সদস্য:Lakshe s barman

অসমীয়া ৱিকিপিডিয়াৰ পৰা

দৰাচলতে সকলো কথাতে চৰকাৰ অথবা প্ৰশাসনক দোষাৰোপ কৰিলেই সমস্যাবোৰ সমধান নহয়। কিছু ক্ষেত্ৰত দায়ী আমাৰ সমাজ ব্যৱস্থা আৰু সমাজৰ একাংশ লোকৰ মনোভাৱ। সমাজত থকা উচ্চ-নীচ মনোভাৱে বহুসময়ত যুৱকসকলক জীৱিকা নিৰ্বাচনত বিপাঙত পেলায়। কোনো কামত হাত দিলেও সমাজৰ উচ্চ জাতৰ দোহাই দি কোৱা হয়- অমুকৰ পৰিয়ালৰ লৰা হৈ তই এনে কাম কৰিবিনে! এনে পৰিস্থিতিৰ পাছত কি উৎসাহেৰে নো যুৱকজন সেই কামতটোত সফলতা লাভ কৰিব! অৱশ্যে ইয়াৰ মাজতে একাংশই নিজ লক্ষ্যৰ পৰা কক্ষচ্যুত নহয়।

কিছুদিনৰ পূৰ্বে আমাৰ অসমতে সংঘটিত হোৱা এটা ঘটনা হয়তো সকলোৰে মনত আছে। জীৱিকা উপাৰ্জনৰ পথ হিচাপে এজন যুৱকে খোলিছিল এখন গাহৰি ফাৰ্ম। কিন্তু ইয়াৰ পাছতে যুৱকজনলৈ এই ফাৰ্ম বন্ধ কৰিবলৈ জাননী প্ৰেৰণ কৰিছিল। লগতে কোৱা হৈছিল যে যদি এই কাম বন্ধ নকৰে তেন্তে তেওঁৰ ওপৰত ব্যৱস্থা লোৱা হব। এনেদৰেই চলি আছে আমাৰ সমাজখন। যুৱ প্ৰজন্মৰ একাংশই যদি কোনো কামত আগবাঢ়িছে, সেই কাম আদৰি লোৱা নাই সমাজ ব্যৱস্থাই। ইয়াৰ বিপৰীতে যুৱ প্ৰজন্মৰ একাংশ আকৌ এই দিশবোৰত উদাসীন। কিন্তু তাৰ মাজতো বহুতে কাম কৰি আছে। যাৰ বাবে শেহতীয়াকৈ অসমৰ থলুৱা উদ্যোগটো কিছু পৰিমাণে হলেও ঠন ধৰি উঠিছে। সময় থাকোতেই আমি সকলোৱে উপলদ্ধি কৰা উচিত যে- যি জাতিয়ে নিজৰ পথাৰ আৰু বজাৰ ৰক্ষা কৰিব নোৱাৰে ,সেই জাতিয়ে নিজকো ৰক্ষা কৰিব নোৱাৰে ।”

সংগ্ৰামৰ মাজেৰেই জীৱন। জীৱনৰ প্ৰতিতো মুহূৰ্ততে প্ৰতিগৰাকী লোকে সংগ্ৰাম কৰিবলগীয়া হয়। আৰম্ভণিতে কোৱাৰ দৰে একাগ্ৰতা আৰু উদ্যমী মনৰ গৰাকী প্ৰতিজনেই জয়ী হয় এই জীৱন যুজঁত। বিফলতা থাকেই, সেই বিফলতাক সফলতাৰ দুৱাৰমুখলৈ ৰূপান্তৰ কৰিব পৰা জনহে প্ৰকৃত যোদ্ধা। এই লেখাত আজি তেনে ২ গৰাকী লোকৰ জীৱন কাহিনীৰ বিষয়ে আলোকপাত কৰা হব।

এজন ১৩ বছৰীয়া কিশোৰ। নাম তিলক মেহতা। আপোনালোকে হয়তো ভাবিছে ২ জন সফল ব্যক্তিৰ জীৱনৰ বিষয়ে কবলৈ গৈ হঠাতে ১৩ বছৰীয়া তিলকৰ প্ৰসংগ কিয় অনা হল। কিন্তু আমি কব খোজা ২ জন ব্যক্তিৰ ভিতৰৰে এজন হৈছে মুম্বাইৰ তিলক মেহতা নামৰ কিশোৰজন। বয়স কম, কিন্তু তিলকৰ চিন্তা-চৰ্চা ডাঙৰ। তিলকৰ চিন্তাধাৰাৰ প্ৰতি মুগ্ধ হৈ আৰু তেওঁৰ কথা শুনি বেংকৰ মেনেজাৰেও এৰি দিছিল চাকৰি।

