অসমৰ লোকস্থপতি
অসমৰ লোকস্থপতি বা লোকস্থাপত্য বুলিলে সাধাৰণতে বাঁহ, বেত, ইকৰা, খেৰ আৰু কাঠেৰে সজা ঘৰ-দুৱাৰবোৰকে বুজায়। [1]এইসমূহ ব্যক্তিগত আৰু ৰাজহুৱা দুয়ো প্ৰকাৰৰ হ'ব পাৰে। লোকজীৱন সাধাৰণতে কৃষিৰ সৈতে জড়িত হোৱা হেতুকে থকা ঘৰৰ উপৰি ভঁৰালঘৰ, গোহালিঘৰ, ঢেঁকীশাল আদি ভালেমান ঘৰ জনসাধাৰণে নিৰ্মাণ কৰি লয়। এই ঘৰ-দুৱাৰ নিৰ্মাণ সম্পৰ্কীয় জ্ঞান সাধাৰণতে পৰম্পৰাগতভাৱে শিকা কথা, বুঢ়া-মেথাৰ বচন, ডাকপুৰুষৰ বাণী আদিৰ জৰিয়তে পোৱা যায়। এই জ্ঞানৰ ভেটিতেই ঘৰ-দুৱাৰবোৰ সাজি উলিয়ায়। ঘৰ-দুৱাৰবোৰত বিশেষ কাৰুকাৰ্য সংযোগ কৰা নহয়। ওপৰত দুখন চাল, চাৰিওফালে চাৰিখন মাটিৰে লিপা বেৰ, এখন দাং লগোৱা দুৱাৰেই সাধাৰণ ঘৰবোৰৰ চানেকি। বিবিধ প্ৰয়োজনত সজা এই ঘৰবোৰৰ ভিতৰত আছে চ'ৰাঘৰ, বৰঘৰ, সৰুঘৰ, মাৰলঘৰ, শোৱনিঘৰ, পাকঘৰ, ঢেঁকীঘৰ, তাঁতশাল, গোহালিঘৰ, ভঁৰালঘৰ, বাটচ'ৰা বা বাটঘৰ, নামঘৰ, গোঁসাইঘৰ আদি।
বিধি
[সম্পাদনা কৰক]ঘৰ-দুৱাৰবোৰ সাঁজিবলৈ বিবিধ থলুৱা সঁজুলি ব্যৱহাৰৰ কৰা হয়। ঘৰবন্ধা ভেটিৰ নিৰ্বাচনৰ ক্ষেত্ৰটো বিভিন্ন নীতি-নিয়ম মানি চলা হয়। সাধাৰণতে নদীৰ কাষত বা দ ঠাইত ঘৰ সাজিলে সততে বানপানীৰ প্ৰতি লক্ষ্য কৰা হয়। নৈপৰীয়া মিচিংসকলে সেয়ে চাংঘৰ সাজে। চাংঘৰবোৰৰ তলত গৰু, ছাগলী, গাহৰি আদি ৰখা হয়।
আহোম স্বৰ্গদেউসকলে ৰাজ অভিষেকৰ কাৰণে পাটঘৰ, হোলোংঘৰ, শিঙৰি ঘৰ আদি সজাইছিল। এওঁলোকে পোৰামাটিৰ পকীঘৰো সজাইছিল। সাধাৰণ লোকক এই জাতীয় ঘৰ সজাবলৈ দিয়া নহৈছিল। আনকি টুপদিয়া ঘৰো সৰ্বসাধাৰণক সাজিব দিয়া হোৱা নাছিল। কেৱল ৰজাঘৰেহে দুয়োমুৰ টুপ লগোৱা ঘৰ সজাব পাৰিছিল। ঘৰ-দুৱাৰ সাজোঁতে প্ৰথমে জ্যোতিষীৰ হতুৱাই চোৱা-মেলা কৰা হয়। সাধাৰণতে ঘাইখুঁটা বা বৰখুটা পুতিবৰ দিনা পূজা-পাঠ কৰা নিয়ম। বৰঘৰ বা থকা ঘৰ সচৰাচৰ পুৱা পশ্চিমাকৈ সজা হয়। ডাকৰ বচনত পোৱা যায়-
“পূবা পশ্চিমাকৈ সাজিবা ঘৰ।
অকাল মৃত্যুক নাহিকে ডৰ॥”[2]
