ভিটামিন
'ভিটামিন'(ইংৰাজী: vitamins) বা খাদ্যপ্ৰাণ হ'ল একপ্ৰকাৰ প্ৰৱল শক্তিসম্পন্ন জৈৱ-ৰাসায়নিক যৌগ৷ ১৯১২ চনত প'লেণ্ডৰ ৰসায়নবিদ কেছিমিৰ ফ্ৰেংক এ সৰ্ব্বপ্ৰথমে খাদ্যত থকা এই দ্ৰব্যবোৰক 'ভিটামিন' বুলি নামকৰণ কৰিছিল৷ ভিটামিনবোৰক ইংৰাজী বৰ্ণমালাৰ আখৰ কিছুমানৰ দ্বাৰা নামকৰণ কৰা হয়৷ যেনে - ভিটামিন A,C,D,E,K আৰু B কমপ্লেক্স৷ ভিটামিন বা খাদ্যপ্ৰাণ হ'ল একপ্ৰকাৰৰ জটিল জৈৱ যৌগ যি পৰিমাণত অলপ হ'লেও প্ৰাণীদেহৰ বৃদ্ধিৰ বাবে অতি আৱশ্যকীয়৷ ইয়াৰ অভাৱত প্ৰাণীদেহে বিভিন্ন ধৰণৰ ৰোগৰ সন্মুখীন হয়[1]৷
সূচী
সংজ্ঞা[সম্পাদনা কৰক]
ভিটামিন বা খাদ্যপ্ৰাণবোৰে জৈৱ অনুঘটকৰূপে ক্ৰিয়া কৰি প্ৰাণীদেহৰ স্বাভাৱিক বৃদ্ধি ,বিভিন্ন ৰোগ প্ৰতিৰোধ আৰু শৰীৰ বিষয়ক (physiology) কাৰ্য সম্পন্ন কৰে৷ কিছুমান ভিটামিনে ক'এনজাইম বা সহ-উৎসেচক হিচাপে উৎসেচকৰ ক্ৰিয়াত সহায় কৰে৷ সেয়েহে, ভিটামিনৰ অভাৱ হ'লে উৎসেচকৰ ক্ৰিয়াত ব্যাঘাত জন্মে৷ ভিটামিনবোৰ প্ৰধানত: প্ৰাণীৰ বৃদ্ধি আৰু বিকাশৰ বাবে অপৰিহাৰ্য৷ ভিটামিনবোৰৰ শক্তি উৎপাদন ক্ষমতা নাই কিন্তু প্ৰাণীদেহৰ বিভিন্ন বিপাকীয় ক্ৰিয়াৰ বাবে এইবোৰ অতি আৱশ্যকীয়৷
ভিটামিনৰ বৈশিষ্ট্য[সম্পাদনা কৰক]
- জীৱদেহৰ স্বাভাৱিক পুষ্টি,বৃদ্ধি প্ৰভৃতি অত্যাৱশ্যকীয় জীৱন-প্ৰক্ৰিয়া সুস্থভাৱে সম্পাদনৰ বাবে ভিটামিন অপৰিহাৰ্য৷
- বেছিভাগ ভিটামিনৰ প্ৰধান উৎস হ'ল উদ্ভিদ;অৱশ্যে কিছুমান ভিটামিন প্ৰাণী তথা মানুহৰ দেহত সংশ্লেষিত হয়৷
- খাদ্যত ভিটামিন অতি অলপ পৰিমানে থাকিলেও ই কোষৰ নানাবিধ বিপাকীয় ক্ৰিয়াত সাহায্য কৰে৷
- ভিটামিনৰ শক্তি উৎপাদনৰ ক্ষমতা সাধাৰণতে নাথাকে যদিও পৰোক্ষভাৱে ই শক্তি উৎপাদনত সহায় কৰে৷
- খাদ্য বেছি সিদ্ধ কৰিলে নাইবা শুকালে অধিকাংশ ভিটামিন বিনষ্ট হয়৷
- বিভিন্ন ভিটামিনৰ অভাৱত বিপাকীয় ক্ৰিয়া বিঘ্নিত হয় আৰু ভিটামিনৰ অভাৱজনিত নানা ৰোগৰ সৃষ্টি হয়[1]৷
ভিটামিনৰ প্ৰকাৰভেদ[সম্পাদনা কৰক]
দ্ৰৱণীয়তাৰ ওপৰত নিৰ্ভৰ কৰি ভিটামিনবোৰক দুটা প্ৰধান ভাগত বিভক্ত কৰা হয় - ফেটত দ্ৰৱণীয় ভিটামিন (ভিটামিন A,D,E আৰু K) আৰু পানীত দ্ৰৱণীয় ভিটামিন(ভিটামিন B কমপ্লেক্স আৰু C )৷
ফেটত দ্ৰৱণীয় ভিটামিন এইবোৰ ভিটামিন ফেটত দ্ৰৱণীয় আৰু যকৃতত জমা হৈ থাকে৷ দেহত শোষণৰ বাবে পিত্তলৱণ আৰু ফেটৰ প্ৰয়োজন৷
ভিটামিন A[সম্পাদনা কৰক]