মুম্বাইত তিলকৰ জন্ম। অষ্টমমান শ্ৰেণীত পঢ়া তিলকৰ দেউতাকে মুম্বাইৰে এটা অফিচত কৰ্মৰত। ৰাতি-দিন একাকাৰ কৰি তিলকৰ দেউতাকে কাম কৰা কথাতো গোপনে লক্ষ্য কৰিছিল তিলকে। কিন্তু এদিন তিলকৰ ঘৰত সংঘটিত হল এটা ঘটনা। চন ২০১৮, তিলকৰ বছেৰেকীয়া পৰীক্ষা কাষ চাপিছিল। পৰীক্ষাৰ বাবে প্ৰয়োজনীয় কিতাপ সময়ৰ অভাৱত কিনি দিব পৰা নাছিল দেউতাকে। দিনটো কষ্ট কৰি উভতা দেউতাকক কোনো হেচাঁ দিব খোজাও নাছিল তিলকে। এনে অৱস্থাৰ মাজতে তিলকৰ মনলৈ আহিল এটা বিশেষ আইডিয়া।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ সৈতে তিলক

উদ্যমী মনৰ গৰাকী তিলকে মুম্বাইৰ ভিতৰৰে সকলো স্থানলৈ ২৪ ঘন্টাই সঠিক সময়ত কিতাপৰ লগতে বিভিন্ন পাৰ্চেল ডেলিভাৰী দিয়াৰ কথা ভাৱিলে। সৰু লৰা, এনে সময়ত এইবোৰ কথাক বহুতে গুৰুত্ব নিদিয়ে। কিন্তু তিলকে এই কথা গৈ কলে সেই অঞ্চলৰে এজন বেংক বিষয়াৰ আগত। কেৱল কোৱাই নহয়, প্ৰতিষ্ঠানটো কেনেদৰে আৰম্ভ কৰি, কি কৌশলেৰে আগবঢ়াই নিয়া হব সেই সন্দৰ্ভত বহু আইডিয়াও বিৱৰি কলে। তিলকৰ কথা শুনি বেংক বিষয়াজন এনেদৰে মুগ্ধ হল যে, তেওঁ বাদ দিলে বেংকৰ চাকৰি।

তিলক মেহতা

বেংকৰ চাকৰি বাদ দি বেংক বিষয়াজনে তিলকৰ সৈতে আৰম্ভ কৰিলে নতুন ব্যৱসায়। মায়া নগৰী মুম্বাইত খোলা হল এটা পাৰ্চেল ডেলিভাৰী প্ৰতিষ্ঠান, নাম দিলে পেপাৰ এণ্ড পাৰ্চেল। অতি কমসময়ৰ ভিতৰতে তিলকে দখল কৰিলে মুম্বাইৰ পাৰ্চেল নেটৰ্ৱক। এইক্ষেত্ৰত দিহা-পৰামৰ্শদাতা হিচাপে প্ৰতি মুহূৰ্ততে তিলকৰ লগত থকা বেংক বিষয়া ঘনশ্যাম পাৰেশক নিযুক্তি দিয়া হল পেপাৰ এণ্ড পাৰ্চেলক মুখ্য কাৰ্যবাহী বিষয়া হিচাপে। সঠিক সময়ত সকলো পাৰ্চেল সঠিক স্থানত পঠিওৱাৰ বাবে তিলক এণ্ড কোম্পানীয়ে সহায় ললে মুম্বাইৰ টিফিন ডেলিভাৰী দিয়াসকলৰ। ঘনশ্যাম পাৰেশ আৰু তিলকৰ নেতৃত্বত লাহে লাহে অধিক সবল হৈ উঠিল পেপাৰ এণ্ড পাৰ্চেল কোম্পানী।

