ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা/ছেপ্টেম্বৰ-২০১৫/সম্পাদকীয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৱিকিপিডিয়ানৰ মনৰ কথা

২০১১ চনৰ জানুৱাৰীত ঘৰত ইণ্টাৰনে'ট সংযোগ এটা ল'লোঁ। ফে'চবুকত ইটো-সিটো চাই থাকোঁতে নতুনকৈ গঢ় লোৱা "অসমীয়া কথা-বতৰা" গোটৰ যোগেদি ইউনিক'ডত অসমীয়া লিখিবলৈ শিকিলোঁ। কোনোবাই "Assamese wikipedia community" গোটটোতো সুমুৱাই দিলে। তাৰ পাছত এদিন মন কৰিলোঁ যে ইংৰাজী ৱিকিপিডিয়াত গোপীনাথ বৰদলৈৰ বিষয়ে একেবাৰে কম কথা আছে। অসমীয়া কিতাপ এখনৰ পৰাই অনুবাদ কৰি কৰি কিছু তথ্য প্ৰবন্ধটোত যোগ দিলোঁ। ৰাতিলৈ চাওঁতে দেখিলোঁ কোনোবাই 'ৰেফাৰেন্স'ৰ অভাৱ বুলি জাননী এখন লগাই থৈছে। আঁতৰাই দিলোঁ। পাছদিনা আকৌ দেখিলোঁ সেইখন। পুনৰ আঁতৰালোঁ। বুলজিৎ বুঢ়াগোহাঁই দাদাক ৱিকিপিডিয়াত ৰেফাৰেন্স যোগ কৰাৰ কথা জানে নেকি সুধিলোঁ; তেখেতে নাজানো বুলি কৈ অঞ্জল বৰা দাদালৈ ৰেফাৰ কৰি দিলে। অঞ্জল দাদাই প্ৰক্ৰিয়াটো বুজালে, লগতে সুধিলে- "তুমি অসমীয়া ৱিকিপিডিয়াত কিয় নিলিখা। তাত প্ৰবন্ধ আৰু সক্ৰিয় সদস্য তেনেই কম।" শলাগি থ'লোঁ।

দুদিনমান পাছত অসমীয়া ৱিকিপিডিয়া খুলি চালোঁ। ২০০২ চনৰ জুনতে মুকলি কৰা ৱেবছাইটোত প্ৰবন্ধ সংখ্যা প্ৰায় ২৫০টা। তাতো বলঙুৱা আখৰৰ মিশ্ৰণেৰে বাৰেপাচি ভুল। কিছুমান দুশাৰীমানৰ পৃষ্ঠা। কিবা এটা কৰোঁ বুলি "সৌৰভ কুমাৰ চলিহা" বিষয়ে কোনোবা এখন গল্পৰ কিতাপৰ গল্পকাৰ পৰিচিতিৰ পৰা চাই চাই অকণমান লিখিলোঁ। ন-শিকাৰু বাবে যুঁজি যুঁজি অসমীয়া টাইপ কৰোঁতেই বহু সময় লাগিল। সেইদিনা আছিল ২০১১ চনৰ ১১ ফেব্ৰুৱাৰী। তেতিয়াৰ পৰাই অসমীয়া ৱিকিপিডিয়াৰ লগত যুক্ত হ'লোঁ আৰু আজিও সেই সম্পৰ্ক অলপো টুটা নাই বুলি ভাবোঁ। অসমীয়া ৱিকিপিডিয়াৰ অৱস্থা ভাল কৰিবলৈ চিজু এলেক্স নামৰ এজন কেৰালাৰ ব্যক্তি আগবাঢ়ি আহিল। লগত কেইজনমান অসমীয়া e-সেনা। সকলোৱে মিলি আমি বেটুপাত সাজিলোঁ, সাঁচবোৰ ঠিক-ঠাক কৰিলোঁ, ইউজাৰ ইণ্টাৰফে'চৰ গতি লগালোঁ ইত্যাদি। আক-তাক ৱিকিপিডিয়াত লিখিবলৈ শিকালোঁ। লাহে লাহে দুই-এজনকৈ সক্ৰিয় সদস্য বাঢ়ি আহিল, প্ৰবন্ধৰ সংখ্যা-মানৰ উন্নতি হ'ল। ২০১৩ চনৰ ৪ জানুৱাৰীত সকলোৱে লাগি-ভাগি অনলাইন মুক্ত পুথিভঁৰাল অসমীয়া ৱিকিউৎসও মুকলি কৰিলোঁ।

বহুখিনি হোৱা দেখিলোঁ। বহুখিনি হ'বলৈ এতিয়াও বাকী। বহু ভাৰতীয় ভাষাৰ ৱিকিপিডিয়া, ৱিকিউৎসৰ তুলনাত আমি এতিয়াও পিছপৰা। ফে'চবুকত কথাৰ মহলা মৰা মানুহ বহুত, কিবা এটা কৰিবলৈ আগবাঢ়ি অহা মানুহ কম। তথাপিওতো হেঁপাহৰ শেষ নাই। অসমীয়া ৱিকিমিডিয়া প্ৰকল্পবোৰ জাকত জিলিকা হোৱালেই এতিয়া আমাৰ অপেক্ষা।                             (গীতাৰ্থ বৰদলৈ)