সমললৈ যাওক

অখিল ভাৰতীয় ৰামৰাজ্য পৰিষদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অখিল ভাৰতীয় ৰামৰাজ্য পৰিষদ
সংসদীয় সভাপতি
লোকসভাত নেতা
ৰাজ্যসভাত নেতা
প্ৰতিষ্ঠা ১৯৪৮
বিলুপ্তি ১৯৭১
ৰাজনৈতিক মতাদৰ্শ হিন্দুত্ব
হিন্দু জাতীয়তাবাদ
হিন্দু সংহিতা বিধেয়ক বিৰোধী

অখিল ভাৰতীয় ৰামৰাজ্য পৰিষদ (ইংৰাজী: Akhil Bharatiya Ram Rajya Parishad : সংক্ষিপ্ত: RRP) স্বামী কৰপাত্ৰীয়ে ১৯৪৮ চনত প্ৰতিষ্ঠা কৰা এটা ভাৰতীয় হিন্দু জাতীয়তাবাদী ৰাজনৈতিক দল আছিল।[1] লোকসভাৰ নিৰ্বাচনত ৰামৰাজ্য পৰিষদে ১৯৫২ চনৰ তিনিখন আৰু ১৯৬২ চনত দুখন আসন লাভ কৰে।[2] ১৯৫২, ১৯৫৭ আৰু ১৯৬২ চনত বিধানসভাৰ কেইবা ডজনো আসন লাভ কৰিছিল; সকলোবোৰ হিন্দী বেল্টৰ আসন আৰু বেছিভাগেই ৰাজস্থানৰ। আন হিন্দুত্বভিত্তিক দলসমূহৰ দৰে ৰামৰাজ্য পৰিষদেও ভাৰতত হিন্দু সংহিতা বিধেয়কসমূহ কাৰ্যকৰী কৰাৰ বিৰুদ্ধে যুঁজিছিল।[3] অৱশেষত এই দলটো ভাৰতীয় জনতা পাৰ্টিৰ পূৰ্বসূৰী জনসংঘত একত্ৰিত হয়।[3]

নিৰ্বাচনী প্ৰদৰ্শন

[সম্পাদনা কৰক]
বৰ্ষ লোকসভা নেতা লাভ কৰা আসন আসনৰ পৰিবৰ্তন শতাংশ

(ভোটৰ)

ভোটৰ হ্ৰাস-বৃদ্ধি লাভ কৰা ভোটৰ সংখ্যা ফলাফল
১৯৫২ ১ম লোকসভা স্বামী কৰপাত্ৰী নৱগঠিত ১.৯৭% নৱগঠিত ২০.৯১,৮৯৮
১৯৫৭ ২য় লোকসভা
decrease3
০.৩৮% decrease১.৫৯% ৪,৬০,৮৩৮
১৯৬২ ৩য় লোকসভা
বৃদ্ধি2
০.৬০% বৃদ্ধি০.২২% ৬,৮৮,৯৯০

তথ্যউৎস

[সম্পাদনা কৰক]