 পেপাৰ এণ্ড পাৰ্চেলৰ মূল মানুহকেইজন

ইয়াৰ পাছতে পেপাৰ এণ্ড পাৰ্চেল নামত আহিল এটা মোবাইল এপ। এই এপটোৰ জৰিয়তে মুম্বাই চহৰৰ সকলো লোকে নিধাৰিত সময়ত পাৰ্চেলটোৰ বাবে বুকিং কৰিব পাৰে আৰু এপটোৰ জৰিয়তে পাৰ্চেলৰ বাবদ আদায় কৰিবলগীয়া ধনো প্ৰদান কৰিব পাৰে। প্ৰাপ্ত খবৰ অনুসৰি প্ৰতিদিনেই ১২০০ ৰো অধিক পাৰ্চেল ডেলিভাৰী দিয়ে পেপাৰ এণ্ড পাৰ্চেলে। ৩ কেজিতকৈ অধিক ওজনৰ সামগ্ৰী ডেলিভাৰী নকৰে প্ৰতিষ্ঠানটোৱে। প্ৰতিটো পাৰ্চেলৰ বাবদ দুৰত্ব অনুসৰি তেওলোকে লয় ৪০ ৰ পৰা ১৮০ টকা। বৰ্তমান প্ৰতিষ্ঠানটোত আছে ২০০ ৰো অধিক স্থায়ী কৰ্মচাৰী। ইয়াৰোপৰি ৩০০ ৰো অধিক টিফিন ডেলিভাৰী কৰা লোক জড়িত প্ৰতিষ্ঠানটোৰ সৈতে।

কৰ্মচাৰীৰ সৈতে তিলক

পেপাৰ এণ্ড পাৰ্চেলক মুখ্য কাৰ্যবাহী বিষয়া ঘনশ্যাম পাৰেশৰ মতে বৰ্তমান প্ৰতিটো পাৰ্চেলৰ বাবদ যি মূল্য লোৱা হয়, কিছুস্থানৰ বাবে সেয়া যথেষ্ট কম। ইয়াৰোপৰি পাৰ্চেলৰ ওজনৰ ক্ষেত্ৰত কিছুদিনৰ পাছতে পুনৰ বিবেচনা কৰা হব। ৩ কেজিতকৈ এই ওজন বৃদ্ধি কৰা হব বুলিও জনায় মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে। মুম্বাই চহৰৰ কুৰিয়াৰ ছাৰ্ভিজ ক্ষেত্ৰখনত ২০ শতাংশ বজাৰ দখল কৰা পেপাৰ এণ্ড পাৰ্চেল প্ৰতিষ্ঠানে বছৰি ১০০ কোটি টকা উপাৰ্জনৰ দিশে আগবাঢ়িছে।

কম বয়সতে সফল তিলক

এয়া আছিল মুম্বাইৰ তিলকৰ কাহিনী। আমিও আশা কৰিছো উদ্যমী মনৰ গৰাকী তিলকৰ এই যাত্ৰা অনাদিকাললৈ অব্যাহত থাকক। তিলকৰ পাচতে উদ্যমী তথা প্ৰৱল আত্মবিশ্বাসৰ অধিকাৰী আন এজন সফল ব্যক্তিৰ বিষয়ে জনাব বিচাৰিছো।

আমি জনাব বিচৰা এই সফল লোকজন যদিও বৰ্তমান ভাৰতৰ এজন আগশাৰীৰ প্ৰতিষ্ঠিত ব্যৱসায়ী প্ৰকৃততে তেওঁ আহিছিল পাকিস্তানৰ পৰা। দৰিদ্ৰ অৱস্থাৰ পৰা প্ৰৱল আত্মবিশ্বাসৰ অধিকাৰী হোৱাৰ বাবেই তেওঁ বৰ্তমান কেইবা শ কোটি টকাৰ এটা প্ৰতিষ্ঠানৰ মালিক।

তেওঁৰ নাম মহাশয় ধৰ্মপাল গুলাটী। এক কথাত কবলৈ হলে বিশ্বৰ মচলা সম্ৰাজ্যৰ একছত্ৰী বাদশ্বাহ হৈছে মহাশয় ধৰ্মপাল গুলাটী। ভাৰতে স্বাধীনতা লাভ কৰাৰ পূৰ্বে গুলাটী আছিল পাকিস্তানৰ নাগৰিক। কিন্তু দেশ বিভাজনৰ সময়ত ১৯৪৭ চনৰ ২৭ চেপ্তেম্বৰত গুলাটী আহিল ভাৰতলৈ। পাকিস্তানৰ পৰা অহাৰ সময়ত গুলাটীৰ হাতত আছিল ১৫০০ টকা। ইয়াৰে ৬৫০ টকা খৰচ কৰি তেওঁ ক্ৰয় কৰিলে এখন ঘোৰাগাড়ী। প্ৰতিতো যাত্ৰাৰ বাবদ গুলাটীয়ে সেইসময়ত লৈছিল ২ অনা। গুলাটীৰ এই ঘোৰাগাড়ীত কেইবাবাৰো যাত্ৰা কৰিছে জাতিৰ পিতা মহাত্মা গান্ধীয়েও।

