সুৱঁৰি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সৰি বা সুঁৱৰি দক্ষিণ কামৰূপৰ এটি এদিনীয়া বসন্তোৎসৱ। এই উৎসৱৰ আকৰ্ষণ হ'ল দধিমথন ভাওনা অভিনয়। শিশু কৃষ্ণৰ বাবে নন্দজায়া যশোদাৰ দধিমথন,কানাইৰ চাতুৰী প্ৰভৃতি এই উৎসৱৰ জৰিয়তে স্মৰণ কৰা সুযোগ পোৱা গুণেই নাম সুঁৱৰি। গাঁৱৰ নামঘৰত এই উৎসৱ অনুষ্ঠিত হয় যদিও সুবিধা নথকা ঠাইবোৰত মুকলি পথাৰতেই সাময়িক ভাৱে বাঁহৰ চাত পুতি ৰভা দি আয়োজন কৰা হয়। ওচৰৰ নামঘৰ সমূহৰ বিগ্ৰহ সমূহ আসনেৰে সৈতে আনি সুঁৱৰী থলীৰ পূৱ দিশত এটা শাৰী স্থাপন কৰা হয়। উপস্থিত লোক সকলে ফুলৰ মালা আৰু পইচা বিগ্ৰহলৈ আগবঢ়ায় সেৱা জনায়।

সুঁৱৰী থলীৰ চাৰিটা কলৰ পুলিৰ সোঁমাজত কলৰ দোনাৰে সুদৃশ্যকৈ সজা বেদীৰে দধি মথন মণ্ডৱ সজা হয়। বেদীত সংস্থাপিত হয় পাঁচডাল জাকজমকপূৰ্ণ মথনিমাৰি। মাৰিকেইডাল ভালকৈ ঘূৰিবলৈ তাৰ তলত থাকে মাটি টেকেলি একোটা। দধি মথন মণ্ডৱত পকা কলৰ থোকি,মাখনৰ টেকেলি প্ৰভৃতি আঁৰি থোৱা হয়। আবেলি পৰত আৰম্ভ হয় দধিমথন ভাওনা। নাটৰ চৰিত্ৰ সমূহৰ ভিতৰত আছে -শিশু কৃষ্ণ,বলোৰাম,নন্দ,যশোদা আৰু গোৱালিনীসকল।

কিছুদিনৰ আগলৈকে দধিমথন ভাওনাৰ আটাইবোৰ ভাও মতা মানুহেই দিছিল। আজিকালি অৱশ্যে গোপী আৰু যশোদা ভাও ছোৱালীয়ে দিয়ে। কোনো কোনো সুঁৱৰি থলীত অগণন লোকৰ সন্মুখত ডেকা-গাভৰুৱে মালা দি বিবাহ -পাশত আৱদ্ধ হৈছিল। সুঁৱৰি উৎসৱৰ উৎস হিচাপে লৈ ভালেখিনি লোকবিশ্বাস গা কৰি উঠিছে।[1]

সুৱঁৰি উৎসৱৰ ইতিহাস[সম্পাদনা কৰক]

সুঁৱৰীৰ আৰম্ভণি ক’ত, কেতিয়া, কি প্ৰসংগত, কেনেদৰে হৈছিল তাৰ কোনো ঐতিহাসিক তথ্য পোৱা নগ’লেও এটা কথা কিন্তু ধুৰূপ যে আৰম্ভণিতে এই উৎসৱটিৰ সৃষ্টি হৈছিল মূলতঃ সোঁৱৰণি পৰ্ব ৰূপেহে। এই্ সোঁৱৰণি আছিল শ্রীকৃষ্ণই ল’ৰালি কালত গকুলত কৰা আনন্দদায়ক ক্রীড়া-কৌতুক আদিৰ সোঁৱৰণ। পৰৱৰ্তী সময়ত এই সোঁৱৰণি পৰ্বটিয়ে প্ৰসাৰ লাভ কৰি জনসাধাৰণৰ মাজত ভক্তি আৰু আনন্দৰ উৎসৱ হিচাপে উদযাপিত হ’বলৈ ধৰিলে। লগে লগে উৎসৱ উদযাপন কৰা সৰ্বসাধাৰণে ইয়াক সোঁৱৰণিৰ অৰ্থৰেই ‘সুঁৱৰী’ বা স’ৰি নামেৰে আঞ্চলিক ৰহণ সানি স্বকীয় ৰূপেৰে পালন কৰিবলৈ ধৰিলে। ফলত ই লাভ কৰিলে অঞ্চলটোৰ জাতীয় উৎসৱৰ মৰ্যাদা। এই উৎসৱ উপলক্ষে সেই অঞ্চলটোৰ নিৰ্দিষ্ট কোনো ৰাজহুৱা স্থান, নামঘৰ বা মন্দিৰ প্ৰাংগণ’ আদিক সুন্দৰকৈ সজাই– পৰাই আটকধুনীয়া কৰি তোলা হয়। সেই অঞ্চলৰ পূজিত বিভিন্ন দেৱ-দেৱীৰ বিগ্ৰহবোৰক ৰাতিপুৱাৰ ভাগতে ভক্তবৃন্দই গাখীৰ-পানী আৰু ফুল-তুলসী আদিৰে সজাই-পৰাই তোলে। তাৰ পাছত পৰম্পৰাগত নিৰ্দিষ্ট ধর্মীয় আচাৰ আৰু নীতিনিয়মেৰে চাকি-বন্তি, ধুপ-ধুনা জ্বলাই লগতে ঢুলীয়া-খুলীয়াই ঢোল-খোল, বৰকাহ আদি বজাই হৰি কীৰ্তনৰ নিজৰা বোৱাঁই লৈ আনি যথাস্থানৰ নিৰ্দিষ্ট বেদীত স্থাপন কৰে। দক্ষিণ কামৰূপৰ অঞ্চল বিশেষত পালন কৰা এই সুঁৱৰী উৎসৱত উৎসৱৰ দিনা ব্যক্তিগতভাৱেও অনেক পৰিয়ালৰ লোকে নিজৰ মংগল কামনাৰ অৰ্থে ভগৱন্ত পুৰুষলৈ সেই বিগ্ৰহ আৰু মালা- নিৰ্মালিৰ শৰাই স্থাপন কৰা বেদীত ফুল-তুলসীসহ নৈৱেদ্যৰ শৰাই আগবঢ়ায়।

