সমললৈ যাওক

অজ্ঞাতব্যক্তিভীতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰকাশিত ৰাজনৈতিক কাৰ্টুন: 'আংকাল ছেমে' 'ছাইনামেন'ক গুৰিয়াই খেদিছে। ১৯ শতিকাত প্ৰকাশিত কাৰ্টুনটোৱে 'চাইনিজ এক্সক্লুজন''

অজ্ঞাতব্যক্তিভীতি (ইংৰাজী: Xenophobia) হৈছে বাহিৰাৰ বা আচৰিতৰ ভয়।[1][2] অজ্ঞাতব্যক্তিভীতিৰ প্ৰভাৱ গোটৰ ভিতৰৰ মানুহৰ গোটৰ বাহিৰৰ মানুহৰ ওপৰত বা বিষয়ে সম্বন্ধ, বুজন আদিত দেখা যায়। নিজৰ চিনাকি হেৰুৱাৰ ভয়, কৰ্মকাণ্ডৰ ওপৰত সন্দেহ, উগ্ৰতা, আৰু তাৰ উপস্থিতি নাইকিয়া কৰি পূৰ্বতে ধাৰণা কৰি লোৱা পৱিত্ৰতা ৰক্ষা আদি ইয়াৰ অন্তৰ্গত।[3] অজ্ঞাতব্যক্তিভীতিক "আন সংস্কৃতিৰ অসমালোচনামূলক উৎকৰ্ষ"তো দেখা যায়, য'ত কোনো সংস্কৃতিক "অবাস্তৱ, ৰূঢ়িবদ্ধভাৱে ধাৰিত আৰু বিদেশী" আখ্যা দিয়া হয়।[3]

অজ্ঞাতব্যক্তিভীতি আৰু বৰ্ণবাদৰ ভেদ নুবুজি কেতিয়াবা দুয়ো শব্দকে আনটোৰ সলনি ব্যৱহাৰ কৰা হয়। কাৰণ বহুবাৰ একে ৰাষ্ট্ৰৰ লোক একে বৰ্ণৰ হয়।[4] সেই বাবে, অজ্ঞাতব্যক্তিভীতিক বাহিৰা সংস্কৃতিৰ বিৰোধ বুলি কৈ পৃথক কৰা হয়।[4]

অজ্ঞাতব্যক্তিভীতিক "বহিৰাগতৰ প্ৰতি দকৈ সোমাই থকা ভয়" বা "অচিনৰ ভয়" বুলিব পাৰি।[5] অজ্ঞাতভীতিৰ ইংৰাজী শব্দ জেন'ফবিয়া (xenophobia) আহিছে গ্ৰীক জেনছ (ξένος) অৰ্থাৎ "আচৰিত", "বহিৰাগত"  আৰু ফ'ব'ছ (φόβος) অৰ্থাৎ "ভয়"ৰপৰা।

আফ্ৰিকা

[সম্পাদনা কৰক]

দক্ষিণ আফ্ৰিকা

[সম্পাদনা কৰক]
২৩ এপ্ৰিল ২০১৫ত য়হানেছবাৰ্গত অজ্ঞাতব্যক্তিভীতিৰ বিৰুদ্ধে প্ৰতিবাদ

দক্ষিণ আফ্ৰিকাত অজ্ঞাতব্যক্তিভীতি বৰ্ণভেদৰ যুগ আৰু বৰ্ণভেদৰ পাছৰ যুগ, উভয়তে দেখা গৈছে। দ্বিতীয় বুআৰ্ছ যুদ্ধৰ পাছত বুআৰসকল আৰু ব্ৰিটিছসকলৰ মাজৰ সম্বন্ধ অধিক দুৰ্বল হৈ পৰিল। অনেক দুখীয় আফ্ৰিকানাৰে ব্ৰিটিছসকলৰ ব্যৱসায়স্থান আক্ৰমণ কৰিছিল।[6] দক্ষিণ আফ্ৰিকাত তেনে অনেক বিধেয়কো গৃহীত হ'ল, যেনে "ইচ্ছিত নোহোৱা" ইণ্ডিয়ানসকলক বাহিৰ কৰিবলৈ বিকাশ কৰা ১৯১৩ৰ ইমিগ্ৰেণ্টছ ৰেগুলেচন এক্ট অৱ ১৯১৩। টাউঞ্ছিপ ফ্ৰেঞ্চাইচ অৰ্ডিনেন্স অৱ ১৯২৪এ ভাৰতীয়সকলক মিউনিচিপাল ফ্ৰেন্সাইচৰপৰা বঞ্চিত কৰিবলৈ বিকাশ কৰা হৈছিল।[7]

