২০২৪ আইচিচি পুৰুষ টি২০ বিশ্বকাপ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
২০২৪ আইচিচি পুৰুষৰ টি২০ ৱাৰ্ল্ড কাপ
দিনাংক ৪ – ৩০ জুন ২০২৪
প্ৰশাসক(সমূহ) আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ
ধৰণ টি-২০ আন্তঃৰাষ্ট্ৰীয়
প্ৰতিযোগিতাৰ ধৰণ(সমূহ) গ্ৰুপ ষ্টেজ-ৰাউণ্ড-ৰবিন আৰু নকআউট।
আয়োজক(সমূহ) আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৱেষ্ট ইণ্ডিজ
দলৰ সংখ্যা ২০
মুঠ খেলৰ সংখ্যা ৫৫
আনুষ্ঠানিক ৱেবছাইট t20worldcup.com

২০২৪ চনৰ আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ হ'ল আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপৰ নৱম সংস্কৰণ। এই বিশ্বকাপ ২০২৪ চনৰ জুন মাহত ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত হোৱাৰ কথা আছে। [1] ক্ৰিকেট বিশ্বকাপৰ দৰে বৃহৎ প্ৰতিযোগিতা আমেৰিকাই নিজৰ দেশত প্ৰথমবাৰৰ বাবে আয়োজন কৰিবলৈ ওলাইছে । [2] এই বিশ্বকাপত মুঠ ২০টা দলে অংশগ্ৰহণ কৰিব।

আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজে আয়োজক ৰাষ্ট্ৰ হিচাপে স্বয়ংক্ৰিয়ভাৱে বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে। ২০২২ চনৰ আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপৰ শীৰ্ষ আঠটা দল আৰু আন দুটা দলে ২০২২ চনৰ ১৪ নৱেম্বৰত আইচিচিৰ ৰেংকিঙ অনুসৰি বিশ্বকাপৰ মূল মঞ্চত পোনপটীয়াকৈ খেলিব। ইয়াৰ উপৰিও আইচিচিৰ আঞ্চলিক কোৱালিফায়াৰৰ পৰা বাকী আঠটা দলে বিশ্বকাপ খেলাৰ সুযোগ পাব।

গাঁথনি[সম্পাদনা কৰক]

মূল মঞ্চলৈ যোগ্যতা অৰ্জন কৰা ২০টা দলক চাৰিটা গ্ৰুপত ভাগ কৰা হ’ব, প্ৰতিটো গ্ৰুপত পাঁচটা দল থাকিব। প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দুটা দলে ছুপাৰ ৮ পৰ্যায়লৈ আগবাঢ়িব। এই পৰ্যায়লৈ উন্নীত হোৱা দলসমূহক চাৰিটাকৈ দলৰ দুটা গ্ৰুপত ভাগ কৰা হ’ব আৰু প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দুটা দলে নকআউট পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰিব, য’ত দুটা ছেমি ফাইনেল আৰু এখন ফাইনেল হ’ব।[3]

দলসমূহৰ তালিকা[সম্পাদনা কৰক]

পুৰুষৰ কোৱালিফিকেচন তাৰিখ স্থান দল কোৱালিফায়াৰ
আয়োজক ১৬ নৱেম্বৰ ২০২১  আমেৰিকা যুক্তৰাষ্ট্ৰ
 ৱেষ্ট ইণ্ডিজ
২০২২ আইচিচি পুৰুষ টি২০ ৱাৰ্ল্ড কাপ ১৩ নৱেম্বৰ ২০২২ অষ্ট্ৰেলিয়া
আইচিচি পুৰুষৰ টি২০ টিম ৰেংকিং ১৪ নৱেম্বৰ ২০২২
২০২২–২৩ আইচিচি পুৰুষৰ টি২০ বিশ্বকাপ ইউৰোপ কোৱালিফায়াৰ ২০-২৮ জুলাই ২০২৩ স্কটলেণ্ড
ইষ্ট এছিয়া-পেচিফিক কোৱালিফায়াৰ ২২-২৯ জুলাই ২০২৩ Papua New Guinea  পাপুৱা নিউগিনি
আমেৰিকা কোৱালিফায়াৰ ৩০ ছেপ্টেম্বৰ – ৭ অক্টোবৰ ২০২৩ বাৰ্মুদা  কানাডা
এছিয়া কোৱালিফায়াৰ ৩০ অক্টোবৰ – ৫ নৱেম্বৰ ২০২৩ নেপাল
আফ্ৰিকা কোৱালিফায়াৰ ২২–৩০ নৱেম্বৰ ২০২৩ নামিবিয়া
মুঠ ২০

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "USA to stage T20 World Cup: 2024-2031 ICC Men's tournament hosts confirmed". International Cricket Council. https://www.icc-cricket.com/news/2354682। আহৰণ কৰা হৈছে: 10 April 2022. 
  2. "2024 T20 World Cup: USA granted automatic qualification". BBC Sport. https://www.bbc.co.uk/sport/cricket/61083748। আহৰণ কৰা হৈছে: 12 April 2022. 
  3. "New format, new location: How the 2024 T20 World Cup will look". International Cricket Council. 21 November 2022. https://www.icc-cricket.com/news/2913916। আহৰণ কৰা হৈছে: 22 November 2022.