ইফালে আকৌ এই সুঁৱৰী উৎসৱৰ্থলীত অনুষ্ঠিত হয় উৎসৱটিৰ মূল সোঁৱৰণি পৰ্বমূলক শিশু কৃষ্ণ আৰু গোপিনীসবৰ অতি চমকপ্রদ আৰু আকর্ষণীয় দধিমথন নৃত্য। সুঁৱৰী উৎসৱৰ এই দধি মথা কাৰ্যত ভাগ লোৱা কুমাৰী ছোৱালীহঁতে ধর্মীয় পৰম্পৰা অনুসৰি সুঁৱৰী উৎসৱৰ আগদিনাৰ পৰা উপবাসে থাকি ভক্তিভাবেৰে উৎসৱত অংশগ্ৰহণ কৰে। অঞ্চল বিশেষৰ কোনো কোনো সুঁৱৰীথলীত সুঁৱৰী উৎসৱৰ মূল দধিমথন কাৰ্যৰ লগতে শিশু কৃষ্ণৰ চল-চাতুৰীৰে পৰিপূৰ্ণ ‘অৰ্জুন-ভঞ্জন’ নাটৰো অভিনয় কৰি উৎসৱ উপভোগকাৰীসকলক আনন্দ দিয়া দেখা যায়। লোক-বিশ্বাস অনুযায়ী সুঁৱৰী উৎসৱত পূজা-সেৱা কৰিলে মনোকামনা পূর্ণ হয়। সেইহে যেন ভক্তপ্ৰাণ সৰ্বসাধাৰণে এই গোপ বালকসকলক ভক্তিভাবেৰে পূজা অৰ্চনা কৰি নিজৰ মনোবাঞ্ছা পূৰণ কৰিবলৈ আগবাঢ়ি আহে। এই সুঁৱৰী উৎসৱৰ আন এটি বিশেষত্ব হৈছে হাঁনাঘোঁৰা আৰু পাৰবাহ নৃত্যৰ প্রদর্শন। বকো, গোলাইহাট আদি অঞ্চলত উদযাপিত হোৱা সুঁৱৰী উৎসৱত উৎসৱটিৰ ধৰ্মীয় দিশৰ লগত সংগতি ৰাখি এই উৎসৱবোৰৰ উপাস্য দেৱ-দেৱীৰ সন্তুষ্টিৰ অৰ্থে এনেবোৰ নৃত্য প্ৰদৰ্শন কৰা হয়। উৎসৱৰ দিনা উৎসৱৰ্থলীত বিভিন্ন দোকান-পোহাৰৰ আগমন আৰু উৎসৱৰ মাদকতা উপভোগ কৰিবলৈ অহা দূৰদূৰণিৰ লোকসকলে যেন উৎসৱটিক বেছি আকর্ষণীয় কৰি তুলিছে। ভক্তি আৰু আনন্দ প্ৰদানৰ লগতে যুগ যুগ ধৰি এনেবোৰ আঞ্চলিক উৎসৱে অঞ্চলবোৰৰ সৰ্বসাধাৰণক একতাৰ ডোলেৰে বান্ধ খুৱাই ৰাখি মানৱ সমন্বয় সাধনতো বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। সেয়েহে এনেবোৰ উৎসৱৰ মহত্ত্ব তুলনাবিহীন।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. সৰি বা সুঁৱৰি (২৭মে,১৯৯৬). অসমীয়া সংস্কৃতিৰ কণিকা. প্ৰকাশক গুৱাহাটী: চন্দ্ৰ প্ৰকাশ,পাণবজাৰ,গুৱাহাটী -১. পৃষ্ঠা. ৩২৬.