ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/নৱেম্বৰ-২০১৯/ৱিকিপিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৱিকিপিডিয়া বা ৱিকিউৎসত কাম কৰা দেখি বহুতেই মোক প্ৰায়ে প্ৰশ্ন কৰিছিল, যে ৱিকিপিডিয়াত কাম কৰিলে অৰ্থাৎ লিখিলে কিবা মাননী পোৱা যায় নেকি? এই প্ৰশ্নটোৰ মুখামুখি বহুবাৰ হৈছিলোঁ, যদিও সকলোকে কথাটো বুজাই কৈছিলোঁ যে জীৱনত কিছুমান এনে কাম কৰা হয় যাক মূল্যৰে জুখিব নোৱাৰি। অসম আৰু অসমীয়াক প্ৰকৃততে যদিহে ভাল পোৱা যায়, তেনেহলে নিজৰ গাঁঠিৰ ধন ভাঙি হলেও কাম কৰাত মাদকতা আছে। মোৰো তেনে অনুভৱ হয়। মই এটা কথাই বুজিছিলোঁ, জীৱনত আন একো কৰিব নোৱাৰিলেও অসম আৰু অসমীয়াৰ বাবে নীৰৱে কিবা কৰাৰ এয়াই মোৰ বাবে সোণালী সুযোগ, এই সুযোগ হেৰুৱাবলৈ মই নিবিচাৰোঁ। তাৰ উপৰি ভাল লাগিছিল এইটো ভাবি যে মই মোৰ জীৱনত যিবোৰ পৃষ্ঠা ৱিকিপিডিয়াত বা ৱিকিউৎসত সৃষ্টি কৰি থৈ যাম সেইবোৰৰ ইতিহাস যুগযুগান্তৰলৈ মোৰ নামতেই ৱিকিপিডিয়াত খোদিত হৈ থাকিব। আমি এনেকৈ সৃষ্টি কৰা পৃষ্ঠাবোৰে আমাৰ ভবিষ্যত প্ৰজন্মৰ বাবে সদায় সহায়ক হৈ পৰিব। আজি এই কথা বহুতেই উপলদ্ধি কৰিব পৰা নাই যদিও, অনাগত দিনত এই কথা নিশ্চয় স্বীকাৰ কৰিবই লাগিব। এই কথাটোৱেই মোক বহুত প্ৰেৰণা দি আহিছে। --নিতুল বৰা

বৰ্তমান সময়ত অসমীয়া ভাষাৰ যি সংকটৰ সন্মুখীন হৈছে তাৰ বাবে ইণ্টাৰনেটত অসমীয়া ভাষাৰ ব্যৱহাৰ নিতান্তই প্ৰয়োজনীয়। সেই দৃষ্টিত অসমীয়া ৱিকিপিডিয়াও সমানে গুৰুত্বপূৰ্ণ। নিজৰ মাতৃভাষাত ইন্টাৰনেটত কিবা পঢ়িবলৈ পোৱা নিশ্চয় এক বুজাব নোৱাৰা অনুভূতি। তদুপৰি ৱিকিত কিবা লিখিলে আত্মসন্তুষ্টি লাভ হয়। ৱিকিপিডিয়া সম্পাদনা কৰিলে নিজৰ জ্ঞান বঢ়াৰ লগতে আন বহুজন পাঠকৰ লাভ হয়। --অজয় দাস

অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধিশালী কৰাৰ ক্ষেত্ৰত ছাত্ৰ সমাজে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব পাৰে। শিক্ষাৰ্থীসকলে তেঁওলোকৰ পাঠ্যবিষয় সমূহ, যেনে- বিজ্ঞান, গণিত, অৰ্থনীতি, ৰাজনীতি, সাহিত্য আদিৰ বিষয়সমূহ ৱিকিপিডিয়াত লিখিব পাৰে। ই দুই প্ৰকাৰৰ লাভ প্ৰদান কৰিব, প্ৰথমতে শিক্ষাৰ্থীসকলৰ নিজৰ অধ্যয়ন হ'ব লগতে ৱিকিপিডিয়াও জ্ঞানবৰ্ধক লিখনিৰে সমৃদ্ধিশালী হ'ব। 'ফেচবুক'ৰ দৰে সামাজিক ৱেবছাইটত আজিৰ যুৱ-সমাজে যিমান সময় খৰছ কৰে তাৰ আধা সময়ো যদি ৱিকিপিডিয়াত খৰছ কৰে, তেতিয়া তেঁওলোকৰ লগতে সমাজৰো বহু উপকাৰ সাধন কৰা হ'ব বুলি ভাব হয়। সেইবাবে অসমৰ শিক্ষাৰ্থী তথা যুৱ-সমাজক ৱিকিপিডিয়াত বৰঙণি আগবঢ়াবলৈ আহ্বান জনালোঁ। --দিব্য দত্ত

বহুখিনি হোৱা দেখিলোঁ। বহুখিনি হ'বলৈ এতিয়াও বাকী। বহু ভাৰতীয় ভাষাৰ ৱিকিপিডিয়া, ৱিকিউৎসৰ তুলনাত আমি এতিয়াও পিছপৰা। ফে'চবুকত কথাৰ মহলা মৰা মানুহ বহুত, কিবা এটা কৰিবলৈ আগবাঢ়ি অহা মানুহ কম। তথাপিওতো হেঁপাহৰ শেষ নাই। অসমীয়া ৱিকিমিডিয়া প্ৰকল্পবোৰ জাকত জিলিকা হোৱালেই এতিয়া আমাৰ অপেক্ষা। --গীতাৰ্থ বৰদলৈ