অপৰাধিক ষড়যন্ত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

অপৰাধিক ষড়যন্ত্ৰ ভাৰতীয় আইনমতে এক অপৰাধ যি দৰাচলতে কোনোৱে অপৰাধ সংঘটিত কৰাত বা হোৱাত বা হৈ থকাত হাতে কামে লাগি সাহাৰ্য্য কৰাটো ঠিক নুবুজাই বৰঞ্চ পৰ্দাৰ আঁৰত থাকি কোনো এক অপৰাধ বা বেআইনী পন্থাৰে অভীষ্ট সিদ্ধি, কৰিবৰ বা হবৰ বাবে আন এজন বা ততোধিকৰ লগত লগলাগি অভিসন্ধি ৰচনা কৰাটো বুজায়। উদেশ্যিত মূল অপৰাধ বা তাৰ আনুষঙ্গিক কোনো কাৰ্য্য সংঘটিত বা সম্পাদিত হোৱা অৱস্থাত ষড়যন্ত্ৰকাৰীজন তেওঁৰ লগৰীয়া কেইজনৰ সৈতে ঘটনাস্থলৰ পৰা নিৰাপদ দুৰত্বত অবস্থান কৰি থাকে।

সংজ্ঞা[সম্পাদনা কৰক]

ভাৰতীয় দণ্ড বিধি ১২০(ক) ধাৰাত অপৰাধিক ষড়যন্ত্ৰৰ সংজ্ঞা[1] এইদৰে দিয়া হৈছে-

যেতিয়া দুই বা ততোধিক ব্যক্তিয়ে

(১) কোনো এক বেআইনী কাম, অথবা

(২) কোনো এক আইনসন্মত কাম বেআইনী প্ৰক্ৰিয়াৰে

কৰিবলৈ, সংঘটিত কৰিবলৈ বা সংঘটিত হোৱাবলৈ সহমত হয়, তেন্তে তেনে সহমতিক অপৰাধিক ষড়যন্ত্ৰ বুলি আখ্যা দিয়া হয়ঃ

কিন্তু চৰ্ত থাকিব যে কোনো এক অপৰাধ কৰাৰ সহমতিৰ বাহিৰে আন কোনো ধৰণৰ সহমতিক অপৰাধিক ষড়যন্ত্ৰ বোলা নহব যেই পৰ্য্যন্ত তেনে সহমতিৰ উপৰিও সেই সহমতি অনুসাৰে উদেশ্যসাধনাৰ্থে কোনো এক বা ততোধিক সহমত পক্ষই কিবা কাৰ্য্য নকৰে।

বাখ্যাঃ- উক্ত বেআইনী কাৰ্য্য তেনে কোনো অপৰাধিক ষড়যন্ত্ৰৰ শেষ উদেশ্য নে মাত্ৰ উদেশ্যমূখী আনুষঙ্গিক ক্ৰিয়া সেয়া তাৎপৰ্য্যহীন।

শাস্তি[সম্পাদনা কৰক]

অপৰাধিক ষড়যন্ত্ৰকাৰীৰ বাবে ভাৰতত কোনো নিদিষ্ট শাস্তিৰ বিধান নাই। ভাৰতীয় দণ্ড বিধি ১২০(খ)(১) ধাৰামতে মৃত্যুদণ্ড, যাবৎ জীৱন কাৰাদণ্ড অথবা দুবছৰ বা ততোধিক সময়ৰ কঠোৰ কাৰাদণ্ডৰ বিধান থকা অপৰাধ কৰিবলৈ অপৰাধিক ষড়যন্ত্ৰত লিপ্ত হোৱা জনক, যত তেনে ষড়যন্ত্ৰমূলক কাৰ্য্যৰ বাবে কোনো প্ৰকাশ্য শাস্তিৰ ব্যৱস্থা কৰা হোৱা নাই, তেনে অপৰাধত সাহাৰ্য্য কৰা বুলি ধৰি লৈ যি শাস্তি বিধেয় সেই একেধৰণে শাস্তি দিয়া হব।

ভাৰতীয় দণ্ড বিধি ১২০(খ)(২)ধাৰামতে উপৰোক্ত অপৰাধৰ বাহিৰে আনকোনো অপৰাধ কৰিবলৈ অপৰাধিক ষড়যন্ত্ৰত ভাগ লোৱাজনৰ বাবে খুব বেছি ছমাহ কাৰাদণ্ড বা জৰিমনা বা কাৰা-জৰিমনাদণ্ড শাস্তি বিধেয়। [2][3]

উল্লেখ্য যে ভাৰতীয় দণ্ড বিধি ১২০(খ)ৰে দণ্ডিত হব পৰা দোষী সাব্যস্তিত জনক অপৰাধৰ বলি হোৱা পক্ষই ক্ষমাদান কৰাৰ কোনো অৱকাশ নাই।[4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]