অতি পৰিবাহিতা
অতি পৰিবাহিতা(Super Conductivity) হৈছে বৈদ্যুতিক ৰোধ শূন্য হৈ পৰাৰ এক বিশেষ প্ৰপঞ্চ, য'ত বৈদ্যুতিক প্ৰৱাহ বিনা বাধাৰে প্ৰৱাহিত হ'ব পাৰে ৷ বৈদ্যুতিক ৰোধে প্ৰদান কৰা বাধা অতি পৰিবাহী পদাৰ্থত দেখিবলৈ পোৱা নাযায় ৷ [1] তাৰ বাবে সেই বিশেষ পদাৰ্থবিধক নিৰ্দিষ্ট ক্ৰান্তিক উষ্ণতাৰ তলত শীতল কৰিব লাগিব ৷ এই বিশেষ প্ৰপঞ্চটো আৱিষ্কৃত হৈছিল ১৯১১ চনৰ ৮ এপ্ৰিলত,নেডাৰলেণ্ডৰ লেইডেনত ৷ আৱিষ্কাৰ কৰিছিল পদাৰ্থ বিজ্ঞানী হেইকে কেমাৰলিঙ্ঘে (Heike Kamerlingh) ৷ [2] [3]
ধাৰণা[সম্পাদনা কৰক]
পদাৰ্থ বিজ্ঞানী হেইকে কেমাৰলিঙ্ঘে দেখিছিল যে, যেতিয়া পাৰাৰ তাঁৰ এডালক ৪ কেলভিন অৰ্থাৎ,(-২৬৯ ডিগ্ৰী ছেলছিয়াছ)লৈ নি শীতলীকৰণ কৰা হয়,তেতিয়া তাঁৰডালত থকা বৈদ্যুতিক ৰোধ সম্পূৰ্ণ অদৃশ্য হৈ পৰে ৷ তাৰ পিছত তেওঁ পুনৰ আৱিষ্কাৰ কৰিলে যে, অতিপৰিবাহী পদাৰ্থক সাধাৰণ অৱস্থালৈও লৈ যাব পৰা যায় ৷ তাৰ বাবে সেই পদাৰ্থৰ মাজেৰে উচ্চপৰিমাণৰ বৈদ্যুতিক প্ৰৱাহ চালিত কৰিব লাগিব অথবা উচ্চ পৰিমাণৰ চুম্বকক্ষেত্ৰৰ সংস্পৰ্ষত সেই পদাৰ্থক ৰাখিব লাগিব ৷ উল্লেখযোগ্য যে,১৯১৩ চনত পদাৰ্থ বিজ্ঞানীজনক নিম্ন উষ্ণতাত কৰা আৱিষ্কাৰৰ বাবে ন'বেল বঁটা প্ৰদান কৰা হৈছিল ৷ [4]
মেইছনাৰ প্ৰভাৱ[সম্পাদনা কৰক]
সেই আৱিষ্কাৰটো হোৱাৰ বহু বছৰ পাছলৈকে ভবা হৈছিল যে, শূন্য ৰোধ আৰু অসীম বৈদ্যুতিক প্ৰৱাহৰ বাহিৰে অতিপৰিবাহী পদাৰ্থৰ অইন কোনো বৈশিষ্ট্য নাই ৷ কিন্তু ১৯৩৩ চনত এই ধাৰণা বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত হ'ল ৷ তাৰ পৰিৱৰ্তে গম পোৱা গ'ল যে, এই অতিপৰিবাহী পদাৰ্থবোৰে দ্বিচুম্বকত্ব বা অপচুম্বকত্ব(Diamagnetism)ৰ ধৰ্ম প্ৰদৰ্শন কৰে ৷ অৰ্থাৎ ইহঁত চুম্বকীয় ক্ষেত্ৰৰ দ্বাৰা গভীৰভাৱে বিকৰ্ষিত হয় ৷ অতিপৰিবাহী পদাৰ্থৰ এই বিশেষ গুণটোক মেইছনাৰ প্ৰভাৱ(Meissner effect) বুলি কোৱা হয় ৷ মেইছনাৰ প্ৰভাৱ আৱিষ্কাৰ হোৱাৰ পাছত,১৯৩৪ চনত, অতিপৰিবাহী পদাৰ্থৰ বিদ্যুৎ-চুম্বকীয় ধৰ্মসমূহক সাঙুৰি এক বিশেষ তত্ব সৃষ্টি কৰা হয় ৷ এই তত্ত্বই অতিপৰিবাহী পদাৰ্থত বিদ্যুৎ-চুম্বকীয় ভেদন গভীৰতা থকাৰ সম্ভাৱনা ব্যক্ত কৰে ৷ ১৯৩৯ চনত সেই সম্ভাৱনাটোক পৰীক্ষাগৃহত সত্য বুলি প্ৰমাণিত কৰা হয় ৷ ১৯৬২ চনত ব্ৰিটেইনৰ পদাৰ্থ বিজ্ঞানী ব্ৰায়ান ডি. জোছেফছনে ধাৰণা কৰে যে, যদি দুটা অতিপৰিবাহী বস্তুক বৈদ্যুতিক সংস্পৰ্শত ৰখা হয়, তেনেহ'লে সিহঁতে কেতবোৰ বিদ্যুৎ-চুম্বকীয় ধৰ্ম দেখুৱাব পাৰে ৷ [4]
