অতি পৰিবাহিতা
অতি পৰিবাহিতা (ইংৰাজী: Super Conductivity) হৈছে বৈদ্যুতিক ৰোধ শূন্য হৈ পৰাৰ এক বিশেষ প্ৰপঞ্চ, য'ত বৈদ্যুতিক প্ৰৱাহ বিনা বাধাৰে প্ৰৱাহিত হ'ব পাৰে। ই হৈছে 'অতিপৰিবাহীত দেখা পোৱা কিছু ভৌতিক ধৰ্ম৷ অতিপৰিবাহী হৈছে এনে পদাৰ্থ য'ত বৈদ্যুতিক ৰোধ নোহোৱা হৈ যায় আৰু চুম্বকীয় ক্ষেত্ৰ বিলোপ হয়। ই সাধাৰণ ধাতুৰ পৰিবাহীৰ দৰে নহয়, য'ত উষ্ণতা হ্ৰাস হোৱাৰ লগে লগে ৰোধ ক্ৰমান্বয়ে হ্ৰাস হয়৷ অতিপৰিবাহীৰ এটা বৈশিষ্ট্যপূৰ্ণ উষ্ণতা থাকে যাৰ তলত ৰোধ হঠাতে শূন্যলৈ নামি যায়। [1] তাৰ বাবে সেই বিশেষ পদাৰ্থবিধক নিৰ্দিষ্ট ক্ৰান্তিক উষ্ণতাৰ তলত শীতল কৰিব লাগিব। এই বিশেষ প্ৰপঞ্চটো আৱিষ্কৃত হৈছিল ১৯১১ চনৰ ৮ এপ্ৰিলত,নেডাৰলেণ্ডৰ লেইডেনত। আৱিষ্কাৰ কৰিছিল পদাৰ্থ বিজ্ঞানী হেইকে কেমাৰলিঙ্ঘে (Heike Kamerlingh)।[2][3]অতিপৰিবাহী তাঁৰৰ ঘেৰৰ মাজেৰে বৈদ্যুতিক প্ৰবাহ কোনো শক্তিৰ উৎস নোহোৱাকৈ অনিৰ্দিষ্টকাললৈকে থাকিব পাৰে।[4][5][6][7]
ফেৰ'মেগনেটিজম আৰু পাৰমাণৱিক বৰ্ণালী ৰেখাৰ দৰে অতিপৰিবাহীতাও এটা পৰিঘটনা যিটো কেৱল কোৱাণ্টাম বলবিজ্ঞানৰ দ্বাৰাহে ব্যাখ্যা কৰিব পাৰি। ইয়াৰ বৈশিষ্ট্য হৈছে মেইছনাৰ ইফেক্ট, অতিপৰিবাহী অৱস্থালৈ পৰিৱৰ্তনৰ সময়ত অতিপৰিবাহীৰ ভিতৰৰ অংশত থকা চুম্বকীয় ক্ষেত্ৰখন সম্পূৰ্ণৰূপে বাতিল কৰা। মেইছনাৰ ইফেক্টৰ সংঘটনে ইংগিত দিয়ে যে অতিপৰিবাহীতাক কেৱল ধ্ৰুপদী পদাৰ্থ বিজ্ঞানত ''পাৰফেক্ট কণ্ডাক্টৰ''ৰ আদৰ্শকৰণ (বিজ্ঞান দৰ্শন) হিচাপে বুজিব নোৱাৰি।

ধাৰণা
[সম্পাদনা কৰক]পদাৰ্থ বিজ্ঞানী হেইকে কেমাৰলিঙ্ঘে দেখিছিল যে, যেতিয়া পাৰাৰ তাঁৰ এডালক ৪ কেলভিন অৰ্থাৎ,(-২৬৯ ডিগ্ৰী ছেলছিয়াছ)লৈ নি শীতলীকৰণ কৰা হয়,তেতিয়া তাঁৰডালত থকা বৈদ্যুতিক ৰোধ সম্পূৰ্ণ অদৃশ্য হৈ পৰে। তাৰ পিছত তেওঁ পুনৰ আৱিষ্কাৰ কৰিলে যে, অতিপৰিবাহী পদাৰ্থক সাধাৰণ অৱস্থালৈও লৈ যাব পৰা যায়। তাৰ বাবে সেই পদাৰ্থৰ মাজেৰে উচ্চপৰিমাণৰ বৈদ্যুতিক প্ৰৱাহ চালিত কৰিব লাগিব অথবা উচ্চ পৰিমাণৰ চুম্বকক্ষেত্ৰৰ সংস্পৰ্শত সেই পদাৰ্থক ৰাখিব লাগিব। উল্লেখযোগ্য যে,১৯১৩ চনত পদাৰ্থ বিজ্ঞানীজনক নিম্ন উষ্ণতাত কৰা আৱিষ্কাৰৰ বাবে ন'বেল বঁটা প্ৰদান কৰা হৈছিল।[8]