চ’ৰাঘৰ, আলহী ঘৰটো দুচলীয়াকৈ পথালিভাৱে সজা হয়। চ'ৰাঘৰত সোমাবলৈ সাধাৰণতে বাহিৰৰ চোতালৰ পৰা দুৱাৰ দিয়া হয়। বাকীবোৰ ঘৰতো ওলোৱা-সোমোৱা কৰিবলৈ দুৱাৰ দিয়া থাকে। ঘৰবোৰত সাধাৰণতে খিৰিকী দিয়া নহয় যদিও পোহৰ সোমাবৰ কাৰণে জলঙা ৰখা হয়। কিছুমানত আকৌ বেৰৰ ওপৰফালে তাঁতী দিয়া ব্যৱস্থা আছে। ৰান্ধনি ঘৰ বা পাক ঘৰটো থকা ঘৰৰ পৰা কিছু আঁতৰত সজা হয়। একেদৰে গোহালি ঘৰটোও আঁতৰত সজা নিয়ম। ইয়াৰ পিছফালে বেৰ থাকে, বাকী দিশত বেৰ দিয়া নহয়। গৰু-ম'হৰ বাবে গোহালি ঘৰ সজাৰ উপৰি ছাগলীৰ কাৰণে ওখ চাংঘৰ বা গোহালিৰ ভিতৰতে চাং সাজি দিয়া হয়।
ব্যৱহাৰ হোৱা সামগ্ৰী
[সম্পাদনা কৰক]ঘৰ-দুৱাৰবোৰ সাধাৰণতে থলুৱা সামগ্ৰীৰে নিৰ্মাণ কৰা হৈছিল। ঘৰৰ বেৰবোৰ সাধাৰণতে ইকৰা, খাগৰি আৰু বাঁহ-বেতেৰে সজা হয় আৰু চালবোৰ উলূ, শৰণ-খেৰ আদিৰে ছোৱা দেখা যায়।[3][4] খেৰৰ অভাৱত অৱশ্যে ধানৰ নৰাৰেও ছোৱা হয়। আজিকালি অৱশ্যে কাঠৰ ঘৰৰ লগতে বাঁহৰ ঘৰবোৰতো টিনপাট বন্ধা দেখা যায়। ঘৰৰ ভেটিটোত মাটিৰে ওখকৈ পিৰালি দিয়াৰ নিয়ম। ঘৰৰ বেৰ লেচিবলৈ গাঁত এটাত গোবৰ, মাটি আৰু পানী দি কিছুদিন ৰখা হয়। পাছত কোমল হ'লে এই মিশ্ৰণৰ সহায়ত বেৰ লেচা হয়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Dr. Kanak Chandra Saharia. অসমৰ সংস্কৃতি. গুৱাহাটী বিশ্ববিদ্যালয় দূৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠান. পৃষ্ঠা. 134-135. ISBN 978-93-84018-41-2.
- ↑ নবীন উপাধ্যায়. "Different types of dakor boson for ever". Assamese Quotes Online. Archived from the original on 8 January 2022. https://web.archive.org/web/20220108222727/https://assamesequotesonline.co.in/different-types-of-dakor-boson-assamese/। আহৰণ কৰা হৈছে: 26 March 2022.
- ↑ Kaushik, Hemant; Ravindra Babu, K. S. (2009-02-20). "Housing Report: Assam-type House" (PDF). World Housing Encyclopedia (India: Earthquake Engineering Research Institute (EERI) and International Association for Earthquake Engineering (IAEE)): 2. http://www.world-housing.net/WHEReports/wh100172.pdf.
- ↑ "Amazing Facts About Traditional Assam Type House- RoofandFloor" (en-GB ভাষাত). RoofandFloor. 2016-04-15. https://roofandfloor.com/realty-guide/traditional-assam-type-house/.