সমললৈ যাওক

অতুল লহকৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অতুল লহকৰ

অতুল লহকৰ
জন্ম তেজপুৰ, অসম, ভাৰত
বাসগৃহ গুৱাহাটী, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা চেলিব্ৰেটী ৰান্ধনি, উদ্যোগী

অতুল লহকৰ (ইংৰাজী: Atul Lahkar) এজন অসমীয়া চেলিব্ৰেটী ৰান্ধনি তথা উদ্যোগী।[1][2] অসমীয়া পৰম্পৰাগত খাদ্যক জনপ্ৰিয় কৰাত তেওঁ বিশেষ ভূমিকা লৈছে। লহকৰে অসমৰ বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰা ২০০ ৰো অধিক ৰন্ধন কলাৰ গৱেষণা কৰিছে আৰু এইসমূহ নথিভুক্ত কৰিছে।[3][4] তেওঁক অসমীয়া পৰম্পৰাগত খাদ্যৰ জীৱন্ত বিশ্বকোষ বুলি কোৱা হয়।[3] তেওঁ দূৰৰ্দশনৰ ৰন্ধন বিষয়ক অনুষ্ঠানত ভাগ লোৱা এগৰাকী জনপ্ৰিয় ব্যক্তি।

সংক্ষিপ্ত জীৱনী

[সম্পাদনা কৰক]

অতুল লহকৰৰ জন্ম হৈছিল তেজপুৰত।[5]এটি অৰ্থনৈতিকভাৱে পিছপৰা পৰিয়ালত জন্ম গ্ৰহণ কৰাৰ বাবে, লহকৰে তেওঁৰ আঠোজন ভাই-ভনীৰ সৈতে, জীৱনৰ বিভিন্ন পৰ্যায়ত বিভিন্ন কষ্টৰ সন্মুখীন হৈছিল। ১৯৯০ চনৰ ভিতৰত তেওঁ তেজপুৰত পঢ়া শেষ কৰি ১৯৯২ চনত নিজৰ গৃহচহৰ এৰি গুৱাহাটীত নতুন জীৱন আৰম্ভ কৰাৰ সিদ্ধান্ত লয়।[4] ১৯৯৪ চনত তেওঁ তেওঁৰ ডাঙৰ ভনীয়েকৰ চিকিৎসাৰ বাবে চেন্নাইত থাকোঁতে এজন বিক্ৰেতাই তেওঁৰ গ্ৰাহকসকলক, প্ৰতিদিনে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ ধৰ্মীয়ভাৱে ৰন্ধা বিৰিয়ানী খুৱাই থকা দেখে। এই সৰু ঘটনাটোৱে তেওঁক প্ৰভাৱিত কৰে আৰু ৰন্ধনকে জীৱিকা ৰূপে গ্ৰহণ কৰাৰ সিদ্ধান্তৰে, চেন্নাইৰ পৰা উভতি অহাৰ পিছতে বৰপেটাত তেওঁৰ কৰ্মজীৱন আৰম্ভ কৰে।[5] খাদ্যৰ প্ৰতি তেওঁৰ ভালপোৱাই তেওঁক অসমৰ চুকে-কোণে থকা বিভিন্ন ঠাইলৈ গৈ সেই ঠাইৰ পৰম্পৰাগত খাদ্যৰ ৰন্ধন প্ৰক্ৰিয়া শিকিবলৈ উৎসাহিত কৰে আৰু এই ৰন্ধন শৈলী আয়ত্ত কৰি তাক নিজৰ ধৰণেৰে পৰিৱেশন কৰি তেওঁ অসমীয়া পৰম্পৰাগত খাদ্যক এক সুকীয়া মান দিছে। [5]