১৯৯৪ আৰু ১৯৯৫ত য়হনেছ্‌বাৰ্গত বিদেশীসকলৰ ওপৰত আক্ৰমণ চলোৱা হ'ল। দাবী কৰা হ'ল যে আৰক্ষীয়ে বিদেশীক বাহিৰ কৰক।[8] ২০০৮ত একে ঠাইতে পুনৰ তেনে হ'ল।[9][10][11] হাজাৰ হাজাৰ বিদেশীয়ে স্থান ত্যাগ কৰিবলগীয়া হ'ল; সম্পত্তি, বাণিজ্য আৰু ঘৰ লুট কৰা হ'ল।[12] ৫৬জনৰ মৃত্যু হ'ল।[13]

২০১৫ত দক্ষিণ আফ্ৰিকাত জিম্বাবৱেৰপৰা অহা সকলৰ বিৰুদ্ধে পুনৰ অজ্ঞাতব্যক্তিভীতি সম্বন্ধীয় আক্ৰমণ সংঘটিত হ'ল।[14] জুলু ৰজা গুদৱিল জ্বেলিথিনি কভেকুজুলুৱে বিদেশীসকলে "টোপোলা বান্ধি যাবই" কোৱাৰ পাছতেই এনে হ'ল।[15][16] ২০ এপ্ৰিল ২০১৫লৈকে ৭জনৰ মৃত্যু, আৰু ২০০০+ বিদেশী স্থানান্তৰিত হ'ল।[17]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Xenophobia - definition of xenophobia in English from the Oxford dictionary". oxforddictionaries.com. Archived from the original on 2018-12-25. https://web.archive.org/web/20181225230113/https://en.oxforddictionaries.com/definition/xenophobia আহৰণ কৰা হৈছে: 2016-07-28.
  2. "Xenophobia - Define Xenophobia at Dictionary.com". Dictionary.com. http://dictionary.reference.com/browse/xenophobia.
  3. 1 2 Guido Bolaffi.
  4. 1 2 "Xenophobia". United Nations Educational, Scientific and Cultural Organization. http://www.unesco.org/new/en/social-and-human-sciences/themes/international-migration/glossary/xenophobia/ আহৰণ কৰা হৈছে: 18 July 2016.
  5. Webster's New Universal Unabridged Dictionary, Dorset and Baber, Simon & Schuster
  6. Giliomee, Hermann (2003). The Afrikaners: Biography of a People. C. Hurst & Co. Publishers. পৃষ্ঠা. 383. ISBN 9781850657149. https://books.google.co.ke/books?id=blgjhkGD0vgC.
  7. "Anti-Indian Legislation 1800s - 1959". South African History Online. http://www.sahistory.org.za/politics-and-society/anti-indian-legislation-1800s-1959 আহৰণ কৰা হৈছে: 27 June 2016.
  8. "Xenophobic violence in democratic South Africa". South Africa History Online. http://www.sahistory.org.za/article/xenophobic-violence-democratic-south-africa আহৰণ কৰা হৈছে: 29 June 2016.
  9. "South Afrians Take Out Rage on Immigrants". The New York Times. 20 May 2008. http://www.nytimes.com/2008/05/20/world/africa/20safrica.html?_r=0 আহৰণ কৰা হৈছে: 29 June 2016.
  10. "Thousands seek sanctuary as South Africans turn on refugees". The Guardian. 20 May 2008. https://www.theguardian.com/world/2008/may/20/zimbabwe.southafrica আহৰণ কৰা হৈছে: 29 June 2016.
  11. "Thousands flee S Africa attacks". BBC NEWS. 19 May 2008. http://news.bbc.co.uk/2/hi/africa/7407914.stm আহৰণ কৰা হৈছে: 29 June 2016.
  12. "Analysis: The ugly truth behind SA’s xenophobic violence". Daily Maverick. 28 May 2013. http://www.dailymaverick.co.za/article/2013-05-28-analysis-the-ugly-truth-behind-sas-xenophobic-violence/ আহৰণ কৰা হৈছে: 29 June 2016.
  13. "Xenophobic violence in democratic South Africa". South Africa History Online. http://www.sahistory.org.za/article/xenophobic-violence-democratic-south-africa আহৰণ কৰা হৈছে: 29 June 2016.
  14. Kazunga, Oliver (20 April 2015). "Xenophobia death toll climbs to 7". The Chronicle. http://www.chronicle.co.zw/xenophobia-death-toll-climbs-to-7/ আহৰণ কৰা হৈছে: 30 June 2016.
  15. "Xenophobic violence in democratic South Africa". South Africa History Online. http://www.sahistory.org.za/article/xenophobic-violence-democratic-south-africa আহৰণ কৰা হৈছে: 29 June 2016.
  16. "Deaths in South Africa as mobs target foreigners". Al Jazeera. 15 April 2015. http://www.aljazeera.com/news/2015/04/deaths-south-africa-mobs-target-foreigners-150415063058933.html আহৰণ কৰা হৈছে: 30 June 2016.
  17. Kazunga, Oliver (20 April 2015). "Xenophobia death toll climbs to 7". The Chronicle. http://www.chronicle.co.zw/xenophobia-death-toll-climbs-to-7/ আহৰণ কৰা হৈছে: 30 June 2016.