অপুষ্টি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অপুষ্টি
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল

এডাল কমলাৰঙী ফিটা—অপুষ্টিৰ সজাগতা ফিটা
আই.চি.ডি.-10 E40-E46
আই.চি.ডি.-9 263.9
মেডলাইন প্লাছ 000404
ইমেডিচিন ped/1360
MeSH D044342

অপুষ্টি (ইংৰাজী: Malnutrition; বা malnourishment) হৈছে কম পুষ্টিকাৰক আহাৰ বা অত্যাধিক পুষ্টিকাৰক আহাৰৰ খোৱাৰ ফলত হোৱা এক প্ৰকাৰৰ স্বাস্থ্যজনিত সমস্যাৰ পৰিস্থিতি।[1][2] ইয়াৰ লগত কেল'ৰি, প্ৰ'টিন, শৰ্কৰা, ভিটামিন বা খনিজ লৱন জড়িত হৈ থাকে।[2] শৰীৰক প্ৰয়োজনীয় পুষ্টিৰ অভাৱ হ’লে পুষ্টিহীনতা বুলি কোৱা হয় আৰু মাত্ৰাধিক পুষ্টিজনিত সমস্যাক অতিপুষ্টি বোলে।[3] সাধাৰণভাৱে অপুষ্টি বুলিলে পুষ্টিহীনতাকেই বুজায়।[3][4] গৰ্ভাৱস্থা, বা দুবছৰতকৈ আগত পুষ্টিহীনতা হ’লে শাৰিৰীক আৰু মানসিক বিকাশৰ স্থায়ী সমস্যাই দেখা দিব পাৰে।[2] বিৰল পুষ্টিহীনতা, যাক starvation বুলি কোৱা হয়, তাৰ কিছুমান ফলাফল হৈছে: চাপৰ, ক্ষীণ, অতি দুৰ্বল, আৰু ফেৰেকা ভৰি আৰু উফন্দা উদৰ[2][3] পুষ্টিহীনতাত ভোগা লোকসকল সহজে সংক্ৰমিত হয় আৰু প্ৰায়ে পানীলগাত আক্ৰান্ত হয়। অভাৱ হোৱা পুষ্টিৰ প্ৰকাৰ অনুসৰি পুষ্টিহীনতাৰ লক্ষণবোৰ ভিন ভিন হয়।[3]

