ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০২৩/ভাল প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমৰ স্বৰ্ণ শিল্পই আহোম যুগৰে পৰা অসমৰ অৰ্থনীতিত এক উল্লেখযোগ্য স্থান অধিকাৰ কৰি আহিছে৷ অসমত পুৰুষ মহিলা উভয়ৰে পৰিধেয় অলংকাৰৰ উপৰি মূৰ্তি আৰু আন আন সামগ্ৰী সোণেৰে তৈয়াৰ কৰা এক উদ্যোগ গঢ়ি উঠিছিল৷ এই শিল্পৰ ইতিহাস অতি পুৰণি৷ গ্ৰীক গ্ৰন্থ “পেৰিপ্লাছ অৱ দ্যা এৰিথ্ৰিয়ান ছি’’ৰ বৰ্ণনা অনুসৰি সেইসময়ৰ অসমৰ ভূখণ্ডৰ পৰা নিষ্কাশিত সোণ ত্ৰিপুৰা হৈ গংগা অৱবাহিকাৰ আশেপাশে থকা বিভিন্ন ব্যৱসায়িক কেন্দ্ৰলৈ গৈছিল৷ পালবংশী ৰজা জয়পালৰ সময়ৰ এখন শিলালিপি অনুসৰি ৰজাই নিজৰ দেহৰ সমান ওজনৰ স্বৰ্ণমুদ্ৰা ব্ৰাহ্মণক দান কৰাৰ কথা জনা যায়৷ ১৩শ শতিকাৰ পাৰ্ছীয়ান ইতিহাসবিদ মিনহাজ আল ছিৰাজ জুজজানিৰ “তাবাকাৎ ই নাছিৰি’’ নামৰ কিতাপমতে সেইসময়ৰ কামৰূপ ৰাজ্যৰ এটা মন্দিৰত সোণ আৰু ৰূপৰ বহুকেইটা মূৰ্তি পোৱা গৈছিল৷ কৌটিল্যৰ অৰ্থশাস্ত্ৰত প্ৰাচীন কামৰূপত হিমালয়ৰ পৰা বৈ অহা নদীৰ বালিৰ পৰা প্ৰচুৰ পৰিমাণে সোণ আহৰণ কৰাৰ কথাৰ উল্লেখ আছে৷ বিতংকৈ ইয়াত পঢ়ক...


যোৱামাহৰ ভাল প্ৰবন্ধ কাইথেলী অংকৰ বিষয়ে ইয়াত পঢ়ক...