অসম বিজ্ঞান লেখক সংস্থা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসম বিজ্ঞান লেখক সংস্থাৰ প্ৰতিষ্ঠা হয় ১৯৯৯ চনৰ ২০ নৱেম্বৰত যোৰহাট জিলাৰ চন্দ্ৰকান্ত ভৱনত। প্ৰথমবাৰৰ বাবে দীনেশ চন্দ্ৰ গোস্বামীৰ নেতৃত্বত অসম বিজ্ঞান লেখক সংস্থাৰ প্ৰতিষ্ঠা হয়। এই সংস্থা ২০০১ চনৰ ১০ জানুৱাৰী তাৰিখে ছ’চাইটিজ ৰেজিষ্ট্ৰেচন এক্ট XXI of 1860 ৰ অধীনত পঞ্জীয়ন কৰা হয়। ২০০২ চনত অসম বিজ্ঞান লেখক সংস্থাই ‘ভাৰতীয় বিজ্ঞান লেখক সংস্থা (Indian Science Writer's Association)ৰ আছাম চেণ্টাৰ ৰূপে স্বীকৃতি লাভ কৰে।[1]

লক্ষ্য আৰু উদ্দেশ্য[সম্পাদনা কৰক]

  • অসমৰ বিজ্ঞান লেখকসকলক একত্ৰিত কৰি প্ৰচাৰ মাধ্যমৰ জৰিয়তে জনসাধাৰণৰ মাজত বৈজ্ঞানীক সাক্ষৰতা আৰু সচেতনতা বৃদ্ধি কৰা।
  • বৈজ্ঞানীক লেখনিৰ মাজেৰে নতুন বৈজ্ঞানিক তথ্যৰ বুনিয়াদ গঢ়ি তোলা।
  • বিজ্ঞান প্ৰচাৰ পত্ৰ, আলোচনী আৰু জনপ্ৰিয় বিজ্ঞান গ্ৰন্থ প্ৰণয়ন আৰু প্ৰকাশ কৰা
  • ৰাজ্যখনৰ বিজ্ঞান শিক্ষাৰ মান উন্নত কৰাৰ প্ৰয়োজনীয় কাম-কাজত উৎসাহ যোগোৱা
  • নতুন লেখকসকলক তেওঁলোকৰ বিজ্ঞান লেখনি প্ৰকাশ কৰি উৎসাহিত কৰা।
  • বিজ্ঞানৰ লেখনি আৰু প্ৰচাৰৰ বাবে কৰ্মশালা আলোচনা চক্ৰ, প্ৰশিক্ষণ কাৰ্যসূচী আদিৰ আয়োজন কৰা।

কৰ্মশালা[সম্পাদনা কৰক]

অসম বিজ্ঞান লেখক সংস্থাই ইতিমধ্যে ওঠৰখন জনপ্ৰিয় বিজ্ঞান গ্ৰন্থ আৰু দুখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত ‘ৰাষ্ট্ৰীয় বিজ্ঞান সজাগতা বৰ্ষ ২০০৪’উপলক্ষে। ছখন বিজ্ঞান চেতনা পুস্তিকা ২০০৪ চনত যোৰহাট আঞ্চলিক গৱেষণাগাৰৰ আৰ্থিক সাহায্যত প্ৰকাশ কৰা হয়। সংস্থাই অসমৰ জনজাতিসকলৰ মাজত বিজ্ঞান প্ৰসাৰতাৰ উদ্দেশ্যে পদক্ষেপ লৈ ২০০২ চনত ডিমাচা ভাষাত “যিনি আলাংপাউ যায়বা বেমাৰ বুঠু’’ নামৰ এখন স্বাস্থ্য বিষয়ক গ্ৰন্থ অসম ৰাজ্যিক বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ আৰ্থিক সাহায্যত প্ৰকাশ কৰিছিল। অসম বিজ্ঞান লেখক সংস্থাই আৰম্ভণিৰে পৰা বিজ্ঞান জনপ্ৰিয়কৰণৰ উদ্দেশ্যে কেইবাখনো গুৰুত্বপূৰ্ণ কৰ্মশালা আয়োজন কৰি আহিছে।[2] এই কৰ্মশালা আৰু অনুষ্ঠানসমূহৰ ভিতৰত উল্লেখযোগ্য হল-

