অতিবেঙুণী ৰশ্মি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Image of the Sun's corona as seen in extreme ultraviolet (at 17.1 nm) by the Extreme ultraviolet Imaging Telescope

অতিবেঙুণী ৰশ্মি (ইংৰাজী: Ultra violet ray) হ'ল বিদুৎ চুম্বকীয় তৰংগৰ ৪ ৰপৰা ৪০০nm(নেনোমিটাৰ)তৰংগ দৈঘ্যৰ বিকীৰণ ৰশ্মি । ইয়াৰ মূল উৎস হৈছে সূৰ্য যদিও বিভিন্ন ৰাসায়নিক বিক্ৰিয়াৰ সহায়েৰেও ইয়াক তৈয়াৰ কৰা হয় । [1]অতিবেঙুণী ৰশ্মিৰ তৰংগ দৈঘ্য দৃশ্যমান পোহৰতকৈ ছুটি । পৃথিৱীৰ দৃশ্যমান বৰ্ণালীৰ আটাইতকৈ চুটি তৰংগ বেঙুণীয়াৰ সীমাৰ পাছতে ছুটি বিদুৎ চুম্বকীয় তৰংগ অতিবেঙুণী আৰম্ভ হৈ দীঘল এক্স ৰশ্মিৰ অঞ্চললৈকে বিস্তৃত হৈ আছে । এই বিস্তৃত অতিবেঙুণী অঞ্চলক ভাগ কৰা হৈছে- (১)নিকট অতিবেঙুণী অঞ্চল (৪০০-৩০০nm), (২)দূৰ অতিবেঙুণী অঞ্চল (৩০০-২০০nm), (৩) চৰম অতিবেঙুণী অঞ্চল (২০০-১২২nm )ৰ ভিতৰত ।[2]


প্ৰকাৰ[সম্পাদনা কৰক]

অতিবেঙুণী পোহৰৰ বিদ্যুতচুম্বকীয় ফলনৰ দৈঘ্য আৰু নিকটবৰ্তী দৈঘ্যৰ ভিত্তিত ইয়াক কেইবাটাও ভাগত ভাগ কৰা হৈছে ৷ ইয়াৰ-ৰ ভিত্তি সৌৰ বিকীৰণ ৷(ISO-21348) [3]

নাম সংক্ষিপ্তকৰণ তৰংগদৈঘ্য
(নেনো'মিটাৰত)
শক্তি, প্ৰতি ফ'টনত
(ইলেক্ট্ৰভল্টত)
অন্যান্য নাম/টোকা
দৃশ্যমান পোহৰ VIS ৭৬০ – ৩৮০ nm ১.৬৩ – ৩.২৬ V
অতিবেঙুণী UV ৪০০– ১০০nm ৩.১০– ১২.৪ eV
অতিবেঙুণী A UVA ৪০০ – ৩১৫ nm ৩.১০ – ৩.৯৪ eV দীৰ্ঘ তৰংগ, (black light)
অতিবেঙুণী B UVB ৩১৫– ২৮০ nm ৩.৯৪ – ৪.৪৩ eV মধ্যমীয়া তৰংগ
অতিবেঙুণী C UVC ২৮০ – ১০০ nm ৪.৪৩– ১২.৪ eV হস্ৰ তৰংগ,
নিকট বেঙুণী NUV ৪০০ – ৩০০ nm ৩.১০ – ৪.১৩ eV চৰাই,মাছ, কীট আদিৰ বাবে দৃশ্যমান
দূৰ বেঙুণী MUV ৩০০ – ২০০ nm ৪.১৩ – ৬.২০ eV
দূৰত্বৰ বেঙুণী FUV ২০০ – ১২২ nm ৬.২০ – ১০.১৬ eV
হাইড্ৰজেন লাইমান-আলফা H Lyman-α ১২২ – ১২১ nm ১০.১৬– ১০.২৫ eV
অতি বেঙুণী EUV ১২১ – ১০ nm ১০.২৫ – ১২৪ eV
ভেকুৱাম বেঙুণী VUV ২০০ – ১০ nm ৬.২০ – ১২৪ eV
এক্স ৰে ১০ – ০.০০১ nm ১২৪ eV – ১.২৪ MeV
নৰম এক্স ৰে XUV ১০ – ০.১ nm ১২৪ eV – ১২.৪ keV এক্স ৰে অতিবেঙুণী
কঠিন এক্স ৰে ০.১ – ০.০০১ nm ১২.৪ keV – ১.২৪ MeV

