সদস্য:Papu Saikia

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নীলা খামৰ চিঠি

পাপু শইকীয়া

প্ৰতি,

      মৰমৰ পখিলি,

      ( হৃদয়ৰ সোণপখিলী)

মৰমবোৰ শব্দত তিয়াই পঠিয়াইছো, তুমি চাকনিৰে চেকি ল'বা। লিখা নিলিখাৰ সন্ধিক্ষণত উলমি ৰয় বহু শব্দ প্ৰকাশিত - অপ্ৰকাশিত। সেই যে তুমি কোৱা "নকওঁ যোৱা তোমাক"।

স্মৃতিবোৰেই পুনৰ তোমালৈ লিখিবলৈ সাহস আৰু প্ৰেৰণা দিয়ে। গৰম পানী খিনিত চাহপাত দুটামান পৰি ৰঙীন হৈ পৰে। তুমি চাগৈ হাহিঁছা-"কি যে কয় এইডালে"।

তোমাৰ উপস্থিতিৰ বতৰা দিবলৈ এইয়া  তুমি দিয়া মা-ফলা খন শীতৰ সেমেকা সন্ধিয়া বোৰত ডিঙিত মেৰিয়াই লৈছোঁ ।মই দিয়া চুৱেটাৰটো তুমি নিপিন্ধা নেকি আজিকালি, পুৰণি হ'ল চাগৈ।

সিদিনা আৱতৰীয়া শিল বৰষুণ জাকত তিতি জ্বৰত কটালোঁ পাঁচোটা দিন। সেই যে আপদীয়া কাহটো লগ নেৰা হ' ল।

প্ৰতিটো দিনৰ হেঙুলীয়া পোহৰক সোধোঁ তোমাৰ বতৰা, জোনাকী ৰাতিবোৰত তোমাৰ সুখৰ কিমান তৰা ?

নিলিখোঁ বুলিও লিখিলোঁ তোমালৈ কিমান যে শব্দ! তোমাৰ চাগৈ আমনি লাগিছে পঢ়ি! লগৰবোৰক দৌৰি গৈ চিঠিখন নেদেখুৱাবা, উজুটি খাবা। কপালত চুটিকৈ কটা চুলি কেইডাল নামি আহিল, তুলি লোৱা।

আৰু আছিল বহু কথা "এহ নকওঁ দিয়া আজি"। তোমাৰ ব্যস্ততাপূৰ্ণ জীৱনৰ একাঁজলি সময় উলিয়াই উত্তৰ দিবা মনত পৰিলে। চিঠিখনেৰে জাৱৰদানীটোৰ কলৱেৰ নবঢ়াবা।

শেষত

পখিলা ভাল পোৱা

গৌন প্ৰেমিক

(পাপু শইকীয়া , চিনাতলী, গোলাঘাট, অসম)