সদস্য:Deepjyoti762

অসমীয়া ৱিকিপিডিয়াৰ পৰা

→ হাই’….. তাৰ মাতত তাই একো মাত দিয়া নাই, মূৰ দাঙি চোৱা নাই… তাই হেডফ'নত গান শুনি শুনি কিবা লিখি আছে… → হাই’….. সি আকৌ মাত দিলে…, নাই, তাইৰপৰা কোনো প্ৰতুৎত্তৰ নাহিল । এই আবেলি সময়ত তাই খেলপথাৰৰ সিটো মূৰত বহি সদায় এনেকৈ হেডফ'নত গান লগাই শুনি শুনি কিবা-কিবি লিখি থাকে । সি তাইক এনেকৈ যোৱা তিনিদিনৰপৰাই মন কৰি আহিছে । এক অচিনাকি ছোৱালি আৰু তাৰ অচিনাকি ঠাই । কিয় জানো তাৰ তাইক ভাল লাগি গ'ল, কিবা এটা সুধিম বুলিও একো সুধিব পৰা নাই সি আৰু এই তিনি দিনত তাইৰ লগত আন কোনো বান্ধৱীকো দেখা নাই সি । • (তাই এই সময়ত অকলে থাকি ভাল পায় নেকি!)

→ হাই’

এইবাৰ তালৈ মূৰ তুলি চালে, আৰু মিচিকিয়ালে …

→ অহ হাই’, মই গান শুনি আছো…(তাই মূখেৰে মাত নিদি ইংগিতেৰে কথাষাৰ ক'লে) → তোমাৰ কলমটো দিয়াচোন…. সি নম্ৰভাৱে ক'লে তাই মিচিকিয়ালে আৰু কলমটো তাক দিলে । সি তাৰ মাৰ্নিবেগত থকা সৰু ফোনবুকখন উলিয়ালে আৰু তাৰে পেজ এটাত লিখিলে, “তুমি, কি গান শুনি আছানো?”…… তাইক গান শুনি থকা অসুবিধা নিদিবৰ বাবে সি তেনেকৈ কাগজৰ টুকুৰাটোত লিখি তাইক দিলে । তাই মিচিকিয়াই টুকুৰাটো পঢ়িলে আৰু তলতে লিখিলে, “এইটো এটা বৰ সুন্দৰ গান, মোৰ বৰ প্ৰিয়” ।

সি তাইৰ পৰা এনেকৈ উত্তৰ পোৱা বাবে আৰু এটা পেজ উলিয়াই আকৌ লিখিলে.., “ তুমি শুনি থকা গানটো ময়ো শুনিব বিচাৰো, দিবানে” 

→ নাই, মোৰ শুনি শেষ হোৱা নাই…. → তোমাৰ নামটো ? → শেৱালী….. → ইয়াত সদায় কিয় এনেকৈ বহি থাকাঁ → মোৰ ভাল লাগে…….

এনেকৈ সিহঁতে কাগজৰ টুকুৰাবোৰতে লিখি লিখি বহুত মনৰ কথা পাতিলে । কথাতেই দুয়ো- দুয়োৰ বহুত কাষ চাপি গ'ল । শেষত… “মোৰ সময় হৈ আহিল, মই যাওঁগৈ কাইলৈ লগ পাম…. (তাই ক'লে)

→ ওঁ, ঠিক আছে যোৱা ।

দুয়ো  ঘৰা-ঘৰি হ'ল । ৰাতি দুয়োটাৰ চকুত টোপনি নাই ভাৱনাত দুয়ো উটি-ভাঁহি ফুৰিছে । প্ৰথম প্ৰেম সিহঁতৰ । ৰাতিটো নেযায়- নোপোৱাই । সি পেহিয়েকৰ ঘৰত অহা আজি এসপ্তাহ হ'ল, পেহিয়েকৰ ঘৰত থাকিয়েই পঢ়াশুনা কৰিব । সেইদিনা সন্ধিয়া ওলাই যাওঁতে তাইক তেনেকৈ দেখিছিল । প্ৰথম চাওঁনিতেই দুয়ো চকুৰে চকুৰে পৰিছিল । তাইৰ চকুজুৰিত এটা হাঁহি বৈ থাকে অনবৰত, মিহিবৰণিয়া গোল মূখ, উঠন  বুকু, মুঠতে এজনি ৰুপৱতী…. সৰগৰ পৰিৰ শৰীৰত থকা সকলো কমণিয়তা তাইৰ গাত(শৰীৰত) দেখিছিল সি । দুয়ো নজনাকৈয়ে চাৰি চকুৰ মিলন বহুবাৰ হৈছিল, দুয়ো মিচিকিয়াইছিল । এক অজান আকংশাই দুয়ো- দুয়োক কাষত বিচাৰিছিল । দুই দিন তেনেকৈ চলি গ'ল । কিন্তু আজি সেই টুকুৰাবোৰতেই কথা পতাৰ পাছৰেপৰা সিহঁতৰ মনটো নাচি পৰিছে । প্ৰেমত এনেকৈ পৰে নেকি? । হয়, সি তাইৰ প্ৰেমত পৰিছে । পিছদিনা সি আগতিয়াকৈ সেই ঠাইখিনত উপস্থিত হ'ল । বহুত সমত সি উচপিচাই আছে তাইক নেদেখি, ইফালে তায়ো অহা দেৰি কৰিছে ।