মেক কলামে ১৯১২ চনত পোনপ্ৰথমে এইবিধ ভিটামিন চিনাক্তকৰণ কৰে৷ ইয়াক এণ্টি জেৰ'পথেলমিক (anti xerophthalmic) ভিটামিন বুলিও কোৱা হয়৷
ৰসায়ন
সেউজীয়া উদ্ভিদত থকা কেৰ'টিন (carotene) জাতীয় পদাৰ্থৰ পৰা ভিটামিন A সংশ্লেষিত হয়৷ ভিটামিন A-ৰ প্ৰধান উৎস (precursor) হ'ল -ß কেৰ'টিন৷ ই ১৮টা কাৰ্বন শিকলিৰ দ্বাৰা সংযোজিত দুটা ß আয়নন(ß-ionone) আঙঠি (ring) ৰ দ্বাৰা গঠিত৷ এটা ß কেৰ'টিন অণুৰ জাৰণ (oxidation) হ'লে দুটাকৈ ভিটামিন অণুৰ সৃষ্টি হয়৷ ইয়াৰ ৰাসায়নিক বিন্যাস হ'ল C20H30O [1]৷
উৎস
সেউজীয়া পাতযুক্ত পাচলি,গাজৰ,চালগোম,বিলাহী,কণী,মাখন,মাছ আৰু গাখীৰ আদিত পোৱা যায়৷
কাৰ্যসমূহ
- দেহৰ সামগ্ৰিক বৃদ্ধি৷
- চকুৰ আৱৰণী কলাস্তৰৰ সাধাৰণ গঠন৷
- দৃষ্টিশক্তি অক্ষুণ্ণ ৰখা৷
- স্নায়ুকোষ আৰু পেশীকোষৰ পুষ্টি সাধন কৰা৷
- হাড় আৰু দাঁতৰ স্বাভাৱিক বিকাশত অংশগ্ৰহণ কৰা৷
- জননাংগৰ গঠন আৰু কাৰ্য নিয়ন্ত্ৰণ কৰা৷
অভাৱজনিত ৰোগসমূহ
- দেহৰ স্বাভাৱিক বৃদ্ধি আৰু ওজন হ্ৰাস পোৱা৷
- কুকুৰীকণা (ৰাতি নেদেখা বা nyctalopia) জেৰ'পথেলমিয়া (শুষ্কাক্ষি ৰোগ) ,চকুৰ পৰ্দাৰ অস্বচ্ছতা (keratomalcia)ৰোগ হোৱা৷
- চৰ্মৰ স্থুলতা আৰু শুষ্কতাৰ বাবে চৰ্মৰোগ ফ্ৰাইন'ডাৰমা(phrynoderma) হয়৷
- অন্ত্ৰ,শ্বাসনলী,বৃক্ক,মূত্ৰনলী আৰু স্নায়ুতন্ত্ৰৰ ক্ষয়ৰোগ হয়৷
- হাড়ৰ অসামঞ্জস্যতা আৰু জনন ক্ষমতাৰ ক্ৰটিয়ে দেখা দিয়ে৷
প্ৰয়োজনীয়তা
প্ৰাপ্তবয়স্ক মানুহৰ ৫০০ আন্তৰ্জাতিক একক(international unit I.U.)৷ শিশু,গৰ্ভৱতী মহিলা তথা সন্তানক গাখীৰ খুওৱা মহিলাৰ ৬০০০-৮০০০ I.U.(1 I.U.=0.344 মাইক্ৰ'গ্ৰাম)[1]৷
ভিটামিন D[সম্পাদনা কৰক]
এই ভিটামিনক কেলচিফেৰল(calciferol) বুলিও কোৱা হয়৷
ৰসায়ন
এইবোৰ ষ্টিৰল(sterol) জাতীয় পদাৰ্থ৷ কেলচিফেৰল প্ৰধানত দুই ধৰণৰ- আৰ্গকেলচিফেৰল(vit.D2) আৰু ৭-হাইড্ৰ'ক্সিকেলচিফেৰল(vit.D3)৷ আৰ্গষ্টিৰলৰ পৰা তলত দিয়া ধৰণে ভিটামিন D2 সৃষ্টি হয়৷
আৰ্গ'ষ্টিৰল →→লুমিষ্টিৰল2 →→টেকিষ্টিৰল2 →→ভিটামিন D2
উৎস
গাখীৰ,মাখন,কণী,কড মাছৰ যকৃতৰ তেল আদিত পোৱা যায়৷ এই ভিটামিন সূৰ্যৰ ৰশ্মিৰ(অতি বেঙুনীয়া ৰশ্মি) প্ৰভাৱত দেহত্বকত সংযোজন হয়৷
কাৰ্যসমূহ
- অন্ত্ৰত কেলচিয়াম আৰু ফছফৰাছৰ শোষণ নিয়ন্ত্ৰণ কৰে৷
- দাঁত আৰু হাঁড়ৰ গঠন আৰু পুষ্টিত অংশগ্ৰহণ কৰে৷