শেহতীয়া গৱেষণা[সম্পাদনা কৰক]
বিগত সময়ছোৱাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিজ্ঞানীসকলে সাধাৰণ উষ্ণতাত অতি পৰিবাহিতাৰ ধৰ্ম দেখুউৱা পদাৰ্থৰ সন্ধান চলাই আহিছে ৷ পিছে এতিয়ালৈকে সফলতা লাভ কৰা নাই ৷ কিন্তু প্ৰায় এবছৰৰ আগতে ভাৰতবৰ্ষৰ বেংগালুৰুস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (Indian Institute of Science)ৰ দুগৰাকী বিজ্ঞানীয়ে এটা আলোড়নকাৰী ঘোষণা কৰে ৷ এই দুজন বিজ্ঞানী হৈছে অংশু পাণ্ডে আৰু তেওঁৰ ছাত্ৰ দেৱ কুমাৰ থাপা ৷ তেওঁলোকে সোণ আৰু ৰূপেৰে তৈয়াৰী এক সংযুক্ত পদাৰ্থই সাধাৰণ উষ্ণতাত অতি পৰিবাহিতা দেখুয়াই বুলি প্ৰকাশ কৰিছিল ৷ বাতৰিটোৱে কিছু বিতৰ্কৰো সৃষ্টি কৰিছিল ৷ কিয়নো এতিয়ালৈকে অতি পৰিবাহিতা কেৱল অতি নিম্ন উষ্ণতাতহে (শূন্য ডিগ্ৰী ছেলছিয়াতকৈও ১০০ ডিগ্ৰী তলত) পৰ্যবেক্ষণ কৰা হৈছে ৷ বিজ্ঞানী দুজনৰ পৰ্যবেক্ষণক লৈ চলি থকা নানান পৰীক্ষা-নিৰীক্ষাৰ ফলাফল এই বছৰৰ মে' মাহত প্ৰকাশিত কৰা হয় ৷ সেই ফলাফলে বিজ্ঞানী দুগৰাকীৰ সিদ্ধান্তক শুদ্ধ বুলি স্বীকৃতি দিছে আৰু গৱেষণাৰ ফলাফলক এক আন্তৰ্জাতিক জাৰ্ণেললৈ প্ৰেৰণ কৰিছে ৷[1]
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 শইকীয়া, বিপুলজ্যোতি (২০ জুলাই, ২০১৯). "ভাৰতীয় বিজ্ঞানীৰ অতি পৰিবাহিতাৰ গৱেষণা". দৈনিক অসম. দৈনিক অসম: পৃষ্ঠা ১৪.
- ↑ http://books.google.co.in/books?id=ad8_JsfCdKQC&printsec=frontcover&redir_esc=y&hl=en#v=onepage&q&f=false
- ↑ http://books.google.co.in/books?id=VdEVdJo3CDgC&pg=PA238&redir_esc=y#v=onepage&q&f=false
- ↑ 4.0 4.1 গিনচবাৰ্গ, ডনাল্ড এম.. "https://www.britannica.com/science/superconductivity". ব্ৰিটানিকা. http://www.britannica.com/science/superconductivity। আহৰণ কৰা হৈছে: 23 July 2019.