 মহাশয় ধৰ্মপাল গুলাটী , চন ১৯৪৭

১৯৪৮ চনৰ ১০ অক্টোবৰত গুলাটীয়ে ঘোৰাৰ সৈতে গাড়ী বিক্ৰী কৰি খুলিলে এখন সৰু মচলাৰ দোকান। ভাৰতলৈ অহাৰ পূৰ্বে গুলাটীৰ পিতৃৰ পাকিস্তান শিয়ালকোটত আছিল চাবোন আৰু মচলাৰ এখন দোকান। পিতৃৰ সেই বৃত্তিকে সৰোগত কৰি দিল্লীত মহাশয় ধৰ্মপাল গুলাটীয়ে আৰম্ভ কৰিলে মচলাৰ ব্যৱসায়। অতি কমসময়ৰ ভিতৰতে খবৰ বিয়পি পৰিল যে শিয়ালকোটৰ বিখ্যাত মচলাৰ দোকান এতিয়া দিল্লীতে আছে। খবৰ কাগজৰ বিজ্ঞাপনৰ জৰিয়তে সমগ্ৰ দেশত বিখ্যাত হৈ পৰিল গুলাটীৰ মচলা।

দিল্লীৰ সৰু মচলা দোকানখন

দিল্লীত প্ৰথম পৰ্যায়ত সৰু এখন দোকানত গুলাটীয়ে আৰম্ভ কৰিছিল মচলা ব্যৱসায়। লাহে লাহে বিখ্যাত হবলৈ ধৰা গুলাটীৰ দোকানত বিক্ৰী বাঢ়িল। দিল্লীৰ বিভিন্ন স্থানৰ দোকানী আহি গুলাটীৰ মচলা বিচাৰি ভিৰ কৰিলেহি। গ্ৰাহকৰ সহাঁৰি দেখি গুলাটীয়ে সিদ্ধান্ত ললে যে, ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি কৰা হব। কিন্তু অৰ্থনৈতিকভাৱে পিছ পৰি থকা গুলাটীৰ বাবে সেয়া সহজ নাছিল। কিন্তু জীৱনৰ এই কঠিনতা সফলতাৰ চাবি-কাঠি হিচাপে ললে গুলাটীয়ে। কঠিন সংগ্ৰামৰ মাজতে ১৯৫৯ চনত দিল্লীৰ কীৰ্তি নগৰত স্থাপন কৰিলে প্ৰথমটো মচলাৰ ফেক্টৰী।

এনেদৰেই আগবাঢ়িছিল ব্যৱসায়

সেয়াই আছিল এম ডি এইচ মচলাৰ আৰম্ভণি। তাৰ পিছৰ পৰা পিচলৈ উভতি চাব লগা হোৱা নাই মহাশয় ধৰ্মপাল গুলাটীয়ে। বৰ্তমান ডুবাইত আছে গুলাটীৰ এম ডি এইচ মচলাৰ ফেক্টৰী। লণ্ডন, আমেৰিকাত আছে এম ডি এইচৰ কাৰ্যালয়। ইয়াৰোপৰি সমগ্ৰ বিশ্বৰ অধিকাংশ দেশত উপলদ্ধ এম ডি এইচ মচলা। অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা,নিউজিলেণ্ড, হংকঙ্গ, চিংগাপুৰ, জাপান আৰু চীনত আদি সকলোতে আছে এম ডি এইচ মচলাৰ বিপনী। ভাৰতবৰ্ষত আছে এম ডি এইচ মচলাৰ ৪ লাখ খন বিতৰণ বিপনী।

