সঞ্চয়ন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সঞ্চয়ন অসমীয়া কবিতাৰ নিৰ্বাচিত সঙ্কলন৷ সঙ্কলটোৰ সম্পাদক মহেশ্বৰ নেওগ৷ প্ৰথম প্ৰকাশ হয় ১৯৭১ চনত৷[1]

গ্ৰন্থ বিৱৰণ[সম্পাদনা কৰক]

গ্ৰন্থখনৰ আগকথাত মহেশ্বৰ নেওগে লিখিছে- এইখনি আদিৰেপৰা সাম্প্ৰতিকলৈকে অসমীয়া কবিতাৰ সঙ্কলন। সঙ্কলনখনি অসমীয়া কাব্যৰ প্ৰতিৰূপক হৈছে আৰু কাব্য-জ্ঞান-পিপাসুসকলক অসমৰ কাব্য চিন্তাৰ ইতিহাসৰ আৰু কাল-ভাগ অনুসৰি তাৰ বিভিন্ন গতি-প্ৰগতিৰ সম্যক আভাস দিব পাৰিব বুলি আমাৰ বিশ্বাস হয়। অসমীয়া ছন্দ সাহিত্যৰ সাধাৰণ ৰূপ আৰু ছন্দৰ বিভিন্ন অনুশীলনৰ আভাসো এই সঙ্কলনত দিয়া হৈছে।[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. মহেশ্বৰ নেওগ (২০১১). সঞ্চয়ন. প্ৰকাশক ৰবীন্দ্ৰ ভৱন, নতুন দিল্লী: সাহিত্য অকাডেমি. পৃষ্ঠা. আগকথা. 
  2. মহেশ্বৰ নেওগ (২০১১). সঞ্চয়ন. প্ৰকাশক ৰবীন্দ্ৰ ভৱন, নতুন দিল্লী: সাহিত্য অকাডেমি. পৃষ্ঠা. আগকথা.