ৰ'দ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৰ'দ বা বেলিৰ পোহৰ হৈছে বেলিৰ পৰা নিৰ্গত বিদ্যুৎচুম্বকীয় বিকিৰণ যি তৰংগ বা পোহৰ ৰূপে পৃথিৱীত পৰে। পৃথিৱীৰ বায়ুমণ্ডলে ৰ'দৰ বহুখিনি পোহৰ শোষণ কৰে। বেলিৰ ৰশ্মি আৰু তাপ বায়ুমণ্ডলৰ মাজেৰে পৃথিৱীৰ পৃষ্ঠত উপনীত হয়। বেলিৰ পৰা ৰ'দ পৃথিৱী পাবলৈ প্ৰায় ৮.৩ মিনিট সময় লাগে।[1] বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ সংজ্ঞা অনুসৰি পৃথিৱীৰ পৃষ্ঠত বেলি ৰ পোহৰৰ তীব্ৰতা প্ৰতি বৰ্গমিটাৰত কমেও ১২০ ৱাট, ইয়াক ৰ'দঘাই বুলি কোৱা হয়।[2]

প্ৰত্যক্ষ ৰ'দৰ উজ্জ্বলতা প্ৰায় ৯৩ লুমেন। ইয়াৰ ভিতৰত অতি ৰঙা, দৃশ্যমান আৰু অতিবেঙুনীয়া পোহৰ থাকে। উজ্জ্বল ৰ'দে প্ৰতি বৰ্গমিটাৰ পৃষ্ঠভাগত প্ৰায় এক লাখ কেণ্ডেলা পোহৰ প্ৰদান কৰে। বেলিৰ পোহৰ সালোক সংশ্লেষণৰ এটা মূল কাৰক, উদ্ভিদ আৰু অন্যান্য কিছু জীৱই সাধাৰণতে বেলিৰ পৰা অহা ৰদক ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত কৰিবলৈ ব্যৱহাৰ কৰে যাৰ সহায়ত কাৰ্বহাইড্ৰেট সংশ্লেষণ কৰে আৰু জীৱৰ কাৰ্য্যকলাপত ইন্ধন হিছাপে ব্যৱহাৰ কৰে।[3] দীৰ্ঘদিন ধৰি বেলিৰ পোহৰ লৈ থাকিলে ছালৰ কৰ্কট ৰোগ, ছালৰ বয়স বৃদ্ধি, ৰোগ প্ৰতিৰোধ ক্ষমতা দমন, চকুৰ ৰোগ যেনে চকুৰ ছানি পৰা আৰু মেকুলাৰ ডিজেনেৰেচন আদি ৰোগৰ বিকাশ ঘটে বুলি জনা যায়।[4] অতিবেঙুনীয়া ৰশ্মি হৈছে একমাত্ৰ তালিকাভুক্ত কৰ্কট ৰোগৰ কাৰক যাৰ কিছু স্বাস্থ্য উপকাৰীতাও আছে বুলি জনা যায়।[5]

বিৱৰণ[সম্পাদনা কৰক]

বেলিৰ অতিবেঙুণীয়া ৰশ্মিৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা প্ৰভাৱ পৰে। ভিটামিন ডি তৈয়াৰ কৰিবলৈ আমাৰ শৰীৰত ইয়াৰ প্ৰয়োজন হয় যদিও ই আমাৰ কোষৰ ক্ষতিও কৰিব পাৰে।ৰ'দৰ সংস্পৰ্শত মেলাটনিন সংশ্লেষণৰ সময়, স্বাভাৱিক চাৰ্কেডিয়ান ৰিডম বজাই ৰখা লগতে ঋতুভিত্তিক আৱেগিক বিকাৰৰ সম্ভাৱনা হ্ৰাস পোৱাৰ সৈতেও জড়িত বুলি ধৰা হৈছে।

জোখ-মাখ[সম্পাদনা কৰক]

পৃথিৱীৰ পৃষ্ঠত উপনীত হোৱা পোহৰ জুখিবলৈ পৃথিৱীৰ কক্ষপথ আৰু বায়ুমণ্ডলৰ বিচ্যুতিৰ কথা লক্ষ্য কৰা হয়। বছৰৰ (dn)তম দিনটোত ৰ’দৰ তীব্ৰতা (Eext), তলত দিয়া সূত্ৰটো ব্যৱহাৰ কৰি জুখিব পাৰি।[6]

য'ত ১ জানুৱাৰীত dn=১, ২ জানুৱাৰীত dn=২ ইত্যাদি। সূত্ৰটোত (dn−৩) ব্যৱহাৰ কৰাৰ কাৰণ হ'ল আধুনিক যুগত পৃথিৱীৰ পেৰিহেলিয়ন, বেলিৰ আটাইতকৈ ওচৰ চাপি অহা আৰু সৰ্বোচ্চ উজ্জ্বলতাৰ সময়, ৩ জানুৱাৰী। বেলিৰ উজ্জ্বলতা ধ্ৰুৱক (Esc), মান ১২৮×১০ লাক্স। প্ৰত্যক্ষ প্ৰামাণিক উজ্জ্বলতা (Edn), তলত দিয়া সূত্ৰ অনুসৰি জুখিব পাৰি,: য'ত c হৈছে বায়ুমণ্ডলীয় বিবৰ্তন সহগ, আৰু m হৈছে আপেক্ষিক আলোকীয় ভৰ।

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. Bell Burnell, S. Jocelyn (2004). An Introduction to the Sun and Stars (illustrated ed.). Cambridge University Press. p. 56. ISBN 9780521546225. Extract of page 56
  2. Chapter 8 - measurement of sunshine duration CIMO Guide। World Meteorological Organization
  3. Mead MN (April 2008). "Benefits of sunlight: a bright spot for human health". Environmental Health Perspectives. 116 (4): A160–A167. doi:10.1289/ehp.116-a160. PMC 2290997. PMID 18414615
  4. Lucas RM; Repacholi MH; McMichael AJ (June 2006). "Is the current public health message on UV exposure correct?". Bulletin of the World Health Organization. 84 (6): 485–491. doi:10.2471/BLT.05.026559. PMC 2627377. PMID 16799733.
  5. "13th Report on Carcinogens: Ultraviolet-Radiation-Related Exposures" (PDF). National Toxicology Program. October 2014. Archived from the original (PDF)
  6. C. KANDILLI & K. ULGEN। "Solar Illumination and Estimating Daylight Availability of Global Solar Irradiance"। Energy Sources।