  • ৰাজ্যিক পৰ্যায়ৰ নবীন বিজ্ঞান লেখক কৰ্মশালা (টীয়ক, ২০০০, যোৰহাট, ২০০০)
  • জিলা পৰ্যায়ৰ বিজ্ঞান লেখক কৰ্মশালা (লখিমপুৰ, ২০০০)
  • নবীন বিজ্ঞান লেখক কৰ্মশালা (টীহু, ২০০১)
  • মহিলা বিজ্ঞান লেখিকা কৰ্মশালা (যোৰহাট, ২০০১)
  • নবীন লেখক বিজ্ঞান কৰ্মশালা (যোৰহাট, ২০০২)
  • ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস (বিশ্বনাথ চাৰিআলি, ২০০৩)
  • বৈজ্ঞানিক মানসিকতা আৰু বিজ্ঞান সাংবাদিকতা বিষয়ক আলোচনা চক্ৰ (বিশ্বনাথ চাৰিআলি, ২০০৩)
  • জনপ্ৰিয় বিজ্ঞান লেখনিৰ কৰ্মশালা। (লখিমপুৰ, ২০০৩),
  • ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস (বিশ্বনাথ চাৰিআলি, ২০০৪)
  • বিজ্ঞান সাংবাদিকতা বিষয়ক আলোচনা চক্ৰ (গুৱাহাটী, ২০০৪),
  • ৰাষ্ট্ৰীয় বিজ্ঞান সজাগতা বৰ্ষ উপলক্ষে আয়োজিত সভা (বিশ্বনাথ চাৰিআলি, ২০০৪)
  • ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা সংযোগ পৰিষদৰ সহযোগত বিজ্ঞান সাহিত্যৰ অনুবাদ কৰ্মশালা (বিশ্বনাথ চাৰিআলি, ২০০৪)
  • ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস (জালুকবাৰী, ২০০৫)
  • পদাৰ্থ বিজ্ঞান বিশ্ববৰ্ষ ২০০৫ উদ্যাপন (২০০৫)
  • কাৰিকৰী বিজ্ঞান লেখনিৰ কৰ্মশালা (গুৱাহাটী, ২০০৫)
  • ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস (গুৱাহাটী, ২০০৬)
  • পুতলা নাচৰ মাধ্যমেৰে বিজ্ঞান জনপ্ৰিয়কৰণৰ কৰ্মশালা (বিশ্বনাথ চাৰিআলি, ২০০৬)
  • প্ৰাকৃতিক দুৰ্যোগ আৰু বিজ্ঞান লেখকৰ দায়িত্ব শীৰ্ষক কৰ্মশালা (ধেমাজি, ২০০৭)
  • জনসাধাৰণৰ বাবে বিজ্ঞান শীৰ্ষক কৰ্মশালা (যোৰহাট, ২০০৭)
  • বিজ্ঞান সাংবাদিকতা কৰ্মশালা (পাটাছাৰকুছি, ২০০৭),
  • বিজ্ঞান লেখনি শীৰ্ষক কৰ্মশালা (লখিমপুৰ, ২০০৭)
  • জলবায়ু পৰিৱৰ্তন শীৰ্ষক আলোচনা চক্ৰ (যোৰহাট, ২০০৮)
  • ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা (বিশ্বনাথ চাৰিআলি, ২০০৯)
  • জনপ্ৰিয় বিজ্ঞান লেখনিৰ কৰ্মশালা (বিশ্বনাথ চাৰিআলি, ২০০৯)
  • বিজ্ঞান সাংবাদিকতাৰ জনপ্ৰিয় বক্তৃতা (বিশ্বনাথ চাৰিআলি, ২০১০)
  • দুৰ্গোগ পৰিচালনাৰ জনপ্ৰিয় বক্তৃতা (বিশ্বনাথ চাৰিআলি, ২০১০)
  • ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস (লখিমপুৰ, ১০১১),
  • বিশ্ব পৰিৱেশ দিৱস (লখিমপুৰ, ২০১১, ২০১২),
  • জীৱ প্ৰযুক্তিৰ আলোচনা চক্ৰ (কলিয়াবৰ, ২০১১)
  • কল্প বিজ্ঞানৰ আলোচনা চক্ৰ (লখিমপুৰ, ২০১২),
  • গণিত জনপ্ৰিয়কৰণৰ কৰ্মশালা (লখিমপুৰ, ২০১২) বিজ্ঞান অনুবাদ কৰ্মশালা (লখিমপুৰ, ২০১২),
  • বিজ্ঞান ভিত্তিক পুতলা নাচ আৰু জনপ্ৰিয় বক্তৃতা (লখিমপুৰ, ২০১২) ইত্যাদি।

