সমললৈ যাওক

এক'লেণ্ড: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
(edited with ProveIt)
(কোনো পাৰ্থক্য নাই)

10:54, 27 October 2014ৰ সংস্কৰণ

একোলেণ্ড (ইংৰাজী: Accoland) অসমৰ গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় ২১ কিমি আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ২ কিমি দূৰত্বত হাতিগাঁও নামৰ স্থানত অৱস্থিত এখন জল উদ্যান। এইখন ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত অৱস্থিত একমাত্ৰ ৱাটাৰ পাৰ্ক। ইয়াত বিভিন্ন ধৰনৰ পানীত খেলা খেলৰ উপৰিও বিভিন্ন মনোৰঞ্জনধৰ্মী উপাদান আছে । অসমৰ বিভিন্ন প্ৰান্তৰ লগতে অনান্য ৰাজ্যৰ লোকসকলেও আনন্দ উপভোগ কৰাৰ বাবে এই উদ্যানলৈ আহে। বছৰৰ বিভিন্ন সময়ত দৰ্শকসকল ইয়ালৈ আহে যদিও গ্ৰীষ্ম কালত দৰ্শকৰ সংখ্যা অধিক হয়। উদ্যানখন সপ্তাহৰ প্ৰত্যেক দিনাই খোলা থাকে। পূৱা ১০:৩০ বজাত খোলা হয় আৰু ৰাতি ৭:৩০ বজাত বন্ধ কৰা হয়।[1]

সুবিধা সমূহ

পুৰুষ-মহিলা, শিশু-বয়স্ক উভয় বয়সৰ ব্যক্তিৰ মনোৰঞ্জন কৰাৰ ক্ষেত্ৰত উদ্যানখনত বিশেষ গুৰুত্ব দিয়া হয়। একোলেণ্ডত থকা কাৰ্টুন চৰিত্ৰ মিকি মাউচ আৰু ডনান্ড ডাক আদিয়ে শিশুসকলৰ মন আকৰ্ষণ কৰে। মনোৰঞ্জনকাৰী ব্যক্তিসকলৰ নিৰাপত্তাৰ বাবে লকাৰৰ সুবিধা দিয়া হৈছে। খাদ্যসহিতে উদ্যানত প্ৰৱেশ কৰাৰ অনুমতি নাই কিন্তু বিভিন্ন ধৰনৰ দেশীয় আৰু বিদেশী সুস্বাদু খাদ্যৰ বাবে উদ্যানৰ ভিতৰত কেণ্টিনৰ ব্যৱস্থা আছে।[1] টৰ্নেডো আৰু বুমাৰেং সুবিধা থকা ভাৰতৰ বৃহত্তৰ উদ্যানসমূহৰ মাজত একোলেণ্ড অন্যতম।

তথ্য সংগ্ৰহ

  1. 1.0 1.1 "accoland amusement park". ixigo.com. http://www.ixigo.com/accoland-amusement-park-guwahati-india-ne-1754329। আহৰণ কৰা হৈছে: ২৭ অক্টোবৰ ২০১৪. 

বাহ্যিক সংযোগ