মেইছনাৰ প্ৰভাৱ
[সম্পাদনা কৰক]সেই আৱিষ্কাৰটো হোৱাৰ বহু বছৰ পাছলৈকে ভবা হৈছিল যে, শূন্য ৰোধ আৰু অসীম বৈদ্যুতিক প্ৰৱাহৰ বাহিৰে অতিপৰিবাহী পদাৰ্থৰ অইন কোনো বৈশিষ্ট্য নাই। কিন্তু ১৯৩৩ চনত এই ধাৰণা বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত হ'ল। তাৰ পৰিৱৰ্তে গম পোৱা গ'ল যে, এই অতিপৰিবাহী পদাৰ্থবোৰে দ্বিচুম্বকত্ব বা অপচুম্বকত্ব (Diamagnetism)ৰ ধৰ্ম প্ৰদৰ্শন কৰে। অৰ্থাৎ ইহঁত চুম্বকীয় ক্ষেত্ৰৰ দ্বাৰা গভীৰভাৱে বিকৰ্ষিত হয়। অতিপৰিবাহী পদাৰ্থৰ এই বিশেষ গুণটোক মেইছনাৰ প্ৰভাৱ (Meissner effect) বুলি কোৱা হয়। মেইছনাৰ প্ৰভাৱ আৱিষ্কাৰ হোৱাৰ পাছত,১৯৩৪ চনত, অতিপৰিবাহী পদাৰ্থৰ বিদ্যুৎ-চুম্বকীয় ধৰ্মসমূহক সাঙুৰি এক বিশেষ তত্ত্ব সৃষ্টি কৰা হয়। এই তত্ত্বই অতিপৰিবাহী পদাৰ্থত বিদ্যুৎ-চুম্বকীয় ভেদন গভীৰতা থকাৰ সম্ভাৱনা ব্যক্ত কৰে। ১৯৩৯ চনত সেই সম্ভাৱনাটোক পৰীক্ষাগৃহত সত্য বুলি প্ৰমাণিত কৰা হয়। ১৯৬২ চনত ব্ৰিটেইনৰ পদাৰ্থ বিজ্ঞানী ব্ৰায়ান ডি. জোছেফছনে ধাৰণা কৰে যে, যদি দুটা অতিপৰিবাহী বস্তুক বৈদ্যুতিক সংস্পৰ্শত ৰখা হয়, তেনেহ'লে সিহঁতে কেতবোৰ বিদ্যুৎ-চুম্বকীয় ধৰ্ম দেখুৱাব পাৰে।[8]
শেহতীয়া গৱেষণা
[সম্পাদনা কৰক]বিগত সময়ছোৱাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিজ্ঞানীসকলে সাধাৰণ উষ্ণতাত অতি পৰিবাহিতাৰ ধৰ্ম দেখুউৱা পদাৰ্থৰ সন্ধান চলাই আহিছে। পিছে এতিয়ালৈকে সফলতা লাভ কৰা নাই। কিন্তু প্ৰায় এবছৰৰ আগতে ভাৰতবৰ্ষৰ বেংগালুৰুস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (Indian Institute of Science)ৰ দুগৰাকী বিজ্ঞানীয়ে এটা আলোড়নকাৰী ঘোষণা কৰে। এই দুজন বিজ্ঞানী হৈছে অংশু পাণ্ডে আৰু তেওঁৰ ছাত্ৰ দেৱ কুমাৰ থাপা। তেওঁলোকে সোণ আৰু ৰূপেৰে তৈয়াৰী এক সংযুক্ত পদাৰ্থই সাধাৰণ উষ্ণতাত অতি পৰিবাহিতা দেখুয়াই বুলি প্ৰকাশ কৰিছিল। বাতৰিটোৱে কিছু বিতৰ্কৰো সৃষ্টি কৰিছিল। কিয়নো এতিয়ালৈকে অতি পৰিবাহিতা কেৱল অতি নিম্ন উষ্ণতাতহে (শূন্য ডিগ্ৰী ছেলছিয়াতকৈও ১০০ ডিগ্ৰী তলত) পৰ্যবেক্ষণ কৰা হৈছে। বিজ্ঞানী দুজনৰ পৰ্যবেক্ষণক লৈ চলি থকা নানান পৰীক্ষা-নিৰীক্ষাৰ ফলাফল এই বছৰৰ মে' মাহত প্ৰকাশিত কৰা হয়। সেই ফলাফলে বিজ্ঞানী দুগৰাকীৰ সিদ্ধান্তক শুদ্ধ বুলি স্বীকৃতি দিছে আৰু গৱেষণাৰ ফলাফলক এক আন্তৰ্জাতিক জাৰ্ণেললৈ প্ৰেৰণ কৰিছে।