সমললৈ যাওক

অখিল ভাৰতীয় ৰামৰাজ্য পৰিষদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
{{{name_english}}}
সংসদীয় সভাপতি
লোকসভাত নেতা
ৰাজ্যসভাত নেতা
প্ৰতিষ্ঠা ১৯৪৮
বিলুপ্তি ১৯৭১
ৰাজনৈতিক মতাদৰ্শ হিন্দুত্ব
হিন্দু জাতীয়তাবাদ
হিন্দু সংহিতা বিধেয়ক বিৰোধী

অখিল ভাৰতীয় ৰামৰাজ্য পৰিষদ (ইংৰাজী: Akhil Bharatiya Ram Rajya Parishad : সংক্ষিপ্ত: RRP) স্বামী কৰপাত্ৰীয়ে ১৯৪৮ চনত প্ৰতিষ্ঠা কৰা এটা ভাৰতীয় হিন্দু জাতীয়তাবাদী ৰাজনৈতিক দল আছিল।[1] লোকসভাৰ নিৰ্বাচনত ৰামৰাজ্য পৰিষদে ১৯৫২ চনৰ তিনিখন আৰু ১৯৬২ চনত দুখন আসন লাভ কৰে।[2] ১৯৫২, ১৯৫৭ আৰু ১৯৬২ চনত বিধানসভাৰ কেইবা ডজনো আসন লাভ কৰিছিল; সকলোবোৰ হিন্দী বেল্টৰ আসন আৰু বেছিভাগেই ৰাজস্থানৰ। আন হিন্দুত্বভিত্তিক দলসমূহৰ দৰে ৰামৰাজ্য পৰিষদেও ভাৰতত হিন্দু সংহিতা বিধেয়কসমূহ কাৰ্যকৰী কৰাৰ বিৰুদ্ধে যুঁজিছিল।[3] অৱশেষত এই দলটো ভাৰতীয় জনতা পাৰ্টিৰ পূৰ্বসূৰী জনসংঘত একত্ৰিত হয়।[3]

নিৰ্বাচনী প্ৰদৰ্শন

[সম্পাদনা কৰক]
বৰ্ষ লোকসভা নেতা লাভ কৰা আসন আসনৰ পৰিবৰ্তন শতাংশ

(ভোটৰ)

ভোটৰ হ্ৰাস-বৃদ্ধি লাভ কৰা ভোটৰ সংখ্যা ফলাফল
১৯৫২ ১ম লোকসভা স্বামী কৰপাত্ৰী নৱগঠিত ১.৯৭% নৱগঠিত ২০.৯১,৮৯৮
১৯৫৭ ২য় লোকসভা
decrease3
০.৩৮% decrease১.৫৯% ৪,৬০,৮৩৮
১৯৬২ ৩য় লোকসভা
বৃদ্ধি2
০.৬০% বৃদ্ধি০.২২% ৬,৮৮,৯৯০

তথ্যউৎস

[সম্পাদনা কৰক]