অতিপাত বিশেষাধিকাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

অতিপাত বিশেষাধিকাৰ, (ইংৰাজী: Exorbitant privilege) এই পাৰিভাষিক বাক্যাংশটি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত অনা এক বিশেষ অভিযোগ যাৰ মতে কোৱা হয় বোলে সেই দেশখনে নিজৰেই মুদ্ৰা (Currency) ডলাৰ আন্তৰ্জাতিক সংৰক্ষিত মুদ্ৰা (International Reserve Currency) হিচাপে ব্যৱহাৰ হোৱাৰ বাবে বৰ বেচি হিত উপভোগ কৰি আছে। অতিপাত বিশেষাধিকাৰ এইবাবেই যে, সেই দেশখনৰ যেন কেতিয়াও বিশ্বক আদায় দিবলগীয়া বাকী (Balance of payment) নাথাকে, কিয়নো দেশখনে নিজৰেই ছপা কৰা মুদ্ৰাৰে পৃথিবীৰ যিকোনো দেশৰ পৰা যি লাগে তাকে কিনি (আমদানি কৰি) ল'ব পাৰে।

বাক্যাংশটিৰ প্ৰথম ব্যৱহাৰ[সম্পাদনা কৰক]

১৯৬০ চনত ফ্ৰান্সৰ বিত্ত মন্ত্ৰী ভেলেৰী জিস্কাৰ দেস্তেঁ (Valéry Giscard d'Estaing) য়ে অতিপাত বিশেষাধিকাৰ বোলা এই পাৰিভাষিক বাক্যাংশটি আমেৰিকাক কটাক্ষ কৰি ব্যৱহাৰ কৰিছিল।[1]

অভিযোগৰ প্ৰাসংগিকতা[সম্পাদনা কৰক]

১৯৪৪ চনৰ ব্ৰেটন উদছ প্ৰণালী (ইংৰাজী: Bretton Woods Agreement based system) মতে আমেৰিকাৰ ডলাৰ সমূহ বিদেশী ৰাষ্ট্ৰয়ে দৰকাৰ মতে সোণ হিচাপে একদৰত ( ৩৫ ডলাৰত প্ৰায় ৩১.১ গ্ৰাম সোন) ভঙাই লোৱাৰ ব্যৱস্থা হৈছিল। কিন্তু ঘটনাটো এনে হৈছিল যে আমেৰিকাই বিশ্বৰ কেন্দ্ৰীয় বেংকৰ দৰে ডলাৰ টকাপাত (Currency note , Bank note) বোৰ বিশ্ব বানিজ্যৰ বাবে এৰি দিব পাৰিছিল আৰু আচৰিত ধৰণে তাৰ বাবে বিদেশৰ পৰা নিজ দেশৰ মানুহৰ ভোগৰ বাবে প্ৰকৃত সামগ্ৰী আমদানি বা এক প্ৰকাৰ আদায় কৰিও ল'ব পাৰিছিল। আমেৰিকাৰ অৰ্থনীতিবীদ বে'ৰী আইকেনগ্ৰীন (Barry Eichengreen) য়ে কোৱা মতে আমেৰিকাৰ মুদ্ৰাছপাশাল (Bureau of Engraving and Printing) ৰ কৰ্তৃপক্ষক ১০০ ডলাৰৰ টকাপাত খিলা ছপাবৰ বাবে মাত্ৰ কেইপইচা (Cents) মান খৰছ হয় কিন্তু বিদেশী ৰাষ্ট্ৰ এখনে সেই ডলাৰ পাতখিলা পাবৰ বাবে ১০০ ডলাৰ মূল্যৰ প্ৰকৃত সামগ্ৰী উচৰ্গা কৰিব লগা হয়।

অভিযোগ লৈ ফ্ৰান্স সৰব হোৱা[সম্পাদনা কৰক]