[1]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 শইকীয়া, বিপুলজ্যোতি (২০ জুলাই, ২০১৯). "ভাৰতীয় বিজ্ঞানীৰ অতি পৰিবাহিতাৰ গৱেষণা". দৈনিক অসম. দৈনিক অসম: পৃষ্ঠা ১৪.
- ↑ http://books.google.co.in/books?id=ad8_JsfCdKQC&printsec=frontcover&redir_esc=y&hl=en#v=onepage&q&f=false
- ↑ http://books.google.co.in/books?id=VdEVdJo3CDgC&pg=PA238&redir_esc=y#v=onepage&q&f=false
- ↑ Bardeen, John; Cooper, Leon; Schrieffer, J. R. (December 1, 1957). "Theory of Superconductivity". Physical Review খণ্ড 108 (5): 1175. doi:10.1103/physrev.108.1175. https://books.google.com/books?id=_QKPGDG-cuAC&q=%22persist+indefinitely&pg=PA76। আহৰণ কৰা হৈছে: June 6, 2014. Reprinted in Bogoliubov, Nikolaĭ Nikolaevich, ed (1963). The Theory of Superconductivity. 4. Gordon and Breach. পৃষ্ঠা. 73. OCLC 537010. https://books.google.com/books?id=_QKPGDG-cuAC&pg=PA73.
- ↑ Daintith, John (2009) (en ভাষাত). The Facts on File Dictionary of Physics (4th সম্পাদনা). Infobase Publishing. পৃষ্ঠা. 238. ISBN 978-1-4381-0949-7. https://books.google.com/books?id=VdEVdJo3CDgC&pg=PA238.
- ↑ Gallop, John C. (1990) (en ভাষাত). SQUIDS, the Josephson Effects and Superconducting Electronics. CRC Press. পৃষ্ঠা. 1, 20. ISBN 978-0-7503-0051-3. https://books.google.com/books?id=ad8_JsfCdKQC.
- ↑ Durrant, Alan (2000). Quantum Physics of Matter. CRC Press. পৃষ্ঠা. 102–103. ISBN 978-0-7503-0721-5. https://books.google.com/books?id=F0JmHRkJHiUC&q=%22persist+indefinitely&pg=PA103.
- ↑ 8.0 8.1 গিনচবাৰ্গ, ডনাল্ড এম.. "https://www.britannica.com/science/superconductivity". ব্ৰিটানিকা. http://www.britannica.com/science/superconductivity। আহৰণ কৰা হৈছে: 23 July 2019.