অনুবিছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অনুবিছ

অনুবিছৰ চিত্ৰ
মিছৰীয় চিত্ৰলিপিৰ মতে
in
p
wE16
মুখ্য উপাসনাস্থল লিক'পলিছ, চিন'পলিছ
প্ৰতীক মামি মেৰিওৱা কাপোৰ, মুণ্ডহীন জন্তুৰ চৰ্ম, শিয়াল, হাঁ‌কোটা আৰু ফ্লেইল
সঙ্গী অনপুট, নেফথিছ[1]
পিতৃ-মাতৃ নেফথিছ আৰু ছেট, অচাইৰিছ (মধ্য আৰু নব্য ৰাজবংশ) বা ৰা (প্ৰত্ন ৰাজবংশ).
সহোদৰ ৱেপৱাৱেট
সন্তান কেবেচেট
গ্ৰীক সমাৰ্থক হেডিচ বা হাৰ্মিচ

অনুবিছ (ইংৰাজী: Anubis, প্ৰাচীন মিচৰীয় ভাষাত Inpu, Inpw, Jnpw) হৈছে প্ৰাচীন মিচৰ ধৰ্মৰ মৃত্যু, মামিকৰণ, মৃতদেহ সংৰক্ষণ, পৰলোক, কবৰস্থান, সমাধি, আৰু পাতালৰ দেৱতা। তেওঁক সাধাৰণতে কুকুৰৰ ৰূপত বা কুকুৰৰ শিৰ থকা মানুহ হিচাপে চিত্ৰিত কৰা হয়।

বহুতো প্ৰাচীন মিচৰৰ দেৱতাৰ দৰে অনুবিছেও বিভিন্ন প্ৰসংগত বিভিন্ন ভূমিকা গ্ৰহণ কৰিছিল। প্ৰথম বংশৰ আগৰ পৰাই (প্ৰায় ৩১০০ – প্ৰায় ২৮৯০ খ্ৰীষ্টপূৰ্ব) কবৰৰ ৰক্ষক হিচাপে চিত্ৰিত কৰা অনুবিছ এজন মৃতদেহ সংৰক্ষকো আছিল। মধ্য ৰাজবংশৰ দ্বাৰা (প্ৰায় ২০৫৫–১৬৫০ খ্ৰীষ্টপূৰ্ব) তেওঁৰ ঠাইত অচাইৰিছে পাতালৰ গৰাকী হিচাপে ভূমিকা পালন কৰে। আত্মাক পৰলোকলৈ অনা দেৱতা হিচাপে তেওঁৰ এটা বিশিষ্ট ভূমিকা আছিল। তেওঁ "হৃদয়ৰ ওজন"ৰ সময়ত ওজন পাল্লাত অংশগ্ৰহণ কৰিছিল, য'ত নিৰ্ধাৰণ কৰা হৈছিল যে কোনো আত্মাক মৃতকৰ ৰাজ্যত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব নে নহয়। ইজিপ্তৰ সঘনাই চিত্ৰিত আৰু উল্লেখ কৰা দেৱতাসকলৰ ভিতৰত অনুবিছ অন্যতম। অৱশ্যে তেওঁৰ লগত কোনো প্ৰাসংগিক কিংবদন্তি জড়িত নাছিল।[2]

অনুবিছক ক’লা ৰঙেৰে চিত্ৰিত কৰা হৈছিল। এই ৰং পুনৰুৎপাদন জীৱন, নীল নদীৰ মাটি আৰু মৃতদেহৰ ৰং সলনি হোৱাৰ প্ৰতীক আছিল। অনুবিছৰ সৈতে তেওঁৰ ভাতৃ ৱেপৱাৱেটৰ সম্পৰ্ক আছেন। তেওঁকো ধূসৰ বা শুকুলা নোমৰ সৈতে কুকুৰৰ শিৰ বা কুকুৰৰ ৰূপত চিত্ৰিত কৰা হৈছে। ইতিহাসবিদসকলে ধৰি লৈছে যে এসময়ত দুয়োটা চিত্ৰ একত্ৰিত হৈ পৰিছিল।[3] অনুবিছৰ নাৰী সমকক্ষ হৈছে অনপুট। তেওঁৰ কন্যা হৈছে সৰ্পদেৱী কেবেচেট।

নাম[সম্পাদনা কৰক]

প্ৰকৃততে "অনুবিছ" হৈছে এই দেৱতাৰ মিচৰীয় নামৰ গ্ৰীক অনুবাদ।[4][5] গ্ৰীকসকল মিচৰত উপস্থিত হোৱাৰ আগতে খ্ৰীষ্টপূৰ্ব সপ্তম শতিকাৰ আশে-পাশে তেওঁ আনপু বা ইনপু নামেৰে জনাজাত আছিল। প্ৰাচীন মিচৰীয় ভাষাত এই নামটোৰ মূল অৰ্থ হৈছে "এক ৰাজকীয় সন্তান।" ইনপুৰ মূল হৈছে "ইনপ," যাৰ অৰ্থ "ক্ষয় হোৱা।" দেৱতাজনক "পশ্চিমীয়াসকলৰ প্ৰথমগৰাকী", "পবিত্ৰ দেশৰ প্ৰভু", "তেওঁৰ পবিত্ৰ পৰ্বতৰ ওপৰত থকাজন", "নখন ধনুৰ শাসক", "লক্ষজনক গ্ৰাস কৰা কুকুৰ", "ৰহস্যৰ পণ্ডিত", "মৃতদেহ সংৰক্ষণৰ ঠাইত থকাজন" আদি নামেৰেও জনা গৈছিল।[6] তেওঁৰ পদবীসমূহ তেওঁৰ উপাধিবোৰতো প্ৰতিফলিত হৈছিল।[7]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Lévai, Jessica (2007) (en ভাষাত). Aspects of the Goddess Nephthys, Especially During the Graeco-Roman Period in Egypt. UMI. https://books.google.com/books?id=C7vTAQAACAAJ&q=levai+jessica+aspects+of+nephthys. 
  2. Johnston 2004, পৃষ্ঠা. 579.
  3. Gryglewski 2002, পৃষ্ঠা. 145.
  4. Coulter & Turner 2000, পৃষ্ঠা. 58.
  5. "Gods and Religion in Ancient Egypt  – Anubis". http://www.ancient-egypt.org/religion/gods/anubis.html। আহৰণ কৰা হৈছে: 23 June 2012. 
  6. "Anubis". World History Encyclopedia. Retrieved 2018-11-18. 
  7. "Anubis". Encyclopaedia Britannica. 2018. https://academic.eb.com/levels/collegiate/article/Anubis/7931। আহৰণ কৰা হৈছে: 2018-12-03.