ৱিকিপিডিয়া বাৰ্তা:সহায়িকা/আলোচনা পৃষ্ঠা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমত চাহ গছৰ আবিষ্কাৰ[সম্পাদনা কৰক]

অসমত চাহ আৱিষ্কাৰৰ ইতিহাস: যদিও, অসমত চাহ খোৱাৰ প্ৰচলন ব্ৰিটিছ সকলেই কৰিছিল বুলি সাধাৰণভাৱে বিশ্বাস কৰা হয়, কিন্তু এটা কথা সঁচা যে উত্তৰ-পূব অসমৰ হাবিত বনৰীয়াকৈ বা প্ৰকৃতিক ভাৱে গজি থকা চাহ গছ ইতিমধ্যে আছিল আৰু থলুৱা বাসিন্দা চিংফৌ, খামটি, মটক, নৰা আৰু 'পুৰণি বিছা আৰু চীনৰ পৰিসীমাৰ মাজৰ সকলো জনগোষ্ঠীৰ মাজত চাহ খোৱাৰ পৰম্পৰা আছিল।' [1]। 'প্ৰতিটো খাদ্যৰ পিছত পৰম্পৰাগত ভাৱে প্ৰস্তুত কৰা চাহ পান কৰা অনাদি কালৰে পৰা’ </ref>[2] তেওঁলোকৰ মাজত চলি আহিছিল। ব্ৰিটিছসকলে উপত্যকাৰ উত্তৰ-পূব দিশত থকা পাহাৰীয়া জনগোষ্ঠী চিংফৌ সকলৰ দেশত চাহৰ অস্তিত্বৰ বিষয়ে জানিব পাৰি সত্যা-সত্য জানিবলৈ চিংফৌৰাজ্যলৈ আহে। তেওঁলোকে তাত দেখা পালে যে, সেই ঠাইত বনৰীয়া চাহ গছ থকাই নহয় ইয়াৰ থলুৱা লোকসকলে বাৰ্মিজ পদ্ধতিৰে চাহ তৈয়ৈৰ কৰি খাদ্য হিচাপে ব্যৱহাৰ কৰে। এই তথ্য ১৮১৫ চনতেই ব্ৰিটিছসকলে জানিব পাৰিছিল।' [3]। জন এম'কোষৰ মতে, চিংফৌ মুখীয়ালসকলে ইংগ- বাৰ্মীজ যুদ্ধৰ সময়ত বৃহৎ পৰিমাণৰ চাহ শদিয়ালৈ পঠিয়াইছিল । [4]Rangdhali (বাৰ্তা) 18:15, 28 October 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

এয়া মোৰ প্ৰথম লিখা । <ref> দিয়া পদ্ধতিটো হোৱা নাই বুলি ভাবিছোঁ। শিকাই দিলে ভাল পাম। Rangdhali (বাৰ্তা) 18:19, 28 October 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
বহুত ধন্যবাদ। এঢাপ আগুৱালো। Rangdhali (বাৰ্তা) 17:46, 29 October 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

তথ্য সংগ্ৰহ

  1. [The Chinese Repository, Volume- 5, From May 1836 to April 1837, Canton 1937]
  2. [2http://www.tehelka.com/2009/03/by-the-flip-of-a-coin-of-tea/]
  3. [The EARLY HISTORY of the TEA INDUSTRY in NORTH-EAST INDIA, By HAROLD H. MANN, D.Sc. BENGAL ECONOMIC JOURNAL 1918 ৰ পৰা পুনৰ মুদ্ৰিত। পৃষ্ঠা- ৩-৪]
  4. [M'Cosh, John, (2010), Topography of Assam, First Published 1837, p-29]