এৰিচ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এৰিচ
সাহস আৰু যুদ্ধৰ দেৱতা
দ্বাদশ অলিম্পিয়ান-ৰ সদস্য

এৰিচৰ প্ৰতিমূৰ্ত্তি
নিবাস অলিম্পাচ পৰ্বত, থ্ৰেচ, মেচিড'নিয়া, থেবিচ, স্পাৰ্টা, মানি আদি ঠাই
প্ৰতীকসমুহ তৰোৱাল, যাঠী, ঢাল, শিৰোস্ত্ৰাণ, ৰথ, জোঁ‌ৰ, কুকুৰ, বৰাগাহৰি, শগুণ
সঙ্গী এফ্ৰোডাইটি আৰু অন্যান্য
পিতৃ-মাতৃ জ্যুচ আৰু হীৰা
সহোদৰ এইকাচ, এঞ্জেল'চ, এফ্ৰোডাইটি, এপ'ল', আৰ্টিমিচ, এথেনা, ডাইনিচাছ, হাৰ্মিচ আদি
সন্তান এৰ'টিচ, ফ'ব'চ, হাৰ্ম'নিয়া, এমাজ'নসকল আদি
ৰোমান সমাৰ্থক মাৰ্চ

এৰিচ (ইংৰাজী: Ares) হৈছে প্ৰাচীন গ্ৰীকসকলে আৰাধনা কৰা যুদ্ধ আৰু সাহসৰ দেৱতা। তেওঁ দ্বাদশ অলিম্পিয়ানৰ অন্যতম তথা জ্যুচ আৰু হীৰাৰ পুত্ৰ।[1] পৌৰাণিক গ্ৰীক সাহিত্যত এৰিচে যুদ্ধৰ হিংসাত্মক, বিভীষিকাময় আৰু বন্য ৰূপটোক প্ৰতিনিধিত্ব কৰে। জ্ঞান আৰু সমৰ কৌশলৰ অধিষ্ঠাত্ৰী তেওঁৰ ভগ্নী এথেনাৰ স্বাভাৱৰ বিপৰীতে এৰিচে প্ৰায়েই ক্ৰুৰতা আৰু ৰক্তপিপাসু স্বভাৱক প্ৰতিফলিত কৰে।[2]

গ্ৰীকসকল এৰিচৰ পক্ষে দ্বৈত ভাবাপন্ন: যদিও যুদ্ধক্ষেত্ৰত সফলতা লাভ কৰিব পৰাকৈ তেওঁৰ শাৰীৰিক সক্ষমতা আছে, তেওঁ এক ভয়ানক প্ৰলয়কাৰী, মানৱ-সংহাৰী শক্তি।[3] তেওঁৰ দুই পুত্ৰ ফ'ব'চ (ভয়) আৰু ডেইম'চৰ (আতংক) লগতে এৰিচৰ প্ৰেমাস্পদ/ভগ্নী এন্য' (কন্দল) ৰথত উঠি এৰিচৰ সৈতে ৰণলৈ আহে।[4] ইলিয়াদত এৰিচৰ পিতৃ জ্যুচে কয় যে দেৱতাৰ ভিতৰত তেওঁ এৰিচকেই আটাইতকৈ ঘৃণা কৰে।[5] এৰিচৰ সংসৰ্গই বন্য, বিপদজনক বা সামৰিক গুণ থকা স্থান বা সামগ্ৰীৰ প্ৰাপ্তি ঘটায়।[6] যুদ্ধৰ দেৱতা হিচাপে তেওঁৰ স্থান সন্দেহজনক। ট্ৰয়ৰ যুদ্ধৰ সময়ত এৰিচ পৰাজিতসকলৰ পক্ষত থকাৰ বিপৰীতে তেওঁৰ ভগ্নী এথেনা বিজয়ধ্বজা ধাৰণ কৰি বিজয়ী গ্ৰীকসকলৰ পক্ষত আছিল।[3]

গ্ৰীক কিংবদন্তিসমূহত এৰিচৰ ভূমিকা সীমিত।[7] যেতিয়াই কোনো আখ্যানত এৰিচৰ আবিৰ্ভাৱ ঘটে তেওঁ কোনো অপমান গ্ৰাহ্য কৰিবলগা হয়।[8] তেওঁক এফ্ৰ'ডাইটিৰ প্ৰেমিক হিচাপে জনা যায় যি কাৰুকলাৰ দেৱতা হেফাষ্টিয়াচৰ সৈতে বিবাহত বহে।[9]

এৰিচৰ সমকক্ষ ৰোমান দেৱতা হৈছে মাৰ্চ।[10]

ৰূপ বৰ্ণনা[সম্পাদনা কৰক]

এৰিচক শিৰোস্ত্ৰাণ, ঢাল আৰু তৰোৱাল বা যাঠী ধাৰণ কৰা অৱস্থাত চিত্ৰিত কৰা হয়। 'এৰিচৰ চৰাইজাক' বুলি কৃষ্ণ সাগৰৰ উপকূলীয় দ্বীপত থকা এমাজনসকলৰ দেৱতাৰ স্থানক সুৰক্ষা প্ৰদান কৰা এজাক পক্ষীক সূচোৱা হয়।[11]