২০০০ চনত, লহকৰে ৰাজগড়ত 'দ্য আল্টিমেট কিচেন' নামেৰে তেওঁৰ প্ৰথমখন ৰন্ধন বিদ্যালয় আৰম্ভ কৰিছিল। সেইখিনি সময়তে তেওঁ ৰাষ্ট্ৰীয় দূৰদৰ্শনতো ভূমুকি মাৰিবলৈ আৰম্ভ কৰে। বৰ্তমান তেওঁ দূৰদৰ্শনৰ এগৰাকী জনপ্ৰিয় চেলিব্ৰেটি। ২০০৫ চনত, লহকৰক গণেশগুৰিৰ ডেলিকেচি ৰেস্তোৰাৰ মুখ্য ৰান্ধনি হ’বলৈ প্ৰস্তাৱ দিয়া হৈছিল। প্ৰথমবাৰৰ বাবে প্ৰামাণিক অসমীয়া খাদ্যৰ মেনু ডিজাইন কৰাৰ পৰা আৰম্ভ কৰি খৰিকা মাংসৰ সংস্কৃতি প্ৰৱৰ্তন কৰালৈকে অতুলে কৰিছিল। তেওঁৰ পৰৱৰ্তী দুটা উদ্যোগ ২০১৪ চনত প্ৰতিষ্ঠা কৰা খৰিকা[4] আৰু হেৰিটেজ খৰিকা অসমীয়া পৰম্পৰাগত খাদ্যৰ ৰন্ধনপ্ৰণালীৰ ক্ষেত্ৰত গুৱাহাটীৰ সমাদৃত ৰেষ্টুৰেণ্ট।[5][3]

২০১৯ চনত, অতুল লহকৰে সোণাপুৰত দোমাহী[4] নাম দি এখন ঐতিহ্যবাহী গাঁও (হেৰিটেজ ভিলেজ) প্ৰতিষ্ঠা কৰে।[6] ২০২২ চনত তেওঁ গুৱাহাটীৰ নাৰিকল বাৰীত আৰম্ভ কৰিছে হুৰুম।

লহকৰ এটি পুত্ৰ সন্তানৰ পিতৃ।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Relish traditional Assamese cuisine with chef Atul Lahkar in ‘Paakghar’ on Reeldrama". https://nenow.in/. March 7, 2021. https://nenow.in/north-east-news/assam/relish-traditional-assamese-cuisine-with-chef-atul-lahkar-in-paakghar-on-reeldrama.html আহৰণ কৰা হৈছে: 24th september 2024.
  2. "Tenga gets a global twist - Ramsay gives the world a taste of a popular Assam recipe". https://www.telegraphindia.com/. April 6, 2010. https://www.telegraphindia.com/india/tenga-gets-a-global-twist-ramsay-gives-the-world-a-taste-of-a-popular-assam-recipe/cid/528317 আহৰণ কৰা হৈছে: 24th september 2024.
  3. 1 2 3 MAITREYEE BORUAH (13 September, 2006). "Atul Lahkar, king of Assamese cuisine - Food connoisseur plans to set up research institute dedicated to indigenous food". https://www.telegraphindia.com/. https://www.telegraphindia.com/north-east/atul-lahkar-king-of-assamese-cuisine-food-connoisseur-plans-to-set-up-research-institute-dedicated-to-indigenous-food/cid/774299 আহৰণ কৰা হৈছে: 20 February 2022.
  4. 1 2 3 4 "Chef Atul Lahkar’s quest for culinary & cultural identity.". The Tribal Box. 28 December, 2020. https://www.youtube.com/watch?v=EqsdrlkI66A আহৰণ কৰা হৈছে: 20 February 2022.
  5. 1 2 3 4 Chandrika Das (22 December, 2017). "https://www.guwahatiplus.com/exclusive-news/from-being-a-small-town-boy-to-an-acclaimed-chef-the-journey-of-atul-lahkar". https://www.guwahatiplus.com/. https://www.guwahatiplus.com/exclusive-news/from-being-a-small-town-boy-to-an-acclaimed-chef-the-journey-of-atul-lahkar আহৰণ কৰা হৈছে: 20 February 2022.
  6. "In conversation with Chef Atul Lahkar". Love and Light. https://www.youtube.com/watch?v=qPV8RIO5VQw আহৰণ কৰা হৈছে: 20 February 2022.