উৎস[সম্পাদনা কৰক]

  • প্ৰাকৃতিক: সূৰ্য (অৰ্থাৎ নক্ষত্ৰসমূহ)
  • কৃত্ৰিম: ৰাসায়নিক বিক্ৰিয়া


ব্যৱহাৰ[সম্পাদনা কৰক]

অতিবেঙুণী ৰশ্মিৰ সহায়ত দন্ত চিকিৎসা

অতিবেঙুণী তৰংগৰ প্ৰয়োজনীয় জৈৱিক প্ৰয়োগ হ'ল-ৰশ্মি চিকিৎসা, ভিটামিন ডি-ৰ উৎপাদন, পঁয়ালগা ৰোগৰ চিকিৎসা আৰু প্ৰতিষেধক । ইয়াৰ বাহিৰেও বায়ু, পানী আৰু বীজাণুমুক্ত কৰিবৰ বাবেও অতিবেঙুণী ৰশ্মি ব্যৱহাৰ হয় । অতিবেঙুণী ৰশ্মিৰে, গৱেষণাগাৰত চিনাক্তকৰনৰ বাবে সংগ্ৰহিত সৰু সৰু তথ্য(clue)সমূহ অনুধাৱণ কৰা হয় । ইলেকট্ৰনিক যন্ত্ৰসমূহৰ কিছুমান অংশৰ কাৰ্যৰ বাবে অতিবেঙুণী ৰশ্মিৰ প্ৰলেপ দিয়া হয় । অতিবেঙুণী ৰশ্মিয়ে বায়ুমণ্ডলৰ উপৰিভাগত আয়নস্ফিয়েৰ সৃষ্টি কৰিছে আৰু এই আয়নস্ফিয়েৰ তৰপৰ সাম্যাব্যৱস্থা অতিবেঙুণী ৰশ্মিয়ে বৰ্তাই ৰাখে । এই আয়নস্ফিয়েৰ তৰপৰ বাবেই অনাতাঁৰ বাৰ্তা সম্ভবপৰ হৈ উঠিছে।[4]



অপকাৰিতা[সম্পাদনা কৰক]

অতিবেঙুণী তৰংগৰ সৈতে সংশ্লিষ্ট পৰিঘটনাবোৰ হ'ল- জৈৱিক প্ৰক্ৰিয়া আৰু ইয়াৰ প্ৰয়োগ, অনুপ্ৰভাৰ সৃষ্টি বা বিশিষ্ট শোষণৰ দ্বাৰা ৰাসায়নিক বিশ্লেষণ । অতিবেঙুণী ৰশ্মিৰ প্ৰভাৱত চালৰ কৰ্কট ৰোগ হ'ব পাৰে । ৰ'দত গাৰ ছাল ক'লা হোৱাৰ কাৰণো সূৰ্যৰ বিকীৰণৰ অতিবেঙুণী তৰংগৰ দ্বাৰা হোৱা মেলানিনৰ সৃষ্টি(Pigmentation) । অতিবেঙুণী ৰশ্মি চকুৰ বাবে হানিকাৰক ।[5]


তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. http://www.medterms.com/script/main/art.asp?articlekey=5898
  2. http://www.britannica.com/EBchecked/topic/613529/ultraviolet-radiation
  3. "ISO 21348 Process for Determining Solar Irradiances". http://www.spacewx.com/ISO_solar_standard.html. 
  4. http://www.nesc.wvu.edu/ndwc/pdf/ot/tb/ot_tb_f00.pdf
  5. http://health.howstuffworks.com/skin-care/beauty/sun-care/uv-radiation2.htm

বিতং পাঠ[সম্পাদনা কৰক]