমিকা লোৱাৰ প্ৰয়োজন। সৰ্বশেষত, গোলাঘাটত অনুষ্ঠিত "দোকমোকালিৰ বেলি" গ্ৰন্থৰ উন্মোচনী সভাত শান্তনু তামুলী দেৱে কোৱা- "অসম সাহিত্য সভাই পূৰ্ৱৰ দৰে শিশু গ্ৰন্থ প্ৰকাশ নকৰে" শীৰ্ষক কথাখিনি আমাৰো আক্ষেপ। অসম সাহিত্য সভা আমাৰ সাহিত্য ক্ষেত্ৰখনৰ ভৰসা। গতিকে প্ৰাপ্তবয়স্কৰ সাহিত্যৰ লগতে শিশু সাহিত্যৰ ধাৰাটোকো সমানে গুৰুত্ব প্ৰদান কৰিলেলেহে অসমীয়া সাহিত্য সামগ্ৰিকভাৱে সমৃদ্ধিশালী হৈ উঠিব। ✍ অৰ্চনা গীতা শইকীয়া