আখ্যান[সম্পাদনা কৰক]

এৰিচ আৰু এফ্ৰোডাইটি[সম্পাদনা কৰক]

এলচিনাছৰ সভাত এজন গায়কে গোৱা গীতত উল্লেখ আছে যে,[12] এবাৰ সূৰ্যদেৱতা হেলিঅ'চে হেফাষ্টিয়াচৰ ভৱনত গোপনে মৈথুনৰত এৰিচ আৰু এফ্ৰোডাইটিৰ চোৰাংচোৱাগিৰি কৰে। তেওঁ এই ঘটনাৰ সম্ভেদ এফ্ৰোডাইটিৰ পতি হেফাষ্টিয়াচক দিয়ে। হালকে হাটে-লোটে ধৰা পেলাবলৈ হেফাষ্টিয়াচে এখন অদৃশ্যপ্ৰায় জাল সাজে। সেইমতে যথাসময়ত এক অন্তৰংগ মুহূৰ্ত্তত এৰিচ আৰু এফ্ৰোডাইটি জালত ধৰা পৰে। [n 1]

কিন্তু হেফাষ্টিয়াচ তাতেই ক্ষান্ত নাথাকি অলিম্পিয়ান দেৱ-দেৱীসকলক এই দৃশ্য চাবলৈ আমন্ত্ৰণ জনায়। দেৱীসকল লজ্জাবোধৰ বাবে নাহে যদিও দেৱতাসকল যথাস্থানত উপস্থিত হয়। খেনোৱে এফ্ৰোডাইটিৰ ৰূপৰ প্ৰশংসা কৰাৰ লগতে খেনোৱে এৰিচৰ স্থান ল'বৰ ইচ্ছা প্ৰকাশ কৰে। কিন্তু উপস্থিত সকলোৱেই দুয়োকে উপলুঙা কৰে। মুক্ত কৰি দিয়াৰ পিছত এৰিচ থ্ৰেচলৈ আৰু এফ্ৰোডাইটি পেফ'চলৈ প্ৰস্থান কৰে। [n 1]

পৰৱৰ্তী সময়ত বৰ্ণিত আখ্যান অনুসৰি এৰিচে হেলিঅ'চৰ আগমণৰ বিষয়ে সতৰ্ক কৰি দিবলৈ এলেকট্ৰায়'ন নামৰ এজন কমবয়সীয়া সৈনিকক দুৱাৰমুখত নিয়োগ কৰে। কিন্তু এলেকট্ৰায়'ন নিদ্ৰামগ্ন হৈ পৰে।[13] হেলিঅ'চে আহি দুয়োকে দেখা পাই হেফাষ্টিয়াচক বাতৰি দিয়ে। খঙত এৰিচে এলেকট্ৰায়'নক এটা কুকুৰালৈ ৰূপান্তৰিত কৰে যি সদায়েই সূৰ্যোদয়ৰ বতৰা দিয়ে।

টোকা[সম্পাদনা কৰক]

  1. 1.0 1.1 query=card%3D%2371; layout=; loc=8.333 "Odyssey, 8.295". https://www.perseus.tufts.edu/cgi-bin/ptext?doc=Perseus%3Atext%3A1999.01.0218; query=card%3D%2371; layout=; loc=8.333. "[In Robert Fagles's translation]: ... and the two lovers, free of the bonds that overwhelmed them so, sprang up and away at once, and the Wargod sped Thrace, while Love with her telltale laughter sped to Paphos ..." 

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Hesiod, Theogony 921 (Loeb Classical Library numbering); ইলিয়াদ, 5.890–896.
  2. Walter Burkert, Greek Religion (Blackwell, 1985, 2004 reprint, originally published 1977 in German), pp. 141; William Hansen, Classical Mythology: A Guide to the Mythical World of the Greeks and Romans (Oxford University Press, 2005), p. 113.
  3. 3.0 3.1 Burkert, Greek Religion, p. 169.
  4. Burkert, Greek Religion, p.169.
  5. Iliad 5.890–891.
  6. Hansen, Classical Mythology, pp. 114–115.
  7. Hansen, Classical Mythology, pp. 113–114; Burkert, Greek Religion, p. 169.
  8. Hansen, Classical Mythology, pp. 113–114.
  9. In the Iliad, however, the wife of Hephaestus is Charis, "Grace," as noted by Burkert, Greek Religion, p. 168.
  10. Larousse Desk Reference Encyclopedia, The Book People, Haydock, 1995, p. 215.
  11. Argonautica (ii.382ff and 1031ff; Hyginus, Fabulae 30.
  12. ওডিচী 8.300
  13. Gallagher, David (2009-01-01) (en ভাষাত). Avian and Serpentine. Brill Rodopi. ISBN 978-90-420-2709-1. https://brill.com/view/book/9789042027091/B9789042027091-s006.xml.