ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা/এপ্ৰিল-২০১৯/ভাল প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ঝুম্পা লাহিড়ী

নিলাঞ্জনা সুদেষ্ণা "ঝুম্পা" লাহিড়ী (জন্ম ১১ জুলাই, ১৯৬৭) এগৰাকী প্ৰখ্যাত আমেৰিকান সাহিত্যিক। চুটিগল্ল, উপন্যাস আৰু প্ৰবন্ধ লেখাসমূহৰ বাবে সুপৰিচিত লাহিড়ীয়ে শেহতীয়াকৈ ইটালীয় ভাষাতো সাহিত্যচৰ্চা কৰিবলৈ লৈছে।

লাহিড়ীৰ সাহিত্যৰাজিত মূলতঃ আমেৰিকাবাসী প্ৰৱাসী ভাৰতীয়সকলৰ অভিজ্ঞতা প্ৰকাশ পায়। তেওঁৰ প্ৰথমখন চুটি গল্পৰ সংকলন "ইন্টাৰপ্ৰিটাৰ অৱ্ মেলেডিজ" (১৯৯৯) এ কাহিনীৰ শাখাত পুলিৎজাৰ বঁটা পাবলৈ সক্ষম হৈছিল। কিতাপখনে পেন/হেমিংৱে এৱাৰ্ডো পাইছিল। তেওঁৰ প্ৰথম উপন্যাস দ্য নেমচেক (২০০৩) খন একে নামেৰে এখন জনপ্ৰিয় চলচ্চিত্ৰৰ ৰূপ দিয়া হৈছিল। তেওঁৰ দ্বিতীয় চুটিগল্পৰ সংকলন "আনএকাষ্টমড্ আৰ্থ্" (২০০৮) য়ে "ফ্ৰেংক অ'কনৰ ইন্টাৰনেশ্বনেল ছৰ্ট ষ্ট'ৰি এৱাৰ্ড" পাইছিল। ২০১১ চনৰ পৰা লাহিড়ীয়ে ইটালীৰ ৰোম চহৰত থাকিবলৈ লয়। ইয়াৰ পিছত তেওঁৰ দুখনকৈ নিৱন্ধ সংকলন প্ৰকাশ পাইছে আৰু ইটালীয় ভাষাত লিখা এখন উপন্যাসো প্ৰকাশৰ পথত আছে। তেওঁ নিজৰ আৰু আন কেইগৰাকীমান লেখকৰ ইটালীয় ভাষাৰ লেখা ইংৰাজীলৈ অনুবাদ কৰিছে।২০১৪ চনত লাহিড়ীক "নেশ্বনেল হিউমেনিটীজ্ মেডেল" প্ৰদান কৰা হৈছিল। সম্প্ৰতি তেওঁ প্ৰিন্সটন বিশ্ববিদ্যালয়ত এগৰাকী সৃজনীমূলক সাহিত্যচৰ্চাৰ অধ্যাপক।

আৰু পঢ়ক...