অগ্নিগড় (ভাওনা)
অগ্নিগড় বা অগ্নিগেৰা হৈছে অংকীয়া ভাওনাত ভাৱৰীয়াক প্ৰৱেশ কৰিবলৈ দিয়া বন্তি প্ৰজ্বলিত তোৰণ। সত্যেন্দ্ৰনাথ শৰ্মাৰ মতে "অসমীয়া ভাওনাত কাঠৰ তোৰণাকৃতিৰ ওপৰত ৯টা অথবা ১৮টা প্ৰদীপ জ্বলাই তাৰ তলেদি ভাৱৰীয়াক প্ৰৱেশ কৰিবলৈ দিয়া হয়। ইয়াক অগ্নিগড় বোলা হয়।" ( পৰম্পৰাগত প্ৰাচ্য নাট্যাভিনয়, পৃ.৫৯) যিকালত বিজুলী বাতি অথবা মেণ্ঠোল লাইটৰ ব্যৱস্থা নাছিল, সেই কালত অংকীয়া ভাওনা অভিনয় কৰাৰ ক্ষেত্ৰত অগ্নিগড়ে এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ৰামচৰণ ঠাকুৰে 'চিহ্ন যাত্ৰা'ৰ প্ৰসংগত লিখিছে -'কুটিলা জোৰাক তাক কোঙ্গোৰা কৰিল /কানিৰ আৰিয়া লগাই অগ্নিগেৰা দিল। ' ( গুৰুচৰিত, পদ ১৪৯৩) ৰামচৰণ বৰ্ণিত ' অগ্নিগেৰা'ই হ'ল অগ্নিগড়।
বৰ্ণনা
[সম্পাদনা কৰক]ইয়াক স্থাপন কৰা হয় - নামঘৰৰ কোঠাত। দুফালে দুটা খুঁটা থকা অলংকৃত তোৰণাকৃতিৰ কাঠেৰে সজা এই অগ্নিগড় কাঠচলাত নটা বা ততোধিক ফুটা থাকে। বাঁহৰ সৰু সৰু খুটিত মৰাপাট,সূতা অথবা কাপোৰ মেৰিয়াই মিঠাতেলত তিয়াই উপৰি উক্ত ফুটাবোৰত সুমুৱাই জ্বলোৱা হয়। অগ্নিগড়ত ৯ অথবা ১২ ডাল শলিতা জ্বলোৱা প্ৰয়োজন, অধিক হ'লে আপত্তি নাই - কিন্তু কম হ'ব নোৱাৰে। ন ডাল, শলিতা নৱধা ভক্তিৰ প্ৰতীক আৰু বাৰডাল শলিতা হ'ল দ্বাদশস্কন্ধ ভাগৱত অথবা দ্বাদশাদিত্যৰ প্ৰতীক। অগ্নিগড়ৰ শলিতাবোৰত অগ্নি জ্বলোৱাৰ লগে লগে আৰম্ভ হয় -'বৰ প্ৰৱেশ'ৰ নাচ আৰু ' নটুৱাৰ গান'।[1]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ ">ড॰ নাৰায়ণ দাস, পৰমানন্দ ৰাজবংশী (২০১৪). অসমৰ সংস্কৃতি কোষ. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ২. ISBN 978-93-81485-73-6.