অ'কাজাকি দুৰ্গ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অ'কাজাকি দুৰ্গ (ইংৰাজী: Okazaki Castle; 岡崎城 Okazaki-jō) জাপানৰ আইচি অঞ্চলৰ অ'কাজাকি চহৰত অৱস্থিত এক জাপানী দুৰ্গ। এডো যুগৰ শেষত, ই অ'কাজাকি অঞ্চলৰ হোণ্ডা ক্লান পৰিয়ালৰ বাসস্থান আছিল, সেয়ে দুৰ্গটো তকুগাউৱা ইয়েৱাছু আৰু তকুগাউৱা ক্লানৰ পৰিয়ালৰ সংশ্লিষ্টতাৰ বাবে বেছি পৰিচিত। দুৰ্গটোক টাৎছোজো "Tatsu-jō " (龍城?) নামেৰেও জনা যায়।

ইতিহাস[সম্পাদনা কৰক]

১৪৫৫ চনত বৰ্তমান দুৰ্গৰ ওচৰত ছাইগ' ত্ছুগিউৰে এটা মাটিৰ দুৰ্গপ্ৰাচীৰ নিৰ্মান কৰে। ১৫২৪ চনত এই অঞ্চলৰ ক্ষমতা পোৱাৰ পিছত মাৎছুডাইৰা কিয়োৱাছে পুৰণা দুৰ্গ ভাঙি বৰ্তমান স্থানত অ'কাজাকি দুৰ্গ নিৰ্মান কৰে। তেওঁৰ বিখ্যাত পুত্ৰ মাৎছুডাইৰে মতোৱাছু (পৰবৰ্তীসময়ত টকুগাৱা ইয়েৱাছু) ১৫৪২ চনৰ ১৬ ডিচেম্বৰত জন্মগ্ৰহণ কৰে। ১৫৪৯ চনত মাৎছুডাইৰা সকল ইমাগাৱা ক্ল্যান কৰ্তৃক পৰাজিত হয় আৰু ইয়েৱাছুক বন্দী কৰি ছানপু দুৰ্গলৈ লৈ যোৱা হয়।। অ'কেহাজামা যুদ্ধত ইমাগাৱা পৰাস্ত কৰি ১৫৬০ চনত ইয়েৱাছুৱে পুনৰ দুৰ্গটো অধিকাৰ কৰে আৰু ১৫৭০ চনত হামামাৎছু দুৰ্গলৈ যোৱাৰ পিছত জ্যেষ্ঠপুত্ৰ মাৎছুডাইৰা নবুৱাছুক এই দুৰ্গত থাকি যায়। ১৫৭৯ চনত নবুৱাছুৰ মৃত্যুদণ্ড ঘোষণাৰ পিছত হোণ্ডা ক্ল্যান দুৰ্গৰ অধিপতি হয়। উডায়ুৱাৰা যুদ্ধৰ পিছত এডোত তকুগাৱাৰ স্থানান্তৰ হৈ দুৰ্গটো তানাকা য়োশিমাছাক দিয়া হয়। তেওঁ দুৰ্গটোৰ উন্নতি সাধন কৰে আৰু দুৰ্গৰ সীমা বৰ্ধিত কৰে।

তকুগাৱাই ছুগোনত সামৰিক চৰকাৰ গঠনৰ পিছত অ'কাজাকি অঞ্চল প্ৰতিস্থিত হয় আৰু ইয়েৱাছুৰ বিশ্বস্ত অনুচৰ হোণ্ডা ইয়াছুছিগক দুৰ্গৰ অধিকাৰ দিয়া হয়। ১৬১৭ চনত ত্ৰিতলবিশিষ্ট দুৰ্গচূড়া নিৰ্মিত হয়। হোণ্ডাৰ পিছত মিজুনো ক্ল্যানে ১৬৪৫-১৭৬২ আৰু মাৎছুডাইৰা ক্ল্যানে ১৭৬২-১৭৬৯ পৰ্যন্ত দুৰ্গত আছিল। মেইজি সংস্কাৰৰ পূৰ্বলৈকে হোণ্ডা ক্ল্যানৰ কিছু অনুসাৰী অ'কাজাকিত চলি আহিছিল।

১৮৬৯ চনত হোণ্ডা তাদানাও মেইজি চৰকাৰৰ ওচৰত অকাজাকি দুৰ্গৰ বশ্যতা স্বীকাৰ কৰে। ১৮৭১ চনত হান ছিষ্টেইম বাতিল হোৱাৰ পিছত অ'কাজাকি অঞ্চলটো নুকাতা অঞ্চলৰ অধীনলৈ আহে আৰু অ'কাজাকি দুৰ্গটো এই অঞ্চলৰ প্ৰধান কাৰ্যালয় হিচাপে ব্যৱহৃত হয়। ১৮৭২ চনত নুকাতা অঞ্চল আইচি অঞ্চলৰ অন্তৰ্ভুক্ত হয় আৰু নাগোয়ালৈ ৰাজধানী স্থানান্তৰিত হয়। ১৮৭৩ চনৰ চৰকাৰী তথ্য অনুযায়ী দুৰ্গটো ভাঙি পেলোৱা হয় আৰু অধিকাংশ ভূমি ব্যক্তি মালিকীস্বত্বত বিক্ৰি কৰি দিয়া হয়।

দুৰ্গৰ বৰ্তমান স্থাপনাটো ১৯৫৯ চনত পৰ্যটকক আকৰ্ষণৰ বাবে পুনৰ্নিৰ্মান কৰা হয়। ২০০৬ চনত ই জাপানৰ ১০০টা সুদৃশ্য দুৰ্গৰ ভিতৰত অন্যতম হিচাপে ঘোষিত হয়। বৃহৎ তথা কংক্ৰিটৰ এই দুৰ্গটোত তিনখন ছাদ আৰু অভ্যন্তৰীণ ৫টা তলা আছে। ইয়াৰ ভিতৰত মূল দুৰ্গৰ আচবাব, জাপানী তৰোৱাল, বৰ্ম আৰু স্থানীয় ইতিহাস প্ৰদৰ্শনকাৰী আৰ্হি সজোৱা আছে। দুৰ্গৰ প্ৰধান তোৰণ ১৯৯৩ চনত আৰু পূৱ কোণৰ দুৱাৰ ২০১০ চনত ৰুনৰ্নিৰ্মাণ কৰা হয়।

২০০৭ চনত দুৰ্গ নিৰ্মাণৰ সময়ত দুৰ্গৰ বহিঃসীমা দেখি বুজা যায় যে অ'কাজাকি দুৰ্গ এসময়ত জাপানৰ চতুৰ্থ বৃহত্তম দুৰ্গ আছিল।

দুৰ্গৰ পাৰ্শ্ববৰ্তী এলেকাত বৰ্তমান এখন উদ্যান আছে। ইয়াত তকুগাৱা ইয়েৱাছু আৰু মিকাৱা ছামুৰাইৰ প্ৰতি উৎসৰ্গিত এটা যাদুঘৰো আছে। ইয়াৰোপৰি চাৰহ দোকান, নাট্যমঞ্চ, কাৰাকুৰি পুতলাৰে সজা ক্লক টাৱাৰ আৰু আকৰ্ষণীয় তোৰণ আছে। চেৰী ফুল, উইষ্টেৰিয়া আৰু এজালিয়া ফুলৰ বাবে এই উদ্যানখনি বিখ্যাত।[1]

চিত্ৰসম্ভাৰ[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Yūkyū Rōman Pamphlet (English), City of Okazaki Tourism Division/Okazaki Tourism Association