- পেৰাথাইৰইড গ্ৰন্থিৰ কাৰ্যক্ষমতা অক্ষুণ্ণ ৰাখে৷
- বৃক্কৰ দ্বাৰা ফছফেট বহিষ্কাৰ কৰি লসিকা ৰসত ফছফেটৰ গাঢ়তা কমাই দিয়ে৷
- অন্ত্ৰৰ পশ্চাৎঅংশৰ pH কমাই দিয়ে, ফলত কেলচিয়াম আৰু ফছফ'ৰাছ দেহত শোষিত হয়৷
অভাৱজনিত ৰোগ
- শিশুবোৰৰ ৰিকেট(ricket) ৰোগ হয়৷ এই ৰোগত দেহৰ হাড়সমূহৰ গঠন বিকৃত হয়৷
- বয়স্কলোকৰ ক্ষেত্ৰত অস্থিবিকৃতি(osteomalcia)ৰোগ হয়৷
- দাঁত আৰু হাড়ৰ গঠন ব্যাহত হয়৷
- কেলচিয়াম আৰু ফছফ'ৰাছৰ বিপাক ক্ৰিয়াত বাধা জন্মে৷
প্ৰয়োজনীয়তা
শিশু,গৰ্ভৱতী আৰু স্তনদাত্ৰী স্ত্ৰীলোক আৰু পুৰুষৰ দৈনিক চাহিদা ৪০০I.U ৷ এক একক হ'ল ০.০২৫ মাইক্ৰ'গ্ৰাম৷[1]৷
ভিটামিন E[সম্পাদনা কৰক]
এই ভিটামিন বন্ধ্যাত্ব প্ৰতিৰোধী(antisteritity) ভিটামিন বা ট'ক'ফেৰল(tocopherol) বুলি কোৱা হয়৷
ৰসায়ন
এই যৌগসমূহৰ ৰাসায়নিক নাম ট'ক'ফেৰল৷ ট'ক'ফেৰল দুটা আঙঠিযুক্ত জৈৱ যৌগ৷ ই চাৰি ধৰণৰ -α,β,৪,δ আৰু ট'ক'ফেৰাল৷ ইয়াৰ ৰাসায়নিক বিন্যাস হ'ল C29H50O2৷
উৎস
উদ্ভিদৰ পৰা উৎপন্ন হোৱা তেল (যেনে-ছয়াবিন তেল,গম তেল ইত্যাদি) কণী,মাংস,যকৃত,মাছ আদিত এই ভিটামিন থাকে৷
কাৰ্যসমূহ
- এই ভিটামিনে পেশী,স্নায়ু নাইবা জননাংগীয় পাচক ৰসসমূহ নষ্ট নোহোৱাকৈ ৰাখে৷
- শৰীৰৰ পেশীসমূহৰ স্বাভাৱিক বিকাশ নিয়ন্ত্ৰণ কৰে৷
- ভ্ৰূণৰ স্বাভাৱিক বৃদ্ধি নিয়ন্ত্ৰণ কৰে৷
- শুক্ৰাণুৰ বিকাশত সহায় কৰে৷
অভাৱজনিত ৰোগ
- পেশীৰ শিথিলতাই দেখা দিয়ে৷
- যকৃতৰ ক্ষয়ৰোগ(nacrosis) হয়৷
- মাতৃদেহত ভ্ৰূণৰ মৃত্যু আৰু গৰ্ভপাত হয়৷
- মতা প্ৰাণীৰ ক্ষেত্ৰত শুক্ৰাশয়ৰ গঠন টুটি যায় আৰু বন্ধ্যাত্বপ্ৰাপ্তি হোৱা দেখা যায়৷
প্ৰয়োজনীয়তা
পূৰ্ণবয়স্ক পুৰুষৰ ৩০ I.U.,স্ত্ৰীৰ ক্ষেত্ৰত ২৫ I.U.,গৰ্ভবতী মহিলাৰ ৩০ I.U.,এক I.U.সমান ০.৬৭ মিলিগ্ৰাম৷
ভিটামিন K[সম্পাদনা কৰক]
এই ভিটামিনক ৰক্তক্ষৰণ প্ৰতিৰোধী ভিটামিন বুলি কোৱা হয়৷
ৰসায়ন
ভিটামিন K যুক্ত যৌগবোৰক নেপথ'কুইন'ন(napthoquinone) বোলে৷ ভিটামিন K দুই ধৰণৰ - K1 ফাইল'কুইন'ন(phylloquinone)-সাধাৰণতে সেউজীয়া উদ্ভিদত পোৱা যায় আৰু K2 ফাৰ্ন'কুইন'ন(farnoquinone) - মাছত পোৱা যায়৷ ইয়াৰ ৰাসায়নিক বিন্যাস হ'ল C31H46O2৷
উৎস
সেউজীয়া উদ্ভিদ,যেনে-বন্ধাকবি,ছয়াবিন,শাক আদি আৰু মাছ,কণী,মাংস,গাখীৰত এই ভিটামিন থাকে৷ মানুহৰ অন্ত্ৰত বাস কৰা পৰজীৱী বেক্টেৰিয়াই ভিটামিন K সংশ্লেষণ কৰে৷