আৰবপতি মহাশয় ধৰ্মপাল গুলাটী

বিশাল সম্পত্তিৰ গৰাকী ধৰ্মপাল গুলাটীৰ জন্ম হৈছিল ১৯২৩ চনৰ ২৭ মাৰ্চত শিয়ালকোটত। ১৯৩৩ চনত তেওঁ পঞ্চম শ্ৰেণীৰ লৈকে পঢ়ি শিক্ষা জীৱন সামৰণি মাৰে। ১৯৩৭ চনত পিতৃক ব্যৱসায়ৰ কামত হাত দিয়ে ধৰ্মপাল গুলাটীয়ে। শিক্ষাৰ ক্ষেত্ৰত অতি কমসময়তে হাৰ মনা গুলাটীয়ে কিন্তু অন্য সকলো দিশতে নিজৰ একাগ্ৰতাৰ ফলত লাভ কৰিলে সফলতা। বৰ্তমান ৯৬ বয়সত ভৰি দিয়া গুলাটীয়ে বৰ্তমানৰ লৈকে লাভ কৰিছে পদ্ম ভূষণকে ধৰি বহুকেইটা বঁটা।

তেওঁ লাভ কৰা বটাঁসমূহ হৈছেঃ

Padma Bhushan (2019)  Arch of Europe Award  Dadabhai Naoroji Award ITID Quality Excellence Award Excellence Award for Lifetime Achievement (2017) Indian of the Year (2016)

৯৬ বছৰীয়া ধৰ্মপাল গুলাটী এতিয়া সমগ্ৰ বিশ্বৰ বাবে এক অনুপ্ৰেৰণা।১৫০০ টকাৰ পৰা আৰবপতি হোৱা ধৰ্মপাল গুলাটীৰ এই অদ্ভুত উত্থান সম্ভৱ হৈছে একমাত্ৰ একাগ্ৰতাৰ বাবেই। ৬০ বছৰীয়া কষ্ট- একাগ্ৰতাৰ ফচল হৈছে গুলাটীৰ এই সফলতা। কেৱল ব্যৱসায়ে নহয়, ধৰ্মপাল গুলাটীৰ আছে কেইবাখনো বিদ্যালয় আৰু চিকিৎসালয়। গুলাটীৰ এই বিদ্যালয় আৰু চিকিৎসালয়ত দেশৰ দৰিদ্ৰ লোকসকলৰ শিক্ষাৰ লগতে স্বাস্থ্যৰ ক্ষেত্ৰতো নজৰ ৰাখে।

 ধৰ্মপাল গুলাটীৰ স্কুল

এম ডি এইচ মচলাৰ ৫২ টা প্ৰডাক্টত ১৪০ বিধ ভিন্নধৰণৰ মচলা পেকেটিং হয়। ২০১৯ বৰ্ষত ১৫০০০ কোটি টকা ব্যৱসায় কৰা এম ডি এইচ মচলা বৰ্তমান বিশ্বৰ ১০০ খন দেশত প্ৰচলিত। লাহে লাহে এন ডি এইচৰ পৰিসৰ বাঢ়িছে। ব্যৱসায়ত ধৰ্মপাল গুলাটীৰ মূলমন্ত্ৰ হল ভাল সামগ্ৰী গ্ৰাহকক দিলে সদায়ে তেওঁলোক আদৰি লব। বিগত ৬০ বছৰে গ্ৰাহক সেই বিশ্বাস আদায় কৰিছে এম ডি এইচ মচলাই।

মচলা সম্ৰাজ্যৰ বাদশ্বাহ ধৰ্মপাল গুলাটী 

ৰাজনৈতিক ক্ষেত্ৰৰ বহুনেতাৰ সৈতেও ধৰ্মপাল গুলাটীৰ ভাল সম্পৰ্ক। কিছুদিনৰ পূৰ্বে বিজেপি নেত্ৰীৰ সুষমা স্বৰাজৰ মৃহদেহৰ কাষত হুকহুকাই কান্দি পৰিছিল দেশৰ বৰ্ষীয়াল ব্যৱসায়ীজনে। এসময়ত জেপত মাত্ৰ ১৫০০ টকা লৈ ভাৰতলৈ অহা ধৰ্মপাল গুলাটীৰ এম ডি এইচ মচলাৰ চি ই অ হিচাপে বৰ্তমান বাৰ্ষিক দৰমহা পায় ২১ কোটি টকা। ইফালে আছে তেওঁৰ কেইবাশ কোটি টকাৰ এই মচলা সম্ৰাজ্য।

এয়া কেৱল ২ টা উদাহৰণে। এনে বহু ব্যক্তি আছে যিয়ে নিজৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ বলত বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰিছে। জীৱনৰ প্ৰত্যেকতো প্ৰত্যাহ্বান তেওঁলোকে সাহসেৰে মুখামুখি হৈছে আৰু আৰোহণ কৰিছে সফলতাৰ উচ্চ শিখৰত।