অসমৰ ছপাশাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

আমেৰিকাৰ মিছনেৰী সকলৰ উদ্যোগত অসমীয়া ভাষাত ছপাগ্ৰন্থ প্ৰকাশৰ আৰম্ভণি হয়। ১৮১৩ চনত আত্মাৰাম শৰ্মা অনুদিত অসমীয়াবাইবেল( নতুন নিয়ম : The New Testament) প্ৰথম অসমীয়া ভাষাৰ ছপাগ্ৰন্থ। এই গ্ৰন্থখন শ্ৰীৰামপুৰৰ মিছনেৰী ছপাশালত মুদ্ৰন কৰা হৈছিল। ইয়াৰ পাছতে ১৮৪০ চনত মিছনেৰী সকলে অসমশিৱসাগৰত এটা ছপাশাল প্ৰতিষ্ঠা কৰে। এই ছপাশালৰ বাবে আখৰৰ নমুনা তৈয়াৰ কৰিছিল পঞ্চানন কৰ্মকাৰ নামৰ জলপাইগুৰিৰ এজন শিল্পীয়ে[উদ্ধৃতিৰ প্ৰয়োজন]। এই ছপাশালৰ পৰাই ১৮৪৬ চনত প্ৰথম অসমীয়া আলোচনী অৰুণোদই ছপা হৈ ওলায়। [1]

তথাপিও ইয়াৰ পৰবৰ্তী পৰ্যায়ত জোনাকী যুগৰ পৰা, অসমীয়া পুথি প্ৰকাশন কলিকতাৰ ছপাশাল বিলাকৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে। অসমত ছপাশাল থকা স্বত্বেও ছপাৰ মান আৰু ছপাৰ খৰছৰ হিচাপত কলিকতাৰ ছপাশালত অসমীয়া পুথি ছপা কৰাবলৈ প্ৰকাশক সকলে আগ্ৰহ প্ৰকাশ কৰিছিল। এই সময়ছোৱাত কলিকতাৰ "সৰস্বতী প্ৰেছ", "লক্ষ্মী জনাৰ্দন প্ৰেছ", "গিৰিপ্ৰিণ্ট চাৰ্ভিচ", "শ্ৰমিক প্ৰেছ", "শান্তনু প্ৰিণ্টাৰ্চ", "ঊষা প্ৰেছ", "স্বপ্না প্ৰিণ্টিং", "নৱজীৱন প্ৰেছ" , "বীণাপানি প্ৰেছ","দাস প্ৰেছ", "পুৰ্বোদয় প্ৰেছ", "আদ্যাশ্ৰী প্ৰেছ", "নৱগৌৰাংগ প্ৰেছ" আদিত বহুতো উল্লেখযোগ্য অসমীয়া পুথি ছপা কৰা হৈছিল। [1]

আশীৰ দশকৰ শেষৰ ফালৰ পৰা কিছু অসমীয়া উদ্যোগী লোকৰ প্ৰচেষ্টাত অসমত ছপাশালসমুহত উন্নত মানৰ ছপা কাম কৰা সম্ভৱ হৈ উঠে। ইতিমধ্যে ডি.টি.পি. আৰু অফচেট ব্যৱস্থাৰ আগমনে ছপাশালৰ কাৰিকৰী দিশটো বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰে। কম খৰছত উন্নত মানৰ ছপা কাৰ্য সম্ভৱ হৈ উঠে। প্ৰথম অৱস্থাত গুৱাহাটী কেন্দ্ৰিক হলেও বৰ্তমান অসমৰ সকলো মূখ্য চহৰতে উন্নত ছপা সুবিধা উপলব্ধ হৈছে। অসমৰ কেইটামান আগশাৰীৰ ছপা প্ৰতিষ্ঠান হ'ল "শ্ৰীগুৰু প্ৰেছ", "শৰাইঘাট অফচেট প্ৰেছ","পুৰ্বাঞ্চল প্ৰিণ্টাৰ্চ", "ভৱানী অফচেট এণ্ড ইমেজিং চিষ্টেমচ", 'অৰুণোদয় প্ৰেছ", "হেমকোষ ষ্টেচনাৰ্চ" ইত্যাদি। [1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "অসমৰ ছপাগ্ৰন্থ", ড° বসন্ত কুমাৰ ভট্টাচাৰ্য, নিয়মীয়া বাৰ্তা, ১৭ চেপ্টেম্বৰ, ২০১২