কাৰ্যসমূহ
- এই ভিটামিনে প্ৰ'থ্ৰমবিন(prothrombin) সৃষ্টিত সহায় কৰি ৰক্ত তঞ্চত(blood coagulation) ক্ৰিয়াত অংশগ্ৰহণ কৰে৷
- এই ভিটামিনে মাইট'কণ্ড্ৰিয়াত ঘটা অক্সিডেটিভ ফছফ'ৰিলেছন(oxydative phosphorylation) ক্ৰিয়াত অংশগ্ৰহণ কৰে৷
- পিত্ত নি:সৰণত সহায় কৰে৷
অভাৱজনিত ৰোগ
- এই ভিটামিনৰ অভাৱত তেজ গোট নামাৰে,ফলত ক্ষত স্থানৰ ৰক্তক্ষৰণ বন্ধ নহয়৷ ইয়াক হাইপ'প্ৰ'থ্ৰমবিনিমিয়া(hypoprothrombinemia) বোলে৷
- জননাংগৰ কাৰ্য হ্ৰাস পাই বন্ধ্যাত্বপ্ৰপ্তি ঘটে৷
প্ৰয়োজনীয়তা
দৈনিক চাহিদা ৫ মিলিগ্ৰাম৷ [1]৷
পানীত দ্ৰৱণীয় ভিটামিন
ভিটামিন B কমপ্লেক্স[সম্পাদনা কৰক]
ভিটামিন C[সম্পাদনা কৰক]
ভিটামিন চি(C ) হৈছে পানীত দ্ৰবণীয় ভিটামিন।ইয়াক ASCORBIC ACID / ANTISCORBUTIC VITAMIN হিচাপেও জনা যায়।ভিটামিন চি ক ১৯২৮ চনত SZENT-GYORGYI এ কমলা ৰসৰ পৰা পৃথক কৰিচিল।
ভিটামিন চি ৰ উৎস সমুহঃ ভিটামিন চি ৰ উৎতম উৎস সমুহ হৈছে টেঙাজাতীয় ফল(citrus fruits) যেনে-নেমু,কমলা,ৰবাব আদি। ইয়াৰ উপৰিও বেৰী, তৰ্মুজ, বিলাহী, কবি আদিতো ভিটামিন চি পোৱাযায়।
শৰীৰত ভিটামিন চি ৰ ক্ৰিয়া(FUNCTIONS OF VITAMIN C):
১।কলাজেন সংশ্লেষণত ভিটামিন চি ৰ গুৰুত্বপূৰ্ণ ভুমিকা আছে। ২.তেজত CHOLESTEROL দ্ৰবীভূত হোৱাত সহায় কৰে। ৩. শৰীৰৰ বিভিন্ন stress (চাপ, হেচাঁ) আদিক বাধা দিয়ে। ৪.শাকপাচলি,cereals আৰু ফলমুলৰ পৰা আয়ৰন শোষণ বৃদ্ধি কৰে।
অভাৱজনিত ৰোগঃ ভিটামিন চি ৰ অভাৱ হলে স্কাৰ্ভি ৰোগে দেখা দিয়ে।এই ৰোগৰ pathological লক্ষণ সমুহ হৈছে ছালত জোলা ফুটা(skin eruptions),swollen bleeding gums, loosening of the teeth, haemorrhages, সহজতে হাড়ঁ ভাগাঁ,সহজতে বিজানুৰ দ্বাৰা আক্ৰান্ত হোৱা আদি।
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
- USDA RDA chart in PDF format
- Health Canada Dietary Reference Intakes Reference Chart for Vitamins
- NIH Office of Dietary Supplements: Fact Sheets
- NIH Office of Dietary Supplements. Dietary Supplements: Background Information
- Interactive table based on United States Department of Agriculture Database
- Vitapred : A web server for predicting vitamin interacting residues in vitamin binding proteins