ৱিকিপিডিয়া:প্ৰবন্ধ কি?
|
|
সহায়:সমল |
প্ৰবন্ধ কি?এটা ৱিকিপিডিয়া প্ৰবন্ধ হৈছে বিশ্বকোষত থাকিবৰ উপযোগী তথ্যসমৃদ্ধ এখন পৃষ্ঠা। ৱিকিপিডিয়াৰ সকলো প্ৰবন্ধৰ তালিকাৰ বাবে বিশেষ:সকলোবোৰ পৃষ্ঠা চাওক আৰু ৱিকিপিডিয়াৰ বিষয়ে তথ্য আৰু পৰিসংখ্যাৰ বাবে ৱিকিপিডিয়া:পৰিসংখ্যা চাওক। "প্ৰবন্ধ"সমূহ ৱিকিপিডিয়া পৃষ্ঠাৰ মূল নামস্থানৰ অন্তৰ্গত ("প্ৰবন্ধ নামস্থান" বুলিও কোৱা হয়। ইয়াত আন কামৰ বাবে ব্যৱহৃত তলত উল্লেখ কৰা নামস্থানসমূহৰ পৃষ্ঠা নাথাকে।
কিন্তু প্ৰবন্ধ নামস্থানত থকা সকলো পৃষ্ঠাকে প্ৰবন্ধ বুলি গণ্য কৰা নহয়; তাৰে কিছুমান হৈছে:
বিশেষ:পৰিসংখ্যাৰ ছফ্ট্ৱেৰে স্বয়ংক্ৰিয়ভাৱে ব্যৱহাৰ কৰা সংজ্ঞাটো হৈছে: প্ৰবন্ধ নামস্থানত থকা কোনো পৃষ্ঠা, যি পুনঃনিৰ্দেশ পৃষ্ঠা নহয় আৰু য'ত অতিকমেও এটা ৱিকি সংযোগ থাকে। পৰিসংখ্যা ছফ্ট্ৱেৰটোত দ্বৰ্থতা দূৰীকৰণ পৃষ্ঠাসমূহ ধৰা পেলাবলৈ বৰ্তমান কোনো ব্যৱস্থা নাই, ই পোখালিসমূহকো অমান্য নকৰে (কেতিয়াবা ষ্টাব্ বুলি চিহ্নিত কৰা পৃষ্ঠা এখনো তথ্যপূৰ্ণ হ'ব পাৰে), লগতে পোখালি তালিকাকো (কম সমল থকা বা একেবাৰে নথকা সাঁচৰ তালিকা)"। প্ৰবন্ধৰ নামাকৰণৰ বিষয়ে জানিবলৈ ৱিকিপিডিয়া:নামাকৰণ নীতি চাওক আৰু প্ৰশাসক বা নিৰ্দিষ্ট সদস্যইহে সম্পাদনা কৰিব পৰা পৃষ্ঠাসমূহৰ তালিকাৰ বাবে বিশেষ:সুৰক্ষিত পৃষ্ঠাসমূহ চাওক। [সম্পাদনা কৰক] প্ৰবন্ধৰ মানদণ্ডপ্ৰবন্ধৰ মানদণ্ড ভিন ভিন হ'ব পাৰে, খুব ভাল প্ৰবন্ধৰ পৰা বিলোপনযোগ্য প্ৰবন্ধলৈকে। কিছুমান প্ৰবন্ধ বৰ দীঘল য'ত বহু তথ্য থাকে আৰু কিছুমান অতি চুটি (সম্ভৱ পোখালি) আৰু কম মানদণ্ডৰ। [সম্পাদনা কৰক] অতিৰিক্ত তথ্য
|