প্ৰকাশিত গ্ৰন্থ[সম্পাদনা কৰক]

  • যিনি আলাংপাউ যায়বা বেমাৰ বুঠু (ডিমাচা ভাষাৰ জনপ্ৰিয় বিজ্ঞান গ্ৰন্থ), অসমীয়া গ্ৰন্থখনৰ মূল লেখকদ্বয়- ডাঃ অতুল চন্দ্ৰ পটোৱাৰী, ডাঃ সবিতা পাটোৱাৰী, প্ৰকাশ-২০০২
  • জিনম (জীৱবিজ্ঞানৰ প্ৰবন্ধ সংকলন), প্ৰকাশ-২০০৩
  • বিজ্ঞানে পৰশে জীৱন : Science Shapes Life (দ্বি-ভাষিক বিজ্ঞান- কাৰ্টুন সংকলন), সুমন্ত বৰুৱা, প্ৰকাশ-২০০৩
  • জ্যোতিষবিদ্যাৰ বৈজ্ঞানিক ভিত্তি আছেনে? (জনবিজ্ঞান পুষ্টিকা-১), লেখক ড॰ দীনেশ চন্দ্ৰ গোস্বামী, প্ৰকাশ-২০০৪
  • জীৱ-জন্তু সম্পৰ্কে কিছুমান অন্ধবিশ্বাস (জনবিজ্ঞান পুষ্টিকা-২), লেখক ৰাণা হাজৰিকা, প্ৰকাশ-২০০৪
  • জুই আৰু জুয়ে পোৰা (জনবিজ্ঞান পুষ্টিকা-৩), লেখক- ক্ষীৰধৰ বৰুৱা, প্ৰকাশ-২০০৪
  • ভাঙনি (বিজ্ঞান সাহিত্যৰ অনুবাদ কৰ্মশালা উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ), সম্পাদক - দিলীপ কুমাৰ ভট্টাচাৰ্য, প্ৰকাশ-২০০৪
  • অন্ধবিশ্বাস আৰু বিজ্ঞান (বিজ্ঞান চেতনা পুস্তিকা-১), লেখকঃ ৰাণা হাজৰিকা, প্ৰকাশ-২০০৪
  • বৈজ্ঞানিক মানসিকতা কিয় লাগে? (বিজ্ঞান চেতনা পুস্তিকা-২), লেখক- ডাঃ ৰাজেন ৰয়, প্ৰকাশ-২০০৪
  • পৰিপুষ্টিৰ কথা (বিজ্ঞান চেতনা পুস্তিকা-৩), লেখক সোণেশ্বৰ শৰ্মা, প্ৰকাশ-২০০৪
  • পৰিৱেশ স্বাস্থ্য আৰু অনাময় (বিজ্ঞান চেতনা পুস্তিকা-৪) লেখক- গিলীপ কটকী, প্ৰকাশ-২০০৪
  • আমাৰ স্বাস্থ্যৰ কথা (বিজ্ঞান চেতনা পুস্তিকা-৫) লেখক-মিণ্টুমনি শৰ্মা, প্ৰকাশ-২০০৪
  • ভাল খেতি-বাতিৰ কথা (বিজ্ঞান চেতনা পুস্তিকা-৬) লেখক- দিপালী মজুমদাৰ, প্ৰকাশ-২০০৪
  • কোৱাণ্টাম (প্ৰবন্ধ সংকলন) সম্পাদক- ক্ষীৰধৰ বৰুৱা, প্ৰকাশ-২০০৫
  • মানৱ স্বাস্থ্য প্ৰত্যাহ্বান আৰু প্ৰত্যুত্তৰ, ২০১৩ (অসম বিজ্ঞান লেখক সংস্থা)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. অসমীয়া বিজ্ঞান সাহিত্য, সম্পাদক-অৰবিন্দ ৰাজখোৱা, প্ৰথম প্ৰকাশ, ২০১৮, পৃষ্ঠা-৩৯১
  2. অসমীয়া বিজ্ঞান সাহিত্য, পৃষ্ঠা-৩৯২

বাহ্যিক সংযোগ[সম্পাদনা কৰক]