এসময়ত তাই আহিল, আহিয়েই তালৈ চাই এটা সুন্দৰকৈ মিচিকিয়াই দিলে । দেৰিকৈ অহা কাৰণে উঠি থকা খংটো তাৰ নিমিষতে অন্ত পৰিল । তাই বেগৰপৰা হেডফ'ন যোৰ উলিয়াই কাণত গুজি ললে ।

হঠাৎ তা খং উঠি গ'ল….. (!!! এইজনিয়ে বাৰু ইমান গান শুনি ভাল পায়নে!, ইমান সময়ৰপৰা মই তাইৰ কাৰণে ৰৈ আছো আৰু তাই আহিয়েই হেডফ'নত গান লগাই লৈছে !!!)
সি জোৰেৰে তাইৰপৰা বহিখন আৰু কলমটো টানি ললে । তাৰ এই আচৰণত তাই খুবেই ভয় খালে, তালৈ এক প্ৰশ্নবোধক দৃষ্টিৰে চালে । সি তাই এই অৱস্থা দেখি তাৰ মনটো বিষাদৰে ভৰি উঠিল । তাই মৰমলগা মূখখন দেখি তাৰ হৃদয় সুন্দৰ হৈ উঠিল । লগতে খংটো মাৰ গ'ল আৰু তাইৰ মাথাত লাহেকৈ টুকুৰিয়াই দিলে । 

তায়ো তাৰ খঙৰ কাৰণ বুজি পাইছিল আৰু মিচিকিয়াই হাঁহিছিল ।

→ আজি কিয় ইমান দেৰি ? (সি তাইৰ বহীত লিখিলে) → ওঁ, দেৰি হ'ল… নাহিম বুলি আছিলো (তায়ো বহীত লিখিলে) → তুমি নহা হ'লে মোৰ বিশ্বাস বোৰ ভাঙি গ'ল হয়, আৰু মই তোমালোকৰ ঘৰটোও চিনি নাপাওঁ তোমাক বিচাৰি যাবলৈ…. → তুমি মোৰ প্ৰেমত পৰিছা নেকি ? → ওঁ… মই তোমাৰ প্ৰেমত পৰিছো… ভৱিষ্যতে আমি এখন সংসাৰ কৰিম বুলি ভাৱিছো… তুমি মোক সন্মতি দিবা বুলি আশা কৰিলো । → তুমি এতিয়া কি কৰি আছা ? → মই পঢ়ি আছো….. → তুমি মোৰ বিষয়ে ভালকৈ নজনাকৈয়ে বিয়া পাতিম বুলি কেলেই ভাবিছা !? → চোৱা, তোমাক মই প্ৰথম দেখোতেই ভগৱানক প্ৰাৰ্থনা কৰিছিলো যে, “হে ভগৱান মোৰ এই ছোৱালিজনি বহুত পচন্দ হৈছে, আমাৰ প্ৰেম সফল কৰি দিয়ক ভগৱান”

তাৰ কথা তেনেকৈ পঢ়ি তাই হাঁহিলে আৰু লিখিলে, “মই বৰ্তমান শুনি থকা মোৰ প্ৰিয় গানটো শুনিব বিচাৰা নেকি..?

→ ওঁ, দিয়া….. তোমাৰ গানটো শুনো এবাৰ তাই কাণৰপৰা হেডফ'নযোৰ উলিয়াই তাক দিলে আৰু সিও তাৰ কাণত গুজি ললে । কিন্তু আচৰিত হেডফ'নযোৰত কোনো গান বাজি থকা শুনা নাছিল সি । সি আচৰিত হৈ প্ৰশ্নবোধক দৃষ্টিৰে তাইলৈ চালে দেখিলে তাইৰ চকুত কিছুমান বেদনাৰ অন্তৰৰ চকুপানি যেন কোমল হৃদয়েত জমা হৈ থকা বহুদিনীয়া কিছুমান বেদনাৰ চকুলোঁ…. যেন বহুত দিনৰপৰা তাই কান্দিম বুলি কান্দিব পৰা নাই, আজি যেন কিবা এটা সুবিধা পায় হেপাহ পলুৱাই কান্দিছে ।

এইয়া কি?.. তাই কান্দোনৰ মাতো দেখোন সি শুনা নাই । তাই কান্দি কান্দি কাগজ টুকুৰাত লিখিলে, “তুমি যি দেখিছা, যি বুজিছা সেয়াই মই, মোৰ প্ৰকৃত ৰুপ, গতেকে মই তোমাৰ এনেধৰণৰ কোনো প্ৰশ্ন উত্তৰ দিব নোৱাৰো” ।

→ তোমাৰ মাত শুনি বা কাণ চাই মই তোমাৰ প্ৰেমত পৰা নাই ।“ তুমি মোৰ বাবে আগৰদৰেই এতিয়াও সুন্দৰ হৈয়ে আছা….” সি লিখিলে