স্বাভাবিকতে আমেৰিকাই এনে অতিপাত বিশেষাধিকাৰ পাই নিজ-খুশি মতে নিজৰ হাতত মজুত থকা সোনৰ মূল্য চেৰাই ডলাৰ ছপা কৰিবলৈ লৈছে বুলি ফ্ৰান্সৰ ভাৱ হয়।[1] ফ্ৰান্সত এই ঘটনাৰ প্ৰতিবাদ হবলৈ ধৰে। তেওঁবিলাকৰ মতে আমেৰিকাৰ নাগৰিক সকলৰ উন্নত মানদণ্ডৰ জীৱন ধাৰণৰ বাবে বিদেশৰ মানুহ বিলাকে কষ্ট কৰি আছে; আমেৰিকাৰ বহুজাতিক উদ্যোগ বোৰক চলিবৰ বাবে সকলো বিদেশী চৰকাৰে সাহাৰ্য্য-ভৰণ (Subsidized) কৰি আছে। ফলত ১৯৬৫ চনৰ ফেব্ৰুৱাৰী মাহত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ছাৰ্লছ দি গল (Charles de Gaulle) য়ে তেওঁৰ দেশত থকা আমেৰিকাৰ ডলাৰবোৰ সোণ হিচাপে ভঙাই লোৱাৰ ইচ্ছা ঘোষনা কৰে আৰু সেইমতে জলসেনা বাহিনীৰ জাহাজত ডলাৰবোৰ তুলি দি তাহাঁতক আটলাণ্টিক মহাসাগৰ পাৰ হৈ আমেৰিকাৰ পৰা সোণ আনিবলৈ পঠিয়ায়। তাকে দেখি আন কেইবা খনো দেশে আমেৰিকাৰ পৰা সোণ বিচাৰি আমেৰিকালৈ ধাপলি মেলে।

নিক্সন ঝটকা[সম্পাদনা কৰক]

ফ্ৰান্সকে ধৰি অন্যান্য কেবাখনো দেশৰ এই দৃষ্টিভংগীৰ বাবে এনে এক অৱস্থাৰ সৃষ্টি হ'ল যে অতি সোনকালে আমেৰিকাৰ সোণৰ সংৰক্ষিত ভাণ্ডাৰ খালী হ'বলৈ ধৰে আৰু আমেৰিকাৰ অৰ্থনৈতিক প্ৰভাৱ লাহে লাহে নোহোৱা হ'বলৈ ধৰে। কাজেই লাহে লাহে আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰিচাৰ্ড নিক্সন চিন্তান্বিত হয়। ১৫ আগষ্ট, ১৯৭৫ ত নিক্সনে নিজৰ বিষয়াসকলৰ লগত হোৱা গোপন আলোচনা মৰ্মে সাময়িক ভাৱে ডলাৰৰ পৰিবৰ্তে আৰু কাকো সোণ নিদিয়ে বুলি একপক্ষীয় ভাৱে ঘোষণা কৰে। যদিও সাময়িক ভাৱে এই ব্যৱস্থা কৰা হৈছে বুলি কোৱা হ'ল তথাপিতো আমেৰিকায়ে ডলাৰ ভাঙি সোণ কেতিয়াও নিদিলেই। পৰবৰ্তী সময়ত ১৯৭৬ চনৰ অক্টোবৰ মাহত আমেৰিকায়ে লাহেকৈ আইন কৰি চৰকাৰীভাবে ডলাৰৰ সংজ্ঞা সলনি কৰি পেলালে আৰু সোণৰ লগত ডলাৰৰ ৰূপান্তৰক্ষম (Convertibility) সম্পৰ্ক নাই বুলি জনাই দিলে। বিশ্ব বানিজ্যত এই ঘটনাক নিক্সন শ্বক্‌ (Nixon Shock) বুলি কোৱা হয়। বিশ্বৰ বিভিন্ন দেশে তেতিয়াৰে পৰা হাতত থাকি যোৱা সেই ডলাৰ পাতবোৰক এতিয়াও সামগ্ৰীমুদ্ৰা (Commodity Money)ৰ দৰে মৰ্য্যদা দি আন্তৰ্জাতিক বজাৰত পৰস্পৰৰ মাজত অন্যান্য সা-সামগ্ৰীৰ আমদানি-ৰপ্তানি চলাই আছে যাৰ ফলত আমেৰিকাৰ অতিপাত বিশেষাধিকাৰ এতিয়াও অক্ষুণ্ণ আছে।[2][3]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 Barry Eichengreen, Exorbitant Privilege: The Rise and Fall of the Dollar and the Future of the International monetary system[1]
  2. Eugène White, Dominique Simard, Michael Bordo, La France et le système monétaire de Bretton Woods [2]
  3. Margaret Garritsen de Vries, The International Monetary Fund, 1966–1971 [3]