২০১০ চনত সমগ্ৰ পৃথিৱীৰ পুষ্টিহীন লোকৰ সংখ্যা আছিল ৯২৫ নিযুত।[5][6] ই ১৯৯০ চনতকৈ প্ৰায় ৮০ নিযুত অধিক। ইয়াৰোপৰি অন্য বহুলোকৰে ভিটামিন তথা খনিজ লৱনৰ অভাৱগ্ৰস্থ বুলি অনুমান কৰা হৈছিল।[7] ২০১৩ চনত, প্ৰ'টিন-শক্তি অপুষ্টিৰ বাবে ৪,৬৯,০০০ জন লোক মৃত্যুমুখত পৰিছিল—১৯৯০ চনত এই সংখ্যা আছিল ৫,১০,০০০ জন।[8] অন্যান্য পুষ্টিৰ অভাৱ, আঅ'ডিনৰ অভাৱ আৰু আইৰণৰ অভাৱত হোৱা ৰক্তহীনতাৰ ফলত, অন্য ৮৪,০০০ জনৰ মৃত্যু হৈছিল।[9] ২০১০ চনত, সকলো ধৰণৰ অক্ষমতাৰ ১.৪% কাৰণ আছিল অপুষ্টি।[7][10] শিশু মৃত্যুৰ তিনি ভাগৰ এভাগৰ কাৰণ পুষ্টিহীনতা বুলি বিশ্বাস কৰা হয়।[11] উন্নয়নশীল দেশসমূহত পুষ্টিহীনতা এটা সাধাৰণ বিষয়।[12]মহিলা—বিশেষকৈ গৰ্ভৱতী অথবা সন্তানক দুগ্ধ পাণ কৰোৱা মাতৃ সকল—পাঁচ বছৰতকৈ কম বয়সৰ শিশু সকল, আৰু বয়োবৃদ্ধ সকলকে ধৰি কিছুমান নিৰ্দিষ্ট গোটৰ লোকৰ মাজত পুষ্টিহীনতাৰ হাৰ সৰ্বাধিক হোৱা পৰিলক্ষিত হয়। বৃদ্ধাৱস্থাত, শাৰীৰিক, মানসিক, আৰু সামাজিক কাৰকৰ বাবে পুষ্টিহীনতাত ভোগাটো এটা অতি সাধাৰণ কথা হৈ পৰে।[13]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "malnutrition" at Dorland's Medical Dictionary
  2. 2.0 2.1 2.2 2.3 Facts for life (4th সম্পাদনা). প্ৰকাশক New York: United Nations Children's Fund. 2010. পৃষ্ঠা. 61 and 75. ISBN 978-92-806-4466-1. Archived from the original on 2018-12-12. https://web.archive.org/web/20181212170249/https://www.unicef.org/nutrition/files/Facts_for_Life_EN_010810.pdf। আহৰণ কৰা হৈছে: 2015-09-14. 
  3. 3.0 3.1 3.2 3.3 Young, E.M. (2012). Food and development. প্ৰকাশক Abingdon, Oxon: Routledge. পৃষ্ঠা. 36–38. ISBN 9781135999414. http://books.google.ca/books?id=XhwKwNzJVjQC&pg=PA36. 
  4. Essentials of International Health. Jones & Bartlett Publishers. 2011. পৃষ্ঠা. 194. ISBN 9781449667719. http://books.google.ca/books?id=lt7TqZPZSlIC&pg=PA194. 
  5. "Global hunger declining, but still unacceptably high International hunger targets difficult to reach". Food and Agriculture Organization of the United Nations. September 2010. http://www.fao.org/docrep/012/al390e/al390e00.pdf। আহৰণ কৰা হৈছে: 1 July 2014. 
  6. Food; (FAO), Agriculture Organization of the United Nations (2008). The state of food insecurity in the world, 2008 : high food prices and food security : threats and opportunities. প্ৰকাশক Rome: Food and Agriculture Organization of the United Nations (FAO). পৃষ্ঠা. 2. ISBN 978-92-5-106049-0. http://www.fao.org/docrep/011/i0291e/i0291e00.htm. "FAO’s most recent estimates put the number of hungry [actually, malnourished] people at 923 million in 2007, an increase of more than 80 million since the 1990–92 base period." 
  7. 7.0 7.1 "An update of ‘The Neglected Crisis of Undernutrition: Evidence for Action’". Department for International Developmentwww.gov.uk. Oct 2012. https://www.gov.uk/government/uploads/system/uploads/attachment_data/file/67319/undernutrition-finalevidence-oct12.pdf। আহৰণ কৰা হৈছে: 5 July 2014. 
  8. GBD 2013 Mortality and Causes of Death, Collaborators (17 December 2014). "Global, regional, and national age-sex specific all-cause and cause-specific mortality for 240 causes of death, 1990-2013: a systematic analysis for the Global Burden of Disease Study 2013.". Lancet খণ্ড 385 (9963): 117–71. doi:10.1016/S0140-6736(14)61682-2. PMID 25530442. 
  9. "Global and regional mortality from 235 causes of death for 20 age groups in 1990 and 2010: a systematic analysis for the Global Burden of Disease Study 2010". Lancet খণ্ড 380 (9859): 2095–128. December 2012. doi:10.1016/S0140-6736(12)61728-0. PMID 23245604. 
  10. Murray, CJ (Dec 15, 2012). "Disability-adjusted life years (DALYs) for 291 diseases and injuries in 21 regions, 1990-2010: a systematic analysis for the Global Burden of Disease Study 2010.". Lancet খণ্ড 380 (9859): 2197–223. doi:10.1016/S0140-6736(12)61689-4. PMID 23245608. 
  11. "Maternal, newborn, child and adolescent health". WHO. http://www.who.int/maternal_child_adolescent/topics/child/malnutrition/en/। আহৰণ কৰা হৈছে: 4 July 2014. 
  12. Liz Young (2002). World Hunger Routledge Introductions to Development. পৃষ্ঠা. 20. ISBN 9781134774944. http://books.google.ca/books?id=w4CGAgAAQBAJ&pg=PA20. 
  13. editors, Ronnie A. Rosenthal, Michael E. Zenilman, Mark R. Katlic, (2011). Principles and practice of geriatric surgery (2nd সম্পাদনা). প্ৰকাশক Berlin: Springer. পৃষ্ঠা. 78. ISBN 9781441969996. http://books.google.ca/books?id=VcgmpMZE6a8C&pg=PA87.