সমললৈ যাওক

হাৰ্মিচ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
  • হেৰ্মেছ
  • হাৰ্মিচ
সীমা, পথ, ভ্ৰমণকাৰী, চোৰ, এথলীট, ভেড়াৰখীয়া, বাণিজ্য, বেগ, ধূৰ্তালি, মেধা আৰু নিদ্ৰাৰ দেৱতা
দেৱতাসকলৰ বাৰ্তাবাহক
দ্বাদশ অলিম্পিয়ান-ৰ সদস্য
নিবাস অলিম্পাচ পৰ্বত
গ্ৰহ বুধ গ্ৰহ[1]
প্ৰতীক পাখিলগা পাদুকা, সৰ্পদণ্ড, কাছ, বীণ, ডাকোৱা কুকুৰা, পাখিলগা শিৰোস্ত্ৰাণ
সঙ্গী মেৰ'পি, এফ্ৰোডাইটি, ড্ৰায়'পি, পেইথ'
পিতৃ-মাতৃ জ্যুচ আৰু মায়া
ইউৰেনাচ আৰু হেমেৰা[2]
সহোদৰ এইকাচ, এঞ্জেল'চ, এফ্ৰোডাইটি, এপ'ল', এৰিচ, আৰ্টিমিচ, এথেনা আদি
সন্তান ইভেণ্ডাৰ, পেন এঞ্জেলিয়া আদি
ৰোমান সমাৰ্থক মাৰ্কিউৰি
ইট্ৰুস্কান সমাৰ্থক টাৰ্মচ

হেৰ্মেছ বা হাৰ্মিচ (ইংৰাজী: Hermes) হৈছে প্ৰাচীন গ্ৰীচৰ এগৰাকী দেৱতা আৰু দ্বাদশ অলিম্পিয়ানৰ অন্যতম। হাৰ্মিচক দেৱতাসকলৰ বাৰ্তাবাহকৰূপে গণ্য কৰা হয়। তেওঁ মনৱ বাৰ্তাবাহক, ভ্ৰমণকাৰী, চোৰ, বণিক আৰু বক্তাসকলৰ ৰক্ষাকৰ্তা।[3][4][5] তেওঁ মানৱ আৰু দেৱতা উভয়ৰে জগতত নিজৰ পাখিলগা পাদুকাযোৰৰ সহায়ত ক্ষিপ্ৰতাৰে আৰু মুক্তভাৱে বিচৰণ কৰি ফুৰিব পাৰে। মৃত্যুৰ পিছত আত্মাসমূহক পাতালপুৰীলৈ বাট দেখুৱাই নিয়াৰ দায়িত্বও হাৰ্মিচৰ ওপৰত ন্যস্ত। [6][7]

কিংবদন্তিসমূহত হাৰ্মিচক দেৱতাসকলৰ দূত বা বাৰ্তাবাহক হিচাপে দেখা পোৱা যায়[8] আৰু তেওঁক জ্যুচ আৰু মায়াৰ পুত্ৰ হিচাপে উপস্থাপন কৰা হয়। তেওঁক দৈৱিক চাতুৰ্যকাৰ আখ্যা দিয়া হয়।[9][10]

হাৰ্মিচৰ সৈতে জড়িত সামগ্ৰী বা চিহ্নসমূহ হৈছে হাৰ্মা (মূৰ আৰু পুৰুষাংগৰ সৈতে এক ভাস্কৰ্যবিশেষ), ডাকোৱা কুকুৰা, কাছ, ধনৰ মোনা, পাখিলগা পাদুকা, পাখিলগা শিৰোস্ত্ৰাণ, পাম গছ (নাৰিকলজাতীয় গছ), ছাগলী, ৪ সংখ্যা, বিভিন্নপ্ৰকাৰৰ মাছ আৰু ধূপ।[11] অৱশ্যে হাৰ্মিচৰ মুখ্য চিহ্ন হৈছে সৰ্পদণ্ড। তেওঁৰ চিহ্নসমূহত ইট্ৰুস্কান দেৱতা টাৰ্মচৰ প্ৰভাৱ আছে।[12]

ৰোমান সমকক্ষ

[সম্পাদনা কৰক]

ৰোমান কিংবদন্তিত হাৰ্মিচক মাৰ্কিউৰি নামেৰে জনা যায়।[13] লেটিন ভাষাত ইয়াৰ অৰ্থ বা বেপাৰ বা বণিজ।[14]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. ↑ Evans, James (1998). The History and Practice of Ancient Astronomy. Oxford University Press. পৃষ্ঠা. 296–7. ISBN 978-0-19-509539-5. https://books.google.com/books?id=nS51_7qbEWsC&pg=PA17। আহৰণ কৰা হৈছে: 2008-02-04.
  2. ↑ Cicero, De natura Deorum 3.56; also Arnobius, Adversus Nationes 4.14.
  3. ↑ Burkert, p. 158.
  4. ↑ Powell, Barry B. (2015). Classical Myth (8th সম্পাদনা). প্ৰকাশক Boston: Pearson. পৃষ্ঠা. 177–190. ISBN 978-0-321-96704-6.
  5. ↑ Lay, p. 3.
  6. ↑ Powell, pp. 179, 295
  7. ↑ Burkert, pp. 157–158.
  8. ↑ Burkert, p. 158.
  9. ↑ Burkert, p. 156.
  10. ↑ Homer, 1–512, as cited in Powell, pp. 179–189
  11. ↑ Austin, M. Hellenistic world from Alexander to the Roman conquest: a selection of ancient sources in translation. Cambridge University Press, 2006. p. 137.
  12. ↑ Combet-Farnoux, Bernard (1980). "Turms étrusque et la fonction de « minister » de l'Hermès italique". Mercure romain : Le culte public de Mercure et la fonction mercantile à Rome de la République archaïque à l'époque augustéenne. École française de Rome. pp. 171–217.
  13. ↑ Bullfinch's Mythology (1978), Crown Publishers, p. 926.
  14. ↑ Powell, p. 178